বৰ্তমান সময়খিনি হৈছে খাল-বিল-নৈ-পুখুৰী সকলোতে মৎস্য চপোৱাৰ সময়। বিভিন্ন অঞ্চলত ৰাজহুৱাভাৱেও মাছ চিকাৰ কৰা হয়। এনে কৰোঁতে ডাঙৰ মাছৰ লগতে বহুতো সৰু-সুৰা মাছো জালত পৰে বা চপোৱা হয়।

যিহেতু এই সময়খিনিত সৰু মাছৰ চাহিদা অতি কম, গতিকে প্ৰায়ক্ষেত্ৰতেই এনেধৰণৰ মাছবোৰ আৰু কম অৰ্থকৰী মাছবোৰ অপচয় হয়। বেছিভাগ ক্ষেত্ৰতেই উৎসৰ সন্মুখতে এনে মাছ পৰি থাকি গেলি-পচি যায়, নতুবা গাত খান্দি পুতি থোৱা হয়।

এয়া মাছৰ ব্যাপক অপচয়। কিন্তু এই মাছবোৰ অতি পুষ্টিকাৰক, সুস্বাদু আৰু ৰুচিব্যঞ্জক। এনে মাছ পৰৱৰ্তী সময়লৈ, বিশেষকৈ মাছ ধৰা নিষিদ্ধ সময়ত ব্যৱহাৰোপযোগী কৰিবলৈ সহজতে শুকুৱাই সংৰক্ষণ কৰিব পাৰোঁ।

অৱশ্যে এই গোটেই ব্যৱস্থাখিনি বিজ্ঞানসন্মত, স্বাস্থসন্মত আৰু শৃংখলাবদ্ধ হ’ব লাগিব। বৰ্তমানৰ সময়খিনিত এই কথাটো বিশেষ তাৎপৰ্যপূৰ্ণ।

মাছ শুকুৱাই সংৰক্ষণ কৰাটো অতি পুৰণি কালৰপৰা প্ৰচলিত আৰু কম খৰচী ব্যৱস্থা। বিশেষকৈ, বাৰিষা কালত নৈ-বিল আদি প্ৰাকৃতিক জলাশয়ৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ জনসাধাৰণে বিভিন্ন সময়ত মাছ উভৈনদী হ’লে এই ব্যৱস্থাৰে বহুদিনলৈ সংৰক্ষণ কৰি ৰাখে।

নৈপৰীয়া জনগোষ্ঠীয় লোকসকলৰ মাজত ই অতি জনপ্ৰিয়। বিশ্বৰ বিভিন্ন দেশত শুকান মাছৰ যথেষ্ট চাহিদা আছে।

আমাৰ দেশৰপৰা ছিংগাপুৰ, মালয়ছিয়াকে আদি কৰি কেইবাখনো পশ্চিমীয়া দেশলৈ যথেষ্ট শুকান মাছ ৰপ্তানি হয়। এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰখনো অসমৰ জাগীৰোডত অৱস্থিত।

মন কৰিবলগীয়া যে বেছিভাগ ক্ষেত্ৰতে এই ব্যৱস্থাটোত বিজ্ঞানসন্মত আৰু স্বাস্থ্যসন্মত দিশটোক অৱজ্ঞা কৰা হয়।

বৰফৰ ব্যৱহাৰ আৰু টিনত ভৰাই সংৰক্ষণ কৰা ব্যৱস্থালানি বৃহৎ উদ্যোগৰ আওতাৰ ভিতৰত পৰে আৰু ইয়াৰ যথেষ্ট মূলধনী বিনিয়োগ, কাৰিকৰী কৌশল, সক্ষ, মানৱ সম্পদ আৰু উন্নত যন্ত্ৰ-পাতিৰ সমাহাৰ ঘটে।

সেয়েহে বিভিন্ন ভিতৰুৱা অঞ্চলৰ জনসাধাৰণৰ মাজত মাছ শুকাই সংৰক্ষণ কৰাটো অন্যতম গ্ৰহণযোগ্য কম খৰচী উপায় হিচাপে চলি আছে। তুলনামূলকভাৱে এওঁলোক শিক্ষা আৰু অৰ্থ দুয়ো দিশতে পাছপৰা হেতু এই শিল্পটো আজিকোপতি আদিম অৱস্থাত আছে।

বেছিভাগ ক্ষেত্ৰতে এই মাছ শুকোৱা ব্যৱস্থাটো অতি অবৈজ্ঞানিকভাৱে চলি থকা পৰিলক্ষিত হয়। দেখা যায় যে সাধাৰণতে নিকৃষ্টমানৰ মাছহে শুকান মাছৰ উৎপাদনত ব্যৱহৃত হয়। এই প্ৰক্ৰিয়াত ব্যৱহৃত নিমখখিনি বেছিভাগ ক্ষেত্ৰতেই নিম্নমানবিশিষ্ট লেতেৰা আৰু ধূলি-মাকতিৰে পৰিপূৰ্ণ হয়।

বহুক্ষেত্ৰত মাছ শুকোৱা স্থানত, আনকি পৰিষ্কাৰ পানী পৰ্যন্ত নাথাকে। মাছখিনি অতি অস্বাস্থ্যকৰভাৱে দম কৰি ৰখা হয়।

আনকি, এই কাৰ্যত জড়িত লোকজনৰ হাতো চাফা নহয়। এইদৰে শুকোৱা মাছ ‘হিলোফিলিক’ বেক্টেৰিয়াৰদ্বাৰা আক্ৰান্ত হয় আৰু বেছি দিন মজুত কৰি ৰাখিব নোৱাৰি। এনে এক পটভূমিত স্বাস্থ্যসন্মত দিশটো ৰক্ষা কৰিব নোৱাৰি।

কিন্তু এটা কথা নিশ্চিত যে সম্পূৰ্ণ বিধিসন্মতভাৱে বৈজ্ঞানিক দৃষ্টিভংগীৰে উৎপাদিত শুকান মাছৰ খাদ্যৰ গুণাগুণ আন সংৰক্ষণ প্ৰক্ৰিয়াসমূহত উৎপাদিত পথ্যৰ গুণাগুণতকৈ নিম্নমানৰ নহয়।

শুকান মাছ প্ৰস্তুতকৰণৰ বিভিন্ন প্ৰণালী আৰু আধুনিক ব্যৱস্থাৱলী আছে। ভাৰতীয় কৃষি গৱেষণা পৰিষদ আৰু কেন্দ্ৰীয় মীন প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে কেইবাটাও সৰল আৰু বিজ্ঞানসন্মত প্ৰযুক্তি ৰাইজলৈ লৈ আহিছে। সেই নিদান মৰ্মে প্ৰথমে সতেজ মাছখিনি পাৰলৈ আনি বোকা, বালি আদি পৰিষ্কাৰ পানীৰে ধুই আঁতৰাই ল’ব লাগে।

তাৰ পিছত এইবোৰ শুকোৱাবৰ বাবে নিৰ্দ্ধাৰণ কৰা ঠাইলৈ সতৰ্কতাৰে নিব লাগে। মন কৰিব লাগিব যাতে প্ৰতিটো কাম ধূলি-মাকতিয়ে নষ্ট কৰিব নোৱাৰাকৈ পৰিষ্কাৰ মেজ বা প্লাষ্টিক আদিৰ ওপৰতহে সমাপন কৰা হয় আৰু সামগ্ৰিকভাৱে এটা স্বাস্থ্যসন্মত পৰিৱেশ অক্ষুণ্ণ থাকে।

এইবাৰ নাড়ী-ভুঁৰুখিনি উলিয়াই পেলনীয়া বস্তু ৰখা পাত্ৰত পেলাব লাগে। যিবোৰ সৰু মাছৰ নাড়ী-ভুঁৰু আদি পেলোৱা সম্ভৱ নহয়, সেইবোৰ ভালকৈ ধুই নিমখ সানিব লাগে। কেতবোৰ মাছৰ বাকলি গুছাই ল’ব লাগে, তেতিয়া উজ্জ্বলতা বাঢ়ে।

এইবাৰ মাছখিনি ভালদৰে ধুই পানী নিগৰিবলৈ দিব লাগে আৰু পানী নিগৰি যোৱাৰ পিছত মাছখিনি নিমখ মিহলোৱা মেজলৈ নি উন্নতমানৰ নিমখ হাতেৰে সমবিতৰণেৰে এভাগ নিমখ আৰু চাৰিভাগ মাছ মিহলি কৰাটো বাঞ্ছনীয়।

নিমখ লওৱাৰ পিছত পৰিষ্কাৰ পকী চৌবাচ্ছাত মাছখিনি ঠিক-ঠাক কৰি কমেও ২৪ ঘন্টা থ’ব লাগে। এইবাৰ মাছখিনি উলিয়াই পুনৰ পৰিষ্কাৰ পানীত ধুই মাছৰ গাত লাগি থকা নিমখৰ টুকুৰাবোৰ আঁতৰাই লৈ পৰিষ্কাৰ পকী ভেটি বা ওখ চাং এখনৰ ওপৰত মেলি দি শুকাব লাগে।

এই পদ্ধতিত স্বাস্থ্যসন্মত দিশসমূহ ৰক্ষা কৰিবলৈ কেতবোৰ সতৰ্কতা সততে লোৱা উচিত। সমগ্ৰ ব্যৱস্থাৱলীত ব্যৱহাৰ হোৱা সঁজুলি, মেজি আদি পৰিষ্কাৰ-পৰিচ্ছন্ন হ’ব লাগে, যাতে ধূলি-বালি আদিয়ে নষ্ট কৰিব নোৱাৰে। সকলো প্ৰকাৰৰ ধোৱা কাৰ্যত কুহুমীয়া পানীহে ব্যৱহাৰ কৰাটো বাঞ্ছনীয়।

সেইদৰে পেলনীয়া বস্তু, যেনে- মাছৰ বাকলি, নাড়ী-ভুঁৰু আদি য’তে-ত’তে নেপেলাই নিৰ্দিষ্ট ঠাইতহে পেলাব লাগে। সৰ্বতোপৰি এই কামত জড়িত লোকজনৰ হাত পৰিষ্কাৰ হোৱাটো একান্তই প্ৰয়োজনীয়।

শুকোৱা মাছখিনি দীৰ্ঘ সময়লৈ ভালে ৰাখিবলৈ কেলচিয়াম প্ৰপিওনেট আৰু বিশুদ্ধ নিমখৰ গুড়িৰে প্ৰস্তুত কৰা নিমখ ছটিয়াব লাগে। তিনি ভাগ কেলচিয়াম প্ৰপিওনেটৰ লগত ২৭ ভাগ গুড়ি নিমখ ভালদৰে মিহলাই এই প্ৰস্তুত কৰা হয়।

চাব লাগিব যাতে মিশ্ৰণটো মাছৰ সকলো অংশত সমভাৱে পৰে। প্ৰতি দহ কিলোগ্ৰাম শুকান মাছৰ বাবে এক কিলোগ্ৰাম এনে মিশ্ৰণৰ প্ৰয়োজন।

ইয়াৰদ্বাৰা হেলেফলিক আৰু অন্যান্য অনিষ্টকাৰী বেক্টেৰিয়াৰদ্বাৰা হোৱা প্ৰদূষণ ৰোধ কৰা সম্ভৱ। উল্লেখ্য যে কেলচিয়াম প্ৰপিওনেট প্ৰয়োগৰ ফলত শুকান মাছৰ ৰং গোন্ধ বা সোৱাদৰ একো ক্ষতি নহয়।

সাধাৰণতে শুকোৱা মাছখিনি বিভিন্ন ওজনৰ পলিথিনৰ মোনাত ভৰাই ভালদৰে বন্ধ কৰি বজাৰত খুচুৰা বিক্ৰীৰ বাবে সাজু কৰা হয়।

পাইকাৰী বিক্ৰীৰ বাবে মাছবোৰ পলিথিনৰ প্ৰলেপ থকা মৰাপাটৰ বস্তাত ৰাখিব লাগে। কিয়নো এনে কৰিলে মাছখিনি বেছিকৈ শুকোৱাৰপৰা ৰক্ষা পৰাৰ উপৰি বেক্টেৰিয়াৰ আক্ৰমণৰপৰা ৰক্ষা পৰিব।

মাছ শুকুৱাই সংৰক্ষণ কৰা পদ্ধতিটো অতি সহজ আৰু কম খৰচী বাবে সাধাৰণ মানুহেও এই পদ্ধতি প্ৰয়োগ কৰিব পাৰে। আনুসংগিক খুঁটি-নাটি আৰু সাৱধানতাখিনি অৱলম্বন কৰি উৎকৃষ্ট শুকান মাছ প্ৰস্তুত কৰিব পাৰি।

মাছৰপৰা প্ৰস্তুত কৰা এনেধৰণৰ বিভিন্ন মূল্য সংযোজিত সামগ্ৰীসমূহে অদূৰ ভৱিষ্যতে আমাৰ ৰাজ্যত সমাদৰ লাভ কৰাৰ যথেষ্ট সম্ভাৱনা আছে।

অসমত পৰম্পৰাগত পদ্ধতিৰে সংৰক্ষণ কৰা মাছৰ সমাদৰ কম যদিও জনজাতীয় লোকসকলে বিশেষভাৱে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী যেনে- চিদল, নামচিং, নগচাম আদিৰ যথেষ্ট সম্ভাৱনা আছে। উন্নত কৌশলেৰে স্বাস্থ্যসন্মতভাৱে প্ৰস্তুত কৰি আকৰ্ষণীয়ভাৱে উপস্থাপন কৰিলে আমাৰ থলুৱা সামগ্ৰীসমূহৰ চাহিদাও ক্ৰমান্বয়ে বৃদ্ধি পাব।

বিভাগীয় কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে আত্মসহায়ক গোটবোৰে মাছৰপৰা অৰ্তযুক্ত সামগ্ৰী প্ৰস্তুত কৰি লাভান্বিত হোৱাৰ যথেষ্ট সম্ভাৱনা আছে।

এনেধৰণৰ শুকান মাছ প্ৰস্তুত কৰি তাত পদিনাৰ ৰস, জলকীয়াৰ ৰস, তুলসীৰ ৰস আদি সংযোজন কৰিও মান বৃদ্ধি কৰিব পাৰি।

মন সংযোজিত তথা ৰুচিব্যঞ্জক শুকান মাছ অত্যন্ত চাহিদাসম্পন্ন। অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় ৰহাস্থিত মীন মহাবিদ্যালয়খনে এই দিশত যথেষ্ট কাম-কাজ কৰি আছে। ইচ্ছুকসকলে তেওঁলোকৰ লগত যোগাযোগ কৰি সুফল পাব পাৰে।

লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা(দৈনিক অসম)