জাঁত সমুহ (ক) আগতীয়া সঁচ : আর্লি দেনিস জায়েন্ট , দি চিক' গ্রীণ বাদ , স্পাৰটন্ আর্লি আৰু এটলান্টিক । (খ) মধ্যমীয়া সঁচ : গ্রীণ স্পাউটি্ মিডিয়াম (গ) শেহতীয়া সঁচ : ৱালথাম ২৯ , গ্রীণ ,মাউন্ঠেন , কষ্ঠেল আৰু আটলান্টিক । (ঘ) বর্ণসঙ্গৰ সঁচ : চাউদার্ণ কমটে , প্রিমিয়াম ক্র'প , ক্লীপাৰ , লেজাৰ ,কৰচয়েৰ , ক্রুজাৰ , এথাৰকেল্দ, ক'ৰণা (মধ্যবত্তী), লেট ক'ৰণা ,গ্রীণ চার্ফ (শেহতীয়া ) বর্ণনা (ক) আগতীয়া সঁচ : পথাৰত পুলি ৰোৱাৰ ৬-৭ সপ্তাহৰ পিছত এইবিধ সঁচ চপাব পৰা হয় । (খ) মধ্যমীয়া সঁচ : পুলি পথাৰত ৰোৱাৰ ১০০ দিনৰ পিছত চপাব পৰা হয় । (গ) শেহতীয়া সঁচ : গ্রীণ স্পাউটিং দুবছৰীয়া জাত আৰু পুলি এটা শীতকালত ৰোৱাৰ পিছত পাছৰ বছৰ শীত অহাৰ আগে আগে চপাব পাৰি । মাটি নির্ব্বাচন ব্রকলীৰ বাবে ওখ , ৰদঘাই সাৰুৱা মাটি বাচনি কৰিব লাগে । সামান্য পৰিমাণে অম্লজাত মাটিতো এই খেতি কৰিব পাৰি । মাটি প্রস্তুতি : মাটি প্ৰস্তুতি : মূখ্য বাৰীখনত যথেষ্ট পৰিমাণৰ পচন সাৰ বা গোবৰ প্ৰয়োগ কৰি কেইবাবাৰো চাহ কৰি মৈয়াই সমান কৰি লব লাগে ৷ প্ৰত্যেক তিনিবছৰৰ ব্যৱধানত মাটি পৰীক্ষা কৰি চূণ প্ৰয়োগৰ ব্যৱস্হা কৰিব লাগে ৷ পুলি ৰোৱাৰ ৩০ দিনমানৰ আগে আগে চূণ প্ৰয়োগ কৰিব লাগে ৷ সিঁচাৰ / ৰোৱাৰ সময় ১. আগতীয়া জাত : মধ্য জুলাইৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈ (অক্টোবৰ মাহত পুৰঠ হয়) ৷ মূল বতৰত ৰোৱা জাত : চেপ্তেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা অক্টোবৰৰ শেষৰ সপ্তাহলৈ ৷ ২. শেহতীয়া জাত : নবেম্বৰৰ প্ৰথম সপ্তাহলৈকে (ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহত পুৰঠ হয়) ৷ গুটিৰ পৰিমাণ : ৫০০ - ৭০০ গ্রাম / হেক্টৰত ( ৰোৱাৰ বাবে ) ২.০ -২.৫ কি: গ্রাম / হেক্টৰত (সিঁচাৰ বাবে ) ৰোৱাৰ ব্যৱধান (শাৰীৰ পৰা শাৰীলৈ x পুলিৰ পৰা পুলিলৈ) আগতীয়া : ৪৫ ছে: মি: x ৪৫ ছে: মি: মূল : ৬০ ছে: মি: x ৬০ ছে: মি: শেহতীয়া : ৪৫ ছে: মি: x ৪৫ ছে: মি: সাৰ প্রয়োগ পচন সাৰ ২০ টন/হেক্টৰত , নাইট্র'জেন ১০০ -২০০ কি: গ্রাম / হেক্টৰত ফচফৰাচ ৬০-৮০ কি: গ্রা: /হেক্টৰত , পটাচ ৪০-৬০ কি: গ্রা: /হেক্টৰত প্রয়োগ কৰিব । নাইট্রজেন সাৰ সমুদায় একেলগে প্রয়োগ নকৰি দুটা ভাগত প্রয়োগ কৰিলেও ভালফল পোৱা যায়। ব্রকলীৰ ক্ষেত্রত সুৱাগ আৰু মলিঠেদেনাম প্রয়োগ কৰিলৈ ভালফল পোৱা যায় । পৰিচর্য্যা ১. জলসিঞ্চন : ফুলকবি খেতিতকৈ ব্রকলীৰ খেতিত পানীৰ পৰিমাণ যথেষ্ট পৰিমাণে প্রয়োজন হয় । সেইখেতিকে পাতলীয়া ধৰণে মাজে মাজে জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে । ২. অপতৃণ নিয়ন্ত্রণ : প্রাৰম্ভিক অৱস্থাত পুলিবোৰৰ মাজে মাজে কোৰ মাৰি মাটিখিনি লৰায় দিব লাগে যাতে বতাহ চলাচল কৰাত সহায় হয় আৰু লগতে অপতৃণৰ পৰাও ৰক্ষা পাব পাৰি । শস্য ৰক্ষা ১. পাত খোৱা পোকৰ বাবে মালাথিয়ন ৫০ শক্তিৰ ঔষধ ০.১৫ শতাংশ (১.৫ মি: লিটাৰ প্ৰতি লিটাৰ পানীত) স্প্ৰে কৰিব লাগে৷ মাটিত থকা পোক যেনে- উঁইচিৰিঙ্গা, ৰঙা পৰুৱা আদিৰ বাবে মালাথিয়ন ৫ শতাংশ শক্তিৰ পাউদাৰ হেক্টৰে প্ৰতি ২০ কেজিকৈ প্ৰয়োগ কৰিব লাগে ৷ ২. গুৰি পছা বেমাৰ ( ব্লেক ৰট ) প্ৰতিকাৰৰ বাবে এগ্ৰমাইচিন নামৰ দৰৱ প্ৰতিলিটাৰ পানীত ১০০ মিলিগ্ৰাম হিচাবে মিহলাই পুলি ৰোৱাৰ আগেয়ে মাটিত প্ৰয়োগ কৰিব লাগে ৷ শস্য চপোৱা ফুলবোৰ ফাটি নোযোৱাৰ আগতেই আৰু সেউজীয়া অৱস্থাতে চপোৱাৰ ব্যৱস্থা কৰিব লাগে । একেজোপা গছত আকৈ ফুল ধৰিব পৰাকৈ ফুলবোৰ সংগ্রহ কৰাৰ ব্যৱস্থা কৰিব লাগে যাতে গছজোপায়ে কষ্ট নাপায় । উত্পাদন সঁচৰ ওপৰত নির্ভৰ কৰি ব্রকলীৰ উত্পাদন ৰ পৰিমাণ সালসলনি হব পাৰে । তথাপিতো ৫ -১৫ টন / হেক্টৰে প্রতি উত্পাদন পাব পাৰি । উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।