ৰজনীগন্ধা - ৰজনীগন্ধা এবিধ জনপ্ৰিয় ফুল। সমগ্ৰ বছৰটোতেই এই ফুলৰ চাহিদা থাকে। আনহাতে, বছৰজুৰি এই ফুলবিধৰ খেতিও কৰি থাকিব পাৰি। অৱশ্যে, শীতকালি ফুলবিধ কিছু কম ফুলে। অসমৰ বিভিন্ন জিলাত এই ফুলৰ বাণিজ্যিকভাৱে খেতি হয়। ব্যৱহাৰ: সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানত ৰজনীগন্ধা কাট ফ্লাৱৰ হিচাপে ফুলদানী সজোৱাৰ কামত ব্য়াপকভাৱে ব্যৱহৃত হয়। তাৰ বাদেও এই ফুলৰ নিৰ্যাসৰপৰা সুগন্ধিও তৈয়াৰ হয়। বজাৰত কাট ফ্লাৱাৰ আৰু কেঁচা ফুলৰ চাহিদা সমান। উৎপাদন মাৰ্চ-এপ্ৰিল মাহ কন্দ লগোৱাৰ উপযুক্ত সময়। জাত: ফুলৰ বৈচিত্ৰ্য অনুযায়ী তিনি ধৰণৰ ৰজনীগন্ধা ফুল দেখিবলৈ পোৱা- ছিংগল, ছেমি ডাবল বা ডাবল। এশাৰী পাপৰিযুক্ত ছিংগল জাতৰ জাতবোৰ গোন্ধ বেছি, চাহিদাও বেছি। ছেমি ডাবল ফুলত ২-৩ শাৰী পাপৰি থাকে আৰু ই মধ্যমীয়া গোন্ধযুক্ত। ডাবল ফুল ৩ শাৰী পাপৰিযুক্ত হয় আৰু ইয়াৰ গোন্ধ তুলনামূলকভাৱে কম। বংশবিস্তাৰ: ৰজনীগন্ধাৰ কন্দ লগাই বংশবৃদ্ধি কৰা হয়। মাটি প্ৰস্তুতকৰণ আৰু সাৰ প্ৰয়োগ - প্ৰথমবাৰ মাটি চহ কৰোঁতে প্ৰতিবিঘাত তিনি টন জৈৱ সাৰ বা পচন সাৰ মিহলি কৰিব লাগে। অপতৃণবোৰ ৪-৫ বাৰ গভীৰভাৱে নিৰণি কৰিব লাগে আৰু খেতিৰ মাটিডৰা ফুৰফুৰীয়া আৰু সমান কৰিব লাগে। শেষবাৰ চহ কৰোঁতে প্ৰতিবিঘাত ১৪:২৮:২৮ ইউৰীয়া, টি এছ পি, এম ও পি মূল সাৰ হিচাপে মাটিত প্ৰয়োগ কৰা ভাল। তাৰ ফলত ১০ শতাংশ সাৰৰ প্ৰয়োজনীয়তা কমি যায়। দুমাহ পিছত প্ৰতি দুমাহৰ অন্তৰে অন্তৰে ৭ কিলোগ্ৰাম ইউৰিয়া অতিৰিক্তভাৱে দিব লাগে। মাটি প্ৰস্তুত কৰা কাম পুলি লগোৱাৰ অন্তত ১৫ দিন পূৰ্বে শেষ কৰিব লাগে। টাবত লগালে দুভাগ মাটি, এভাগ পচন সাৰ, এভাগ শুকান গোবৰ সাৰ মিহলাই টাবত দিব লাগে। এটা টাবত দুটা কন্দ লগাব পাৰি। কন্দ বা পুলি ৰোপণ - ৰজনীগন্ধাৰ কন্দ লগাই বংশবৃদ্ধি কৰা হয়। ২.৫-৩ ছেন্টিমিটাৰ ব্যাসৰ কন্দ মাটিত লগোৱাৰ বাবে উপযুক্ত। প্ৰতি তিনি বছৰৰ অন্তৰত মাটিৰ কন্দ পৰিৱৰ্তন কৰা উচিত। বীজৰ বাবে নিৰ্বাচিত শিপা তুলি পৰিষ্কাৰ কৰি ছায়াচ্ছন্ন স্থানত পাতলকৈ মেলি দিব লাগে। লগোৱাৰ কেইদিনমান পূৰ্বে পুনৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি পানীত ধুই নিৰ্বাচিত কন্দ পৃথক কৰি ল’ব লাগে। ৩-৪ দিন ছাঁত মেলি থ’ব লাগে। কন্দ শোধন: উক্ত কন্দ প্ৰতি লিটাৰ পানীত ৪ গ্ৰাম কপাৰ আৰু এক মিলিলিটাৰ মালাথিয়ন মিহলাই তাত ২৪ ঘন্টা তিয়াই ৰাখিব লাগে। পানী শুকুৱাই ২-৩ দিন ছাঁত শুকাই মাটিত ৰোপণ কৰা ভাল। ৰোপণ দূৰত্ব: ৩০ ছেন্টিমিটাৰ*৩০ ছেন্টিমিটাৰ বা ৪০ ছেন্টিমিটাৰ*৪০ ছেন্টিমিটাৰ দূৰত্বত ৰোপণ কৰিব লাগে। প্ৰতি ৫-৬ শাৰীৰ পিছত এশাৰী খালী ৰাখিলে যাতায়ত, পৰিচৰ্যা আৰু বৰ্ষাকালত পানী উলিয়াই দিয়া নলা দিব পাৰি। টাবৰ ক্ষেত্ৰত এটা টাবত দুটা কন্দ লগাব পাৰি। পৰিচৰ্যা আৰু পানী যোগান - ৰোপণ কৰাৰ ২০-২৫ দিন পিছত নিয়মিত নিৰণি কৰি মাটি অপতৃণমুক্ত কৰিব লাগে। প্ৰয়োজন অনুসাৰে পাতলকৈ পানী প্ৰয়োগ কৰিব পাৰি। প্ৰত্যেকবাৰ সাৰ প্ৰয়োগৰ পিছত পানী দিব লাগে। গৰমকালি প্ৰয়োজন মতে ১০-১৫ দিনৰ অন্তৰত পানী দিব লাগে। টাবৰ ক্ষেত্ৰত কন্দ অংকুৰিত হোৱা পৰ্যন্ত টাবৰ মাটি তিতি থাকিব লাগিব। তাৰ পিছতো পানী থাকিলে অংকুৰ পচি নষ্ট হ’ব পাৰে। তাৰ বাহিৰেও ফুল ফুলাৰ সময়ত মাটি তিতি থাকিলে ফুল ফুলাত পলম হয়। শীতকালি ১০ দিনৰ পিছত আৰু গ্ৰীষ্মকালি ৭ দিনৰ পিছত পানী যোগানৰ ব্যৱস্থা কৰিব লাগে। পোক নিয়ন্ত্ৰণ - শুংযুক্ত আৰু শুংহীন পোকে কুমলীয়া পাত আৰু কলি খাই ফচলৰ ক্ষতি কৰে। গুৰি পচা, আগটো হালি পৰা, পাতত হালধীয়া দাগ পৰা, পাত শুকাই যোৱা ইত্যাদি ৰোগৰ প্ৰকোপত ৰজনীগন্ধাৰ ক্ষতি হ’ব পাৰে। পোক দমনৰ বাবে ০.২ শতাংশ মালাথিয়ন আৰু ৰোগ দমনৰ বাবে ০.১ শতাংশ কাৰ্বেনডাজিম বা ০.২৫ শতাংশ মেনকোজেবৰ জলীয় দ্ৰৱণ স্প্ৰে কৰিব পাৰে। ফলচ তোলা - পুলি ৰোপণ কৰাৰ তিনি বছৰ পৰ্যন্ত ৰজনীগন্ধাৰ ভাল ফুল লাভ কৰিব পাৰি। তাৰ পিছৰপৰা ফলন কমি যায় আৰু ফুলৰ মান কম হয়। এপ্ৰিলৰপৰা ছেপ্টেম্বৰলৈ ভাল মানৰ বেছি পৰিমাণে ফলন পোৱা যায়। শীতকালতো উৎপাদন কমে। দ্বিতীয় বছৰত সবাতোকৈ অধিক উৎপাদন হয়। ফুল ফুলাৰ এদিন পূৰ্বে সন্ধিয়া কলিবোৰ তোলা উচিত। ফুল ফুলি গ’লে বজাৰমূল্য কমি যায়। উৎপাদন: প্ৰতি বিঘাত প্ৰথম বছৰ প্ৰায় ৮-১০ কুইন্টল কেঁচা ফুল পোৱা যায়। দ্বিতীয় বছৰ উক্ত ফলন হ’ব পাৰে ১৪-১৬ কুইন্টল আৰু তৃতীয় বছৰ ৭-৮ কুইন্টল। লেখক: ভাস্কৰ পাঠক(দৈনিক অসম)