আমাৰ দৈনন্দিন জীৱনত মাছ এক প্ৰকাৰ নিত্য প্ৰয়োজনীয় আহাৰ। আমাৰ স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় প্ৰ’টিন মাছৰ দেহৰ পৰা আহৰণ কৰিব পাৰি। কিন্তু আমাৰ ৰাজ্যখনত প্ৰয়োজনীয় মাছ উৎপাদন নোহোৱাৰ বাবে বাহিৰৰ পৰা আমদানি কৰিব লগা হৈছে। ইয়াৰ মূলতে হৈছে বৈজ্ঞানিক কলা-কৌশল সম্পৰ্কত অজ্ঞতা। অসমৰ প্ৰায় ভাগ মানুহৰ ঘৰত পুখুৰী আছে যদিও তাৰ প্ৰকৃত ব্যৱহাৰ নোহোৱা বাবে উৎপাদনৰ অন্তৰায় হৈ আছে। আমি এই নিবন্ধত পুখুৰীত চূণ আৰু সাৰৰ প্ৰয়োগ কৰি মৎস্য উৎপাদন বৃদ্ধিৰ কথা আলোচনা কৰিম। পুখুৰীত চূণ প্ৰয়োগৰ মূল উদ্দেশ্য পুখুৰী প্ৰস্তুত কৰাৰ পিছত চূণ দিয়াটো অতি প্ৰয়োজনীয়। পানীৰ অম্লগূণ হ্ৰাস কৰা, পি এইচৰ উত্থান-পতন ৰোধ কৰাৰ উদ্দেশ্যে বাফাৰ প্ৰস্তুত কৰাৰ বাবে, পানীৰ কঠিনতা বৃদ্ধিৰ বাবে তথা পুখুৰীত বেছি পৰিমাণৰ গেদ থাকিলে অথবা পুখুৰীটো বহূ বছৰ নিসিঁচিলে চূণ প্ৰয়োগ কৰা হয়। পানীত থকা বীজাণু আদি নষ্ট কৰাৰ বাবে চূণ ব্যৱহাৰ কৰা হয়। এই চুণ কেইবা প্ৰকাৰৰ আছে- (১) কৃষিত ব্যৱহৃত চূণ: কেলচাইট(CaCo2)আৰু দ’লমাইট(Ca(Co3)2), (২) সেমেকা চূণ: শ্লেকড্ লাইম(CaOH2), (৩)পোৰা চূণ: কুইক লাইম(CaO)। প্ৰত্যেক চূণৰে অম্লগুণ হ্ৰাস কৰাৰ প্ৰৱণতা বেলেগ বেলেগ। CaCo3(কেলচাইট)-এ ১০০ শতাংশ, দ’লমাইট-এ ১০৯ শতাংশ, শ্লেকড লাইম-এ ১৩৬ শতাংশ, কুইক লাইম-এ ১৭৯ শতাংশ অম্লতা হ্ৰাস কৰিব পাৰে। কুইক লাইমৰ অম্লতা হ্ৰাস কৰাৰ ক্ষমতা বেছি আৰু আমাৰ খেতিয়কে ব্যৱহাৰ কৰে। কুইক লাইমৰ প্ৰয়োগৰ পৰিমাণ ভুলবশত: বেছি হ’লেও খুব বেছি পৰিমাণে দেহত ক্ৰিয়া নকৰে। কিন্তু চূণ প্ৰয়োগৰ পৰিমাণ পানীৰ গুণাগুণ পৰীক্ষা কৰিহে থিৰ কৰি ল’ব লাগে। চূণৰ ভুল কিম্বা অতিৰিক্ত প্ৰয়োগে আন বিষয়তো ক্ৰিয়া কৰিব পাৰে। তালিকা-১ অত মাটিৰ পি এইচ অনুসৰি চূণ প্ৰয়োগৰ পৰিমাণ দিয়া হ’ল। প্ৰয়োগ পদ্ধতি তলিত চূণ প্ৰয়োগ পুখুৰীৰ তলিত চূণ প্ৰয়োগ কৰিবলৈ হ’লে তলিত বোকা থাকিব নালাগিব। সম্পূৰ্ণৰুপে তলিখন শুকুৱাই লোৱাৰ পিছত শুকান চূণ ছটিয়াই দইব লাগে। তাৰ পিছত হালবাই দিব লাগে। পুখুৰীৰ তলিত চূণ প্ৰয়োগ কৰিলে মাটিৰ পি এইচ বাঢ়ে, অন্যান্য ৰাসয়নিক গুণ উন্নত হয়, বেমাৰৰ বীজাণু ধ্বংস হয়। পানীত প্ৰয়োগ প্ৰথমতে চূণখিনি এটা পাত্ৰত গুলি লৈ থাণ্ডা হ’বলৈ দি পুৱাৰ ভাগত ছটিয়াই দিব লাগে। পানীৰ সোঁতত প্ৰয়োগ যিবিলাক পুখুৰীত পানী যোগানৰ ব্যৱস্থা থাকে, সেইবিলাক পূখুৰীত পানীৰ অন্তৰ্গমন সোঁতত চূণ প্ৰয়োগ কৰিব পাৰি। পুখুৰীত চূণ প্ৰয়োগৰ ক্ষেত্ৰত প্ৰথম পদ্ধতিৰ বাদে বাকী দুয়োটা পদ্ধতিতে চূণ কিস্তি হিচাপত প্ৰয়োগ কৰিব লাগে। বছৰেকত যিমান পৰিমাণৰ চূণ প্ৰয়োগ কৰা হয়, তাৰ এক তৃতীয়াংশ প্ৰথম কিস্তিত আৰু বাকী থকাখিনি ১০ টা সমান ভাগত ভাগ কৰি মাহে মাহে দিব লাগে। মাছৰ পোনা মেলাৰ এমাহ আগতে প্ৰথম কিস্তিৰ চূণ প্ৰয়োগ কৰিব লাগে। তালিকা: ১- কুইক লাইমৰ প্ৰয়োগ পি এইচ অম্লতা/ক্ষাৰকতা চূণৰ পৰিমাণ( কি: গ্ৰা:) প্ৰতি হেক্টৰত প্ৰতি বিঘাত ৭.০-৬.৫ নিৰপেক্ষ ৪০০ ৫৪ ৬.৫-৬.০ ঈষত আম্লিক ১০০০ ১৩৪ ৬.০-৫.০ আম্লিক ১২০০ ১৬০ ৫.০-৪.০ অতি আম্লিক ২০০০ ২৬৭ চূণ প্ৰয়োগক পুখুৰীত সাৰ প্ৰয়োগৰ প্ৰথম পদক্ষেপ হিচাপে ধৰা হয়। তাৰ পিছত সাৰ প্ৰয়োগ কৰা হয়। কাৰ্পজাতীয় মাছে প্ৰধানকৈ উদ্ভিদ প্লৱক(Phytoplankton)নাইবা জীৱপ্লৱক(Zooplankton) আহাৰ হিচাপে গ্ৰহণ কৰি জীৱন ধাৰণ কৰে। মাছৰ শ্ৰীবৃদ্ধিৰ বাবে এই প্লৱকৰ নিয়মিত উৎপাদন প্ৰয়োজনীয়। পুখুৰীত সাৰ প্ৰয়োগ কৰিলে এই প্লৱকবোৰৰ বংশ বিস্তাৰ হয়। ফলত এই প্লৱকসমূহৰ যথেষ্ট উৎপাদন হয়। গতিকে সাৰে প্ৰত্যেক্ষভাৱে ন’হলেও পৰোক্ষভাৱে মাছৰ শ্ৰীবৃদ্ধিত সহায় কৰে। পুখুৰীত প্ৰয়োগ কৰা সাৰ দুই প্ৰকাৰৰ- জৈৱিক সাৰ আৰু অজৈৱিক সাৰ। জৈৱ সাৰৰ প্ৰয়োগ চূণ দিয়াৰ সাতদিনৰ পিছত জৈৱ সাৰ, যেনে- কেঁচা গোৱৰ পুখুৰীত দিব লাগে। এবিঘা মাটিৰ এটা পুখুৰীত প্ৰতিবছৰে মুঠ ১৫০০ কিলোগ্ৰাম পৰিমাণৰ জৈৱ সাৰ দিয়া প্ৰয়োজন। আদিতে ৪০০ কিলোগ্ৰাম প্ৰয়োগ কৰি পিছত প্ৰতিমাহে ১০০ কিলোগ্ৰাম এই সাৰ দি থাকিব লাগে। ৰাসায়নিক সাৰৰ প্ৰয়োগ জৈৱ সাৰ দিয়াৰ ১৫ দিনৰ পিছত ৰাসায়নিক সাৰ পুখুৰীত দিব লাগে। প্ৰয়োগৰ খুব কম দিনৰ ভিতৰতেই এইবিধ সাৰে উদ্ভিদ প্লৱকৰ উৎপাদন বৃদ্ধি কৰি পুখুৰীত পোনা মেলাৰ উপযোগী কৰি তোলে। এই সাৰৰ নিৰিখ তলত দিয়া হ’ল- (১) ইউৰিয়া: প্ৰতিমাহে ২.০ কিলোগ্ৰাম, (২) ছিংগল ছুপাৰ ফচফেট: প্ৰতিমাহে ৩.০ কিলোগ্ৰাম, (৩) মিউৰেট অব্ পটাছ: প্ৰতিমাহে ১.0 কিলোগ্ৰাম। পুখুৰীৰ পানীত সেউজীয়া ৰঙৰ শেলুৱৈ বেছিকৈ হোৱা যেন দেখিলে সাৰ প্ৰয়োগ সামায়িকভাৱে বন্ধ ৰখা উচিত। উল্লেখিত নিয়মানুসাৰে চূণ তথা সাৰ প্ৰয়োগ কৰিলে যথেষ্ট সুফল পোৱা যায়। বৰ্তমান অসমত পৰি থকা জলাশয়, পিটনিসমূত যদি বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি মীন পালনক পূৰ্ণ বৃত্তি হিচাপে গ্ৰহণ কৰিলেহে অসমত মাছৰ উৎপাদন বৃধি কৰি পালকসকলে নিজৰ লগতে দহৰ আৰু দেশৰো উপকাৰ কৰিবলৈ সক্ষম হ’ব। নিজৰ ঘৰৰ পাছফালে থকা পুখুৰীটো যদি পৰিস্কাৰ কৰি চূণ-সাৰ প্ৰয়োগ কৰি মাছৰ পোনা মেলা হয়, তেনেহ’লে নিজেই প্ৰমাণ চাব পাৰিব মাছৰ উৎপাদন তথা শ্ৰীবৃধিত চুণ আৰু সাৰৰ ভূমিকা কিমান। আহক, আমি তাক পৰীক্ষা কৰো আমাৰ নিজৰ পুখুৰিতেই। প্ৰতুল ডেকা, দৈনিক অসম।