সচঁ পুচা চামাৰ প্রলিফিক লং , পুচা চামাৰ প্রলিফিক ৰাউণ্ড , পুচা মেঘদূত, পুচা মঞ্জুৰী সচঁৰ বর্ণনা ১) পুচা চামাৰ প্রলিফিক লং : ১০-১৫ টাকৈ প্রতি জোপা গছত লাও লাগে , লাওবোৰৰ আকৃতিত দীঘল ( ৪০-৫০ চে: মি: ) , সাৰ ব্যার্সাদ্ধ(২৫ চে: মিটাৰ) , আৰু দিঙিবোৰ ফালে ছিয়া হৈ যোৱা । গাৰ ৰং পাতল সেউজীয়া । বসন্ত আৰু গ্রীষ্ম দুয়োটা ঋতুতে লগাব পৰা গঢ়ে প্রতিহেক্টৰৰ উত্পাদন প্রায় ১২০ কুইন্টল । ২) পুচা চামাৰ প্রলিফিক ৰাউণ্ড : লাওবোৰ থোপোকা (১৫ - ১৮ চে:মি: ) , সেউজীয়া বৰণৰ আৰু য়থেষ্ট পৰিমাণে গছজোপাত ফল ধৰে । গ্রীষ্ম আৰু বসন্ত দুয়োটা ঋতুতে লগাব পৰা। ৩) পুচা মেঘদূত : বর্ণসংকৰ ,লাও বোৰ দীঘলীয়া আৰু ২৫৩ কুইন্টল / প্রতি হেক্টৰত উত্পাদন হোৱা বিধৰ । মাটি নির্ব্বাচন পানী জমা হব নোৱাৰা ওখ পলসুৱা মাটি লাওখেতিৰ বাবে উপযোগী । বীজৰ পৰিমাণ বসন্ত ঋতুৰ বাবে : ৪.৫ -৫.৫ কি:গ্রাম / হেক্টৰত গ্রীষ্ম ঋতুৰ বাবে : ২.২ - ৩.২ কি: গ্রাম / হেক্টৰত সিচাঁৰ সময় বসন্ত কালৰ বাবে = ফেব্রুৱাৰী - মার্চ মাহৰ ভিতৰত গ্রীষ্ম কালৰ বাবে = জুন - জুলাই মাহৰ ভিতৰত শীত কালৰ বাবে = চেপ্তেম্বৰ মাহৰ ভিতৰত বীজৰ ব্যৱধান বসন্ত কালৰ বাবে = ১.৫ -২.০ মি: * ১.০ -১.৫ মিটাৰ ( শাৰীৰ পৰা শাৰীলৈ * গছৰ পৰা গছলৈ ) গ্রীষ্ম কালিৰ বাবে = ২.০ - ৩.০ মি: * ১.০ - ১.৫ মিটাৰ (শাৰীৰ পৰা শাৰীলৈ * গছৰ পৰা গছলৈ ) সাৰ প্রয়োগ পচন সাৰ ২০ - ২৫ টন , ২৮ কি: গ্রাম নাইট্রজেন ( অনুমোদিত হাৰৰ আধা অংশ ) , ৫৬ কি: গ্রাম ফছফৰাচ আৰু ১১২ কি: গ্রাম / হেক্টৰত পটাচ সাৰ মাটি প্রস্তুত কৰোতে প্রয়োগ কৰিব । বাকী আধা অংশ নাইট্রজেন সাৰ ফুল ফুলা আৰু ফল ধৰাৰ সময়ত গছত প্রয়োগ কৰিব । জলসিঞ্চন প্রয়োজন সাপেক্ষে শুকান অৱস্থাত ৮-১০ ব্যৱধানত গছত পানীৰ যোগান ধৰিব লাগে । শস্য চপোৱা লাওবোৰ কোমল হৈ থকা অৱস্থাতে চিঙাৰ ব্যৱস্থা কৰিব লাগে । উৎপাদন ১২০ -১২৫ কুইন্টল / হেক্টৰত । উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।