বিভিন্ন তৈল বীজৰ ভিতৰত সৰিয়হ , তিল , বাদাম , গুজিতিল , সুৰুযমূখী ফুল , কুসুম ফুল আদিয়ে প্রধান । অসমত সৰিয়হৰ হেক্টৰে প্রতি উত্পাদন হ'ল প্রায় ৫০০ কিলোগ্রাম আৰু সর্ব্বভাৰতীয় গড় উত্পাদন হ'ল প্রায় ৮৪৭ কিলোগ্রাম । বৰপেটা জিলাত সৰিয়হৰ মাটিকালি ২৪০৫৫ হেক্টৰ আৰু হেক্টৰে প্রতি গড় উত্পাদন প্রায় ৫৩৫ কিলোগ্রাম । গতিকে দেখা যায় যে সর্ব্বভাৰতীয় তৈল বীজৰ গড় উত্পাদনৰ তুলনাত ই তেনেই কম । উচ্চ উত্পাদন ক্ষম বীজ , সুষম সাৰ প্রয়োগ আৰু উপযুক্ত শস্যৰক্ষা ব্যৱস্থা অৱলম্বন কৰি কৃষকসকলে অধিক উত্পাদন লাভ কৰি নিজৰ উর্পাজন বৃদ্ধিৰ লগতে অসমত খোৱা তেলৰ চাহিদা পূৰণত যথেষ্ট অৰিহণা যোগাব পাৰে । সৰিয়হৰ অধিক উত্পাদনৰ বাবে লব লগা কৌশল সমূহ : জাত আৰু বীজ অসমৰ বাবে অনুমোদিত টৰিয়া জাত কেইটি হ'ল - টি এছ - ২৯ (৮৫-৯০ দিন) , টি এছ -৩৬ (৯০ - ৯৫ দিন ) , টি এছ - ৩৮ (৯০-৯৫ দিন ) এম -২৭ (৯০-৯৫ দিন ) । ইয়াৰ বিঘাই প্রতি উত্পাদন প্রায় ১.৩ - ১.৬ কুইন্টল । এই জাতবোৰত থকা তেলৰ পৰিমাণ যথাক্রমে ৪৪.৬ , ৪৪.০ আৰু ৪৪.০ শতাংশ । সেইদৰে অনুমোদিত ৰাই সৰিয়হৰ জাতবোৰ হ'ল টি এম - ২ (১০৫ - ১১৫দিন) , টি এম -৪ (১০৫ - ১১৫) আৰু বৰুণা (১১০ - ১২০ শতাংশ) এই জাতবোৰৰ বিঘাই প্রতি উত্পাদন হ'ল ১.৬ - ২১.৩ কুইন্টল । ইয়াত থকা তেলৰ পৰিমাণ প্রায় ৩৬.৪ শতাংশ । ওপৰোক্ত উন্নতমানৰ প্রামাণিকৃত বীজৰ ব্যৱহাৰ নিশ্চিত কৰক। সিঁচাৰ সময় কাতি মাহ উপযুক্ত সময়। আঘোণৰ ১০-১৫ দিনলৈ সিঁচিব পাৰি যদিও মোৱা পোক আৰু বেমাৰৰ উপদ্রব বেছি হোৱাৰ আংশকা থাকে। বীজৰ পৰিমাণ আৰু সিঁচা পদ্ধতি টৰিয়া সৰিয়হৰ খেতিৰ বাবে বিঘাই প্রতি ১.৩ কিলোগ্র্রাম আৰু ৰাই সৰিয়হৰ বাবে ১.০ কিলোগ্র্রাম বীজেই যথেষ্ট । শাৰীবদ্ধ পদ্ধতিত খেতি কৰিলে ঘনকৈ ওলোৱা পুলিবোৰ উভালি দুটা পুলিৰ দূৰত্ব এবেগেত মান ৰাখিব লাগে। সাৰ প্রয়োগ বৰষুণৰ ওপৰত নির্ভৰশীল খেতিৰ বাবে বিঘাই প্রতি পচন সাৰ বা গোবৰ ৩০০ - ৪০০ কিলোগ্রাম , ইউৰিয়া ১২ কিলোগ্রাম, চুপাৰ ফছফেট ৩০ কিলোগ্রাম আৰু এম ও পি ৩ কিলোগ্রাম বীজ সিঁচাৰ ২ দিন আগতে ভালদৰে মিহলাই মাটিত প্রয়োগ কৰক। জলসিঞ্চিত ব্যৱস্থাৰে খেতি কৰিলে ৰাসায়নিক সাৰৰ পৰিমাণ বিঘাই প্রতি যথাক্রমে ১৮ ,৩৩ আৰু ৯ কিলোগ্রামকৈ প্রয়োগ কৰিব পাৰে। সৰিয়হৰ খেতিত বৰণ বা সুৱগা বিঘাই প্রতি ১ কিলোগ্রামকৈ ব্যৱহাৰ কৰা আৱশ্যক । দুটা বা ততোধিক শস্যৰ খেতি কৰা অঞ্চলৰ কৃষকসকলে খেতিডৰাত বিঘাই প্রতি প্রায় ৬৫ কিলোগ্রাম চূণ বীজ সিঁচাৰ এপষেক আগতে প্রয়োগ কৰি ভালদৰে মিহলাই দিব । শস্য ৰক্ষা পুলি অৱস্থাতে সাধাৰণতে শুৰ পোক আৰু ফুল ফুলাৰ সময়ত মোৱা পোকৰ আক্রমণ পৰিলক্ষিত হয় । শুৰ পোকৰ বাবে বিঘাই প্রতি ২.৫ কিলোগ্রাম ' মালাথিয়ন'ৰ গুড়ি ছটিয়াব । মোৱা পোকৰ বাবে প্রতি বিঘাত ৮০ মিলি লিটাৰ ' মেটাচিচটক্স' অথবা ১১০ মিলি লিটাৰ ৰগৰ ১৩০ লিটাৰ পানীত মিহলাই স্প্রে কৰক । সৰিয়হত দেখা দিয়া 'বগা ৰাষ্ট ' বেমাৰৰ বাবে ডাইথেন এম - ৪৫ নামৰ দৰবৰ গুড়ি প্রতি লিটাৰ পানীত ২.৫ গ্রামকৈ মিহলাই ১০০ লিটাৰ তেনে ঔষধ স্প্রে কৰিব । ফুল ফুলা সময়ত ৰাসায়নিক ঔষধ সদায় আবেলি সময়তহে স্প্রে কৰা র্দকাৰ । তেতিয়াহে সৰিয়হৰ উপকাৰী মৌ - মাখিৰ অপকাৰ নহয় । জলসিঞ্চন খেতিডৰাৰ ৫০ শতাংশ ফুলধৰা আৰু ছেই ধৰিবলৈ আৰম্ভ হোৱা অৱস্থাত মুঠতে দুবাৰ মাটি তিতি যোৱাকৈ জলসিঞ্চন কৰা অতি দর্কাৰ । যদিহে এই অৱস্থাত ২০ -২৫ মিলি লিটাৰ বৰষুণ হয় তেতিয়া জলসিঞ্চন ব্যৱস্থা এৰাই চলিব পাৰি । যিবোৰ অঞ্চলত বতৰ খৰাং হয় আৰু মাটিত অৱশিষ্ট পানীভাগ একেবাৰে কমি যায় তেনেবোৰ অঞ্চলত বীজ সিঁচাৰ আগতে এবাৰ জলসিঞ্চন কৰা উচিত। মৌপালন সৰিয়হ তলিৰ ওচৰত মৌ - পালনৰ ব্যৱস্থা হাতত লওক । মৌ - মাখিয়ে পৰাগ সংযোগ বৃদ্ধি কৰি অধিক গুটি ধৰাত সহায় কৰে। উৎস: অসম কৃষি বিশ্ববিদ্যালয়।