জাত পুছা আৰ্লি বাঞ্চিঙ, কছুৰী মেঠি নং ৪৭ মাটি নিৰ্বাচন জৈৱিক সাৰ সমৃদ্ধ, পলসুৱা, পানী নোৰোৱা আৰু ৬.০-৭.০ ৰ ভিতৰত অম্লতা থকা মাটি নিৰ্বাচন কৰিব লাগে৷ মাটি প্ৰস্তুতি গোবৰ আৰু পচন সাৰ প্ৰয়োগ কৰি মাটি ডৰা ভালদৰে চহাই লব লাগে ৷ বীজৰ পৰিমান : হেক্টৰে প্ৰতি ২০-২৫ কি:গ্ৰাম ৷ বীজ সিঁচাৰ সময় : অক্টোবৰৰ মাজভাগৰ পৰা নবেম্বৰ মাহ ৷ বীজৰ ব্যৱধান : ৩০ ছে:মিটাৰ দুৰত্বৰ শাৰীত বীজবোৰ সিঁচিব লাগে আৰু বীজ সিঁচাৰ ৩৫-৪০ দিনৰ পিছত পুলিবোৰ পাতলাই দিব লাগে ৷ বীজ শোধন : প্ৰতি কেজি বীজৰ বাবে ২ গ্রাম হাৰত কেপ্টাফ ঔষধৰ দ্বাৰা বীজবোৰ সিঁচাৰ আগেয়ে শোধন কৰি লব লাগে ৷ সাৰ প্ৰয়োগ : নাইট্ৰোজেন, ফছফৰাছ আৰু পটাছ সাৰ ২৫ : ২৫ : ৩০ কি:গ্ৰাম প্ৰতি হেক্টৰ হাৰত প্ৰয়োগ কৰিব লাগে ৷ পৰিচৰ্য্যা : জলসিঞ্চন : বীজ সিঁচাৰ আগেয়ে পাতলীয়াকৈ এবাৰ মাটিডৰাত জলসিঞ্চনৰ ব্যৱস্হা কৰিব লাগে আৰু পিচত ঘনাই ঘনাই প্ৰয়োগ কৰিব লাগে ৷ প্ৰত্যেক বাৰ শস্য কটাৰ পিছত পাতলীয়াকৈ জলসিঞ্চনৰ ব্যৱস্হা কৰিব ৷ অপতৃণ নিয়ন্ত্ৰণ : বীজ সিচাঁৰ ২০-২৫ দিনৰ পিচৰ পৰা বনবাতবোৰ নিৰাই থাকিব লাগে ৷ শস্য চপোৱা : বীজ সিঁচাৰ প্ৰায় তিনি সপ্তাহৰ পিছত কোমল আগটো চিঙি পেলাব লাগে ৷ পিচত গোটেই গছজোপাই উভালি বজাৰত বিক্ৰি কৰিবলৈ নিয়াৰ ব্যৱস্হা কৰিব লাগে ৷ কেতিয়াবা ২-৩ বাৰ আগ কটাৰ পিছত গছবোৰ শস্য ডৰাতে থৈ দিলে বীজ ধাৰন কৰিব ৷ উত্পাদন : পাতৰ উত্পাদন = ৭০-১০০ কুইন্টল/প্ৰতি হেক্টৰত বীজৰ উত্পাদন = ৬-১৫ কুইন্টল/প্ৰতি হেক্টৰত (পাতবোৰ আগেয়ে নাকাটিলেহে এই উত্পাদন পাব পাৰি উৎস: অসম কৃষি বিশ্ববিদ্যালয়।