ফুলকবি বিৱৰণ আগতীয়া মধ্যমীয়া শেহতীয়া হাইব্ৰীড জাত আৰ্লি কুঁৱৰী, পুচা কেট্কী, পুচা দিপালী, কাৰ্তিকা অগ্ৰহানী ইম্প্ৰভ জাপানীজ, পুচা চিনথেটিক, পুচা স্নবল স্নবল ১৬ স্নবল, চমাৰ কুইন বীজৰ পৰিমাণ ৮০ গ্ৰাম প্ৰতি বিঘাত ৫৫ গ্ৰাম প্ৰতি বিঘাত ৮০ গ্ৰাম প্ৰতি বিঘাত ৪০ গ্ৰাম বীজ সিঁচাৰ সময় জুলাই মাজভাগৰ পৰা আগষ্টৰ প্ৰথম সপ্তাহলৈ ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা অক্টোবৰৰ শেষ সপ্তাহলৈ নৱেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা শেষ সপ্তাহলৈকে ৰোপন দূৰত্ব ৪৫×৪৫ ছেণ্টিমিটাৰ ৬০×৬০ ছেণ্টিমিটাৰ ৪৫×৪৫ ছেণ্টিমিটাৰ ৪৫×৪৫ ছেণ্টিমিটাৰ সাৰ প্ৰয়োগঃ পচন সাৰ-১৫-২০ কুইণ্টল, ইউৰীয়া- ২৪ কিলোগ্ৰাম, একক চুপাৰ ফচফেট- ৪৮ কিলোগ্ৰাম আৰু পটেচিয়াম- ১২ কিলোগ্ৰাম আৰু বৰাক্স- ১ কিলোগ্ৰাম। ইউৰীয়া সাৰৰ আধা আৰু সমুদায় চুপাৰ, পটাচ আৰু বৰাক্স পুলি ৰোৱাৰ আগেয়ে মাটিত প্ৰয়োগ কৰিব লাগে। ইউৰীয়া সাৰৰ বাকী আধা পুলি ৰোৱাৰ ৩০ দিনৰ পিছত মাটি চপোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে। পুলিবোৰ ঠন ধৰি উঠাৰ পিছত ১৫-২০ দিনৰ মূৰে মূৰে অনুসাৰ যেনে, গ্ৰীন হাৰভেষ্ট-অল ক্ৰুপ(১০ লিটাৰ পানীত ৭৫ গ্ৰাম) আৰু ক্ৰুপ বুষ্টাৰ(১০ লিটাৰ পানীত ৪০ গ্ৰাম) ষ্প্ৰে কৰিব লাগে। জলসিঞ্চন পুলি ৰোৱাৰ পিছত এবাৰ, মাটি চপোৱাৰ পিছত এবাৰ আৰু ফুল ধৰিবলৈ আৰম্ভ কৰাৰ সময়ত এবাৰকৈ মুঠ ৩ বাৰ নিশ্চিত জলসিঞ্চন কৰাৰ প্ৰয়োজন আছে। শস্যৰক্ষা পুলি ৰোৱাৰ পিছত গুৰি অংশ কলা পৰি যায় আৰু পাতবিলাক হালধীয়া পৰি মৰহি যায়। এই ৰোগ নিয়ন্ত্ৰণৰ বাবে ষ্ট্ৰেপট’মাইচিন বেক্টেৰীয়ানাশকৰ ১ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলই পুলিৰ গুৰি অংশত ষ্প্ৰে কৰিব লাগে। পাতত নাইবা গুৰি অংশত ভেঁকুৰ বেমাৰ যেনে, গুৰি পচা, অলটাৰনেৰিয়া লিফ স্পট আদিয়ে আক্ৰমণ কৰিব পাৰে। ইয়াক নিয়ন্ত্ৰণৰ বাবে ইন্দফিল এম-৪৫ নাইবা বেভিষ্টিন ভেঁকুৰনাশক পাতত ষ্প্ৰে কৰিব লাগে। অনুসাৰৰ অভাৱত ফুলকবিত নানাধৰণৰ বিসঙ্গতি হ’ব পাৰে। সেয়ে ফুলকবি ঠন ধৰি উঠাৰ পিছত প্ৰতি ১৫-২০ দিনৰ মূৰে মূৰে বজাৰত উপলব্ধ অনুসাৰ যেনে, গ্ৰীন হাৰভেষ্ট- অলক্ৰপ, ক্ৰপ বুষ্টাৰ, ট্ৰেচেল-২, মাল্টিপ্লেক্স আদি ষ্প্ৰে কৰিব লাগে। ব্ৰকলি বিৱৰণ আগতীয়া মধ্যমীয়া শেহতীয়া হাইব্ৰীড জাত আৰ্লি ডেনিচ যাইণ্ট, ডি চিক্ক, গ্ৰীন বাড স্পাৰটন আৰ্লি কোষ্টেল আৰু আট্লাণ্টিক গ্ৰীন ষ্প্ৰাউটিং মেডিয়াম ৱালথিম ২৯, গ্ৰীন মাউণ্টেন, কোষ্টেল আৰু আট্লাণ্টিক চাউদাৰ্ন কমেট, প্ৰিমিয়াম ক্ৰ্প, ক্লীপাৰ, লেজাৰ, ইমাৰেণ্ড, কৰনা বীজ সিঁচাৰ সময় জুলাই মজভাগৰ পৰা আগষ্টৰ প্ৰথম সপ্তহলৈ ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা অক্টোবৰৰ শেষ সপ্তাহলৈ নবেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা শেষ সপ্তাহলৈ বীজৰ পৰিমাণ প্ৰতি বিঘাত ৬৬-৯৩ গ্ৰাম ৰোপণ দুৰত্ব ৭৫×৪৫ ছেণ্টিমিটাৰ সাৰ প্ৰয়োগ পচন সাৰঃ ২০-২৫ কুইণ্টল, ইউৰীয়া- ৩০-৬০ কিলোগ্ৰাম, একক চুপৰফচফেট- ৪৮-৬৪ কিলোগ্ৰাম আৰু মিউৰেট অব পটাচ- ৮-১২ কিলোগ্ৰাম আৰু বৰাক্স পুলি ৰোৱাৰ আগেয়ে মাটিত প্ৰয়োগ কৰিব লাগে। ইউৰীয়া সাৰৰ বাকী আধা পুলি ৰোৱাৰ আগেয়ে মাটিত প্ৰয়োগ কৰিব লাগে। ইউৰীয়া সাৰৰ বাকী আধা পুলি ৰোৱৰ ৩০ দিনৰ পিছত মাটি চপোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে। পুলিবোৰ ঠন ধৰি উঠাৰ পিছত ১৫-২০ দিনৰ মূৰে মূৰে অণিসাৰ যেনে, গ্ৰীন হৰভেষ্ট অল- ক্ৰ্প (১০ লিটাৰ পানীত ৭৫ গ্ৰাম) আৰু ক্ৰুপ বুষ্টাৰ (১০ লিটাৰ পানীত ৪০ গ্ৰাম) ষ্প্ৰে কৰিব লাগে। জলসিঞ্চন পুলি ৰোৱাৰ পিছত এবাৰ মাটি চপোৱাৰ পিছত এবাৰ আৰু ফুল ধৰিবলৈ আৰম্ভ কৰাৰ সময়ত এবাৰকৈ মুঠ ৩ বাৰ নিশ্চিত জলসিঞ্চন কৰাৰ প্ৰয়োজন। তদুপৰি খৰাং বতৰত অধিক জলসিঞ্চনৰ প্ৰয়োজন আছে। শস্যৰক্ষা পুলি ৰোৱাৰ পিছত অংশ কলা পৰি যায় আৰু পাতবিলাক হালধীয়া পৰি মৰহি যায়। এই ৰোগ নিয়ন্ত্ৰণৰ বাবে ষ্ট্ৰেপট্’মাইচিন বেক্টেৰীয়ানাশকৰ ১ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই পুলিৰ গুৰি অংশত ষ্প্ৰে কৰিব লাগে। পাতত নাইবা গুৰি অংশত ভেঁকুৰ বেমাৰ যেনে, গুৰি পচা, অলটাৰনেৰিয়া লিফ স্পট আদিয়ে আক্ৰমণ কৰিব পাৰে। ইয়াক নিয়ন্ত্ৰণৰ বাবে ইন্দফিল এম-৪৫ নাইবা বেভিষ্টিন ভেঁকুৰনাশক পাতত ষ্প্ৰে কৰিব লাগে। পাত খোৱা পলু পোক নিয়ন্ত্ৰণৰ বাবে মালাথিয়ান ১.৫ মিলিলিটাৰ প্ৰতি ১ লিটাৰ পানীত মিহলাই ষ্প্ৰে কৰিব লাগে। অনুসাৰৰ অভাৱত ব্ৰকলিত নানাধৰণৰ বিসঙ্গতি হ’ব পাৰে। সেয়ে ব্ৰকলি ঠন ধৰি উঠাৰ পিছত প্ৰতি ১৫-২০ দিনৰ মূৰে মূৰে বজাৰত উপলব্ধ অনুসাৰ যেনে, গ্ৰীন হাৰভেষ্ট- অল ক্ৰপ, বুষ্টাৰ ট্ৰেচেল-২, মাল্টিপ্লেক্স আদি ষ্প্ৰে কৰিব লাগে। বন্ধাকবি জাত সোনকালে চপাব পৰাঃ- গলডেন একৰ, প্ৰাইড অৱ ইণ্ডিয়া, পুচা যুক্তা (চেল-৮) পলমকৈ চপাব পৰাঃ- ড্ৰামহেড আৰু ইক্লিপচ্ ড্ৰামহেড তদুপৰি বজাৰত উপলব্ধ বিভিন্ন কোম্পানীৰ হাইব্ৰীড জাত যেনে, গ্ৰীন এক্সপ্ৰেছ, ৰেয়াৰ বল আদিও খেতিয়ক সকলৰ মাজত জনপ্ৰিয়। বীজৰ পৰিমাণ প্ৰতি বিঘাত আগতীয়া খেতিৰ বাবে ১০৬ গ্ৰাম। শেহতীয়া খেতিৰ বাবে ৬০ গ্ৰাম। কিন্তু হাইব্ৰীড জাতৰ ক্ষেত্ৰত বীজৰ পৰিমাণ ৩০-৪০ গ্ৰাম হলেই যথেষ্ট। ৰোপণ দূৰত্ব আগতীয়া ৬০×৩০ ছেণ্টিমিটাৰ শেহতীয়া ৬০×৬০ ছেণ্টিমিটাৰ বীজ সিঁচাৰ সময় ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা নবেম্বৰৰ শেষ সপ্তাহলৈ। সাৰ প্ৰয়োগ পচন সাৰ-১৫-২০ কুইণ্টল, ইউৰীয়া-৩৬ কিলোগ্ৰাম, কিলোগ্ৰাম আৰু বৰাক্স- ১ কিলোগ্ৰাম। ইউৰীয়া সাৰৰ বাকী আধা পুলি ৰোৱাৰ ৩০ দিনৰ পিছত মাটি চপোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে। পুলিবোৰ ঠন ধৰি পিচত ১৫-২০ দিনৰ মূৰে মূৰে অনুসাৰ যেনে, গ্ৰীন হাৰভেষ্ট- অল ক্ৰ্প (১০ লিটাৰ পানীত পানীত ৭৫ গ্ৰাম) আৰু ক্ৰপ বুষ্টাৰ (১০ লিটাৰ পানীত ৪০ গ্ৰাম) ষ্প্ৰে কৰিব লাগে। জলসিঞ্চন পুলি ৰোৱাৰ পিছত এবাৰ, মাটি চপোৱাৰ পিছত এবাৰ আৰু ফুল ধৰিবলৈ আৰম্ভ কৰাৰ সময়ত এবাৰকৈ মুঠ ৩ বাৰ নিশ্চিত জলসিঞ্চন কৰাৰ প্ৰয়োজন। তদুপৰি খৰাং বতৰত অধিক জলসিঞ্চনৰ প্ৰয়োজন আছে। শস্যৰক্ষা পুলি ৰোৱাৰ পিছত গুৰি অংশ কলা পৰি যায় আৰু পাতবিলাক হালধীয়া পৰি মৰহি যায়। এই ৰোগ নিয়ন্ত্ৰণৰ বাবে ষ্ট্ৰেপট’মাইচিন বেক্টেৰীয়ানাশকৰ ১ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই পুলিৰ গুৰি অংশত স্প্ৰে কৰিব লাগে। পাতত নাইবা গুৰি অংশত ভেঁকুৰ বেমাৰ যেনে, গুৰি পচা, অলটাৰনেৰিয়া লিফ স্পট্ আদিয়ে আক্ৰমন কৰিব পাৰে। ইয়াক নিয়ন্ত্ৰণৰ বাবে ইন্দফিল এম-৪৫ নাইবা বেভিষ্টিন ভেঁকুৰনাশক পাতত ষ্প্ৰে কৰিব লাগে। অনুসাৰৰ অভাৱত বন্ধাকবিত নানাধৰণৰ বিসঙ্গতি হ’ব পাৰে। সেয়ে বন্ধাকবি ঠন ধৰি উঠাৰ পিছত প্ৰতি ১৫-২০ দিনৰ মূৰে মূৰে বজাৰত উপলব্ধ অনুসাৰ যেনে, গ্ৰীন হাৰভেষ্ট- অলক্ৰপ, ক্ৰপ বুষ্টাৰ, ট্ৰেচেল- ২, মাল্টিপ্লেক্স আদি ষ্প্ৰে কৰিব লাগে। ওলকবি জাত সোনকালে চপাব পৰাঃ- হোৱাইত ভিয়েনা পলমকৈ চপাব পৰাঃ- পাৰপল ভিয়েনা তদুপৰি বজাৰত উপলব্ধ বিভিন্ন কোম্পানীৰ হাইব্ৰীড জাত আদিও খেতিয়ক সকলৰ মাজত জনপ্ৰিয়। বীজৰ পৰিমাণ প্ৰতি বিঘাত- ১৬৬ গ্ৰাম ৰোপণ দূৰত্বঃ- ৩০×২৫ ছেণ্টিমিটাৰ বীজৰ সিচাঁৰ সময় ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা নৱেম্বৰৰ শেষৰ সপ্তাহলৈ। সাৰ প্ৰয়োগ পচন সাৰ- ১৫-২০ কুইণ্টল, ইউৰীয়া- ২৪ কিলোগ্ৰাম, একক চুপাৰ ফচফেট- ৪৮ কিলোগ্ৰাম আৰু মিউৰেট অব পটাচ- ১২ কিলোগ্ৰাম আৰু বৰাক্স- ১ কিলোগ্ৰাম। ইউৰীয়া সাৰৰ আধা আৰু সমুদায় চুপাৰ, পটাচ আৰু বৰাক্স পুলি ৰোৱাৰ ২০ দিনৰ পিছত মাটি চপোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে। পুলিবোৰ ঠন ধৰি উঠাৰ পিছত ১৫-২০ দিনৰ মূৰে মূৰে অণুসাৰ যেনে, গ্ৰীন হৰভেষ্ট-অল ক্ৰপ (১০ লিটাৰ পানীত ৭৫ গ্ৰাম) আৰু ক্ৰপ বুষ্টাৰ (১০ লিটাৰ পানীত ৪০ গ্ৰাম) ষ্প্ৰে কৰিব লাগে। জলসিঞ্চন পুলি ৰোৱাৰ পিছত এবাৰ, মাটি চপোৱাৰ পিছত এবাৰ আৰু ফুল ধৰিবলৈ আৰম্ভ কৰাৰ সময়ত এবাৰকৈ মুঠ ৩ বাৰ নিশ্চিত জলসিঞ্চনৰ প্ৰয়োজন আছে। শস্যৰক্ষা পুলি ৰোৱাৰ পিছত গুৰি অংশ কলা পৰি যায় আৰু পাতবিলাক হালধীয়া পৰি মৰহি যায়। এই ৰোগ নিয়ন্ত্ৰণৰ বাবে ষ্ট্ৰেপট’মাইচিন বেক্টেৰীয়ানাশকৰ ১ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই পুলিৰ গুৰি অংশত ষ্প্ৰে কৰিব লাগে। পাতত নাইবা গুৰি অংশত ভেঁকুৰ বেমাৰ যেনে, গুৰি পচা, অলটাৰনেৰিয়া লিফ স্পট আদিয়ে আক্ৰমণ কৰিব পাৰে। ইয়াক নিয়ন্ত্ৰণৰ বাবে ইন্দফিল এম-৪৫ নাইবা বেভিষ্টিন ভেঁকুৰনাশক পাতত ষ্প্ৰে কৰিব লাগে। পাত খোৱা পলু পোক নিয়ন্ত্ৰণৰ বাবে মালাথিয়ান ১.৫ মিলিলিটাৰ প্ৰতি এক লিটাৰ পানীত মিহলাই ষ্প্ৰে কৰিব লাগে। অনুসাৰৰ অভাৱত ওলকবিত নানাধৰণৰ বিসঙ্গতি হ’ব পাৰে। সেয়ে ওলকবিত ঠন ধৰি উঠাৰ পিছত প্ৰতি ১৫-২০ দিনৰ মূৰে মূৰে বজাৰত উপলব্ধ অনুসাৰ যেনে, গ্ৰীন হাৰভেষ্ট- অলক্ৰপ, ক্ৰপ বুষ্টাৰ, ট্ৰেচেল- ২, মাল্টিপ্লেক্স আদি ষ্প্ৰে কৰিব লাগে। উৎসঃ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়, অসম