সচঁ স্থানীয় উত্পাদনক্ষম সচঁ মাটি নির্ব্বাচন ওখ পানী আৱদ্ধ হব নোৱাৰা পলসুৱা মাটি নির্ব্বাচন কৰিব লাগে । বীজৰ পৰিমাণ : ৩ কি: গ্রাম /হেক্টৰত সিঁচাৰ সময় ফেব্রুৱাৰী - এপ্রিল ব্যৱধান ২.০ মিটাৰ * ১ মিটাৰ ( শাৰীৰ পৰা শাৰীলৈ * পুলিৰ পৰা পুলিলৈ ) সাৰ প্রয়োগ পচন সাৰ ২০-২৫ টন , ৩৫ কি:গ্রাম নাইট্রজেন ( অনুমোদিত হাৰৰ আধা অংশ ) , ৮০ কি: গ্রাম ফছফৰাচ , ৮০ কি:গ্রাম পটাছ সাৰ শেষৰবাৰ মাটি প্রস্তুত কৰোতে প্রয়োগ কৰি লব আৰু বাকী থকা নাইট্রজেন সাৰ (৩৫ কি: গ্রাম ) গছত ফুল আৰু ফল ধৰাৰ সময়ত প্রয়োগ কৰিব । জলসিঞ্চন প্রয়োজন সাপেক্ষে শুকান অৱস্থাত ৮-১০ ব্যৱধানত গছত পানীৰ যোগান ধৰিব লাগে । শস্য চপোৱা : পুৰঠ আৰু সময় সাপেক্ষে কোমোৰা বোৰ গছৰ পৰা চিঙাৰ ব্যৱস্থা কৰিব । উত্পাদন : ১৮৫ - ৩২৫ কুইন্টল / হেক্টৰত উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।