বীজ সিঁচাৰ সময়ঃ মগুমাহ আৰু মাটিমাহৰ খেতি বছৰত দুবাৰ কৰিব পাৰি। হেমন্তকালীন খেতিৰ বাবে বীজ সিঁচাৰ উপযুক্ত সময় হ’ল ভাদ মাহ আৰু গ্ৰীস্মকালীন খেতিৰ বাবে হ’ল ফাগুণ চ’ত মাহ। অৱশ্যে কোনোবাই কে ইউ-৩০১ আৰু ইউ এছ জেডি ১১৩ নামৰ মাটিমাহৰ জাত দুটা হেমন্তকালত কৰিব বিচাৰিলে ভাদ মাহৰ পৰা আহিনৰ ১৫ তাৰিখলৈ সিঁচিব পাৰে। বীজৰ পৰিমাণঃ জাত তথা সিঁচাৰ পদ্ধতি অনুসৰি বীজৰ পৰিমাণো কম-বেছি হয়। তলত এই বিষয়ে উল্লেখ কৰা হ’ল- গ্ৰীস্মকালীন মাটিমাহ শাৰী শাৰীকৈ সিঁচিলে বিঘাই প্ৰতি ৩-৩.৩ কিলোগ্ৰাম বীজ লাগিব। অৱশ্যে এনেই সিঁচিলে বীজৰ পৰিমাণ হ’ব বিঘাই প্ৰতি ৩.৭ কিলোগ্ৰাম। হেমন্তকালীন মাটিমাহৰ ক্ষেত্ৰত টি-১২২, টি-২৭ আৰু শাওণীয়া মাহ শাৰী শাৰীকৈ সিঁচিলে বিঘাই প্ৰতি ২.৭-৩ কিলোগ্ৰাম বীজ লাগে। এনেয়ে সিঁচিলে ইয়াৰ পৰিমাণ হ’ব ৩-৩.৩ কিলোগ্ৰাম। গ্ৰীষ্মকালীন মগুমাহৰ ক্ষেত্ৰত এ এ ইউ- ৩৪ আৰু ৩৯ৰ বাবে বীজ লাগিব বিঘাই প্ৰতি ২.৭-৩ কিলোগ্ৰাম (শাৰী শাৰীকৈ সিঁচিলে), এনেয়ে সিঁচিলে লাগিব ৩.৬ কিলোগ্ৰাম। বাকীবোৰ জাতৰ ক্ষেত্ৰত শাৰী শাৰীকৈ সিঁচিলে ২-২.৫ কিলোগ্ৰাম আৰু এনেয়ে সিঁচিলে ২.৭-৩ কিলোগ্ৰাম বীজ বিঘাই প্ৰতি প্ৰয়োজন হ’ব। জীৱাণুসাৰঃ দাইলজাতীয় শস্যত জীৱাণুসাৰ প্ৰয়োগ কৰিব পাৰিলে উৎপাদন বৃদ্ধি পায়। মগু আৰু মাটিমাহৰ কাৰণে পৃথক পৃথক ৰাইজ’বিয়াম কালচাৰ পোৱা যায়। আমাৰ কৃষকে ৰাইজ’বিয়াম কালচাৰ সংগ্ৰহ কৰিব পাৰিলে প্ৰতি বিঘা বীজৰ বাবে ১৫০ গ্ৰাম জীৱাণুসাৰ ব্যৱহাৰ কৰিব লাগিব। ৰাইজ’বিয়াম কালচাৰ কেনেদৰে ব্যৱহাৰ কৰিব লাগে তাৰ সবিশেষ কালচাৰৰ পেকেটত লিখা থাকে। জৈৱসাৰ প্ৰয়োগঃ মাটিত জৈৱসাৰ প্ৰয়োগ কৰিব পাৰিলে মাটিৰ উৰ্বৰতা আৰু গুণাগুণ বৃদ্ধি পায়। সেয়ে মাটিত যথেষ্ট পৰিমাণে জৈৱসাৰ প্ৰয়োগ কৰিব লাগে। মগু আৰু মাটিমাহৰ বাবে বিঘাই প্ৰতি ১.৩ কুইণ্টল জৈৱসাৰ প্ৰয়োগ কৰিব পাৰিলে ভাল হয়। ৰাসায়নিক সাৰ প্ৰয়োগঃ মাটিত অকল জৈৱসাৰ বা বীজৰ লগত জীৱাণুসাৰ দিলেই দাইলজাতীয় শস্যৰ উৎপাদন বৃদ্ধি নহয়। তাৰ বাবে ৰাসায়নিক সাৰো প্ৰয়োগ কৰিব লাগে। যদিহে আমাৰ কৃষকে জীৱাণুসাৰ প্ৰয়োগ কৰে তেন্তে বিঘাই প্ৰতি ৩ কিলোগ্ৰাম ইউৰিয়া আৰু ৩০ কিলোগ্ৰাম ছিংগল ছুপাৰ ফছফেট সাৰ প্ৰয়োগ কৰিব লাগে। গোটেইখিনি সাৰ মাটি শেষবাৰ চহোৱাৰ আগে আগে প্ৰয়োগ কৰা দৰকাৰ। কোনো কৃষকে যদি ডি এ পি সাৰ ব্যৱহাৰ কৰিব ইচ্ছা কৰে তেনেহ’লে জীৱাণুসাৰ প্ৰয়োগ নকৰি বিঘাই প্ৰতি ১০ কিলোগ্ৰাম ডি এ পি সাৰ প্ৰয়োগ কৰিব পাৰে। এনেক্ষেত্ৰত ইউৰিয়া আৰু ছিংগল ছুপাৰ ফছফেট সাৰ দিব নালাগে। ওপৰত উল্লেখ কৰা সাৰৰ বাদেও মাটিমাহৰ ক্ষেত্ৰত গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, দৰং, শোণিতপুৰ, উত্তৰ লক্ষীমপুৰ, ধেমাজি আৰু বৰাক উপত্যকাত ২.২ কিলোগ্ৰাম পটাছ সাৰ বিঘাই প্ৰতি ব্যৱসাৰ কৰিব পাৰে। অৱশ্যে এইক্ষেত্ৰত ৰাইজ’বিয়াম ব্যৱসাৰ কৰিব নালাগে। ইয়াৰ উপৰি মৰিগাঁও আৰু নগাঁও জিলাতো ৩.৩ কিলোগ্ৰাম পটাছ সাৰ ব্যৱহাৰ কৰিব পাৰে। মগুমাহৰ ক্ষেত্ৰতো ৰাইজ’বিয়াম নিদিয়াকৈ খেতি কৰিলে দৰং, শোণিতপুৰ, উত্তৰ লক্ষীমপুৰ, ধেমাজি, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু নামনি অসমত ২.২ কিলোগ্ৰাম পটাছ সাৰ দিব লাগে। মৰিগাওঁ আৰু নগাঁৱৰ বাবে ৩.৩ কিলোগ্ৰাম পটাছ সাৰ ব্যৱহাৰ কৰিব পাৰি। বীজ সিঁচাঃ বীজ শাৰী শাৰীকৈ সিঁচিলে দুটা শাৰীৰ মাজত দুৰত্ব হ’ব লাগে ৩০ ছেণ্টিমিটাৰ আৰু এডাল গছৰ পৰা আন এডাল গছৰ দূৰত্ব হ’ব লাগে ১০ ছেণ্টিমিটাৰ। পৰিচৰ্যাঃ মগু আৰু মাটিমাহত এবাৰ অপতৃণ নিৰ্মূল কৰাৰ বাদে বিশেষ আৰু পৰিচৰ্যা কৰিব লগা নহয়। অৱশ্যে ৰোগ পোকৰ আক্ৰমণ হ’লে তাৰ প্ৰতিকাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। শস্য ৰক্ষা পাতত দাগ পৰা ৰোগঃ এই ৰোগৰ আৱিৰ্ভাৱ হ’লে কপাৰ অক্সিক্ল’ৰাইড ঔষধ ৭-১০ দিনৰ অন্তৰত স্প্ৰে’ কৰিব লাগে। ইয়াৰ বাবে এবিঘা মাটিৰ বাবে ২৭০ গ্ৰাম ঔষধ ৮০-৯০ লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে। এই ঔষধ নাপালে কাৰ্বেনডাইজিম ঔষধো ১২-১৫ দিনৰ অন্তৰত স্প্ৰে’ কৰিব পাৰি। এইক্ষেত্ৰত প্ৰতি বিঘাৰ বাবে ৪০-৪৫ গ্ৰাম ঔষধ ৮০-৯০ লিটাৰ পানীত মিহলাব লাগিব। ব্লাইট ৰোগঃ এই ৰোগৰ বাবে কাৰ্বেনডাইজিন ঔষধ বিঘাই প্ৰতি ৪০-৪৫ গ্ৰাম ৮০-৯০ লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে। এই ঔষধে পাউদাৰ মিহলাই ৰোগো নিয়ন্ত্ৰণ কৰিব পাৰি। পোকঃ সাধাৰণতে মগু আৰু মাটিমাহৰ শস্যত হোৱা পোকবোৰ মালাথিয়ান ৫০ ইঞ্চি ঔষধৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি। তাৰ বাবে বিঘাই প্ৰতি ১৩০-২০০ মিঃ লিঃ ঔষধ ৬০-৯০ লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে। ফচল কটাঃ জাতভেদে ৬৫-৭০ দিনৰ ভিতৰত প্ৰথমবাৰ শস্য চপাব পৰা যায়। ইয়াৰ পাছত ১০-১৫ দিন পাছত অধিকাংশ ছেঁই পূৰঠ হৈ শুকাই যায়। ছেঁইবোৰ ২-৩ বাৰ ছিঙিব পাৰি। তাৰ পাছত গছ কাটি মাটিত হালবাই মিহলাই দিলে মাটিৰ উৰ্বৰতা বৃদ্ধি হয়। উৎসঃ অসমীয়া খবৰ