জাত পুছা বৰসাতী : গছবোৰ চাপৰ, মাত্ৰ ৬০-৮০ চে:মিটাৰ ওখ হয় ৷ ৩৫ দিনৰ ভিতৰত ফুল ফুলে আৰু লেচেৰাবোৰ ৪৫ দিনমানত চিঙিব পৰা হয় ৷ ৯০ দিনৰ ভিতৰত ২-৩ বাৰ ফুল ফুলে আৰু ফল ধৰে, লেচেৰাবোৰ পাতল সেউজীয়া, ২০ ৰ পৰা ২৫ চে:মিটাৰ মান দীঘল হয়, গুটিবোৰত আঁচ থকা, ৭০-৭৫ কুইন্টল প্ৰতি হেক্টৰত উৎপাদন দিব পৰা ক্ষমতা আছে ৷ মাটি নিৰ্বাচন : ৫.৫ ৰ পৰা ৬.০ লৈকে মাটিৰ অম্লতা থকা বালিচঁহীয়া ওখ মাটি নিৰ্বাচন কৰিব লাগে ৷ মাটি প্ৰস্তুতি : ২ ৰ পৰা ৩ বাৰলৈ মাটি ডৰা ভালদৰে চহাই সমান কৰি লব লাগে ৷ বীজৰ পৰিমান : ২০-২৫ কি: গ্ৰাম /হেক্টৰত ৷ বীজ সিঁচাৰ সময় : মাৰ্চৰ পৰা এপ্ৰিলৰ ভিতৰত ৷ বীজৰ ব্যৱধান : ৭০ চে: মিটাৰ x ৩০ চে:মিটাৰ ( শাৰীৰ পৰা শাৰীলৈ x গছৰ (বীজৰ) পৰা গছলৈ (বীজলৈ)) সাৰ প্ৰয়োগ : মাটিত প্ৰয়োগ পচন সাৰ নাইট্ৰোজেন ফছফৰাছ পটাছ (প্ৰতি হেক্টৰত) ৯ টন ১৫ কেজি ১০ কেজি ১০ কেজি পৰিচৰ্য্যা বীজ সিঁচাৰ ২০-২৫ দিনৰ ভিতৰত এবাৰ বনবাত নিৰাব লাগে ৷ শস্য চপোৱা : লেচেৰাবোৰ সেউজীয়া আৰু কোমল হৈ থাকোতেই চিঙিব লাগে ৷ উত্পাদন : কেঁচা লেচেৰা ৫০-৬০ টন প্ৰতি হেক্টৰত। উৎস: অসম কৃষি বিশ্ববিদ্যালয়।