জাত শ্বিলং টাইপ, টলক্ল’ন, চি এল ২৪, পি টি এচ ৩৮, পি চি টি ১৩, ভি কে ১৪৫ জাতসমুহৰ বৰ্ণনা শ্বিলং টাইপ : গছবোৰ ১৪০-১৮০ চে: মিটাৰ ওখ হয়, প্ৰত্যেক হালধি জোপাৰ পৰা ২-৩টা পোখা মেলে, প্ৰত্যেক পোখাতে ৬-৯টা উজ্জল সেউজীয়া ৰঙৰ পাত মেলে, পোখাবোৰ যথেষ্ট মজবুত, ৰঙচুৱা; মাতৃ শিয়াবোৰ সৰু আৰু গোটেই গছ জোপাৰ ২৪ শতাংশ এই পোখাবোৰেই আবৰি ধৰে৷ কৃষিকাল ২৫৫ দিনৰ ভিতৰত, কেঁচা হালধিৰ পৰা ১৬ শতাংশহে শুকান হালধি পাব পাৰি৷ কলেট্ৰ’টিকাম জাতীয় বেক্টেৰীয়াৰ পৰা হব পৰা পাতৰ দাগৰ পৰা এই জাত হালধি অতিকৈ সহনশীল ৷ ট’লক্ল’ন : গছবোৰ ১৬০-১৯০ চে: মিটাৰ ওখ হয়, প্ৰত্যেক জোপা হালধি পৰা ২-৩টা পোখা মেলে, প্ৰত্যেক পোখাৰ পৰা ৫-৮ টা পাত ওলায় আৰু হালধিবোৰ শকত, ৰঙচুৱাৰ পৰা হালধীয়া ৰঙৰ, কৃষিকাল ২১০-২৮০ দিনৰ ভিতৰত শেষ হয়, কেঁচা হালধিৰ পৰা ১৭ শতাংশ মানহে শুকান হালধি পাব পাৰি৷ টাফৰিণাৰ পৰা হব পৰা পাতত দাগ পৰা বেমাৰৰ বাবে এই জাতটো শেষৰফালে বৰ অসহনশীল৷ চি এল ২৪ : হস্ৰম্যাদী জাত, গড়ে ২৬.৩৫ শতাংশ শুকান হালধি পাব পাৰি, গড়ে ১১.৬০ টন প্ৰতি হেক্টৰত শুকান হালধি উত্পাদন হয়৷ ৮.৫৫ শতাংশ কাৰকুমিন পোৱা যায়৷ সতেজ বা কেঁচা হালধিৰ উত্পাদন গড়ে ৫৪ টন প্ৰতি হেক্টৰত পাব পাৰি৷ প্ৰায় বিলাক পোক পৰুৱা আৰু বেমাৰৰ প্ৰতি এই জাতটো বেচ সহনশীল৷ পি টি চি ৩৮ : হস্ৰম্যাদী জাত আৰু ২৪ শতাংশ কিউৰিং দিব পৰা, গড়ে ১২.১৫ টন প্ৰতি হেক্টৰত কিুৰিং হালধি পোৱা যায় আৰু ৫.৭৫ শতাংশ কাৰকুমিন পোৱা যায় ৷ সতেজ বা কেঁচা হালধিৰ উত্পাদন গড়ে ৫৪ টন প্ৰতি হেক্টৰত পাব পাৰি৷ প্ৰায় বিলাক পোক পৰুৱা আৰু বেমাৰৰ প্ৰতি এই জাঁতটো বেচ সহনশীল৷ পি চি টি ১৩ : হস্ৰম্যাদী জাত আৰু ১৭.১৫ শতাংশ কিউৰিং দিব পৰা, কেঁচা হালধিৰ উত্পাদন গড়ে ৬৬ টন প্ৰতি হেক্টৰত আৰু ৪৮ টন কাৰকুমিন প্ৰতি হেক্টৰত পোৱা যায়৷ এই জাতটোও প্ৰায়বোৰ পোক পৰুৱা আৰু বেমাৰৰ প্ৰতি বেচ সহনশীল৷ মাটি নিৰ্বচান পানী বন্ধ নোহোৱা বালিচঁহীয়া বা পলসুৱা মাটি এই খেতিৰ বাবে প্ৰয়োজন৷ বীজৰ বা বীজৰ বাবে ৰখা হালধিৰ পৰিমান : ২৫ কুইন্টল প্ৰতি হেক্টৰত ৷ ৰোৱাৰ সময় : এপ্ৰিল মাহৰ ভিতৰত হালধি ৰোব লাগে ৷ ব্যৱধান: শাৰীৰ পৰা শাৰীলৈ ব্যৱধান ৪৫ চে: মিটাৰ আৰু গছৰ পৰা গছলৈ ২৫ চে:মিটাৰ ৷ হালধিবোৰ লোৰ খান্দি ১০ চে: মিটাৰ মান দ'ত ৰোব লাগে ৷ সাৰ প্ৰয়োগ : পচন সাৰ ২০ টন, নাইট্ৰোজেন ৩০, ফছফৰাছ ৫০, পটাছ ৬০ কিলোগ্ৰামকৈ প্ৰতিটো সাৰ প্ৰতি হেক্টৰত প্ৰয়োগ কৰিব লাগে৷ ইয়াৰে পটাছৰ আধা অংশ আৰু বাকী থকা পচন সাৰ আৰু ফছফৰাছৰ সম্পূৰ্ণ অংশ মাটি প্ৰস্তুত কৰাৰ সময়তে প্ৰয়োগ কৰিব লাগে ৷ আধা অংশ নাইট্ৰোজেন আৰু বাকী থকা পটাছ সাৰ তিনিমাহৰ পিচত যেতিয়া প্ৰথমবাৰ মাটি চপোৱা হয় তেতিয়া প্ৰয়োগ কৰিব লাগে ৷ থাকি যোৱা আধা অংশ নাইট্ৰোজেন যেতিয়া ৪ মাহৰ পিছত দ্বিতীয় বাৰৰ বাবে মাটি চপোৱা হয় তেতিয়া প্ৰয়োগ কৰিব লাগে ৷ পাহাৰীয়া অঞ্চলৰ বাবে নাইট্ৰোজেন ৯০, ফছফৰাছ ৫০ আৰু পটাছ ৬০ কিলোগ্ৰামকৈ প্ৰতি প্ৰতি হেক্টৰৰ বাবে অনুমোদিত ৷ পৰিচর্য্যা : আচ্ছাদন : প্ৰথম আচ্ছাদন ৰোৱাৰ পিছতে যি কোনো সুবিধাজনক আচ্ছাদনৰ সামগ্ৰীৰে আৰু দ্বিতীয় বাৰ ৰোৱাৰ ৪০ দিনৰ পিছত দিব লাগে ৷ জলসিঞ্চণ : খৰাং বতৰত ১৫ দিনৰ ব্যৱধানত জলসিঞ্চণৰ ব্যৱস্হা কৰিব লাগে ৷ অপতৃণ নিয়ন্ত্ৰণ : প্ৰথমবাৰ বনবাত নিৰোৱাৰ উপযুক্ত সময় হ’ল ৰোৱাৰ পৰা ৪০ দিন মান পিছত মানে দ্বিতীয় বাৰ আচ্ছাদন দিয়াৰ আগে আগে ৷ মাটি চপোৱা : বনবাত নিৰোৱাৰ লগে লগে গছৰ গুৰিত মাটিও চপাই দিব লাগে ৷ শস্য ৰক্ষা : ডাইমেক্ৰণ ০.০৬ শতাংশ ( ৬ মি: লিটাৰ ঔষধ প্ৰতি লিটাৰ পানীত মিহলাই) প্ৰয়োগ কৰিলে মাটিত থকা চাঁহিপোক, পাতমেৰুৱা পোক আৰু মজাখোৱা পোকৰ পৰা হাত সাৰিব পাৰি ৷ পাতত দাগ পৰা বেমাৰৰ পৰা হাত সাৰিবলৈ বৰদ’ মিশ্ৰণ নতুবা জিনেব বা মেনক’জেব ৭৫ ডব্লিও পি (২ গ্ৰাম প্ৰতি লিটাৰত) ১৫ দিনৰ ব্যৱধানত বেমাৰ দেখা পোৱাৰ পৰা স্প্ৰে কৰিব লাগে ৷ শিপা বা হালধি পঁচা বেমাৰ : (ক) এই বেমাৰ নিয়ন্ত্ৰণৰ বাবে পথাৰৰ পৰা পানী ওলায় যাব পৰা ব্যৱস্হা কৰিব লাগে ৷ (খ) প্ৰতিষেধক ব্যৱস্হা হিচাপে পোখাবোৰ মেনক’জেব ৭৫ ডব্লিও পি (২ গ্ৰাম প্ৰতি লিটাৰ পানীত) নাইবা মেটালেক্সিল আৰু মেনক’জেব ৭৫ ডব্লিও পি মিশ্ৰণ ০.৩ শতাংশ ৰোৱাৰ বা সংৰক্ষণ কৰাৰ আগেয়ে ব্যৱহাৰ কৰিব লাগে ৷ (গ) বেমাৰ হোৱা অংশত মেনক’জেব ৭৫ ডব্লিও পি ২ গ্ৰাম প্ৰতি লিটাৰ পানীত বা কেপটাফল জাতীয় ঔষধেৰে ধুই বা ঢালি দিব লাগে ৷ শস্য চপোৱা আৰু ইয়াৰ তত্ত্বাৱধান : পাতবোৰ যেতিয়া লাহে লাহে হালধীয়া পৰিবলৈ ধৰে আৰু গছবোৰ ক্ৰমান্বয়ে শুকাবলৈ আৰম্ভ কৰে তেতিয়া হালধি চপাব পাৰি বা লাগে৷ তাৰ পিছত হালধিবোৰৰ আঙুলিবোৰ গা-গছৰ পৰা পৃথক কৰি ভালকৈ ধুই ৰ’দত এদিন শুকাবলৈ দিব লাগে ৷ হালধি প্ৰস্তুত প্ৰণালী ০.০৫-০.১ শতাংশ চূণ বা চূণ জাতীয় খাৰ যেনে ছডিয়াম বাইকাৰ্বনেট বা ছডিয়াম কাৰ্বনেট যুক্ত পানীত শুকান, চাফা হালধিবোৰ কোমল কৰিবলৈ সিজাব লাগে ৷ খাৰযুক্ত পানীয়ে হালধিত এটা হালধীয়া ৰঙ উত্পন্ন হোৱাত সহায় কৰে ৷ এই কোমল হোৱা বা সিজোৱা হালধিখিনি তাৰ পাচত ৰ’দত লোহাই লোহাই খুন্দা খালে যেনে শব্দ হয় তেনে শব্দ হোৱালৈকে শুকুৱাব লাগে৷ তাৰ পিচত হালধিবোৰ মৰাপাটৰ বস্তাত ভৰাই পকা মজিয়াত মাৰিব লাগে যাতে হালধিৰ পৰা গাত লাগি থকা শুকান বস্তুবোৰ এৰি গৈ মাত্ৰ আচল হালধিহে থাকে ৷ তাৰ পিচৰ পৰ্য্যায়টো হ’ল হালধিখিনিক অধিক আকৰ্ষণীয় কৰিবৰ বাবে বাহিৰৰ পৰা হালধীয়া ৰঙ যোগান ধৰা ৷ শুকান চাফা হালধিবোৰ এটা ভিকাৰ মোনাত সোমোয়াই তাত অগতেই প্ৰস্তুত কৰি ৰখা এটা মিশ্ৰণ (হালধীয়া ৰঙৰ) যোগ দি ভালদৰে জোকাৰি দিব লাগে যাতে সকলোবোৰ হালধিতে এই ৰঙটো সন্নিবিষ্ট হয় ৷ তাৰ পাচত ভালদৰে ৰ’দত শুকুৱাব লাগে৷ হালধিত বাহিৰৰ পৰা যোগান ধৰা হালধীয়া ৰঙৰ মিশ্ৰণটোত থকা বিভিন্ন ৰসায়ন : ১০০ কি:গ্ৰাম হালধিত এই প্ৰলেপ দিব বাবে বিভিন্ন ৰসায়নৰ অংশ: ক্ৰমিক নং বিভিন্ন ৰসায়নৰ নাম পৰিমাণ ১ ফিটকিৰি ০.০৪ কি:গ্ৰাম ২ হালধি পাউদাৰ ২.০০ কি:গ্ৰাম ৩ এৰা গুটি ০.১৪ কি:গ্ৰাম ৪ ছডিয়াম বাইছালফেট ০.৩০ কি:গ্ৰাম ৫ হাইড্ৰক্লোৰিক এচিড ০.৩০ মিলিলিটাৰ (চি এফ টি আৰ আই ৰ দ্বাৰা প্ৰস্তুত) ৬ কিউৰিং ১৪.১৬ শতাংশ ৭ কাৰকুমিন ২.৫-৩.৫ শতাংশ উত্পাদন: প্ৰতি হেক্টৰত কেঁচা হালধি উত্পাদন ৩০০-৩৫০ টন পাব পাৰি। উৎস: অসম কৃষি বিশ্ববিদ্যালয়।