কুঁহিয়াৰ খেতি অসমৰ এবিধ প্ৰধান খেতি হৈছে কুঁহিয়াৰ খেতি। কুঁহিয়াৰ বছৰেকীয়া খেতি। চ'ত-ব'হাগ মাহত ইয়াক ৰোৱা হয় আৰু পুহৰপৰা চ'ত মাহৰ ভিতৰত পেৰা হয়। কুঁহিয়াৰ খেতি কৰিবলৈ মানুহ বৈছিকৈ লাগে। অসমীয়া ফকৰা-যোজনাতে এই কথা কৈ থোৱা আছে- 'অধিক বাঢ়ৈত গুৰ ধমনা', 'তিনি পো ছয় নাতি তেহে কৰিবা কুঁহিয়াৰ খেতি'। অৰ্থাৎ তিনিটা পুতেক আৰু ছটা নাতি হ’লেহে কুঁহিয়াৰ খেতি কৰিব লাগে। অন্যথা এই খেতি কৰা কঠিন। ৰুবলৈ ব্যৱহাৰ কৰা কুঁহিয়াৰ আগটোত তিনিটা প্রধান গজালি আৰু সিহঁতৰ কাষে কাষে ছটা শাখা গজালি থাকিব লাগে। তেনেবোৰ আগৰ কুঁহিয়াৰ খেতি ভাল হয়। কুঁহিয়াৰ শালত কুঁহিয়াৰ পেৰা হয়। শালখনত তিনিটা লোহাৰ ভীম থাকে। ডাঙৰটো হল মতা ভীম। ইয়াৰ মাজৰ লোহাডাল ওপৰলৈ ওলোৱা। তাত মুণ্ডা বহুৱাই এডাল কাতৰি ভৰোৱা হয়। গৰু যুৱলিৰে সৈতে যুতি এডাল মৈ-টকাৰে কাতৰিডাল ঘূৰোৱা হয়। মতা ভীমটো ঘূৰাৰ লগে লগে তাৰ গাত সংলগ্ন মাইকী আৰু পোৱালী ভীম দুটাও ঘূৰে। পোৱালী ভীমৰ গাত সিৰ থাকে। এইবোৰে কুঁহিয়াৰ ফালে। কুঁহিয়াৰ পোৱালী আৰু মাইকী ভীমৰ মাজেদি গৈ মতা আৰু মাইকী ভীমৰ মাজত চেপা খাই বিপৰীত দিশেৰে ডাবৰি হৈ ওলাই যায়। ৰস খিনি তলৰ ৰহতা নামৰ লোহাৰ পাট এচলাতে পৰি নিগৰি গৈ আন পাত্ৰত পৰেগৈ। ওচৰতে প্রকাণ্ড জালিগাঁতত তেৱা পাতি তাত ৰস অর্থাৎ কুঁহিয়াৰৰ কেঁচা ৰহবোৰ পগোৱা হয়। ক্রমান্বয়ে ৰসবোৰ ডাঠ হৈ আহে। এক নির্দিষ্ট পদ্ধতি মাজেৰে পাগ লৈ লৈ নির্দিষ্ট সময়ত তেৱা জালিগাঁতৰপৰা নমোৱা হয়, ঠাণ্ডা হ'লেই সি গুৰ হৈ পৰে। পুৰণিকালৰেপৰা অসমত প্ৰচুৰ পৰিমাণে কুঁহিয়াৰ উৎপন্ন হৈছিল। কুঁহিয়াৰৰ জাত ভিন্ ভিন্। জাভা, বোম্বাই পাখৰি আদি। বাৰিষা কালত ৰোপণ কৰা কুঁহিয়াৰবোৰ লক্ষ্মীপূজাৰ পৰা খাবলৈ আৰম্ভ কৰে। পূজা-পাতলত কুঁহিয়াৰ নহ'লেই নহয়। পুহ মাহৰেপৰা কুঁহিয়াৰৰ গুৰিতকৈ আগটোহে অধিক মিঠা হয়। অসমীয়াত এষাৰ কথা আছে- 'আঘোণ গৈ পৰিল পুহ। কুঁহিয়াৰৰ গুৰি এৰি আগ চুহ'।