সঁচ ১) বসন্ত ঋতুত খেতি কৰা সঁচ বোৰ : আর্লিয়েষ্ট অৱ অল , লংগ্রীণ , এক্সটা লং , পুচা ডো মৈচুমী ২) গ্রীষ্ম ঋতুত খেতি কৰা সঁচ বোৰ : মনচুন মর্ণাক , লংগ্রীণ , মনচুন , কইম্বাতুৰ লং সঁচৰ বর্ণনা ১) পুচা ডো মৈচুমী : ডালবোৰ সেউজীয়া , নোমাল , পাতবোৰ বহল , পুলিৰ পৰা ফল ধৰালৈ ৫৫ দিনৰ ভিতৰত শেষ হয় । ২) কইম্বাতুৰ লং : গছবোৰ যথেষ্ট ঠাল ঠেঙুলি মেলা , ফলবোৰ দীঘল পাতল সেউজীয়া ৰঙৰ , গছবোৰত ফল যথেষ্ঠ উত্পন্ন হয়, বাৰিষা বতৰৰ বাবে উপযোগী সঁচ । মাটি নির্ব্বাচন ওখ পানী জমা নোহোৱা পলসুৱা আৰু যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকা মাটিত কেৰেলা খেতি ভাল হয় । বীজৰ পৰিমাণ ৪-৫ কি: গ্রাম / হেক্টৰত সিঁচাৰ সময় ১) আগতীযা : অক্টোবৰ - নবেম্বৰ (মাটিত বগোৱা জাত ) ২) মধ্যমীয়া : ফেব্রুৱাৰী - মার্চ ৩) শেহতীয়া : জুন - জুলাই । বীজৰ ব্যৱধান : ১.৫ - ২.৫ মিটাৰ (শাৰীৰ পৰা শাৰীলৈ ) * ৬০ চে: মি: - ১.২ মিটাৰ ( গছৰ পৰা গছলৈ) সাৰ প্রয়োগ ক্রমিক নং সাৰ পৰিমাণ (কি: গ্রাম / হেক্টৰত ) মন্তব্য ১) পচনসাৰ ১০০০ ২) নাইট্রজেন (২০ +২০) (ক) ২০ কি: গ্রাম মাটি প্রস্তুত কৰোতে ৩) ফছফৰাচ ৩০ (খ) ২০ কি: গ্রাম ফল আৰু ফুল ধৰাৰ সময়ত ৪) পটাচ ৩০ জলসিঞ্চন শুকান অথবা খৰাং অৱস্থাত ৮-১০ দিনৰ ব্যৱধানত জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে । শস্য চপোৱা ফলবোৰ পুৰঠ হলে চিঙাৰ ব্যৱস্থা কৰিব লাগে । উত্পাদন : ১০০ - ১২০ কুইন্টল / হেক্টৰত উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।