১)ঘৰুৱা ব্যৱহাৰ অথবা ব্যৱসায়ৰ বাবে প্ৰতিপালন কৰি মাছ উৎপাদন কৰাকেই মীন পালন বোলা হয়৷

২)মীন পালনৰ জৰিয়তে মাটি আৰু পানীৰ উচিত ব্যৱহাৰ কৰিব পাৰি৷

৩)পৰিয়ালৰ পৰিপুষ্টিৰ বাবে মাছ এবিধ সুস্বাদু উপযুক্ত খাদ্য৷

৪)সৰু পৰিয়ালে নিজে মাছ খোৱাৰ উপৰিও অতিৰিক্ত মাছখিনি বজাৰত বিক্ৰী কৰি পৰিয়ালৰ আয় বঢ়াব পাৰি৷

৫)ব্যৱসায়িক ভিত্তিত মীন পালন কৰি জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত কৰিব পাৰি৷

৬))অন্যান্য কৃষি কৰ্মৰ তুলনাত মীন পালন সহজ যদিও নতুন সকলৰ বাবে জটিল৷ মাছ পানীৰ তলত থকা বাবে পাৰৰ পৰা পুখুৰীত পালন কৰা মাছৰ অৱস্থা অনুমান কৰাটো সহজ নহয়৷ সেয়েহে মীন পালনৰ বাবে দক্ষতাৰ প্ৰয়োজন হয়৷

৭)মীন পালন কৰিবলৈ হলে প্ৰযুক্তিগত জ্ঞান আৰু দক্ষতাৰ আহৰণ কৰি লোৱা উচিত৷ মাছক ‘ব্ৰেইন ফুদ’ অৰ্থাৎ মগজুৰ খাদ্য বুলি কোৱা হয়৷ মাছত ওমেগা-৩ ফ্যাটি এচিদ থাকে৷ ই এবিধ মহৌষধ৷

ভাইৰাচ জনিত ৰোগ আৰু কেন্সাৰৰ লগতে অন্যান্য বহুতো ৰোগ ই প্ৰতিৰোধ কৰিব পাৰে আৰু ৰক্ত সঞ্চালন তথা হৃদ যন্ত্ৰ সম্বন্ধীয় সকলো ৰোগ নিয়ন্ত্ৰন কৰে৷ এই বিধ ফ্যাটি এচিদ প্ৰধানত: মাছত পোৱা যায়৷ ই মানুহৰ শাৰীৰিক বৃদ্ধিও নিয়ন্ত্ৰণ কৰে৷

৮)মীন পালনৰ বাবে এটি পুখুৰী বা উপযুক্ত জলাশয়ৰ প্ৰয়োজন৷ পুখুৰীটোৰ নিৰ্মাণৰ বাবে উপযুক্ত মাটিৰ লগতে যাৱতীয় সামগ্ৰীৰ প্ৰয়োজন৷ পুখুৰী খননৰ পিচত মীন পালনৰ বাবে পানী, মাছ পোণা, খাদ্য, সাৰ আৰু চূণৰ প্ৰয়োজন৷

৯)পুখুৰী নিৰ্মাণ কৰিবলৈ আৰু পৰিচালনা কৰিবলৈ সময়ৰ প্ৰয়োজন৷

১০)ডাঙৰ জলাশয়ত আৱেষ্টনী সাজিও মীন পালন কৰিব পাৰি৷

১১)পুৰণি পুখুৰী মেৰামতি কৰিও মীন পালন কৰিব পাৰি৷

১২)মীন পালনৰ বাবে ওচৰৰ মীন পালন কেন্দ্ৰ নাইবা মীন সম্প্ৰসাৰণ বিষয়াৰ সহায় লব৷

১৩)মীন কাৰিকৰী সেৱা ব্যৱস্থা নাথাকিলে ব্যক্তিগত ভাবে কৌশল আৰু দক্ষতা অৰ্জন কৰি লব লাগিব৷

১৪)মাটিৰ গুণাগুণ আৰু পুখুৰী খননৰ বিষয়ে সবিশেষ জানিব লাগিব৷

১৫)কি মাছ পালন কৰিব? মাছ পোণা কেনেদৰে মেলিব? কি খাদ্য কেনে-দৰে খুৱাব? ইত্যাদিৰ বিষয়ে সবিশেষ জানিব লাগিব৷

১৬)মাছ পালন কৰা পুখুৰীটোৰ পৰিচালনাৰ বিষয়ে জানিব লাগিব৷ কেনেদৰে পানী সিচিঁব, মাছ ধৰিব, ইত্যাদি কথাও জানিব লাগিব৷

১৭)এডৰা উপযুক্ত মাটি বাচি লব লাগিব৷

১৮)অন্য কৃষি কৰ্ম বা ঔদ্যোগিক ব্যৱহাৰৰ উপযোগী মাটিত পুখুৰী খন্দিব নেলাগে৷

১৯)এঢলীয়া মাটি পুখুৰীৰ বাবে বেছি উপযোগী৷ এনেকুৱা মাটিত কম খৰছতে পুখুৰী খান্দিব পাৰি৷ তাৰোপৰি এনে পুখুৰীৰ পানী উলিয়াই দিবলৈ সহজ৷

বান পীড়িত অঞ্চলত পুখুৰী খান্দিব নেলাগে৷

পাহাৰৰ থিয়গড়াত পুখুৰী খান্দিব নেলাগে৷

পুখুৰীৰ স্থান সদায় ৰ’দ ঘাই হব লাগে৷ পৰা পক্ষত পুখুৰীটো ঘৰৰ ওচৰত হব লাগে৷ তেনে পুখুৰী চোৱা-চিতা কৰিবলৈ সহজ হয়৷

পুখুৰীটোত পানীৰ অভাৱ হব নেলাগিব৷ অতি খৰাং দিনত পুখুৰীৰ পানী শুকাই যাব পাৰে৷ তেনে স্থানত পানী যোগানৰ বাবে সুবিধা থাকিলে ভাল৷

বাহিৰৰ পৰা যোগান ধৰা পানী দুৰ্গন্ধযুক্ত, লেতেৰা বা ৰং যুক্ত হোৱা অনুচিত৷

পুখুৰীত বাহিৰৰ পানী যাতে সোমাব নোৱাৰে তাৰ প্ৰতি সাৱধান হব লাগে৷ পুখুৰীত যোগান ধৰা পানীৰ লগত যাতে অবাঞ্চিত মাছ প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে৷

বালিচঁহীয়া মাটি পুখুৰীৰ বাবে উপযুক্ত নহয়৷ এনে মাটিৰ পুখুৰীত পানী নেথাকে৷

বালিচঁহীয়া মাটিৰ পুখুৰীৰ পাৰ সোনকালে খহে ৷আলতীয়া মাটি পুখুৰীৰ বাবে উপযোগী৷ মাটিত বোকাৰ পৰিমাণ যিমানে বেছি হয়, পুখুৰীৰ পানী ধাৰণ ক্ষমতা সিমানে বেছি হয়৷

আলতীয়া মাটিৰ পুখুৰীৰ পাৰ বেছি মজবুত হয়৷

খন্দাৰ আগতে মাটি ডৰাৰ উপযুক্ততা পৰীক্ষা কৰি লব লাগে৷ মাটিৰ পানী ধাৰণ ক্ষমতা নিশ্চিত নকৰাকৈ পুখুৰী খন্দা উচিত নহয়৷

এই পৰীক্ষা অতি সহজতে নিজেও কৰিব পাৰি৷ মাটি অলপ হাতত লৈ এটা লাড়ু তৈয়াৰ কৰি লাড়ুটো ওপৰলৈ দলিয়াই পুনৰ হাতেৰে ধৰিব লাগে৷

বালিৰ পৰিমাণ বেছি থাকিলে লাড়ুটো ভাঙি যায়৷ নেভাঙিলে মাটিডৰা পুখুৰীৰ বাবে উপযুক্ত হব পাৰে৷ নিশ্চিত হবলৈ আন এটা পৰীক্ষাৰ কৰাৰ দৰকাৰ৷

ককাঁলৰ সমান দঃ কৈ গাঁত এটা খান্দি ৰাতিপুৱা গাঁতটো সম্পূৰ্ণ হোৱাকৈ পানী ঢালিব লাগে৷

আবেলি সময়ত কিছু পানী শুকাই যাব৷

আবেলি সময়ত গাঁতটো পুনৰ পানীৰে পূৰাই দিব লাগে৷

পিচদিনা ৰাতিপুৱালৈ গাঁতটোত পানী থাকিলে নিশ্চিত হব পাৰি যে মাটি ডৰাৰ পানী সাধাৰণ ক্ষমতা অতি উচ্চ আৰু পুখুৰীৰ বাবে উপযোগ৷ পানী সাধাৰণ ক্ষমতা সন্তোষজনক হ'লেহে পুখুৰীৰ বাবে মাটিডৰা নিৰ্বাচন কৰিব লাগে FAOৰ মতে মাছৰ শাৰীৰিক বৃদ্ধিৰ বাবে পুখুৰীটোৰ পানী কালি অতি কমেও ৩০০ বৰ্গ মিটাৰ হোৱা উচিত৷

সেয়েহে, ৩০০ বৰ্গ মিটাৰতকৈ বেছি পানী কালিৰ পুখুৰীতহে মীন পালন কৰিব লাগে৷ অসমৰ বাবে প্ৰস্তুত কৰা পেকেজ মতে পুখুৰীটোৰ কালি (পাৰ সহ) অতি বেছি ৪৫০ বৰ্গ মিটাৰ হব লাগে৷ এনেকুৱা পুখুৰীত মীন পালন কৰি নিজৰ প্ৰয়োজন পূৰণ কৰাৰ উপৰিও অতিৰিক্ত মাছ খিনি বিক্ৰী কৰি উপাৰ্জন বৃদ্ধি কৰিব পাৰি৷ দীঘ আৰু প্ৰস্হৰ পূৰণ ফলকেই কালি বোলা হয়৷ ২০ মি: দীঘল ২০ মি: বহল পুখুৰী এটাৰ পানীকালি ৪০০ বৰ্গ মিটাৰ৷

পুখুৰীটো আয়তাকৃতি বা বৰ্গাকৃতিৰ হব লাগে৷ এনে পুখুৰী খান্দিবলৈ সহজ আৰু পৰিচালনাও সহজ৷ মাটিৰ আকৃতি অনুসৰি পুখুৰী বিভিন্ন আকৃতিৰ হব পাৰে৷ পুখুৰীৰ আকাৰ পৰাপক্ষত, আয়তাকৃতি অথবা বৰ্গাকৃতিৰ কৰিবলৈ যত্ন কৰা উচিত৷

২০ মি: X ২০ মি: পানী কালিৰ পুখুৰী এটা নিৰ্মাণ কৰিবলৈ, প্ৰথমতে ২৬ মি: X ২৬ মি: বৰ্গক্ষেত্ৰ এটা জুখি লৈ চাৰিও চুকত চাৰিটা খুটি মাৰি লব লাগে৷ খুটি চাৰিটা এডাল ট’ন সূতাৰে সংলগ্ন কৰি পাৰৰ বাহিৰ ফালটো চিহ্নিত কৰি লব লাগে৷

খুটিৰ ভিতৰৰ অংশৰ সকলো গছ-গছনি আদি কাটি মাটি ডৰা পৰিষ্কাৰ কৰি লব লাগে৷

ওপৰৰ ২০ ছে: মি: মাটি খান্দি আঁতৰাই বেলেগে থুপাই ৰাখিব লাগে৷ এই মাটি খিনি পিচত পাৰৰ ওপৰত দিব পাৰি৷

এতিয়া ২৬ মি: X ২৬ মি: বৰ্গ ক্ষেত্ৰটোৰ ভিতৰত এটা ২০ মি: X ২০ মি: বৰ্গক্ষেত্ৰ চিহ্নিত কৰি খুটি মাৰি লব লাগে৷ খুটি চাৰিটা টন সূতাৰে সংলগ্ন কৰি পাৰৰ ভিতৰ ফালটো চিহ্নিত কৰিব লাগে৷

পুখুৰীৰ বাম ফালে থকা পাৰৰ তলি খন অতি কমেও ১ মি: বহল হব লাগে৷

দ ফালৰ পাৰৰ তলি খন অতি কমেও ২ মি: বহল হব লাগে৷

দ্বিতীয় বৰ্গ ক্ষেত্ৰৰ ভিতৰত তৃতীয় ক্ষেত্ৰ এটা চিহ্নিত কৰিব লাগে৷ এই ক্ষেত্ৰটো ১৮ মি: X ১৭ মি: আকাৰৰ হব লাগে৷ এই ক্ষেত্ৰই পাৰ কেইটাৰ তলি কৰ পৰা আৰম্ভ হব তাকে সূচায়৷

আটাইকেইটা ক্ষেত্ৰ যাতে সূতাৰে সঠিক ভাবে সংলগ্ন কৰা থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে৷

ইয়াৰ পিচত তৃতীয় ক্ষেত্ৰৰ পৰা মাটি খান্দি পাৰ বান্ধিব লাগে৷

পুখুৰীৰ তলিৰ ঢালৰ অনুপাত ৰক্ষা কৰিবলৈ বাম অংশত ২০ ছে: মি: আৰু দ' অংশত তুলনামূলক ক্ৰমান্বয়ে দ' কৈ খান্দিব লাগে৷ আটাইতকৈ দ' অংশত ৩০ ছে: মি: দ' হব লাগে৷

পুখুৰী খান্দোতে পোৱা মাটি ২৬ মি: X ২৬ মি: আৰু ২০ মি: X ২০ মি: ক্ষেত্ৰৰ মাজৰ অংশত জমা কৰি পাৰ বান্ধিবলৈ ব্যৱহাৰ কৰিব লাগে৷

মাটি খান্দোতে গছৰ শিপা পালে তাক আঁতৰাই পেলাব লাগে৷

পাৰৰ মাটি আঠুৰ সমান ওখ হলে মাটিত ধুৰ্মুচ মাৰিব লাগে৷ গধূৰ তক্তা, বা গছৰ টুকুৰাৰে ধুৰ্মূচ মাৰিব পাৰি৷

পুখুৰী খান্দোতে ওপৰ অংশৰ পৰা তলৰ অংশলৈ ঢাল ৰাখিব লাগে। ঢাল ২ : ১ হোৱা উচিত৷

উচ্চ অংশত পুনৰ ২০ ছে: মি: আৰু নিম্ন অংশত ৩০ ছে: মি: খান্দিব লাগে৷

পুনৰ উচ্চ অংশত ২০ ছে: মি: আৰু নিম্ন অংশত ৩০ ছে: মি: খান্দিব লাগে৷ খনন কৰি পোৱা মাটি পাৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিব লাগে৷

পুখুৰী খননৰ কাম শেষ হোৱাৰ পিচত পাৰটো সমান আৰু মিহি কৰি প্ৰকৃত আকাৰ দিব লাগে৷

পাৰটোৰ ভিতৰ ফালৰ ঢাল বাহিৰ ফালৰ ঢালতকৈ বেছি হোৱা উচিত৷

পখুৰীৰ পাৰটোৰ উপৰি ভাগৰ প্ৰস্হ ১.৫ মিটাৰ হব লাগে৷

পুখুৰীৰ তলি খন খলা-বমা আৰু টান হোৱা উচিত নহয়৷

আগতে খান্দি থুপাই ৰখা উপৰুৱা মাটি খিনি পাৰটোৰ ওপৰত আৰু বাহিৰ ফালে দি মিলাই দিব লাগে৷ পাৰটোত কাৰ্পেট ঘাঁহ ৰুই খহনীয়া ৰোধৰ ব্যৱস্থা কৰিব লাগে৷

পাৰৰ উপৰি ভাগৰ পৰা পুখুৰীৰ গভীৰতা বাম অংশতকমেও ১.৫ মিটাৰ আৰু দ অংশত ১.৮ মিটাৰ হোৱা উচিত৷

মীন পালনৰ বাবে ২০ মি: X ৩০ মি:, ২০ মি X ৫০মি: অথবা ৩০ মি: X ৫০ মি: আকাৰৰ পুখুৰীও খান্দিব পাৰি৷ এইবোৰ পুখুৰীৰ ক্ষেত্ৰতো পাৰৰ উপৰি ভাগৰ প্ৰস্থ ১.৫ মিটাৰ হব লাগে৷ আকাৰ ডাঙৰ হোৱাৰ কাৰণে পুখুৰীত পানীৰ পৰিমাণ বেছি হব৷ সেয়েহে পাৰটোৰ তলিখন শক্তিশালী হোৱা উচিত৷

এনে পুখুৰীৰ ক্ষেত্ৰত বাম অংশত ১.৮ মি: আৰু দ অংশত২.১ মি: খান্দিব লাগে৷

যি বোৰ ঠাইত উষ্ণতা ২০০ চেলছিয়াচতকৈ কমি যায় তেনে ঠাইত পুখুৰীৰ গভীৰতা ২.১–২.৫ মিটাৰ হব লাগে৷ দ' অংশত পানী তুলনামূলক ভাবে গৰম হৈ থাকে৷

ওচৰা ওচৰিকৈ খন্দা পুখুৰীৰ ক্ষেত্ৰত দুটা পুখুৰীৰ মাজৰ পাৰটোৰ উপৰি ভাগৰ প্ৰস্থ ১ মি: পৰা ১.৫ মিটাৰ হব লাগে৷

খৰালি কালতে পুখুৰী খন্দা কাম শেষ কৰি বৰষুণলৈ অপেক্ষা কৰিব লাগে৷

প্ৰকৃততে বিশ্বৰ অন্যান্য দেশ সমূহত বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰি মীন পালনৰ আঁচনি লোৱা নহয়৷ অসমত বৰষুণ প্ৰায় নিশ্চিত আৰু গড়ে প্ৰায় ১২০ ছে: মি: বৰষুণ হয়৷ গতিকে অসমত বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি মীন পালন কৰিব পাৰি৷

মাৰ্চৰ শেষৰ পৰা অসমত বৰষুণ আৰম্ভ হয় আৰু কম বেছি পৰিমাণে চেপ্তেম্বৰলৈকে বৰষুণ হৈ থাকে৷

এপ্ৰিলত পুখুৰীত পানী হয় আৰু জলপৃষ্ঠ বাঢ়িবলৈ আৰম্ভ কৰে৷ এপ্ৰিলৰ শেষত বা মে’ৰ আৰম্ভণিতে পুখুৰী পানীৰে পৰিপূৰ্ণ হয়৷

অসমৰ মাটি আৰু পানী আম্লিক৷ সেয়েহে চূণ প্ৰয়োগ কৰি পানীৰ অম্লতা নিয়ন্ত্ৰণ কৰিব লাগে৷ প্ৰতি বৰ্গ মি: পানী কালিৰ বাবে বছৰি ০.২১৫ কি: গ্ৰা: (২১৫ গ্ৰা:) কৃষিত ব্যৱহৃত চূণৰ প্ৰয়োজন৷ ২০ মি: X ২০ মি: (৪০০ বৰ্গ মি:) পুখুৰী এটাৰ বাবে বছৰি ৮৬ কি: গ্ৰা: (৪০০ বৰ্গ মি: X ০.২১৫ কি: গ্ৰা:) চূণৰ প্ৰয়োজন হব৷

বছৰটোৰ বাবে প্ৰয়োজনীয় মুঠ চূণৰ তিনি ভাগৰ এভাগ পুখুৰীৰ তলিত পানী হোৱাৰ আগতে প্ৰয়োগ কৰিব লাগে৷

বাকী দুভাগ ১১টা সমান কিস্তিত মাহে মাহে প্ৰয়োগ কৰিব লাগে৷ ২০ মিটাৰ X ২০ মিটাৰ (৪০০ বৰ্গ মিটাৰ) পুখুৰীটোত পানী হোৱাৰ আগতে ২৮.৫ কি: গ্ৰা: চূণপ্ৰয়োগ কৰিব লাগে৷

পুখুৰীত বিভিন্ন ধৰণৰ সাৰ প্ৰয়োগ কৰিব পাৰি৷ উদ্ভিদ আৰু জন্তুৰ আৱৰ্জনাৰ পঁচন সাৰ জন্তুৰ মল উদ্ভিদজাত সামগ্ৰীৰ পঁচন সাৰ৷

উদ্ভিদজাত সামগ্ৰীৰ পঁচন সাৰ তৈয়াৰ কৰিবলৈ হলে, ঘাঁহ, টুকুৰা টুকুৰকৈ কটা পাত আৰু অন্যান্য উদ্ভিদজাত সামগ্ৰীৰ তৰপে তৰপে জাপি এটি দ’ম তৈয়াৰ কৰিব লাগে৷

এই সামগ্ৰী বোৰৰ লগত সামান্য পৰিমাণে উপৰুৱা মাটিও মিহলাব লাগে৷ গোটেই দ’মটো পানীৰে জীপাল কৰি দিব লাগে৷

পুখুৰীত সাৰ প্ৰয়োগৰ বাবে FAO ই এটা নতুন প্ৰযুক্তিৰ অনুমোদন কৰিছে৷ এই প্ৰযুক্তি গ্ৰাম্যাঞ্চলৰ বাবে অতি প্ৰযোজ্য৷

প্ৰখৰ ৰ’দ আৰু বৰষুণ নপৰাকৈ এখন চালি তৈয়াৰ কৰি লব লাগে৷ চালি খনৰ তলত তৰপে তৰপে আৱৰ্জনা জাপি এটি দ’ম তৈয়াৰ কৰিব লাগে৷

প্ৰথম তৰপটো ঘাঁহ নাইবা শুকান পাতেৰে দিব লাগে৷ প্ৰথম তৰপটোৰ লগত সামান্য পৰিমাণৰ উপৰুৱা মাটিও মিহলাই দিব লাগে৷ প্ৰথমটো তৰপত পানী ছটিয়াই জীপাল কৰি দিব লাগে৷

দ্বিতীয় তৰপটোত জন্তুৰ আৱৰ্জনা দিব লাগে৷ জন্তুৰ মল-মূত্ৰৰ লগতো সামান্য পৰিমাণে উপৰুৱা মাটি মিহলাই দিব লাগে ৷ একে দৰে পানীও ছটিয়াই দিব লাগে৷

গৰু, ছাগলী, গাহৰি, কুকুৰা, হাঁহ আদিৰ মল পঁচন সাৰৰ দ’মত দিব পাৰি৷

জন্তুৰ মল-মূত্ৰৰ সলনি বেয়া ফল, ঘৰুৱা আৱৰ্জনা, ছাঁই, আদিও দিব পাৰি৷

তাৰপিচত তৃতীয় তৰপটো ঘাঁহ আৰু শুকান পাতৰ আৰু চতুৰ্থ তৰপটো জন্তুৰ আৱৰ্জনাৰে দিব লাগে৷ এনেদৰে এটা বৃহৎ দ’ম নোহোৱালৈকে তৰপে তৰপে আৱৰ্জনা জাপি থাকিব লাগে৷ দ’মটোত পানী ছটিয়াই জীপাল কৰি ৰাখিব লাগে৷

দ’মটো পঁচিবলৈ প্ৰায় এমাহ অপেক্ষা কৰিব লাগে৷ দ’মটোত সময়ে সময়ে পানী ছটিয়াই থকা উচিত৷

দ’মটোৰ তলৰ পৰা পঁচন সাৰ সংগ্ৰহ কৰি পুখুৰীত প্ৰয়োগ কৰিব পাৰি৷ দ’মটোৰ ওপৰত নতুন তৰপ জমা কৰি সাৰৰ পৰিমাণ বৃদ্ধি কৰিব পাৰি৷

প্ৰতি সপ্তাহতে দ’মটোত এটা এটা নতুন তৰপ জমা কৰিব লাগে৷

পুখুৰীৰ এটা চুকত বাঁহ নাইবা কাঠেৰে ক্ৰিব বা ৰেক তৈয়াৰ কৰি লব লাগে৷ বাঁহৰ ডলা আৰিও এই ৰেক তৈয়াৰ কৰিব পাৰি৷ ক্ৰিব খন আগুৰি এটি বাঁহৰ গঁড়াল সাজিব লাগে৷ সাৰ সদায় ক্ৰিবতহে প্ৰয়োগ কৰিব লাগে৷

৫০০ বৰ্গমিটাৰতকৈ ডাঙৰ পুখুৰীত দুটা ক্ৰিবৰ প্ৰয়োজন৷

ক্ৰিব খন পানীৰ ৬০ ছে: তলত আৰিব লাগে৷ ক্ৰিব খন পূৰাকৈ সাৰ প্ৰয়োগ কৰিব লাগে৷ প্ৰতি ১০০ বৰ্গ মি: পানী কালিৰ বাবে ১০ কি: গ্ৰা: সাৰ পয়োগ কৰা উচিত৷

জীৱ-জন্তুৰ মলৰ ক্ষেত্ৰত প্ৰতি বৰ্গ মি: ৰ ববে প্ৰতি সপ্তাহত -

২-৩ কি: গ্ৰা: কুকুৰাৰ মল, বা

৮-১০ কি: গ্ৰা: গাহৰিৰ মল, নাইবা

১০-১৫ কি: গ্ৰা: গৰুৰ গোৱৰ৷

কোনো এবিধ জন্তুৰ মল পৰ্যাপ্ত নহলে বেলেগ বেলেগ জন্তুৰ মল মিহলাই প্ৰয়োগ কৰিব পাৰি৷

এভাগ কুকুৰাৰ মল, দুভাগ গাহৰিৰ মল আৰু তিনিভাগ গোৱৰ মিহলাই এই সাৰ প্ৰস্তুত কৰিব পাৰি৷ এই সাৰ প্ৰতি ১০০ বৰ্গ মিটাৰত প্ৰতি সপ্তাহত ১০ কি: গ্ৰা: প্ৰয়োগ কৰিব লাগে৷

জন্তুৰ মল-মূত্ৰ অৰ্থাৎ জৈৱিক সাৰ প্ৰয়োগ কৰিলে ২–৩ দিনৰ পিচতেই পুখুৰীৰ পানী সেউজীয়া হৈ উঠে৷ উদ্ভিদজাত সামগ্ৰীৰ পঁচন সাৰ প্ৰয়োগ কৰিলে পানী সেউজীয়া হৈ উঠিবলৈ এসপ্তাহ বা ততোধিক সময়ৰ প্ৰয়োজন হয়৷

পানীৰ সেউজীয়া ৰঙে পুখুৰীত প্ৰাকৃতিক খাদ্যৰ প্ৰাচুৰ্যতা সূচায়৷ পানী সম্পূৰ্ণ সেউজীয়া হবলৈ এসপ্তাহৰ প্ৰয়োজন৷ ফাইট’প্লেংকটনৰ বাবে পানীৰ ৰং সেউজীয়া হয়৷ ফাইট’প্লেংকটনৰ ওপৰত ভিত্তি কৰি জুপ্লেংকটনৰ সৃষ্টি হয়৷

এটা সৰু পৰীক্ষাৰ দ্বাৰা পানীৰ উৎপাদকতা নিৰ্ণয় কৰিব পাৰি৷ হাত খন কিলাকূটিলৈকে পুখুৰীৰ পানীত ডুবাই দিলে পানীৰ তলত আঙুলিৰ মূৰ বোৰ যদি কোনোমতেহে ওপৰৰ পৰা দেখা যায় অথবা দেখ-নেদেখ হয়, তেতিয়া বুজিব লাগিব পানী উৎপাদনশীল হৈ উঠিছে৷

আশানুৰূপ উৎপাদন পাবলৈ হলে আগতীয়াকৈ উৎকৃষ্ট মানৰ পোণাৰ ব্যৱস্হা কৰি থব লাগে৷

সংমিশ্ৰিত কাৰ্প পালনত ৰৌ, বাহু, মিৰিকা, চিলভাৰ কাৰ্প, গ্ৰাছ কাৰ্প আৰু কমন কাৰ্প মাছ একেটা পুখুৰীতে একে লগে পালন কৰা হয়৷

সংমিশ্ৰিত কাৰ্প পালনৰ ক্ষেত্ৰত ৰৌ, বাহু, আৰু মিৰিকা মাছৰ যোৱা বছৰ উৎপাদন কৰি এই বছৰলৈ নাৰ্চাৰীত পুহি ৰখা পোণাহে ডাঙৰ পুখুৰীত মেলিব লাগে৷

প্ৰতি দুই বৰ্গ মিটাৰ পানী কালিৰ বাবে এটা মাছ পোনাৰ প্ৰয়োজন৷

এটা ২০ মিটাৰ X ২০ মিটাৰ পুখুৰীৰ বাবে ২০০ পোণাৰ (৪০০ বৰ্গ মিটাৰ, ২ X ২০০) প্ৰয়োজন হয়৷

মাছৰ পোনাৰ সংখ্যা নিৰ্দ্ধাৰণ কৰাৰ পিচত আটাইকেইবিধ মাছৰ পোনা অনুমোদিত হাৰত পুখুৰীত মেলিব লাগে৷ চিলভাৰ কাৰ্প আৰু গ্ৰাছ কাৰ্প মাছ বাকী কেইবিধ পোনা মেলাৰ এমাহ পিছতহে মেলিব লাগে৷

(১) চিলভাৰ কাৰ্প - ২০%

(২) বাহু - ১৫%

(৩) ৰৌ - ১৫%

(৪) গ্ৰাছ কাৰ্প - ১০%

(৫) মিৰিকা - ২০%

(৬) কমন কাৰ্প - ২০%

এই ছয় বিধ মাছৰ বাহু আৰু চিলভাৰ কাৰ্প পানীৰ ওপৰৰ স্তৰত, ৰৌ মধ্যম স্তৰত, মিৰিকা আৰু কমন কাৰ্প নিম্ন স্তৰত থাকে৷ গ্ৰাছ কাৰ্প পুখুৰীৰ আটাইকেইটা স্তৰতে থাকে৷

সময় মতে উপযুক্ত পোনা পোৱাটো সহজ নহয়৷ পালেও তাৰ পৰিবহন কষ্ট সাধ্য আৰু ব্যয় বহুল৷

নিজে পোনাৰ প্ৰতিপালন কৰিবলৈ হলে এটি নাৰ্চাৰী পুখুৰীৰ প্ৰয়োজন৷ পুৰণি সৰু পুখুৰী নাৰ্চাৰী পুখুৰী হিচাবে ব্যৱহাৰ কৰিব পাৰি অথবা নাৰ্চাৰী পুখুৰী এটা নতুনকৈ খান্দি লব লাগে৷ এনে পুখুৰীৰ গভীৰতা কম হোৱা উচিত৷

নাৰ্চাৰী পুখুৰীটো ডাঙৰ পুখুৰী খন্দাৰ দৰে একে নিয়মেৰে খান্দি লব পাৰি৷

ডাঙৰ পুখুৰীৰ ওচৰতে নাৰ্চাৰী পুখুৰীটো নিৰ্মাণ কৰিলে বেছি সুবিধাজনক হয়৷ এনে ক্ষেত্ৰত তিনিটা নতুন পাৰ নিৰ্মাণ কৰিলেই হয় নাৰ্চাৰী পুখুৰীটো ডাঙৰ পুখুৰীৰ ওচৰতে হলে পোনাৰ পৰিবহন এৰাই চলিব পাৰি৷

নাৰ্চাৰী পুখুৰীটোও ডাঙৰ পুখুৰীৰ নিচিনাকৈ প্ৰস্তুত কৰি লব লাগে৷ তাৰ পিচত হেচ্ছাৰীৰ পৰা স্প’ন আনি নাৰ্চাৰীত মেলিব লাগে৷

এটা ১০ মি: X ১০ মি: নাৰ্চাৰী পুখুৰীত ৬০,০০০ স্প’ন মেলিব লাগে৷ ৰৌ, বাহু আৰু মিৰিকা মাছৰ পোনাহে আগৰ বছৰৰ পৰা পুহি ৰখাৰ প্ৰয়োজন৷ বাকী তিনিবিধ মাছৰ নতুন পোনা সময় মতে পোৱা যায়৷ ৰৌ মাছৰ ৩০%, বাহু মাছৰ ৩০% আৰু মিৰিকা মাছৰ ৪০% স্প’ন নাৰ্চাৰীত মেলিব লাগে৷

পুখুৰীত জন্মা অতি ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্ভিদ কনিকা আৰু অতি ক্ষুদ্ৰ প্ৰাণী সমূহ পোনা মাছৰ প্ৰাকৃতিক খাদ্য৷ এই উদ্ভিদ কনিকা সমূহৰ বাবে পুখুৰীৰ পানীৰ ৰং সেউজীয়া হয়৷

ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্ভিদ কনিকা সমূহক ফাইট’প্লেংকটন বুলি কোৱা হয়৷ ফাইট’প্লেংকটনৰ বৃদ্ধিৰ বাবে পুখুৰীত সাৰ প্ৰয়োগ কৰা হয়৷ ফাইট’প্লেংকটনবোৰ খালী চকুৰে দেখা নেযায়৷

পুখুৰীত জন্মা ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰাণী সমূহক জুপ্লেংকটন বোলা হয়৷ জুপ্লেংকটনৰ সংখ্যা নিৰ্ভৰ কৰে ফাইট’প্লেংকটনৰ বৃদ্ধিৰ ওপৰত৷

প্ৰাকৃতিক খাদ্য সম্ভাৰ বৃদ্ধি কৰিবলৈ পুখুৰীত নিয়মিত ভাবে সাৰ প্ৰয়োগ কৰা উচিত৷

মাছৰ ঘনত্ব অধিক হোৱা বাবে প্ৰাকৃতিক খাদ্যই পুখুৰীটোৰ সকলোবোৰ মাছৰ বাবে পৰ্যাপ্ত নহয়৷ সেয়েহে বাহিৰৰ পৰাও খাদ্য যোগান ধৰা উচিত৷

মাছক যোগান ধৰা খাদ্য সুষম হোৱা উচিত৷ অৰ্থাৎ, মাছৰ বাবে প্ৰয়োজনীয় পুষ্টিদ্ৰব্য, যেনে –

*প্ৰ’টিন,

*কাৰ্ব’হাইড্ৰেট (শৰ্কৰা),

*ফ্যাট (স্নেহ পদাৰ্থ),

*মিনাৰেল (মনিক) আৰু

*ভিটামিন সন্তুলিত মাত্ৰাত থকা উচিত৷

অসম কৃষি বিশ্ববিদ্যালয়ৰ মীন গৱেষণা কেন্দ্ৰত উৎপাদন কৰা ‘সুষমা’ নামৰ খাদ্যত এই সকলোবোৰ পুষ্টিদ্ৰব্য সুষম মাত্ৰাত থাকে৷ সেয়েহে ‘সুষমা’ খাদ্য খুৱাই সুফল পাৱা যায়৷

পোনা মাছৰ খাদ্য পুখুৰীত ছটিয়াই দিব লাগে৷ মাছ পোনা যিমানে ডাঙৰ হব সিমানে বেছি খাদ্য খাব৷ পোনাবোৰক নিয়ন্ত্ৰিত মাত্ৰাতহে খাদ্য যোগান ধৰা উচিত৷

মাৰ্চ-এপ্ৰিল মাহত এই পোনাবোৰ মূল পুখুৰীত মেলাৰ উপযোগী হয়৷ পুখুৰীত মেলিবলৈ পোনাৰ দৈৰ্ঘ্য অতি কমেও ১০ ছে: মি: হোৱা উচিত৷ তাতকৈ সৰু পোনা মূল পুখুৰীত মেলা উচিত নহয়৷

ছাইন জালেৰে পুখুৰীৰ পোনা ধৰিব লাগে৷ জালখনৰ পাঁহৰ আকাৰ ১ ছে: মি: হব লাগে যাতে সৰু পোনা বোৰ ওলাই যাব পাৰে৷

পোনা ধৰা জালৰ পাঁহ বোৰ গাঁঠি বিহীন হব লাগে৷ গাঁঠি থকা জালেৰে ধৰিলে পোনা বোৰে দুখ পায় আৰু বিভিন্ন ৰোগৰ বীজানুৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভৱনা থাকে৷

পোণা মাছৰ দেহ অতি আলসুৱা আৰু সংবেদনশীল৷ সেয়েহে পৰিবহনৰ সময়ত অতি সাৱধানতা অৱলম্বন কৰা উচিত৷

ওচৰৰ নাৰ্চাৰীৰ পৰা মাছ পোণা প্লাষ্টিকৰ বাকেটত পৰিবহন কৰিব পাৰি৷ বাকেটত ঢাকনি থকা উচিত৷ দূৰৰ পৰা পৰিবহন কৰিবলৈ হলে প্লাষ্টিক বেগত অক্সিজেন গেছ দি পোণা পৰিবহন কৰিব লাগে৷ মাটিৰ পাত্ৰতো তিতা কাপোৰেৰে ঢাকি পোণা পৰিবহন কৰিব পাৰি৷ উন্তা বেছি হলে এই পদ্ধতিত পৰিবহন কৰি ভাল ফল পোৱা যায়

পোণা পৰিবহন কৰোতে পৰিস্কাৰ পানী ব্যৱহাৰ কৰিব লাগে৷ পানীৰ প্ৰদূষণৰ ফলত মাছ পোণাৰ ক্ষতি হব পাৰে৷ পোণাৰ পাত্ৰ সদায় ছাঁত ৰখা উচিত৷ পৰিবহনৰ সময়ত পানীৰ উষ্ণতা বাঢ়িলে পোনাৰ ক্ষতি হব পাৰে৷

প্লাষ্টিক বেগত পোণা পৰিবহন কৰিলে বেগ বোৰ বাকচ বা কাৰ্টনত সুমুৱাইহে পৰিবহন কৰিব লাগে৷ এনেদৰে পৰিবহন কৰিলে পোনা বোৰ সুৰক্ষিত অৱস্থাত থাকে৷

দূৰ ঠাইৰ পৰা পোণা পৰিবহন কৰিবলগীয়া হলে পোনাবোৰ আগদিনাই ধৰি খাদ্য নিদিয়াকৈ ২৪ ঘন্টা ৰাখিব লাগে, যাতে পেট সম্পূৰ্ণ খালী হয়৷ কাৰণ পৰিবহনৰ সময়ত মাছৰ মলে পানী প্ৰদূষিত কৰে৷ তাৰ ফলত মাছ পোণাৰ অনিষ্ট হয়৷

মাছৰ পোণা পোনে পোনে পুখুৰীত মেলি দিয়া উচিত নহয়৷ কাৰণ, পৰিবহন কৰা পাত্ৰৰ পানীৰ উন্তা আৰু পুখুৰীৰ পানীৰ উন্তাৰ পাৰ্থক্য থকা বাবে তাৰতম্য সহ্য কৰিব নোৱাৰি মাছ পোণা মৃত্যু মুখত পৰে৷ নমৰিলেও পোণাবোৰ বেমাৰৰ প্ৰতি সুগ্ৰাহ্য হৈ উঠে৷

পোণা পৰিবহন কৰা পাত্ৰটো নোখোলাকৈ পুখুৰীৰ পানীত থৈ দিব লাগে৷ পাত্ৰৰ ভিতৰৰ পানীৰ উষ্ণতা আৰু পুখুৰীৰ পানীৰ উষ্ণতা একে হলে পোণা বোৰ নিজে নিজে ওলাই যাব বিচাৰে৷ তেতিয়াহে পাত্ৰটো খুলি দিব লাগে৷ মাছ পোণাবোৰক নিজে নিজে ওলাই যাব দিয়া উচিত৷

পুখুৰীটো জলজ অপতৃণৰ পৰা মুক্ত কৰি ৰখা উচিত৷

পুখুৰীৰ পাৰকেইটাৰ ওপৰত নজৰ ৰাখিব লাগে৷ চাব লাগে যাতে ধোন্দহৈ বা পাৰ ভাঙি পানী ওলাই যাব নোৱাৰে৷

ৰাই, ভেকুলী, এন্দুৰ-নিগনি আৰু সাপৰ প্ৰতি চকু ৰাখিব লাগে৷

গৰু-ম’হ আদি ডাঙৰ জন্তুক পুখুৰীৰ পাৰত উঠিবলৈ দিয়া উচিত নহয় ছাগলী, ভেড়া আদি সৰু সৰু জন্তু পাৰত চৰিলেও বিশেষ ক্ষতি নহয়৷ এনে জন্তু পুখুৰীৰ পাৰত চৰিবলৈ দি অপতৃণ নিয়ন্ত্ৰন কৰিব পাৰি৷

পুখুৰীত গা-ধোৱা, কাপোৰ ধোৱা, বাচন-বৰ্তন ধোৱা আদি কাম কৰা উচিত নহয়৷

পুখুৰীৰ পাৰত ডাঙৰ গছৰ পুলি ৰুব নেলাগে৷ পাৰত যদি কোনো মূল্যবান গছ ইতিমধ্যে আছেই তেনেহলে তাৰ ডাল কাটিব লাগে৷ চাব লাগে যাতে গছে পুখুৰীৰ পানীত ৰ’দ পৰাত বাধাৰ সৃষ্টি নকৰে৷ ৰ’দ নপৰিলে পুখুৰীত ফাইট’প্লেংকটনৰ জন্ম নহয়৷

মাছৰ শাৰীৰিক বৃদ্ধি আৰু প্ৰজনন তন্ত্ৰৰ উন্নয়নৰ বাবে উপযুক্ত খাদ্যৰ প্ৰয়োজন৷

প্ৰাকৃতিক খাদ্য উৎপাদনৰ বাবে পুখুৰীত নিয়মিত ভাবে সাৰ প্ৰয়োগ কৰিব লাগে৷

মাছৰ আশানুৰূপ বৃদ্ধিৰ বাবে প্ৰাকৃতিক খাদ্যৰ উপৰিও বাহিৰৰ পৰাও খাদ্য যোগান ধৰাৰ প্ৰয়োজন৷ মাছক সুষম খাদ্যহে যোগান ধৰিব লাগে৷

মাছৰ খাদ্য পুখুৰীত ছটিয়াই দিব পাৰি৷ কিন্তু মাছক কিমান খাদ্যৰ প্ৰয়োজন বাহিৰৰ পৰা অনুমান কৰা টান৷ সেয়েহে সুক্ষ্ম ভাবে পৰ্য্যবেক্ষণ কৰা উচিত৷ খাদ্য খিনি মাছে খাইছে নে পুখুৰীৰ তলিত পৰি নষ্ট হৈ গৈছে সেয়া আপাতত: ভাবে নিৰ্দ্ধাৰণ কৰাটো সহজ নহয়৷

মাছ যিমানে ডাঙৰ হৈ আহে সিমানে বেছি খাদ্যৰ প্ৰয়োজন৷ গতিকে প্ৰতি দিনে কিমান খাদ্য যোগান ধৰিব লাগে সেইটো নিৰূপন কৰাটো অতি কঠিন খাদ্যৰ পৰিমাণ বেছি হলে তলিত জমা হৈ পানী প্ৰদূষিত কৰিব পাৰে৷ তেনে অৱস্থাত মাছৰ বিভিন্ন বেমাৰ আজাৰ হব পাৰে৷ আনকি বৃহৎ হাৰত মাছৰ মৃত্যুও হব পাৰে৷ মাছৰ মৃত্যু নহলেও মাছৰ গাত মটিয়া গোন্ধ সৃষ্টি হব পাৰে৷

সেয়েহে মাছৰ খাদ্য বেগ ফিডিং পদ্ধতিত যোগান ধৰিব লাগে৷ পুখুৰীৰ বাম অংশত এটা খুটি পুটি খুটিটোত খাদ্যৰ বেগটো আৰি দিব লাগে৷ বেগটো পানী পৃষ্ঠৰ পৰা ৩০ ছে: মি: তলত থাকিব লাগে৷

খাদ্যৰ বেগটো পৰ্য্যবেক্ষণ কৰিব লাগে৷ খাদ্য খিনি কম দিনত খাই শেষ কৰি পেলালে পিচৰ বাৰত খাদ্যৰ পৰিমাণ বঢ়াই দিব লাগে৷

পুখুৰীত প্ৰয়োগ কৰা খাদ্যৰ হিচাব ৰখাটো অতি প্ৰয়োজনীয়৷

মাছ ডাঙৰ হৈ অহাৰ লগে লগে পানীত দ্ৰৱীভূত অক্সিজেনৰ নাটনি হৈ আহে৷ ডাৱঁৰীয়া বতৰত আৰু সূৰ্যোদয়ৰ আগে আগে পানীত দ্ৰৱীভূত অক্সিজেনৰ নাটনি বেছি হয়৷

দ্ৰৱীভূত অক্সিজেনৰ নাটনিৰ সময়ত খাদ্য যোগান ধৰা উচিত নহয়৷ সেই সময়ত খাদ্য যোগান ধৰিলে দ্ৰৱীভূত অক্সিজেনৰ নাটনি বেছি প্ৰকট হব পাৰে আৰু মাছৰ মৃত্যু হব পাৰে৷

দ্ৰৱীভূত অক্সিজেনৰ নাটনি হলে পুখুৰীৰ মাছ জল পৃষ্ঠলৈ উঠি আহে আৰু বায়ু মণ্ডলৰ পৰা অক্সিজেন গ্ৰহন কৰিবলৈ যত্ন কৰে৷ এনে অৱস্থাত বায়ু যোগান যন্ত্ৰ বা এৰেটৰ সহায়ত পুখুৰীত অক্সিজেন যোগান ধৰা হয়৷ এৰেটৰ নাথাকিলে পানী সিঁচা মেছিন চলাই পুখুৰীৰ পানী পুখুৰীতে পেলাব লাগে৷ এনে কৰিলে সাময়িক ভাবে এই সমস্যাৰ সমাধান হয়৷

পিচত জাল মাৰি পুখুৰীৰ মাছৰ সংখ্যা কমাব লাগে৷

সকলো প্ৰাণীৰ দৰে মাছৰো বিভিন্ন বেমাৰ আজাৰ হব পাৰে৷ তাৰ প্ৰতি যত্ন লব লাগে৷

বাহু মাছৰ চকুৰ ৰোগ:

এবিধ বেক্টেৰিয়া(Aeromonas liquefaciens) এই ৰোগৰ কাৰণ৷ মাছৰ চকু, চকুৰ নাৰ্ভ, মস্তিস্ক আৰু কৰ্ণিয়া আক্ৰান্ত হয়৷ চকুৰ মণিটো পঁচি যায় আৰু মাছৰ মৃত্যু হয় পুখুৰীত ০.১ পিপিএম পটাছিয়াম পাৰমাংগেনেট প্ৰয়োগ কৰিব লাগে৷ তাৰ অলপ পিচতে ৩০০ পিপিএম চূণ প্ৰয়োগ কৰিব লাগে৷

ঘাঁ হোৱা ৰোগ:

এৰোম’নাচ আৰু চিউড’ম’নাচ বেক্টেৰিয়াই এই ৰোগ সৃষ্টি কৰে৷ গাত ঘাঁ হয়, চকু আৰু পেট ফুলে৷ ০.৫ পিপিএম পটাছিয়াম পাৰমাংগেনেটেৰে পুখুৰীটো বীজানু মুক্ত কৰিব লাগে৷ ছালফাডিয়াজিন ১০০ মি: গ্ৰা:/কি: গ্ৰা: নাইবা টেৰামাইছিন ৭৫-৮০ মি: গ্ৰা:/কি: গ্ৰা: হিচাবত খাদ্যৰ লগত মিহলাই ১০-১২ দিন খুৱাব লাগে৷

কলুমনাৰিছ:

ফ্লেভ’ বেক্টেৰিয়াম কলুমনাৰিচি (Flavobacterium columnarisi) নামৰ বেক্টেৰিয়াই এই ৰোগ সৃষ্টি কৰে৷ মাছৰ গাত ঠায়ে ঠায়ে বগা বগাকৈ উখহি উঠে৷ চাৰিওফালে ৰঙচুৱা দাগ থাকে৷ পিচলৈ তেজ বিৰিঙে৷ ৫০০ পিপিএম পটাছিয়াম পাৰমাংগেনেটে দ্ৰৱনত মাছবোৰ এটা এটাকৈ ডুবাই এৰি দিব লাগে৷

ড্ৰ’পচী:

এৰোম’নাচ বেক্টেৰিয়াই এই ৰোগ সৃষ্টি কৰে৷ বাকলিৰ গুৰি বোৰ উখহি উঠে৷ বাকলি বোৰ ওলাই অহা যেন লাগে আৰু গুৰিত পানী জমা হয়৷ ঘাঁ হয়৷ পেট আৰু চকু ফুলে৷ ১ পিপিএম পটাছিয়াম পাৰমাংগেনেটেৰে পুখুৰীটো বীজানু মুক্ত কৰিব লাগে৷ ৫ পিপিএম পটাছিয়াম পাৰমাংগেনেটে দ্ৰৱনত মাছবোৰ এটা এটাকৈ ডুবাই এৰি দিব লাগে৷

চেপ্ৰ’লেগনিয়াচিছ:

চেপ্ৰ’লেগনিয়া পেৰাচাইটিকা (Saprolegnia parasitica) নামৰ এবিধ ভেঁকুৰে এই ৰোগ সৃষ্টি কৰে৷ মাছৰ গাত কপাহৰ থুপৰ দৰে ম’ল্ড দেখা যায়৷ এই ভেঁকুৰ বোৰ মাছৰ মাংসপেশীত প্ৰৱেশ কৰে আৰু মাংস পেশী বোৰ পঁচাই পেলায়৷

৩-৪% নিমখ পানীৰে মাছ বোৰক ধুৱাই (bath treatment) দিব লাগে অথবা ১৬০ পিপিএম পটাছিয়াম পাৰমাংগেনেট দ্ৰৱনত ৫ দিন বাথ ট্ৰিটমেন্ট অথবা ১-২ পিপিএম মেলাছাইট গ্ৰীন দ্ৰৱনত ৩০ মিনিট বাথ ট্ৰিটমেন্ট অথবা পুখুৰীটোত ২০ পিপিএম হাৰত ফৰ্মেলিন প্ৰয়োগ কৰিব লাগে৷

ব্ৰাংকিওমাইঅ’চিছ বা গিল ৰ’ট:

ব্ৰাংকিওমাইচেছ দেমিগ্ৰানচি (Branchiomyces demigransi) নামৰ এবিধ ভেঁকুৰে এই ৰোগ সৃষ্টি কৰে৷ মাছৰ ফুলৰ ৰক্ত শিৰাত এই ভেঁকুৰে আক্ৰমণ কৰে ফলত ফিলামেন্টবোৰ পঁচি সৰি যায়৷ আৰম্ভণিতে ফুলবোৰ শেঁতা মূগা বৰণৰ হয়৷ ৫০-১০০ কি: গ্ৰা:/হেক্টৰ (৬.৭ – ১৩.৪ কি: গ্ৰা:/বিঘা) হিচাবত পোৰা চূণ প্ৰয়োগ কৰিব লাগে৷

ইকথিঅ’ফথিৰিয়াচিছ:

ইকথিঅ’ফথিৰিয়াছ মাল্টিফিলিছ নামৰ আদ্যপ্ৰাণীয়ে এই বিধ ৰোগ সৃষ্টি কৰে৷ ছাল, পাখি আৰু কাণত বগা বগা কিছুমান স্প’ৰ দেখা যায়৷ মাছে টান বস্তুত গা ঘঁহায়৷

১:৫০০০ হাৰত ফৰ্মেলিন আৰু পানী মিহলাই সেই দ্ৰৱনত ১ ঘন্টাকৈ ৭-১০ দিন নাইবা ২% নিমখ পানীত ৭-১০ দিন ১ ঘন্টাকৈ বাথ ট্ৰিটমেন্ট দিব লাগে৷ ২০০ কি: গ্ৰা:/হেক্টৰ (২৬.৭ কি: গ্ৰা:/বিঘা) হিচাবত পুখুৰীত পোৰা চূণ প্ৰয়োগ কৰিব লাগে৷

ট্ৰাইক’ডিনিয়াচিছ:

ট্ৰাইক’ডিনিয়া ৰেটিকূ-লেটা আৰু ট্ৰাইক’ডি-নিয়া নেগ্ৰেই নামৰ দুবিধ আদ্যপ্ৰাণীয়ে এই ৰোগ সৃষ্টি কৰে৷ ছাল আৰু ফুলত এই বীজানুৱে আক্ৰমণ কৰে৷ ২-৩% নিমখ পানীত বা ৪ পিপিএম পটাছিয়াম পাৰমাংগেনেট দ্ৰৱনত ৫-১০ মিনিট সময় বাথট্ৰিটমেন্ট দিব লাগে৷ পুখুৰীটো ২৫ পিপিএম ফৰ্মেলিন দি বীজানুমুক্ত কৰিব লাগে৷

হোৱাইট গিল স্প’ট ৰোগ:

থেন’হেলেনাছ কাটলি, মিক্স’ব’লাছকাটলি, মিক্স’ব’লাছ হোচাদূৰ্গেনচিছ আৰু মিক্স’ব’লাছ বেঙ্গলেনচিছ নামৰ আদ্যপ্ৰাণীয়ে এই ৰোগ সৃষ্টি কৰে৷ মাছ দূৰ্বল হয়, ক্ষীনাই, বাকলি থিয় হয়, পিচলৈ বাকলি সৰে আৰু মাছটো বিবৰ্ণ হয়৷ মাছৰ সংখ্যা কমাব লাগে৷

প্ৰতি কি: গ্ৰা: খাদ্যৰ লগত ১ গ্ৰা: ইষ্ট মিহলাই দিব লাগে। তাৰোপৰি, ২-৩% নিমখ পানীত বাথ ট্ৰিটমেন্ট দিব লাগে৷

ডেক্টাইল’গাইৰ’চিছ আৰু গাইৰ’ডেক্টাইল’চিছ:

ডেক্টাইল’গাইৰাছ আৰু গাইৰ’ডেক্টাইলাছ নামৰ দুবিধ কৃমিয়ে এই ৰোগ সৃষ্টি কৰে৷ ফুল, চাল আৰু পাখিত এই ৰোগ হয়৷ আক্ৰান্ত ঠাইৰ পৰা শ্লেস্মা নি:সৰণ হয়৷

৩-৫% নিমখ পানীত মাছ বোৰ ৫-১০ মিনিট ডুবাই এৰি দিব লাগে অথবা ১০০ পিপিএম ফৰ্মেলিনত বাথ ট্ৰিটমেন্ট দিব লাগে৷ পুখুৰীটো ২৫ পিপিএম ফৰ্মেলিনেৰে বীজানুমুক্ত কৰিব লাগে৷

ডিপ্ল’ষ্ট’মিয়াচিছ:

ডিপ্ল’ষ্ট’মাম পিগমেন্টেই (Diplostomum pig-mentatai) নামৰ এবিধ ক্ৰিমিৰ বাবে মাছৰ চকুত এই ৰোগ হয়৷ মাছ অন্ধ হয়৷ পুখুৰীৰ পৰা শামূক নিৰ্মূল কৰাটো এক মাত্ৰ উপায়৷

আৰ্গুল’চিছ:

আৰ্গুলাছ নামৰ এবিধ ওকনিয়ে এই ৰোগ সৃষ্টি কৰে৷ মূৰ, বাকলি আৰু পাখিত ওকনি বোৰ দেখা যায়৷ পুখুৰীটো সিঁচি দিব লাগে৷ মাছ খিনি আৰোগ্য কৰিবলৈ ৫ পিপিএম পটাছিয়াম পাৰমাংগেনেট দ্ৰৱনত মাছবোৰ ডুবাই এৰি দিব লাগে৷ প্ৰতিসপ্তাহত ৩৫ মি: লি:/হেক্টামিটাৰ হিচাবত তিনিবাৰ বুট’ক্স নামৰ ঔষধ প্ৰয়োগ কৰিব লাগে৷

ই. ইউ. এচ:

এৰোম’নাছ হাড্ৰফিলা (Aeromonas hydrophila), এৰোম’নাছ চ’ৰ্বিয়া (A. sorbia) নামৰ দুবিধ বেক্টেৰিয়া আৰু আফান’মাইচেছ ইনভাডানচ (Aphanomyces invadans) এবিধ ভেঁকুৰে এই ৰোগ সৃষ্টি কৰে৷

ডাঙৰ ডাঙৰ ৰঙা দাগ দেখা দিয়ে৷ ঘাঁ হৈ দেহৰ মাংস উৱঁলি যায়৷ পোৰা চূণ ২০০ কি: গ্ৰা:/হেক্টৰ (২৬.৭ কি: গ্ৰা:/বিঘা) অথবা ০.১ পিপিএম চিফাক্স (CIFAX) প্ৰয়োগ কৰিব লাগে৷

বেক্টেৰিয়েল এন্টেৰাইটিচ:

এৰোম’নাচ পাংকটাতা (Aeromonas punctata) নামৰ বেক্টেৰিয়াই এই ৰোগ সৃষ্টি কৰে৷ গাত ৰঙা দাগ দেখা দিয়ে পায়ু উখহে, পেট ফুলে, আৰু আভোক হয়৷ ব্লিছিং পাউডাৰ আৰু পোৰা চূণ প্ৰয়োগ কৰি পুখুৰীটো বীজানুমুক্ত কৰিব লাগে৷

এৰিথ্ৰ’ডাৰ্মা:

চিউড’ম’নাচ ফ্লুৰ’চেন্স (Pseudomonas fluorescens) নামৰ বেক্টেৰিয়াই এই ৰোগ সৃষ্টি কৰে৷ দেহৰ পৰা তেজ ওলায়, আৰু গা ফুলে৷ পাখি পঁচে, বাকলি সৰে৷

পোনা পৰিবহনৰ সময়ত আৰু মেলোতে দুখ পালে এই বেমাৰ হব পাৰে৷ ব্লিছিং পাউডাৰেৰে পুখুৰীটো বীজানু মুক্ত কৰিব লাগে৷

এন্টেৰিক ৰেড মাউথ দিজিজ:

য়েৰচিনিয়া ৰুকেৰি (Yersinia ruckeri) নামৰ বেক্টেৰিয়াই এই ৰোগ সৃষ্টি কৰে৷ ওঁঠ ফুলে আৰু ছিগি যায়, কাণ ৰঙা হয়, পাখিৰ গুৰি ৰঙা হয়৷ চালফামেৰাজিন বাওক্সিটেট্ৰাচাইক্লিনৰ বাথ ট্ৰিটমেন্ট দিব লাগে৷

কাৰ্প প’ক্স:

হাৰ্পিচ ভাইৰাচৰ বাবে কমন কাৰ্প মাছৰ এই ৰোগ হয়৷ দেহত ধোৱা বগা-বৰণীয়া ১-২ মি: মি: আকাৰৰ দাগ দেখা যায়৷

পিচলৈ গোটেই দেহ আগুৰি পেলায়। মাছৰ দেহত কেলছিয়ামৰ পৰিমাণ কমি যায়৷ ফিছা খন বেকা কৰি মূৰত লগাই দিব পৰা অৱস্থা প্ৰাপ্ত হয়৷ আক্ৰান্ত মাছ বোৰ পুখুৰীৰ পৰা আঁতৰাব লাগে৷

প্ৰথম পাচ মাহৰ ভিতৰত পুখুৰীৰ এটা মাছো ধৰা উচিত নহয়৷ পাচ মাহৰ পিচৰ পৰা ডাঙৰ মাছ বোৰ ধৰা আৰম্ভ কৰিব লাগে৷

যেতিয়া পুখুৰীৰ সকলো বোৰ মাছ আশা কৰা মতে ডাঙৰ হয় (১.০ - ১.২ কি: গ্ৰা:) তেতিয়া সকলোবোৰ মাছ ধৰিব লাগে৷ জানুৱাৰী -ফেব্ৰুৱাৰী মাতহ প্ৰায়বোৰ মাছেই ১ কি: গ্ৰা: ওজন প্ৰাপ্ত হয় মাছ ৰাতিপুৱাৰ ভাগতহে ধৰা উচিত৷

পুখুৰী সিঁচি মাছ ধৰাটো আটাইতকৈ সহজ উপায়৷ আংশিক ভাবে মাছ ধৰিবলৈ হলে পানী সিঁচাটো সমিচীন নহয়৷ পানী নিসিঁচাকৈও পুখুৰীৰ মাছ ধৰিব পাৰি৷

টনা জাল বা ছাইন জাল ব্যৱহাৰ কৰি পানী নিসিঁচাকৈও পুখুৰীৰ মাছ ধৰিব পাৰি৷

ডাঙৰ মাছ ধৰিবলৈ ছাইন জালৰ পাঁহবোৰ ৩.০ – ৩.৫ ছে: মি: আকাৰৰ হব লাগে৷ এনে আকাৰৰ পাঁহৰ মাজেদি সৰু মাছ বোৰ ওলাই যাব পাৰে আৰু ডাঙৰ মাছবোৰ জালৰ ভিতৰত ৰৈ যায়৷

টনা জাল বা ছাইন জালেৰে পুখুৰীত মাছ ধৰিবলৈ কেবাজনো মানুহৰ প্ৰয়োজন হয়৷ পুখুৰীৰ দ' অংশত জালৰ গুলি লগোৱা ৰচি ডাল সাৱধানে বহুৱাই লব লাগে৷

কম সংখ্যক মাছ ধৰিবলৈ হলে খেৱালী বা টঙি জালো ব্যৱহাৰ কৰিব পাৰি।

পুখুৰীৰ আধা পানী সিঁচি লৈ টনা জাল বা ছাইন জাল মাৰি সকলোবোৰ মাছ ধৰিব পাৰি৷ এই পদ্ধতিত জালৰ পাঁহৰ আকাৰ ১ ছে: মি: হব লাগে৷ তেতিয়াহেসৰু ডাঙৰ সকলো মাছ ধৰিব পাৰি৷

পুখুৰীৰ পানী সম্পূৰ্ণৰূপে সিঁচিও মাছ ধৰিব পাৰি৷ পুখুৰীৰ তলিৰ গেদ আঁতৰাবলগীয়া হলে এই পদ্ধতি অৱলম্বন কৰা উচিত৷

পুখুৰীৰ পৰা ধৰা মাছ বোৰ পৰাপক্ষত পৰিস্কাৰ অৱস্হাত ৰাখিব লাগে৷ বোকা লাগি থাকিলে মাছ সোনকালে নষ্ট হয়৷

পানী সিঁচা পুখুৰীটোত খোৱা বা বিক্ৰী কৰাৰ অনুপযোগী সৰু সৰু মাছো থাকিব পাৰে৷ তেনেকুৱা মাছ বোৰ আগতে ধৰি নাৰ্চাৰী পুখুৰীত (যদি আছে) থোৱাৰ ব্যৱস্হা কৰিব লাগে৷

নাৰ্চাৰী পুখুৰী নাথাকিলে তেনেকুৱা মাছবোৰ অন্য মীন পালকক পোনা হিচাবে বিক্ৰী কৰাৰ ব্যৱস্থা কৰিব লাগে৷ এনেকুৱা মাছ বোৰৰ পৰাহে অধিক উৎপাদন পোৱা যায়৷ সেয়েহে এই বোৰ মাছৰ বিশেষ যত্ন লোৱা উচিত৷

নাৰ্চাৰী পুখুৰী নাথাকিলেও, এনেকুৱা সৰু মাছ বোৰ ৰাখিবলৈ এটা সৰু পুখুৰী খান্দি লব পাৰি৷ পুখুৰীটোৰ আকাৰ ৩ মি: X ৩ মি: আৰু গভীৰতা ৪০ ছে: মি: হব লাগে৷ এই গভীৰতা পোণা মাছৰ বাবে অনুকূল নহয়৷

সেয়েহে পুখুৰীটোত ছাঁৰ ব্যৱস্হা কৰিব লাগে৷ পানী যোগানৰ সুবিধা থকা ঠাইতহে এনেকুৱা পুখুৰী খান্দিব লাগে৷

অতি কম সময়ৰ বাবেহে এনে পুখুৰীত মাছ পোণা ৰাখিব পাৰি৷ সৰু পুখুৰীত পোণা মাছবোৰ থোৱাৰ পিচতহে ডাঙৰ মাছ বোৰ ধৰিবলৈ আৰম্ভ কৰিব লাগে৷

মাছ ধৰা শেষ হলে সৰু মাছ বোৰ অন্য পুখুৰীত মেলা বা বিক্ৰীৰ ব্যৱস্থা কৰিব লাগে৷

মাছ, পশুধন (হাঁহ, পাৰ, গৰু, ছাগলী) আৰু গছ-গছনি, শাক-পাছলী, সকলোৰে জীৱন চক্ৰ আৰু বাঢ়ন প্ৰক্ৰিয়াৰ লগতে উৎপাদনৰ হাৰো বেলেগ বেলেগ৷ সেয়েহে এবিধ আন বিধৰ সহায়ক হয়৷

গ্ৰামীন অসমীয়া মানুহৰ ঘৰৰ লগতে বাৰী এখনো থাকেই৷ সামগ্ৰীক অৰ্থত ঘৰখন বুলিলে, বাৰীৰ গছ-গছনি, শাকনিৰ শাক, গৰু, ছাগলী, হাঁহ, পাৰ, কুকুৰা, গাহৰি আদি সকলোকে বুজা যায়৷

এই উপাদান সমূহৰ মাজত সন্তুলিত সমন্বয় ৰক্ষা কৰিব পাৰিলে আৰ্থিক দিশত পৰিয়ালটোৰ যথেষ্ট সকাহ হয়৷

অসমৰ বাৰী পদ্ধতি প্ৰকৃতাৰ্থত সমন্বিত কৃষি পদ্ধতি৷ এই পদ্ধতিত এটা বিভিন্ন আৱৰ্জনা আন এটা উপাদানৰ বাবে সম্পদ হিচাবে ব্যৱহাৰ হয়৷

ঘৰ খনত কেইটামান হাঁহ থাকিলে কণীৰ উৎপাদন পোৱাৰ উপৰিও আন কেবা দিশতো লাভৱান হব পাৰি৷ হাঁহে পেলনীয়া খাদ্য, শস্য, আদি খাই বাৰীখন পৰিস্কাৰ কৰি ৰাখে৷ হাঁহৰ বাবে পানী অত্যাৱশ্যকীয়৷

মাছ পোহা পুখুৰীটোত হাঁহে সাতোঁৰাৰ উপৰিও পুখুৰীৰ শামুক, পুনী, পোক পৰুৱা আদি খায়৷ হাঁহে খাদ্য পোৱাৰ উপৰিও পুখুৰীটো পৰিস্কাৰ হৈ থাকে৷ হাঁহে সাতোঁৰাৰ ফলত পানীত দ্ৰৱীভূত অম্লজানৰ পৰিমাণ বৃদ্ধি পায়৷ তাৰোপৰি হাঁহৰ মল এবিধ ভাল সাৰ৷

ঘৰ খনত কেইটামান কণী পৰা কুকুৰা থাকিলে কম পৰিমাণে হলেও প্ৰতিদিনে নগদ ধন হাতলৈ আহে৷ তাৰোপৰি কুকুৰাৰ মল উৎকৃষ্ট সাৰ৷

নগদ ধন উপাৰ্জনৰ বাবে গাহৰি অতি ভাল পোহনীয়া জন্তু৷ পূৰ্ব পৰিকল্পিত ভাবে এটা বা দুটা গাহৰিও পুহি ৰাখিলে প্ৰয়োজনৰ সময়ত ভাল উপাৰ্জন পোৱা যায়৷ ঘৰৰ আৱৰ্জনা, পেলনীয়া খাদ্য আৰু সামান্য পৰিমানৰ সুষম খাদ্য যোগান ধৰি গাহৰি পালন কৰিব পাৰি৷ গাহৰিৰ গোৱৰ উৎকৃষ্ট সাৰ৷

গাই এজনী পৰিয়াল এটাৰ বাবে অতি আৱশ্যকীয়৷ গাখীৰ আৰু গোৱৰৰ বাবে প্ৰতিটো পৰিয়ালে গাই এজনী ৰখা উচিত৷

পোহনীয়া জীৱ-জন্তুৰ গঁড়াল পুখুৰীৰ ওচৰতে হলে, পুখুৰীৰ ওচৰতে পঁচন সাৰ তৈয়াৰ কৰিব পৰা যায়৷

মীন পালন পুখুৰীৰ লগতে পাঁচটা হাঁহো পোহা উচিত৷ লাহে লাহে দহটা কুকুৰাও পুহিব লাগে৷ পুখুৰীৰ পাৰতে দুটা গাহৰিও ৰাখিব পাৰিলে ভাল৷ গাই এজনী পোহাটো নিশ্চিত কৰা উচিত৷

পুখুৰীটোৰ পাৰতে বিলাহী, বীন, বেঙেনা আদি পাচঁলিৰ খেতিও কৰিব পাৰি৷ এই খেতিয়ে ঘৰ খনৰ বাবে প্ৰয়োজনীয় পাচঁলি যোগান ধৰাৰ উপৰিও ফাৰ্ম খনৰ সৌন্দৰ্য বৰ্দ্ধন কৰে৷

এনে পদ্ধতিত মাছ, পশুধন আৰু শাকনিকে ধৰি বাৰী খন অতি কম পৰিশ্ৰমতে পৰিচালনা কৰিব পাৰি৷

মীন পালন কৰিবলৈ হলে প্ৰথমতে এখন বাজেট তৈয়াৰ কৰিব লাগে৷ বাজেত তৈয়াৰ কৰিবলৈ প্ৰথমতে খৰছৰ শিতান বোৰ ঠিক কৰিব লাগে৷

শিতান অনুসৰি প্ৰতিটো বস্তু বা সামগ্ৰীৰ নাম আৰু পৰিমাণ লিখি লব লাগে৷ প্ৰতিটো বস্তুৰ বৰ্তমানৰ বজাৰ মূল্য অনুসৰি আনুমানিক দাম লিখি লব লাগে৷ শেষত আটাইবোৰৰ মূল্য যোগ কৰিব লাগে৷ এয়াই হ’ল আমি ৰূপায়ন কৰিব খোজা মীন পালন আঁচনি খনৰ খৰছৰ বাজেট৷

দ্বিতীয় পৰ্যায়ত সাম্ভাব্য আয়ৰ শিতান বোৰ লিখি লব লাগে৷ প্ৰতিটো সামগ্ৰীৰ সাম্ভাব্য বিক্ৰি মূল্য লিখি লব লাগে৷ তাৰ পিচত প্ৰতিটো সামগ্ৰীৰ পৰা হব লগীয়া আয়ৰ হিচাব কৰিব লাগে৷

এতিয়া আশা কৰা সকলোবোৰ আয় যোগ কৰিব লাগে৷

সাম্ভাব্য খৰছ আৰু আয়ৰ আনুমানিক হিচাব পোৱাৰ পিচত বেলেন্সশ্বিট তৈয়াৰ কৰিব লাগে৷ মুঠ আয়ৰ পৰা মুঠ খৰছ বিয়োগ কৰিলে মুঠ লাভৰ হিচাব পোৱা যায়৷

সাম্ভাব্য বিনিয়োগ, আয়, লাভালাভ আৰু অন্যান্য সংশ্লিষ্ট বিষয় সমূহ বিবেচনা কৰি মীন পালনৰ সিদ্ধান্ত গ্ৰহন কৰিব লাগে৷ পৰিয়ালৰ সকলোৰে সহায় সহযোগ পালেহে যি কোনো কামতে সফলতা লাভ কৰিব পৰা যায়৷

সুস্থিৰ সিদ্ধান্ত এটা গ্ৰহনৰ পিচতহে আঁচনি ৰূপায়নৰ বাবে আগবাঢ়িব লাগে৷ আঁচনি প্ৰতিটো প্ৰযুক্তিগত দিশৰ প্ৰতি সুম্ম দৃষ্টি ৰাখিব লাগে৷ প্ৰযুক্তিগত দিশত হোৱা সৰু ভুলৰ বাবে উৎপাদন প্ৰক্ৰিয়া বাধা গ্ৰস্ত হব পাৰে৷

আঁচনি ৰূপায়নৰ কাম আৰম্ভ কৰাৰ লগে লগে হিচাপ-নিকাচৰ বহী এখনৰো ব্যৱস্থা কৰিব লাগে৷ বহী খনত তাৰিখ মতে সকলো ব্যয় আৰু আয়ৰ লগতে দৰকাৰী পৰ্যবেক্ষণবোৰ লিখি থব লাগে৷

টকা খৰছ কৰি সম্পন্ন কৰিব লগীয়া প্ৰতিটো কাম তাৰিখ সহ লিখি থব লাগে৷ প্ৰতিটো কামৰ বিপৰীতে খৰছৰ পৰিমাণ লিখিব লাগে৷ মাহৰ শেষত মাহটোত হোৱা মুঠ খৰছ যোগ কৰি মাহটোৰ খৰছ হিচাব কৰিব লাগে৷ ইয়াকেই ক্যাচ আউট ফ্লো বোলা হয়৷

প্ৰতি দিনৰ উৎপাদিত সামগ্ৰীৰ হিচাব সঠিক পৰিমাণ উল্লেখ কৰি তাৰিখ সহ লিখি ৰাখিব লাগে৷ বিক্ৰী কৰি পোৱা টকাৰ পৰিমাণ প্ৰতি তাৰিখ আৰু সামগ্ৰীৰ বিপৰীতে লিখি থব লাগে৷ বিক্ৰী নকৰি ঘৰত ব্যৱহাৰ কৰিলেও বজাৰ মূল্য অনুসৰি হিচাব লিখি থব লাগে৷

বছৰৰ শেষত জমা থকা সামগ্ৰী সমূহৰ আনুমানিক পৰিমাণ আৰু মূল্য হিচাব কৰি উলিয়াব লাগে৷ ইয়াকেই ক্যাচ ইনফ্লো বোলা হয়৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়