মাছৰ উৎপাদন বৃদ্ধি কৰিবলৈ মীন পালকসকলে বৰ্তমান বহুতো উন্নত কৌশল অৱলম্বন কৰে। কিন্তু সমান্তৰালভাৱে মাছৰ স্বাস্থ্য তথা গুণগত উত্পাদনৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়ে। ফলস্বৰুপে মীন পালনত মাছৰ ৰোগ এক সমস্যা হিচাপে দেখা দিছে, সেয়েহে মাছৰ ৰোগ, প্ৰতিকাৰ আৰু প্ৰতিৰোধৰ উপায়সমূহৰ বিষয়ে মীনপালকসকল সজাগ হ’ব লাগিব। মাছ, বীজাণু আৰু পৰিৱেশৰ প্ৰাকৃতিক ভাৰসম্যতাৰ অভাৱত ৰোগৰ উত্পত্তি হয়। ৰোগাক্ৰান্ত মাছৰ বৃদ্ধিৰ হাৰ কম আৰু ই আকাংক্ষিত উৎপাদনত বাধা দিয়ে। বহুসময়ত ৰোগৰ প্ৰভাৱত কোনো এক জলৰাশিৰ সমূহ মাছৰ মৃত্যু ঘটিব পাৰে। তদুপৰি বজাৰত ৰোগীয়া মাছৰ চাহিদা নাই। এনেদৰে ৰোগৰ আৱিৰ্ভাৱে মীন পালকসকলৰ অৰ্থনৈতিক বিপৰ্যয় মাতি আনে। মাছৰ ৰোগ চিনাক্তকৰণ মাছ পানীত থাকে বাবে ৰোগৰ প্ৰাদুৰ্ভাৱ সহজে ধৰা পেলোৱা জটিল। অথচ প্ৰণালীবদ্ধভাৱে পৰ্যবেক্ষণ কৰি ৰোগ চিনাক্ত কৰিব পৰা যায়। ৰোগাক্ৰান্ত মাছৰ সাধাৰণ লক্ষণসমূহ ১) মাছে খাদ্য খাবলৈ এৰি দিয়ে। ২) সাঁতোৰাৰ গতি অনিয়মিত হৈ পৰে। ৩) পুখুৰীৰ তলিত, দাঁতিত বা খহতা ঠাইত গা খজুৱাবলৈ ধৰে। ৪) পানীৰ উপৰিভাগলৈ আহি কপ্কপাই থাকে। ৫) মাছৰ গাৰ বৰণৰ উজ্জ্বলতা হ্ৰাস পায়। ৬) গাৰ বাকলি আৰু পাখি ভাঙি-ছিঙি যায়। ৭) জলক্লোম বা ফুলৰ তেজাল বৰণ ঢেলা হৈ পৰে। ৮) পেট উফন্দি উঠে আৰু পেটত পানী জমা হয়। ৯) চকু ওখহি উঠে। ১০) দেহৰ বাহিৰ ভাগত ৰঙা ফুট্ফুটীয়া ঘাঁৰ নিচিনা দাগ পৰে। ১১) জলক্লোম বা দেহৰ বিভিন্ন অংশত সৰু সৰু পোক লাগি থাকে। ১২) মাছৰ মুখ ভাগত বা দেহৰ আঘাটপ্ৰাপ্ত অংশত বগা কপাহৰ নিচিনা থোপা যেন লাগি থাকে। ১৩) মাছৰ মূৰটো ডাঙৰ হৈ গাটো পিছৰ ফালে চিঁয়া হৈ পৰে। ১৪) দেহৰ মাজহাড় বেঁকা হৈ পৰে। ১৫) গাৰ উপৰিভাগ বিজলুৱা হৈ পৰে। ১৬) গাৰ উপৰিভাগত নীলা বৰণৰ চামনি পৰে। ওপৰত উল্লেখিত লক্ষণসমুহৰ যিকোনো লক্ষণে দেখা দিলেই, বিশেষ সাৱধানীয়তা অৱলম্বণ কৰিব লাগে। মাছৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থা মাছৰ ৰোগ নিৰাময় কৰাটো এক জটিল সমস্যা। কিয়নো পানীত থকা মাছ ধৰি আনি প্ৰতিকাৰ দিয়াটো কঠিন কাম। তথাপি কিছুমান প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰি মাছক বেমাৰৰ পৰা আঁতৰত ৰাখিব পাৰি। তেনে কিছুমান ব্যৱস্থা তলত উল্লেখ কৰাহ’ল- ১) পুখুৰীত শেলুৱৈৰ চামনি পৰিলে অতি সোনকালে নিয়ন্ত্ৰণ কৰিব লাগে। ২) পুখুৰীৰ পানীত অলাগতিয়াল জাবৰ-যোথৰ পেলাব নালাগে। ৩) পুখুৰীৰ পৰা অলাগতীয়াল মাছ আৰু হাবি-বন আঁতৰ কৰিব লাগে। ৪) পানীৰ পি. এইচ্ৰ ওপৰত নিৰ্ভৰ কৰি সময়ে সময়ে চূণ প্ৰয়োগ কৰিব লাগে আৰু পানীক ক্ষাৰকীয় অৱস্থাত ৰাখিব লাগে। ৫) অত্যধিক জৈৱিক আৰু ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা অনুচিত। ৬) উন্নত মানৰ সঠিক স্ংখ্যক আৰু সঠিক আকাৰৰ মাছপোনা পুখুৰীত এৰিব লাগে। ৭) প্ৰয়োজতকৈ অধিক পৰিমাণৰ খাদ্য প্ৰয়োগ কৰা অনুচিত। ৮) পুখুৰীত শেলুৱৈৰ চামনি পৰিলে অতি সোণকালে নিয়ন্ত্ৰণ কৰিব লাগে। ৯) পুখুৰীৰ পানীত অলাগতিয়াল জাবৰ-যোথৰ পেলাব নালাগে। ১০) পুখুৰীত ডাঙৰ গছ-গছনী থাকিব দিব নালাগে। ১১) পুখুৰীৰ পানী মুকলি জলাশয়ৰ স্ংস্পৰ্শত আহিব দিব নালাগে। ১২) পুখুৰীত চৰাই অথবা জন্তুৰ প্ৰৱেশ পৰাপক্ষত হ’বলৈ দিব নালাগে। ১৩) পানীত অক্সিজেনৰ পৰিমাণ কমিবলৈ দিব নালাগে। ১৪)মাছত ঘাঁ বা অন্য ৰোগ দেখা পালে নতুবা মাছ মৰা দেখিলেই উঠাই আনি গাঁত খান্দি পুতি থ’ব লাগে। মাছ পানীত থাকে বাবে বেমাৰ সহজতে চকুত নপৰে বা চিনাক্ত কৰিব পাৰিলেও ঔষধ ব্যৱহাৰ কৰিবলৈ অসুবিধা। সেয়ে মাছৰ ৰোগ প্ৰতিকাৰ কৰিবলৈ যোৱাতকৈ প্ৰতিৰোধৰ ব্যৱস্থা লোৱাটোৱেই শ্ৰেয়। মীনপালকসকলৰ সুবিধাৰ্থে মাছৰ ৰোগ আৰু ইয়াৰ প্ৰতিৰোধ ব্যৱস্থাৰ থূলমূল আভাস ইয়াত আগবঢ়োৱা হ’ল। মাছৰ ৰোগ আৰু মীন পালনত ই কৰা ক্ষতি সাধনৰ প্ৰতি গুৰুত্ব আৰোপ কৰি, জনসাধাৰণক প্ৰত্যক্ষ বা পৰোক্ষভাৱে মাছৰ বিভিন্ন ৰোগ তথা ইয়াৰ প্ৰতিকাৰ আৰু নিৰাময় ব্যৱস্থাৰ বিষয়ে সজাগ কৰিবলৈ ৰহাস্থিত মীন মহাবিদ্যালয়ত ‘জলজ প্ৰাণীৰ ৰোগ নিৰীক্ষণৰ ৰাষ্ট্ৰীয় প্ৰকল্প’ শীৰ্ষক এখনি আঁচনি আৰম্ভ হৈছে। মীন মহাবিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, ৰহা।