সাধাৰণতে, প্ৰাকৃতিক অৱস্থাত খাদ্যৰ উপযুক্ত আৰু বিষাক্ত দুই ধৰণৰ কাঠফুলাই উপলব্ধ হয়৷ অতি বিষাক্ত কাঠফুলা বুলিলে,- এমেনিটা ফেলইডচ আৰু এমেনিটা মাস্কাৰীয়া আদিক বুজা যায়৷ অচিনাক্ত কাঠফুলা হাবি-জংগলৰ পৰা যধে-মধে সংগ্ৰহ কৰি ভক্ষণ কৰি বহুলোকৰ প্ৰাণহানি পৰ্যন্ত হোৱাৰ বাতৰি পোৱা যায়৷ আপাতদৃষ্টিত প্ৰাকৃতিক পৰিবেশত গজি উঠা কাঠফুলাক চিনাক্তকৰণ অতি জটিল৷ স্মৰ্তব্য যে,- বিষাক্ত কাঠফুলাৰ ওপৰৰ টুপিৰ ৩০ গ্ৰাম কাঠফুলাইও এজন লোকৰ প্ৰাণ লব পাৰে৷
এমেনিটা প্ৰজাতিৰ কাঠফুলা অসমৰ বনাঞ্চলত মাৰ্চ-এপ্ৰিল মাহত গজে৷ ইয়াত এমাটক্সিন আৰু ফেল’টক্সিন নামৰ দুবিধ বিষাক্ত পদাৰ্থ থাকে৷ ই যকৃত আৰু বৃক্কত বিষক্ৰিয়া কৰাৰ বাবে ৭২ ঘন্টাৰ ভিতৰতে পেটৰ বিষ, ডায়েৰিয়া, বমি আদিত ভুগি ৰোগী মৃত্যুৰ মুখত পৰে৷ আনহাতে, বৈজ্ঞানিকভাৱে উৎপাদন কৰা কাঠফুলা নিৰাপদ৷ সেয়েহে সুস্বাদু, প্ৰটিনযুক্ত কাঠফুলা ঘৰতে গজাই, ৰান্ধি খাই জুতি লব লাগে৷

অংগ সংস্থানৰ ওপৰত ভিত্তি কৰি বিষাক্ত কাঠফুলাৰ চিনাক্তকৰণ পদ্ধতিঃ

(ক) বিষাক্ত কাঠফুলাৰ ঠাৰি ডালৰ একেবাৰে তলৰ ফালে ভলভা নামৰ বাটি বা কাপ আকৃতিৰ এটা অংশ থাকে৷ সুক্ষ্ম পৰ্যবেক্ষণৰ দ্বাৰাহে এই অংগটো ধৰিব পাৰি৷
(খ) টুপিৰ তলত স্কাৰ্টৰ দৰে এটা বহল আঙুঠিয়ে কাঠফুলাৰ ঠাৰিডালক আৱৰি থাকে৷
(গ) কাঠফুলাৰ টুপিটোৰ তলপিঠিত থকা সীৰলু বা গিলবোৰ বগা বৰণৰ ৷
(ঘ) বিষাক্ত কাঠফুলাবোৰ এপাহকৈ বা একেলগে দুপাহকৈ গজা দেখা যায়৷

অংগ সংস্থানৰ ওপৰত ভিত্তি কৰি খাদ্যোপযোগী কাঠফুলাৰ চিনাক্তকৰণ পদ্ধতিঃ

বিষাক্ত কাঠফুলাত থকাৰ দৰে বাটি আৰু আঙুঠি খাদ্যোপযোগী কাঠফুলাৰ একেপাহতে নাথাকে৷ যিকোনো এবিধহে, যেনে,- কেৱল ভলভা (ধান খেৰ কাঠফুলা) বা কেৱল আঙুঠিহে (বাটন বা বুটাম কাঠফুলা) থাকে৷ নতুবা দুয়োবিধেই নাথাকে (সাগৰীয় শামুকীয় বা অয়ষ্টাৰ কাঠফুলা আৰু মিল্কি কাঠফুলা)৷

বিষাক্ত আৰু খাদ্যোপযোগী কাঠফুলাৰ চিনাক্তকৰণৰ থলুৱা পদ্ধতিঃ

(ক) কাঠফুলা তিয়াই থোৱা পানীত যদি টোকোৰা-টোকোৰিকৈ কটা বেঙেনাৰ কেইচকল মান বা ফুল ডুবাই ৰাখিলে কলা বৰণীয়া হৈ পৰে৷
(খ) নিমখীয়া পানীত যদি কাঠফুলা তিয়াই ৰাখিলে কলা বৰণীয়া হয় তেন্তে ই বিষাক্ত৷
(গ) নহৰু কেইফুটামানৰ সৈতে কাঠফুলা তিয়াই ৰাখিলে যদি নহৰুৰ বৰণ কলা বৰণীয়া হৈ পৰে, তেন্তে ই বিষাক্ত৷
(ঘ) বিষাক্ত কাঠফুলাৰ আঞ্জা বা তৰকাৰিত মিহলোৱা পিঁয়াজ আৰু বেঙেনাৰ স্বাভাবিক ৰং পৰিৱৰ্তন হৈ কলা হৈ পৰে৷
(ঙ) বিষাক্ত কাঠফুলাৰ আঞ্জা বা তৰকাৰিত ৰূপ বা তামৰ সামগ্ৰী দিলে ৰং পৰিৱৰ্তন হৈ কলা হৈ পৰে৷
(চ) বিষাক্ত কাঠফুলাৰ সংস্পৰ্শত এঁৱা গাখীৰ গোট মাৰি দৈলৈ পৰিৱৰ্তিত হয়৷

লিখকৰ পৰিচয়ঃ

ৰুদ্র নাৰায়ণ বৰকাকতি

পতংগতত্ব বিশেষজ্ঞ, কৃষি বিজ্ঞান কেন্দ্র, গোলাঘাট

অসম কৃষি বিশ্ববিদ্যালয়