খেতিৰ সময় -

পাহাৰীয়া অঞ্চলত এইবিধ খেতি এপ্ৰিল/ মে’ৰ পৰা ডিচেম্বৰ/ জানুৱাৰীলৈ আৰু ভৈয়াম অঞ্চলত নৱেম্বৰ /ডিচেম্বৰৰ পৰা জুন/ জুলাইলৈ কৰা হয় ।

মাটি :-

ওখ, পানী জমা নোহোৱা আৰু উপযুক্ত নলাৰ ব্যৱস্থা থকা বালিচহীয়া পলসুৱা মাটি এইবিধ খেতিৰ বাবে উপযোগী ।

জাত -

ভোট জলকীয়াৰ স্থানীয় জাতসমূহেই সাধাৰণতে ব্যৱহাৰ কৰা হয় ।

বীজতলী প্ৰস্তুত :-

বীজ সিঁচিবৰ বাবে ১.৫ ৰ পৰা ২.০ মিটাৰ বহল, ১৫ ছে:মি: ওখ আৰু সুবিধাজনক দৈৰ্ঘ্যৰ বীজতলী প্ৰস্তুত কৰিব লাগে । দুখন বীজতলীৰ মাজত ৪০ ছে:মি: বহল নলা থাকিব লাগে ।

বীজৰ পৰিমাণ -

এবিঘা পথাৰত খেতি কৰিবলৈ বীজৰ পৰিমাণ হ’ল ২০-২৫ গ্ৰাম ।

বীজ প্ৰস্তুতি -

সংগ্ৰহ কৰা জলকীয়াসমূহ সাৱধানেৰে কাটি বীজখিনি উলিয়াই পেলাব লাগে । সতেজ বীজবোৰ পৰিষ্কাৰ পানীৰে ধুই, ছাঁত শুকুৱাব লাগে । এদিন শুকোৱাৰ পাছত বীজবোৰ ০.১ শতাংশ (১ গ্ৰাম প্ৰতি লিটাৰ) পটাছিয়াম আয়’ডাইড অথবা পটাছিয়াম নাইট্ৰাইটত দুঘণ্টাৰ বাবে ডুবাই শোধন কৰিব লাগে । অৱশ্যে এভাগ গো মূত্ৰ আৰু ৪ ভাগ পানী ব্যৱহাৰ কৰিও বীজখিনি শোধন কৰিব পাৰি । এতিয়া শোধন কৰা বীজসমূহ বাতৰি কাকতৰ ওপৰত মেলি দি শুকুৱাব লাগে ।

বীজ সিঁচা -

আগতে প্ৰস্তুত কৰি থোৱা বীজতলীত বীজসমূহ সিঁচিব লাগে । প্ৰায় ১০ বৰ্গমিটাৰ মাটিকালিৰ বাবে ৩-৪ গ্ৰাম বীজৰ প্ৰয়োজন হয় আৰু ২০০০ বৰ্গমিটাৰ মাটিকালিৰ পুলিবাৰীৰ পৰা ৭.৫ বিঘা মাটিত ৰুব পৰাকৈ পুলি পোৱা যায় । বীজতলীসমূহ প্ৰতি বৰ্গ মিটাৰত ৩ লিটাৰকৈ ০.১ শতাংশ কেপটাফ অথবা ০.২ শতাংশ বেভিষ্টিন প্ৰয়োগ কৰিব লাগে যাতে মাটিখিনি ১৫ ছে:মি: লৈ সিক্ত হৈ পৰে । ইয়াৰ পাছত মাটিখিনি দুদিনৰ বাবে পলিথিন এখনেৰে ঢাকি ৰাখিব লাগে । ইয়াৰ পাছত বীজতলীৰ মাটি এদিনৰ বাবে প্ৰখৰ ৰ’দত শুকুৱাব লাগে । এতিয়া বীজসমূহ অতি যত্নৰে ২.৫ ছে:মি: ব্যৱধানত সীৰলুত সিঁচিব লাগে । বীজসমূহ সিঁচাৰ পাছত মাটি আৰু শুকান গোবৰৰ সমপৰিমাণৰ মিশ্ৰণেৰে সমভাৱে ঢাকি দিব লাগে । ইয়াৰ পাছত পাতলকৈ পানী ছটিয়াব লাগে । পুলিবাৰীত পোক-পৰুৱা আৰু ৰোগৰ আক্ৰমণৰ প্ৰতি লক্ষ্য ৰখিব লাগে আৰু যিমান পাৰি সিমান ৰ’দ পৰাৰ সুবিধা কৰি দিব লাগে । পুলিবাৰীখনৰ চাৰিও সীমাত নাৰ্জী ফুল লগালে কিছু পৰিমাণে পোক-পতংগৰ পৰা ৰক্ষা কৰিব পাৰি ।

৩০-৩৫ দিনৰ পাছত পুলিবোৰ ১০-১৫ ছে : মি: ওখ হ’লে মূল পথাৰত ৰুবৰ বাবে উপযুক্ত হয় । পুলিবোৰ মূল পথাৰত ৰুবৰ বাবে উঠোৱাৰ এসপ্তাহমান আগৰ পৰা পানীৰ প্ৰয়োগ কমাই আনিব লাগে । এনে কৰিলে পুলিবোৰ সবল হৈ পৰে । পুলি উঠোৱাৰ ৬ ঘণ্টাৰ আগতে পানী প্ৰয়োগ কৰিব লাগে যাতে শিপাসমূহে কমকৈ আঘাত পায় ।

দ্বিতীয় পুলিবাৰী -

বহলভাৱে ব্যৱসায়ভিত্তিক এইবিধ খেতি কৰিলে পুলিবোৰৰ প্ৰথমযোৰ পাত ওলোৱাৰ সময়মতে সবলীকৰণ কৰাটো বিশেষভাৱে প্ৰয়োজন । ইয়াৰ বাবে দ্বিতীয় পুলিবাৰীত ৫-১০ ছে: মি: ব্যৱধানত পুলিবোৰ পুনৰ ৰোপণ কৰি সবলীকৰণ কৰা হয় । ইয়াৰ পৰাহে পুলিবোৰ মূল বাগিচাত ৰোপণৰ বাবে নিয়া হয় ।

পলিবেগত পুলি বাগিচা -

পলিবেগত পুলি উৎপাদন কৰিবলৈ ১২ ছে:মি: x ১৭ ছে: মি: জোখৰ পলিবেগত মাটি, শুকান গোবৰ আৰু বালিৰ সমপৰিমাণৰ মিশ্ৰণ ভৰাব লাগে । প্ৰতিটো পলিবেগত ফুৰাডন ০.৫ গ্ৰামকৈ মিহলাব লাগে । পলিবেগবোৰ মাটিৰ অলপ ওখ ভেটি প্ৰস্তুত কৰি ৰ’দ পৰা ঠাইত থ’ব লাগে ।

মূল পথাৰত পুলি ৰোপণ -

পুলি বাগিচাত থকা পুলিবোৰ ৩০-৩৫ দিনীয়া হ’লে মূল পথাৰত ৰোপণৰ বাবে উপযোগী হয় । মূল পথাৰত পুলি সাধাৰণতে বিয়লি সময়তহে ৰোপণ কৰিব লাগে । পুলিবোৰ সাধাৰণতে ৭৫ ছে:মি: x ৯০ ছে: মি: দূৰত্বত লগোৱা হয় ।

সাৰ প্ৰয়োগ -

মূল পথাৰত প্ৰতি হেক্টৰত ২০ টনকৈ পচন সাৰ প্ৰয়োগ কৰিব লাগে । প্ৰতি হেক্টৰত ইউৰিয়া, ছুপাৰ ফছফেট আৰু পটাছ সাৰৰ পৰিমাণ হৈছে ১২০,৬০ আৰু ৬০ কি:গ্ৰা: । মূল পথাৰ প্ৰস্তুত কৰোতে ফছফৰাছ আৰু পটাছ সাৰৰ সম্পূৰ্ণ ভাগ আৰু ইউৰিয়া সাৰৰ আধা ভাগ প্ৰয়োগ কৰিব লাগে । বাকী থকা ইউৰিয়া সাৰখিনি পুনৰ দুভাগ কৰি, এভাগ পুলি ৰোপণৰ ৩০ দিন আৰু আনভাগ পুলি ৰোপণৰ ৬০ দিনৰ পাছত টপড্ৰেছিং কৰি প্ৰয়োগ কৰা হয় । ভোট জলকীয়া গছৰ বাঢ়নৰ সময়ছোৱাত মাল্টিপ্লেক্স ০.২ শতাংশ পাতত স্প্ৰে কৰিলে গছৰ বৃদ্ধি ভাল হয় । ইয়াৰ উপৰি ফুল ফুলাৰ সময়ত ২.৪ ডি (২ পি পি এম) পোন্ধৰ দিনৰ অন্তৰত প্ৰয়োগ কৰিলে জলকীয়াৰ উৎপাদন বৃদ্ধি হয় ।

জলসিঞ্চন :-

ভোট জলকীয়া গছক যথেষ্ট পানীৰ প্ৰয়োজন হয়, গতিকে নিয়মীয়া জলসিঞ্চন গছৰ বৃদ্ধি আৰু ভাল ফলৰ বাবে অতিকৈ দৰকাৰী ।

কীট-পতংগ নিয়ন্ত্ৰণ -

থ্ৰিপছ :-

এইবিধ পোকে আক্ৰমণ কৰিলে পাতবোৰ ক্ৰমান্বয়ে ভিতৰফালে কোঁচ খাই আহে । এইবিধ পোকে ফুল আৰু ফলতো আক্ৰমণ কৰে । মন’ক্ৰটফছ বা ৰগৰ (০.৫ শতাংশ) স্প্ৰে’ কৰি এইবিধ পোক নিয়ন্ত্ৰণ কৰিব পাৰি ।

এফিড :-

এইবিধ পোকে কুমলীয়া পাত, ফুল আদিত আক্ৰমণ কৰে । ইয়াক নিয়ন্ত্ৰণৰ বাবে মন’ক্ৰটফছ বা ৰগৰ (০.৫ শতাংশ) স্প্ৰে’ কৰিব লাগে ।

ফল বিন্ধা কৰা পোক :-

এইবিধ পোকে ফলবোৰ বিন্ধা কৰে । ০.১ শতাংশ ডাই ক্ল’ৰভছ স্প্ৰে’ কৰি এইবিধ পোক নিয়ন্ত্ৰণ কৰিব পাৰি ।

কাট ৱৰ্ম :-

এইবিধ পোকে কেপছিকামৰ পুলিবোৰ গুৰিতে কাটি পেলায় । মাটিত ০.৫ শতাংশ ক্ল’ৰপাইৰিফছ স্প্ৰে’ কৰি এইবিধ পোক নিয়ন্ত্ৰণ কৰিব পাৰি ।

ৰোগ নিয়ন্ত্ৰণ :-

ডেম্পিং অফ :-

এইবিধ ৰোগে দেখা দিলে পুলি বাগিচাৰ পুলিসমূহ মৰহি যাবলৈ আৰম্ভ কৰে । এইবিধ ৰোগ প্ৰতিৰোধ কৰিবলৈ বীজখিনি কেপটান দৰবেৰে (৩ গ্ৰাম দৰব প্ৰতি কিলোগ্ৰাম বীজ) শোধন ক ইব লাগে । পুলি বাগিচাত ০.২ শতাংশ কেপটান বা ০.২ শতাংশ ইন্দোফিল এম-৪৫ বা ০.০৫ শতাংশ বেভিষ্টিন স্প্ৰে’ কৰিও ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি ।

এনথ্ৰাকনোজ:-

এইবিধ ভেঁকুৰজনিত ৰোগত গছৰ ডাল আৰু আগ অংশ মৰহি তললৈ শুকাই আহে । ফলবোৰত কিছুমান ক’লা দাগ পৰে । এইবিধ ৰোগ নিয়ন্ত্ৰণৰ বাবে বীজখিনি ইন্দোফিল এম- ৪৫ দৰবেৰে শোধন কৰিব লাগে । ইয়াৰ উপৰি ০.৩ শতাংশ কপাৰ অক্সিক্ল ৰাইড বা ০.২ শতাংশ ইন্দোফিল এম-৪৫ দৰব ১৫ দিনৰ অন্তৰে অন্তৰে স্প্ৰে’ কৰিও এইবিধ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি ।

বেক্টেৰিয়েল উইল্ট :-

এইবিধ ৰোগত গোটেই গছডাল মৰহি যায় আৰু ক্ৰমান্বয়ে মৰি যায় । এই ৰোগ নিয়ন্ত্ৰণৰ বাবে ৰায়’ফ’ৰ পি এফ বায়’কন আদি জৈৱ নিয়ন্ত্ৰক প্ৰয়োগ কৰিব লাগে ।

লিফ কাৰ্ল :-

ভাইৰাছজনিত এইবিধ ৰোগ ‘হোৱাইট ফ্লাই’ নামৰ এবিধ পতংগই বিয়পাই । এইবিধ ৰোগত পাতবোৰ কোঁচ খায় আৰু পাতৰ সিৰা অংশ উখহি পৰে । আক্ৰান্ত গছবোৰ উভালি পুৰি পেলাব লাগে । আনহাতে ০.০৫ শতাংশ ৰগৰ স্প্ৰে’ কৰি এইবিধ ৰোগ বিয়পোৱা পতংগবিধ নিয়ন্ত্ৰণ কৰিব পাৰি ।

শস্য চপোৱা :-

নৱেম্বৰ মাহত ৰোৱা ভোট জলকীয়া এপ্ৰিল/ মে’ মাহৰ পৰা জুলাই/ আগষ্ট মাহলৈ চপাব পাৰি । পাহাৰীয়া অঞ্চলত মে’ মাহত কৰা খেতিও ছেপ্টেম্বৰ মাহৰ পৰা জানুৱাৰী মাহলৈ চপাব পাৰি । চপাবৰ সময়ত গছত জলকীয়া ৰং আকৰ্ষণীয় ৰঙা আৰু ৪-৫ ছে: মি: দৈৰ্ঘ্যৰ হ’ব লাগে । প্ৰতি হেক্টৰত ৪০ ৰ পৰা ১০০ কুইণ্টল ভোট জলকীয়া উৎপাদন কৰিব পৰা যায় ।

লেখক :- নূপূৰ কলিতা

লেখিকা :- প্ৰীতি দাস

উৎস :- অসমীয়া খবৰ