1) ঘৰুৱা ব্যৱহাৰ অথবা ব্যৱসায়ৰ বাবে প্ৰতিপালন কৰি মাছ উৎপাদন কৰাকেই মীন পালন বোলা হয়৷ (2) মীন পালনৰ জৰিয়তে মাটি আৰু পানীৰ উচিত ব্যৱহাৰ কৰিব পাৰি ৷ (3) পৰিয়ালৰ পৰিপুষ্টিৰ বাবে মাছ এবিধ সুস্বাদু উপযুক্ত খাদ্য ৷ (4) সৰু পৰিয়ালে নিজে মাছ খোৱাৰ উপৰিও অতিৰিক্ত মাছখিনি বজাৰত বিক্ৰী কৰি পৰিয়ালৰ আয় বঢ়াব পাৰি ৷ 5) ব্যৱসায়িক ভিত্তিত মীন পালন কৰি জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত কৰিব পাৰি৷ (6) অন্যান্য কৃষি কৰ্মৰ তুলনাত মীন পালন সহজ যদিও নতুন সকলৰ বাবে জটিল ৷ মাছ পানীৰ তলত থকা বাবে পাৰৰ পৰা পুখুৰীত পালন কৰা মাছৰ অৱস্থা অনুমান কৰাটো সহজ নহয় ৷ সেয়েহে মীন পালনৰ বাবে দক্ষতাৰ প্ৰয়োজন হয়৷ (7) মীন পালন কৰিবলৈ হলে প্ৰযুক্তিগত জ্ঞান আৰু দক্ষতাৰ আহৰণ কৰি লোৱা উচিত ৷ মাছক ‘ব্ৰেইন ফুদ’ অৰ্থাৎ মগজুৰ খাদ্য বুলি কোৱা হয় ৷ মাছত ওমেগা-৩ ফ্যাটি এচিদ থাকে ৷ ই এবিধ মহৌষধ ৷ ভাইৰাচ জনিত ৰোগ আৰু কেন্সাৰৰ লগতে অন্যান্য বহুতো ৰোগ ই প্ৰতিৰোধ কৰিব পাৰে আৰু ৰক্ত সঞ্চালন তথা হৃদ যন্ত্ৰ সম্বন্ধীয় সকলো ৰোগ নিয়ন্ত্ৰন কৰে ৷ এই বিধ ফ্যাটি এচিদ প্ৰধানত: মাছত পোৱা যায় ৷ ই মানুহৰ শাৰীৰিক বৃদ্ধিও নিয়ন্ত্ৰণ কৰে৷ 8) মীন পালনৰ বাবে এটি পুখুৰী বা উপযুক্ত জলাশয়ৰ প্ৰয়োজন ৷ পুখুৰীটোৰ নিৰ্মাণৰ বাবে উপযুক্ত মাটিৰ লগতে যাৱতীয় সামগ্ৰীৰ প্ৰয়োজন৷ পুখুৰী খননৰ পিচত মীন পালনৰ বাবে পানী, মাছ পোণা, খাদ্য, সাৰ আৰু চূণৰ প্ৰয়োজন ৷ (9) পুখুৰী নিৰ্মাণ কৰিবলৈ আৰু পৰিচালনা কৰিবলৈ সময়ৰ প্ৰয়োজন ৷ 10)ডাঙৰ জলাশয়ত আৱেষ্টনী সাজিও মীন পালন কৰিব পাৰি৷ 11)পুৰণি পুখুৰী মেৰামতি কৰিও মীন পালন কৰিব পাৰি৷ 12)মীন পালনৰ বাবে ওচৰৰ মীন পালন কেন্দ্ৰ নাইবা মীন সম্প্ৰসাৰণ বিষয়াৰ সহায় লব ৷ 13)মীন কাৰিকৰী সেৱা ব্যৱস্থা নাথাকিলে ব্যক্তিগত ভাবে কৌশল আৰু দক্ষতা অৰ্জন কৰি লব লাগিব ৷ 14) মাটিৰ গুণাগুণ আৰু পুখুৰী খননৰ বিষয়ে সবিশেষ জানিব লাগিব৷ 15) কি মাছ পালন কৰিব ? মাছ পোণা কেনেদৰে মেলিব ? কি খাদ্য কেনে-দৰে খুৱাব ? ইত্যাদিৰ বিষয়ে সবিশেষ জানিব লাগিব ৷ 16) মাছ পালন কৰা পুখুৰীটোৰ পৰিচালনাৰ বিষয়ে জানিব লাগিব ৷ কেনেদৰে পানী সিচিঁব, মাছ ধৰিব, ইত্যাদি কথাও জানিব লাগিব৷ 17) এডৰা উপযুক্ত মাটি বাচি লব লাগিব ৷ 18) অন্য কৃষি কৰ্ম বা ঔদ্যোগিক ব্যৱহাৰৰ উপযোগী মাটিত পুখুৰী খন্দিব নেলাগে৷ 19) এঢলীয়া মাটি পুখুৰীৰ বাবে বেছি উপযোগী ৷ এনেকুৱা মাটিত কম খৰছতে পুখুৰী খান্দিব পাৰি ৷ তাৰোপৰি এনে পুখুৰীৰ পানী উলিয়াই দিবলৈ সহজ ৷ বান পীড়িত অঞ্চলত পুখুৰী খান্দিব নেলাগে ৷ পাহাৰৰ থিয়গড়াত পুখুৰী খান্দিব নেলাগে ৷ পুখুৰীৰ স্থান সদায় ৰ’দ ঘাই হব লাগে ৷ পৰা পক্ষত পুখুৰীটো ঘৰৰ ওচৰত হব লাগে ৷ তেনে পুখুৰী চোৱা-চিতা কৰিবলৈ সহজ হয় ৷ পুখুৰীটোত পানীৰ অভাৱ হব নেলাগিব৷ অতি খৰাং দিনত পুখুৰীৰ পানী শুকাই যাব পাৰে ৷ তেনে স্থানত পানী যোগানৰ বাবে সুবিধা থাকিলে ভাল৷ বাহিৰৰ পৰা যোগান ধৰা পানী দুৰ্গন্ধযুক্ত, লেতেৰা বা ৰং যুক্ত হোৱা অনুচিত ৷ পুখুৰীত বাহিৰৰ পানী যাতে সোমাব নোৱাৰে তাৰ প্ৰতি সাৱধান হব লাগে৷ পুখুৰীত যোগান ধৰা পানীৰ লগত যাতে অবাঞ্চিত মাছ প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে ৷ বালিচঁহীয়া মাটি পুখুৰীৰ বাবে উপযুক্ত নহয়৷ এনে মাটিৰ পুখুৰীত পানী নেথাকে৷ বালিচঁহীয়া মাটিৰ পুখুৰীৰ পাৰ সোনকালে খহে ৷আলতীয়া মাটি পুখুৰীৰ বাবে উপযোগী ৷ মাটিত বোকাৰ পৰিমাণ যিমানে বেছি হয়, পুখুৰীৰ পানী ধাৰণ ক্ষমতা সিমানে বেছি হয় ৷ আলতীয়া মাটিৰ পুখুৰীৰ পাৰ বেছি মজবুত হয় ৷ খন্দাৰ আগতে মাটি ডৰাৰ উপযুক্ততা পৰীক্ষা কৰি লব লাগে ৷ মাটিৰ পানী ধাৰণ ক্ষমতা নিশ্চিত নকৰাকৈ পুখুৰী খন্দা উচিত নহয়৷ এই পৰীক্ষা অতি সহজতে নিজেও কৰিব পাৰি৷ মাটি অলপ হাতত লৈ এটা লাড়ু তৈয়াৰ কৰি লাড়ুটো ওপৰলৈ দলিয়াই পুনৰ হাতেৰে ধৰিব লাগে৷ বালিৰ পৰিমাণ বেছি থাকিলে লাড়ুটো ভাঙি যায়৷ নেভাঙিলে মাটিডৰা পুখুৰীৰ বাবে উপযুক্ত হব পাৰে৷ নিশ্চিত হবলৈ আন এটা পৰীক্ষাৰ কৰাৰ দৰকাৰ৷ ককাঁলৰ সমান দঃ কৈ গাঁত এটা খান্দি ৰাতিপুৱা গাঁতটো সম্পূৰ্ণ হোৱাকৈ পানী ঢালিব লাগে৷ আবেলি সময়ত কিছু পানী শুকাই যাব ৷ আবেলি সময়ত গাঁতটো পুনৰ পানীৰে পূৰাই দিব লাগে ৷ পিচদিনা ৰাতিপুৱালৈ গাঁতটোত পানী থাকিলে নিশ্চিত হব পাৰি যে মাটি ডৰাৰ পানী সাধাৰণ ক্ষমতা অতি উচ্চ আৰু পুখুৰীৰ বাবে উপযোগী ৷ পানী সাধাৰণ ক্ষমতা সন্তোষজনক হ'লেহে পুখুৰীৰ বাবে মাটিডৰা নিৰ্বাচন কৰিব লাগে FAOৰ মতে মাছৰ শাৰীৰিক বৃদ্ধিৰ বাবে পুখুৰীটোৰ পানী কালি অতি কমেও ৩০০ বৰ্গ মিটাৰ হোৱা উচিত ৷ সেয়েহে, ৩০০ বৰ্গ মিটাৰতকৈ বেছি পানী কালিৰ পুখুৰীতহে মীন পালন কৰিব লাগে ৷ অসমৰ বাবে প্ৰস্তুত কৰা পেকেজ মতে পুখুৰীটোৰ কালি (পাৰ সহ) অতি বেছি ৪৫০ বৰ্গ মিটাৰ হব লাগে ৷ এনেকুৱা পুখুৰীত মীন পালন কৰি নিজৰ প্ৰয়োজন পূৰণ কৰাৰ উপৰিও অতিৰিক্ত মাছ খিনি বিক্ৰী কৰি উপাৰ্জন বৃদ্ধি কৰিব পাৰি ৷ দীঘ আৰু প্ৰস্হৰ পূৰণ ফলকেই কালি বোলা হয় ৷ ২০ মি: দীঘল ২০ মি: বহল পুখুৰী এটাৰ পানীকালি ৪০০ বৰ্গ মিটাৰ ৷ পুখুৰীটো আয়তাকৃতি বা বৰ্গাকৃতিৰ হব লাগে ৷ এনে পুখুৰী খান্দিবলৈ সহজ আৰু পৰিচালনাও সহজ ৷ মাটিৰ আকৃতি অনুসৰি পুখুৰী বিভিন্ন আকৃতিৰ হব পাৰে ৷ পুখুৰীৰ আকাৰ পৰাপক্ষত, আয়তাকৃতি অথবা বৰ্গাকৃতিৰ কৰিবলৈ যত্ন কৰা উচিত ৷ ২০ মি: X ২০ মি: পানী কালিৰ পুখুৰী এটা নিৰ্মাণ কৰিবলৈ, প্ৰথমতে ২৬ মি: X ২৬ মি: বৰ্গক্ষেত্ৰ এটা জুখি লৈ চাৰিও চুকত চাৰিটা খুটি মাৰি লব লাগে ৷ খুটি চাৰিটা এডাল ট’ন সূতাৰে সংলগ্ন কৰি পাৰৰ বাহিৰ ফালটো চিহ্নিত কৰি লব লাগে ৷ খুটিৰ ভিতৰৰ অংশৰ সকলো গছ-গছনি আদি কাটি মাটি ডৰা পৰিষ্কাৰ কৰি লব লাগে ৷ ওপৰৰ ২০ ছে: মি: মাটি খান্দি আঁতৰাই বেলেগে থুপাই ৰাখিব লাগে ৷ এই মাটি খিনি পিচত পাৰৰ ওপৰত দিব পাৰি ৷ এতিয়া ২৬ মি: X ২৬ মি: বৰ্গ ক্ষেত্ৰটোৰ ভিতৰত এটা ২০ মি: X ২০ মি: বৰ্গক্ষেত্ৰ চিহ্নিত কৰি খুটি মাৰি লব লাগে ৷ খুটি চাৰিটা টন সূতাৰে সংলগ্ন কৰি পাৰৰ ভিতৰ ফালটো চিহ্নিত কৰিব লাগে ৷ পুখুৰীৰ বাম ফালে থকা পাৰৰ তলি খন অতি কমেও ১ মি: বহল হব লাগে ৷ দ ফালৰ পাৰৰ তলি খন অতি কমেও ২ মি: বহল হব লাগে ৷ দ্বিতীয় বৰ্গ ক্ষেত্ৰৰ ভিতৰত তৃতীয় ক্ষেত্ৰ এটা চিহ্নিত কৰিব লাগে ৷ এই ক্ষেত্ৰটো ১৮ মি: X ১৭ মি: আকাৰৰ হব লাগে ৷ এই ক্ষেত্ৰই পাৰ কেইটাৰ তলি কৰ পৰা আৰম্ভ হব তাকে সূচায় ৷ আটাইকেইটা ক্ষেত্ৰ যাতে সূতাৰে সঠিক ভাবে সংলগ্ন কৰা থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে ৷ ইয়াৰ পিচত তৃতীয় ক্ষেত্ৰৰ পৰা মাটি খান্দি পাৰ বান্ধিব লাগে ৷ পুখুৰীৰ তলিৰ ঢালৰ অনুপাত ৰক্ষা কৰিবলৈ বাম অংশত ২০ ছে: মি: আৰু দ' অংশত তুলনামূলক ক্ৰমান্বয়ে দ' কৈ খান্দিব লাগে ৷ আটাইতকৈ দ' অংশত ৩০ ছে: মি: দ' হব লাগে ৷ পুখুৰী খান্দোতে পোৱা মাটি ২৬ মি: X ২৬ মি: আৰু ২০ মি: X ২০ মি: ক্ষেত্ৰৰ মাজৰ অংশত জমা কৰি পাৰ বান্ধিবলৈ ব্যৱহাৰ কৰিব লাগে ৷ মাটি খান্দোতে গছৰ শিপা পালে তাক আঁতৰাই পেলাব লাগে ৷ পাৰৰ মাটি আঠুৰ সমান ওখ হলে মাটিত ধুৰ্মুচ মাৰিব লাগে ৷ গধূৰ তক্তা, বা গছৰ টুকুৰাৰে ধুৰ্মূচ মাৰিব পাৰি ৷ পুখুৰী খান্দোতে ওপৰ অংশৰ পৰা তলৰ অংশলৈ ঢাল ৰাখিব লাগে ৷ ঢাল ২ : ১ হোৱা উচিত ৷ উচ্চ অংশত পুনৰ ২০ ছে: মি: আৰু নিম্ন অংশত ৩০ ছে: মি: খান্দিব লাগে ৷ পুনৰ উচ্চ অংশত ২০ ছে: মি: আৰু নিম্ন অংশত ৩০ ছে: মি: খান্দিব লাগে ৷ খনন কৰি পোৱা মাটি পাৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিব লাগে ৷ পুখুৰী খননৰ কাম শেষ হোৱাৰ পিচত পাৰটো সমান আৰু মিহি কৰি প্ৰকৃত আকাৰ দিব লাগে ৷ পাৰটোৰ ভিতৰ ফালৰ ঢাল বাহিৰ ফালৰ ঢালতকৈ বেছি হোৱা উচিত ৷ পখুৰীৰ পাৰটোৰ উপৰি ভাগৰ প্ৰস্হ ১.৫ মিটাৰ হব লাগে ৷ পুখুৰীৰ তলি খন খলা-বমা আৰু টান হোৱা উচিত নহয় ৷ আগতে খান্দি থুপাই ৰখা উপৰুৱা মাটি খিনি পাৰটোৰ ওপৰত আৰু বাহিৰ ফালে দি মিলাই দিব লাগে ৷ পাৰটোত কাৰ্পেট ঘাঁহ ৰুই খহনীয়া ৰোধৰ ব্যৱস্থা কৰিব লাগে ৷ পাৰৰ উপৰি ভাগৰ পৰা পুখুৰীৰ গভীৰতা বাম অংশত কমেও ১.৫ মিটাৰ আৰু দ অংশত ১.৮ মিটাৰ হোৱা উচিত৷ মীন পালনৰ বাবে ২০ মি: X ৩০ মি: , ২০ মি X ৫০ মি: অথবা ৩০ মি: X ৫০ মি: আকাৰৰ পুখুৰীও খান্দিব পাৰি ৷ এইবোৰ পুখুৰীৰ ক্ষেত্ৰতো পাৰৰ উপৰি ভাগৰ প্ৰস্থ ১.৫ মিটাৰ হব লাগে ৷ আকাৰ ডাঙৰ হোৱাৰ কাৰণে পুখুৰীত পানীৰ পৰিমাণ বেছি হব ৷ সেয়েহে পাৰটোৰ তলি খন শক্তিশালী হোৱা উচিত৷ এনে পুখুৰীৰ ক্ষেত্ৰত বাম অংশত ১.৮ মি: আৰু দ অংশত ২.১ মি: খান্দিব লাগে৷ যি বোৰ ঠাইত উষ্ণতা ২০০ চেলছিয়াচতকৈ কমি যায় তেনে ঠাইত পুখুৰীৰ গভীৰতা ২.১ – ২.৫ মিটাৰ হব লাগে ৷ দ' অংশত পানী তুলনামূলক ভাবে গৰম হৈ থাকে ৷ ওচৰা ওচৰিকৈ খন্দা পুখুৰীৰ ক্ষেত্ৰত দুটা পুখুৰীৰ মাজৰ পাৰটোৰ উপৰি ভাগৰ প্ৰস্থ ১ মি: পৰা ১.৫ মিটাৰ হব লাগে ৷ খৰালি কালতে পুখুৰী খন্দা কাম শেষ কৰি বৰষুণলৈ অপেক্ষা কৰিব লাগে ৷ প্ৰকৃততে বিশ্বৰ অন্যান্য দেশ সমূহত বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰি মীন পালনৰ আঁচনি লোৱা নহয় ৷ অসমত বৰষুণ প্ৰায় নিশ্চিত আৰু গড়ে প্ৰায় ১২০ ছে: মি: বৰষুণ হয় ৷ গতিকে অসমত বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি মীন পালন কৰিব পাৰি ৷ মাৰ্চৰ শেষৰ পৰা অসমত বৰষুণ আৰম্ভ হয় আৰু কম বেছি পৰিমাণে চেপ্তেম্বৰলৈকে বৰষুণ হৈ থাকে ৷ এপ্ৰিলত পুখুৰীত পানী হয় আৰু জলপৃষ্ঠ বাঢ়িবলৈ আৰম্ভ কৰে ৷ এপ্ৰিলৰ শেষত বা মে’ৰ আৰম্ভণিতে পুখুৰী পানীৰে পৰিপূৰ্ণ হয় ৷ অসমৰ মাটি আৰু পানী আম্লিক ৷ সেয়েহে চূণ প্ৰয়োগ কৰি পানীৰ অম্লতা নিয়ন্ত্ৰণ কৰিব লাগে ৷ প্ৰতি বৰ্গ মি: পানী কালিৰ বাবে বছৰি ০.২১৫ কি: গ্ৰা: (২১৫ গ্ৰা: ) কৃষিত ব্যৱহৃত চূণৰ প্ৰয়োজন ৷ ২০ মি: X ২০ মি: (৪০০ বৰ্গ মি: ) পুখুৰী এটাৰ বাবে বছৰি ৮৬ কি: গ্ৰা: (৪০০ বৰ্গ মি: X ০.২১৫ কি: গ্ৰা: ) চূণৰ প্ৰয়োজন হব ৷ বছৰটোৰ বাবে প্ৰয়োজনীয় মুঠ চূণৰ তিনি ভাগৰ এভাগ পুখুৰীৰ তলিত পানী হোৱাৰ আগতে প্ৰয়োগ কৰিব লাগে ৷ বাকী দুভাগ ১১টা সমান কিস্তিত মাহে মাহে প্ৰয়োগ কৰিব লাগে ৷ ২০ মিটাৰ X ২০ মিটাৰ (৪০০ বৰ্গ মিটাৰ) পুখুৰীটোত পানী হোৱাৰ আগতে ২৮.৫ কি: গ্ৰা: চূণপ্ৰয়োগ কৰিব লাগে ৷ পুখুৰীত বিভিন্ন ধৰণৰ সাৰ প্ৰয়োগ কৰিব পাৰি ৷ উদ্ভিদ আৰু জন্তুৰ আৱৰ্জনাৰ পঁচন সাৰ জন্তুৰ মল উদ্ভিদজাত সামগ্ৰীৰ পঁচন সাৰ ৷ উদ্ভিদজাত সামগ্ৰীৰ পঁচন সাৰ তৈয়াৰ কৰিবলৈ হলে, ঘাঁহ, টুকুৰা টুকুৰকৈ কটা পাত আৰু অন্যান্য উদ্ভিদজাত সামগ্ৰীৰ তৰপে তৰপে জাপি এটি দ’ম তৈয়াৰ কৰিব লাগে ৷ এই সামগ্ৰী বোৰৰ লগত সামান্য পৰিমাণে উপৰুৱা মাটিও মিহলাব লাগে ৷ গোটেই দ’মটো পানীৰে জীপাল কৰি দিব লাগে ৷ পুখুৰীত সাৰ প্ৰয়োগৰ বাবে FAO ই এটা নতুন প্ৰযুক্তিৰ অনুমোদন কৰিছে ৷ এই প্ৰযুক্তি গ্ৰাম্যাঞ্চলৰ বাবে অতি প্ৰযোজ্য৷ প্ৰখৰ ৰ’দ আৰু বৰষুণ নপৰাকৈ এখন চালি তৈয়াৰ কৰি লব লাগে ৷ চালি খনৰ তলত তৰপে তৰপে আৱৰ্জনা জাপি এটি দ’ম তৈয়াৰ কৰিব লাগে ৷ প্ৰথম তৰপটো ঘাঁহ নাইবা শুকান পাতেৰে দিব লাগে ৷ প্ৰথম তৰপটোৰ লগত সামান্য পৰিমাণৰ উপৰুৱা মাটিও মিহলাই দিব লাগে ৷ প্ৰথমটো তৰপত পানী ছটিয়াই জীপাল কৰি দিব লাগে৷ দ্বিতীয় তৰপটোত জন্তুৰ আৱৰ্জনা দিব লাগে৷ জন্তুৰ মল-মূত্ৰৰ লগতো সামান্য পৰিমাণে উপৰুৱা মাটি মিহলাই দিব লাগে ৷ একে দৰে পানীও ছটিয়াই দিব লাগে৷ গৰু, ছাগলী, গাহৰি, কুকুৰা, হাঁহ আদিৰ মল পঁচন সাৰৰ দ’মত দিব পাৰি ৷ জন্তুৰ মল-মূত্ৰৰ সলনি বেয়া ফল, ঘৰুৱা আৱৰ্জনা, ছাঁই, আদিও দিব পাৰি ৷ তাৰপিচত তৃতীয় তৰপটো ঘাঁহ আৰু শুকান পাতৰ আৰু চতুৰ্থ তৰপটো জন্তুৰ আৱৰ্জনাৰে দিব লাগে ৷ এনেদৰে এটা বৃহৎ দ’ম নোহোৱালৈকে তৰপে তৰপে আৱৰ্জনা জাপি থাকিব লাগে ৷ দ’মটোত পানী ছটিয়াই জীপাল কৰি ৰাখিব লাগে ৷ দ’মটো পঁচিবলৈ প্ৰায় এমাহ অপেক্ষা কৰিব লাগে ৷ দ’মটোত সময়ে সময়ে পানী ছটিয়াই থকা উচিত ৷ দ’মটোৰ তলৰ পৰা পঁচন সাৰ সংগ্ৰহ কৰি পুখুৰীত প্ৰয়োগ কৰিব পাৰি ৷ দ’মটোৰ ওপৰত নতুন তৰপ জমা কৰি সাৰৰ পৰিমাণ বৃদ্ধি কৰিব পাৰি ৷ প্ৰতি সপ্তাহতে দ’মটোত এটা এটা নতুন তৰপ জমা কৰিব লাগে ৷ পুখুৰীৰ এটা চুকত বাঁহ নাইবা কাঠেৰে ক্ৰিব বা ৰেক তৈয়াৰ কৰি লব লাগে ৷ বাঁহৰ ডলা আৰিও এই ৰেক তৈয়াৰ কৰিব পাৰি ৷ ক্ৰিব খন আগুৰি এটি বাঁহৰ গঁড়াল সাজিব লাগে ৷ সাৰ সদায় ক্ৰিবতহে প্ৰয়োগ কৰিব লাগে ৷ ৫০০ বৰ্গমিটাৰতকৈ ডাঙৰ পুখুৰীত দুটা ক্ৰিবৰ প্ৰয়োজন৷ ক্ৰিব খন পানীৰ ৬০ ছে: তলত আৰিব লাগে৷ ক্ৰিব খন পূৰাকৈ সাৰ প্ৰয়োগ কৰিব লাগে ৷ প্ৰতি ১০০ বৰ্গ মি: পানী কালিৰ বাবে ১০ কি: গ্ৰা: সাৰ পয়োগ কৰা উচিত৷ জীৱ-জন্তুৰ মলৰ ক্ষেত্ৰত প্ৰতি বৰ্গ মি: ৰ ববে প্ৰতি সপ্তাহত - ২-৩ কি: গ্ৰা: কুকুৰাৰ মল, বা ৮-১০ কি: গ্ৰা: গাহৰিৰ মল, নাইবা ১০-১৫ কি: গ্ৰা: গৰুৰ গোৱৰ ৷ কোনো এবিধ জন্তুৰ মল পৰ্যাপ্ত নহলে বেলেগ বেলেগ জন্তুৰ মল মিহলাই প্ৰয়োগ কৰিব পাৰি৷ এভাগ কুকুৰাৰ মল, দুভাগ গাহৰিৰ মল আৰু তিনিভাগ গোৱৰ মিহলাই এই সাৰ প্ৰস্তুত কৰিব পাৰি৷ এই সাৰ প্ৰতি ১০০ বৰ্গ মিটাৰত প্ৰতি সপ্তাহত ১০ কি: গ্ৰা: প্ৰয়োগ কৰিব লাগে৷ জন্তুৰ মল-মূত্ৰ অৰ্থাৎ জৈৱিক সাৰ প্ৰয়োগ কৰিলে ২–৩ দিনৰ পিচতেই পুখুৰীৰ পানী সেউজীয়া হৈ উঠে৷ উদ্ভিদজাত সামগ্ৰীৰ পঁচন সাৰ প্ৰয়োগ কৰিলে পানী সেউজীয়া হৈ উঠিবলৈ এসপ্তাহ বা ততোধিক সময়ৰ প্ৰয়োজন হয় ৷ পানীৰ সেউজীয়া ৰঙে পুখুৰীত প্ৰাকৃতিক খাদ্যৰ প্ৰাচুৰ্যতা সূচায়৷ পানী সম্পূৰ্ণ সেউজীয়া হবলৈ এসপ্তাহৰ প্ৰয়োজন৷ ফাইট’প্লেংকটনৰ বাবে পানীৰ ৰং সেউজীয়া হয়৷ ফাইট’প্লেংকটনৰ ওপৰত ভিত্তি কৰি জুপ্লেংকটনৰ সৃষ্টি হয় ৷ এটা সৰু পৰীক্ষাৰ দ্বাৰা পানীৰ উৎপাদকতা নিৰ্ণয় কৰিব পাৰি ৷ হাত খন কিলাকূটিলৈকে পুখুৰীৰ পানীত ডুবাই দিলে পানীৰ তলত আঙুলিৰ মূৰ বোৰ যদি কোনোমতেহে ওপৰৰ পৰা দেখা যায় অথবা দেখ-নেদেখ হয়, তেতিয়া বুজিব লাগিব পানী উৎপাদনশীল হৈ উঠিছে ৷ আশানুৰূপ উৎপাদন পাবলৈ হলে আগতীয়াকৈ উৎকৃষ্ট মানৰ পোণাৰ ব্যৱস্হা কৰি থব লাগে৷ সংমিশ্ৰিত কাৰ্প পালনত ৰৌ, বাহু, মিৰিকা, চিলভাৰ কাৰ্প, গ্ৰাছ কাৰ্প আৰু কমন কাৰ্প মাছ একেটা পুখুৰীতে একে লগে পালন কৰা হয়৷ সংমিশ্ৰিত কাৰ্প পালনৰ ক্ষেত্ৰত ৰৌ, বাহু, আৰু মিৰিকা মাছৰ যোৱা বছৰ উৎপাদন কৰি এই বছৰলৈ নাৰ্চাৰীত পুহি ৰখা পোণাহে ডাঙৰ পুখুৰীত মেলিব লাগে ৷ প্ৰতি দুই বৰ্গ মিটাৰ পানী কালিৰ বাবে এটা মাছ পোনাৰ প্ৰয়োজন ৷ এটা ২০ মিটাৰ X ২০ মিটাৰ পুখুৰীৰ বাবে ২০০ পোণাৰ (৪০০ বৰ্গ মিটাৰ , ২ X ২০০) প্ৰয়োজন হয়৷ মাছৰ পোনাৰ সংখ্যা নিৰ্দ্ধাৰণ কৰাৰ পিচত আটাইকেইবিধ মাছৰ পোনা অনুমোদিত হাৰত পুখুৰীত মেলিব লাগে ৷ চিলভাৰ কাৰ্প আৰু গ্ৰাছ কাৰ্প মাছ বাকী কেইবিধ পোনা মেলাৰ এমাহ পিছতহে মেলিব লাগে৷ (1) চিলভাৰ কাৰ্প ২০% (2) বাহু ১৫% (3) ৰৌ ১৫% (4) গ্ৰাছ কাৰ্প ১০% (5) মিৰিকা ২০% (6) কমন কাৰ্প ২০% এই ছয় বিধ মাছৰ বাহু আৰু চিলভাৰ কাৰ্প পানীৰ ওপৰৰ স্তৰত, ৰৌ মধ্যম স্তৰত, মিৰিকা আৰু কমন কাৰ্প নিম্ন স্তৰত থাকে ৷ গ্ৰাছ কাৰ্প পুখুৰীৰ আটাইকেইটা স্তৰতে থাকে৷ সময় মতে উপযুক্ত পোনা পোৱাটো সহজ নহয় ৷ পালেও তাৰ পৰিবহন কষ্ট সাধ্য আৰু ব্যয় বহুল৷ নিজে পোনাৰ প্ৰতিপালন কৰিবলৈ হলে এটি নাৰ্চাৰী পুখুৰীৰ প্ৰয়োজন ৷ পুৰণি সৰু পুখুৰী নাৰ্চাৰী পুখুৰী হিচাবে ব্যৱহাৰ কৰিব পাৰি অথবা নাৰ্চাৰী পুখুৰী এটা নতুনকৈ খান্দি লবলাগে ৷ এনে পুখুৰীৰ গভীৰতা কম হোৱা উচিত ৷ নাৰ্চাৰী পুখুৰীটো ডাঙৰ পুখুৰী খন্দাৰ দৰে একে নিয়মেৰে খান্দি লব পাৰি৷ ডাঙৰ পুখুৰীৰ ওচৰতে নাৰ্চাৰী পুখুৰীটো নিৰ্মাণ কৰিলে বেছি সুবিধাজনক হয় ৷ এনে ক্ষেত্ৰত তিনিটা নতুন পাৰ নিৰ্মাণ কৰিলেই হয় নাৰ্চাৰী পুখুৰীটো ডাঙৰ পুখুৰীৰ ওচৰতে হলে পোনাৰ পৰিবহন এৰাই চলিব পাৰি৷ নাৰ্চাৰী পুখুৰীটোও ডাঙৰ পুখুৰীৰ নিচিনাকৈ প্ৰস্তুত কৰি লব লাগে৷ তাৰ পিচত হেচ্ছাৰীৰ পৰা স্প’ন আনি নাৰ্চাৰীত মেলিব লাগে৷ এটা ১০ মি: X ১০ মি: নাৰ্চাৰী পুখুৰীত ৬০,০০০ স্প’ন মেলিব লাগে৷ ৰৌ, বাহু আৰু মিৰিকা মাছৰ পোনাহে আগৰ বছৰৰ পৰা পুহি ৰখাৰ প্ৰয়োজন ৷ বাকী তিনিবিধ মাছৰ নতুন পোনা সময় মতে পোৱা যায়৷ ৰৌ মাছৰ ৩০%, বাহু মাছৰ ৩০% আৰু মিৰিকা মাছৰ ৪০% স্প’ন নাৰ্চাৰীত মেলিব লাগে৷ পুখুৰীত জন্মা অতি ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্ভিদ কনিকা আৰু অতি ক্ষুদ্ৰ প্ৰাণী সমূহ পোনা মাছৰ প্ৰাকৃতিক খাদ্য ৷ এই উদ্ভিদ কনিকা সমূহৰ বাবে পুখুৰীৰ পানীৰ ৰং সেউজীয়া হয়৷ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্ভিদ কনিকা সমূহক ফাইট’প্লেংকটন বুলি কোৱা হয়৷ ফাইট’প্লেংকটনৰ বৃদ্ধিৰ বাবে পুখুৰীত সাৰ প্ৰয়োগ কৰা হয়৷ ফাইট’প্লেংকটনবোৰ খালী চকুৰে দেখা নেযায় ৷ পুখুৰীত জন্মা ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰাণী সমূহক জুপ্লেংকটন বোলা হয় ৷ জুপ্লেংকটনৰ সংখ্যা নিৰ্ভৰ কৰে ফাইট’প্লেংকটনৰ বৃদ্ধিৰ ওপৰত৷ প্ৰাকৃতিক খাদ্য সম্ভাৰ বৃদ্ধি কৰিবলৈ পুখুৰীত নিয়মিত ভাবে সাৰ প্ৰয়োগ কৰা উচিত৷ মাছৰ ঘনত্ব অধিক হোৱা বাবে প্ৰাকৃতিক খাদ্যই পুখুৰীটোৰ সকলোবোৰ মাছৰ বাবে পৰ্যাপ্ত নহয় ৷ সেয়েহে বাহিৰৰ পৰাও খাদ্য যোগান ধৰা উচিত ৷ মাছক যোগান ধৰা খাদ্য সুষম হোৱা উচিত ৷ অৰ্থাৎ, মাছৰ বাবে প্ৰয়োজনীয় পুষ্টিদ্ৰব্য, যেনে – প্ৰ’টিন, কাৰ্ব’হাইড্ৰেট (শৰ্কৰা), ফ্যাট (স্নেহ পদাৰ্থ), মিনাৰেল (মনিক) আৰু ভিটামিন সন্তুলিত মাত্ৰাত থকা উচিত৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ মীন গৱেষণা কেন্দ্ৰত উৎপাদন কৰা ‘সুষমা’ নামৰ খাদ্যত এই সকলোবোৰ পুষ্টিদ্ৰব্য সুষম মাত্ৰাত থাকে ৷ সেয়েহে ‘সুষমা’ খাদ্য খুৱাই সুফল পাৱা যায় ৷ পোনা মাছৰ খাদ্য পুখুৰীত ছটিয়াই দিব লাগে ৷ মাছ পোনা যিমানে ডাঙৰ হব সিমানে বেছি খাদ্য খাব৷ পোনাবোৰক নিয়ন্ত্ৰিত মাত্ৰাতহে খাদ্য যোগান ধৰা উচিত ৷ মাৰ্চ-এপ্ৰিল মাহত এই পোনাবোৰ মূল পুখুৰীত মেলাৰ উপযোগী হয়৷ পুখুৰীত মেলিবলৈ পোনাৰ দৈৰ্ঘ্য অতি কমেও ১০ ছে: মি: হোৱা উচিত৷ তাতকৈ সৰু পোনা মূল পুখুৰীত মেলা উচিত নহয়৷ ছাইন জালেৰে পুখুৰীৰ পোনা ধৰিব লাগে৷ জালখনৰ পাঁহৰ আকাৰ ১ ছে: মি: হব লাগে যাতে সৰু পোনা বোৰ ওলাই যাব পাৰে৷ পোনা ধৰা জালৰ পাঁহ বোৰ গাঁঠি বিহীন হব লাগে৷ গাঁঠি থকা জালেৰে ধৰিলে পোনা বোৰে দুখ পায় আৰু বিভিন্ন ৰোগৰ বীজানুৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভৱনা থাকে৷ পোণা মাছৰ দেহ অতি আলসুৱা আৰু সংবেদনশীল ৷ সেয়েহে পৰিবহনৰ সময়ত অতি সাৱধানতা অৱলম্বন কৰা উচিত৷ ওচৰৰ নাৰ্চাৰীৰ পৰা মাছ পোণা প্লাষ্টিকৰ বাকেটত পৰিবহন কৰিব পাৰি ৷ বাকেটত ঢাকনি থকা উচিত৷ দূৰৰ পৰা পৰিবহন কৰিবলৈ হলে প্লাষ্টিক বেগত অক্সিজেন গেছ দি পোণা পৰিবহন কৰিব লাগে ৷ মাটিৰ পাত্ৰতো তিতা কাপোৰেৰে ঢাকি পোণা পৰিবহন কৰিব পাৰি ৷ উন্তা বেছি হলে এই পদ্ধতিত পৰিবহন কৰি ভাল ফল পোৱা যায় পোণা পৰিবহন কৰোতে পৰিস্কাৰ পানী ব্যৱহাৰ কৰিব লাগে ৷ পানীৰ প্ৰদূষণৰ ফলত মাছ পোণাৰ ক্ষতি হব পাৰে৷ পোণাৰ পাত্ৰ সদায় ছাঁত ৰখা উচিত ৷ পৰিবহনৰ সময়ত পানীৰ উষ্ণতা বাঢ়িলে পোনাৰ ক্ষতি হব পাৰে৷ প্লাষ্টিক বেগত পোণা পৰিবহন কৰিলে বেগ বোৰ বাকচ বা কাৰ্টনত সুমুৱাইহে পৰিবহন কৰিব লাগে ৷ এনেদৰে পৰিবহন কৰিলে পোনা বোৰ সুৰক্ষিত অৱস্থাত থাকে ৷ দূৰ ঠাইৰ পৰা পোণা পৰিবহন কৰিবলগীয়া হলে পোনাবোৰ আগদিনাই ধৰি খাদ্য নিদিয়াকৈ ২৪ ঘন্টা ৰাখিব লাগে, যাতে পেট সম্পূৰ্ণ খালী হয় ৷ কাৰণ পৰিবহনৰ সময়ত মাছৰ মলে পানী প্ৰদূষিত কৰে ৷ তাৰ ফলত মাছ পোণাৰ অনিষ্ট হয় ৷ মাছৰ পোণা পোনে পোনে পুখুৰীত মেলি দিয়া উচিত নহয় ৷ কাৰণ, পৰিবহন কৰা পাত্ৰৰ পানীৰ উন্তা আৰু পুখুৰীৰ পানীৰ উন্তাৰ পাৰ্থক্য থকা বাবে তাৰতম্য সহ্য কৰিব নোৱাৰি মাছ পোণা মৃত্যু মুখত পৰে৷ নমৰিলেও পোণাবোৰ বেমাৰৰ প্ৰতি সুগ্ৰাহ্য হৈ উঠে ৷ পোণা পৰিবহন কৰা পাত্ৰটো নোখোলাকৈ পুখুৰীৰ পানীত থৈ দিব লাগে ৷ পাত্ৰৰ ভিতৰৰ পানীৰ উষ্ণতা আৰু পুখুৰীৰ পানীৰ উষ্ণতা একে হলে পোণা বোৰ নিজে নিজে ওলাই যাব বিচাৰে ৷ তেতিয়াহে পাত্ৰটো খুলি দিব লাগে ৷ মাছ পোণাবোৰক নিজে নিজে ওলাই যাব দিয়া উচিত ৷ পুখুৰীটো জলজ অপতৃণৰ পৰা মুক্ত কৰি ৰখা উচিত ৷ পুখুৰীৰ পাৰকেইটাৰ ওপৰত নজৰ ৰাখিব লাগে ৷ চাব লাগে যাতে ধোন্দহৈ বা পাৰ ভাঙি পানী ওলাই যাব নোৱাৰে ৷ ৰাই, ভেকুলী, এন্দুৰ-নিগনি আৰু সাপৰ প্ৰতি চকু ৰাখিব লাগে ৷ গৰু-ম’হ আদি ডাঙৰ জন্তুক পুখুৰীৰ পাৰত উঠিবলৈ দিয়া উচিত নহয় ছাগলী, ভেড়া আদি সৰু সৰু জন্তু পাৰত চৰিলেও বিশেষ ক্ষতি নহয়৷ এনে জন্তু পুখুৰীৰ পাৰত চৰিবলৈ দি অপতৃণ নিয়ন্ত্ৰন কৰিব পাৰি৷ পুখুৰীত গা-ধোৱা, কাপোৰ ধোৱা, বাচন-বৰ্তন ধোৱা আদি কাম কৰা উচিত নহয়৷ পুখুৰীৰ পাৰত ডাঙৰ গছৰ পুলি ৰুব নেলাগে ৷ পাৰত যদি কোনো মূল্যবান গছ ইতিমধ্যে আছেই তেনেহলে তাৰ ডাল কাটিব লাগে ৷ চাব লাগে যাতে গছে পুখুৰীৰ পানীত ৰ’দ পৰাত বাধাৰ সৃষ্টি নকৰে৷ ৰ’দ নপৰিলে পুখুৰীত ফাইট’প্লেংকটনৰ জন্ম নহয় ৷ মাছৰ শাৰীৰিক বৃদ্ধি আৰু প্ৰজনন তন্ত্ৰৰ উন্নয়নৰ বাবে উপযুক্ত খাদ্যৰ প্ৰয়োজন ৷ প্ৰাকৃতিক খাদ্য উৎপাদনৰ বাবে পুখুৰীত নিয়মিত ভাবে সাৰ প্ৰয়োগ কৰিব লাগে ৷ মাছৰ আশানুৰূপ বৃদ্ধিৰ বাবে প্ৰাকৃতিক খাদ্যৰ উপৰিও বাহিৰৰ পৰাও খাদ্য যোগান ধৰাৰ প্ৰয়োজন ৷ মাছক সুষম খাদ্যহে যোগান ধৰিব লাগে ৷ মাছৰ খাদ্য পুখুৰীত ছটিয়াই দিব পাৰি ৷ কিন্তু মাছক কিমান খাদ্যৰ প্ৰয়োজন বাহিৰৰ পৰা অনুমান কৰা টান ৷ সেয়েহে সুক্ষ্ম ভাবে পৰ্য্যবেক্ষণ কৰা উচিত ৷ খাদ্য খিনি মাছে খাইছে নে পুখুৰীৰ তলিত পৰি নষ্ট হৈ গৈছে সেয়া আপাতত: ভাবে নিৰ্দ্ধাৰণ কৰাটো সহজ নহয় ৷ মাছ যিমানে ডাঙৰ হৈ আহে সিমানে বেছি খাদ্যৰ প্ৰয়োজন ৷ গতিকে প্ৰতি দিনে কিমান খাদ্য যোগান ধৰিব লাগে সেইটো নিৰূপন কৰাটো অতি কঠিন খাদ্যৰ পৰিমাণ বেছি হলে তলিত জমা হৈ পানী প্ৰদূষিত কৰিব পাৰে ৷ তেনে অৱস্থাত মাছৰ বিভিন্ন বেমাৰ আজাৰ হব পাৰে ৷ আনকি বৃহৎ হাৰত মাছৰ মৃত্যুও হব পাৰে ৷ মাছৰ মৃত্যু নহলেও মাছৰ গাত মটিয়া গোন্ধ সৃষ্টি হব পাৰে ৷ সেয়েহে মাছৰ খাদ্য বেগ ফিডিং পদ্ধতিত যোগান ধৰিব লাগে ৷ পুখুৰীৰ বাম অংশত এটা খুটি পুটি খুটিটোত খাদ্যৰ বেগটো আৰি দিব লাগে ৷ বেগটো পানী পৃষ্ঠৰ পৰা ৩০ ছে: মি: তলত থাকিব লাগে ৷ খাদ্যৰ বেগটো পৰ্য্যবেক্ষণ কৰিব লাগে ৷ খাদ্য খিনি কম দিনত খাই শেষ কৰি পেলালে পিচৰ বাৰত খাদ্যৰ পৰিমাণ বঢ়াই দিব লাগে ৷ পুখুৰীত প্ৰয়োগ কৰা খাদ্যৰ হিচাব ৰখাটো অতি প্ৰয়োজনীয় ৷ মাছ ডাঙৰ হৈ অহাৰ লগে লগে পানীত দ্ৰৱীভূত অক্সিজেনৰ নাটনি হৈ আহে ৷ ডাৱঁৰীয়া বতৰত আৰু সূৰ্যোদয়ৰ আগে আগে পানীত দ্ৰৱীভূত অক্সিজেনৰ নাটনি বেছি হয় ৷ দ্ৰৱীভূত অক্সিজেনৰ নাটনিৰ সময়ত খাদ্য যোগান ধৰা উচিত নহয় ৷ সেই সময়ত খাদ্য যোগান ধৰিলে দ্ৰৱীভূত অক্সিজেনৰ নাটনি বেছি প্ৰকট হব পাৰে আৰু মাছৰ মৃত্যু হব পাৰে ৷ দ্ৰৱীভূত অক্সিজেনৰ নাটনি হলে পুখুৰীৰ মাছ জল পৃষ্ঠলৈ উঠি আহে আৰু বায়ু মণ্ডলৰ পৰা অক্সিজেন গ্ৰহন কৰিবলৈ যত্ন কৰে ৷ এনে অৱস্থাত বায়ু যোগান যন্ত্ৰ বা এৰেটৰ সহায়ত পুখুৰীত অক্সিজেন যোগান ধৰা হয়৷ এৰেটৰ নাথাকিলে পানী সিঁচা মেছিন চলাই পুখুৰীৰ পানী পুখুৰীতে পেলাব লাগে ৷ এনে কৰিলে সাময়িক ভাবে এই সমস্যাৰ সমাধান হয় ৷ পিচত জাল মাৰি পুখুৰীৰ মাছৰ সংখ্যা কমাব লাগে ৷ সকলো প্ৰাণীৰ দৰে মাছৰো বিভিন্ন বেমাৰ আজাৰ হব পাৰে ৷ তাৰ প্ৰতি যত্ন লব লাগে ৷ বাহু মাছৰ চকুৰ ৰোগ: এবিধ বেক্টেৰিয়া (Aeromonas liquefaciens) এই ৰোগৰ কাৰণ ৷ মাছৰ চকু, চকুৰ নাৰ্ভ, মস্তিস্ক আৰু কৰ্ণিয়া আক্ৰান্ত হয় ৷ চকুৰ মণিটো পঁচি যায় আৰু মাছৰ মৃত্যু হয় পুখুৰীত ০.১ পিপিএম পটাছিয়াম পাৰমাংগেনেট প্ৰয়োগ কৰিব লাগে ৷ তাৰ অলপ পিচতে ৩০০ পিপিএম চূণ প্ৰয়োগ কৰিব লাগে ৷ ঘাঁ হোৱা ৰোগ: এৰোম’নাচ আৰু চিউড’ম’নাচ বেক্টেৰিয়াই এই ৰোগ সৃষ্টি কৰে ৷ গাত ঘাঁ হয়, চকু আৰু পেট ফুলে ৷ ০.৫ পিপিএম পটাছিয়াম পাৰমাংগেনেটেৰে পুখুৰীটো বীজানু মুক্ত কৰিব লাগে ৷ ছালফাডিয়াজিন ১০০ মি: গ্ৰা: /কি: গ্ৰা: নাইবা টেৰামাইছিন ৭৫-৮০ মি: গ্ৰা: /কি: গ্ৰা: হিচাবত খাদ্যৰ লগত মিহলাই ১০ – ১২ দিন খুৱাব লাগে ৷ কলুমনাৰিছ: ফ্লেভ’ বেক্টেৰিয়াম কলুমনাৰিচি (Flavobacterium columnarisi) নামৰ বেক্টেৰিয়াই এই ৰোগ সৃষ্টি কৰে ৷ মাছৰ গাত ঠায়ে ঠায়ে বগা বগাকৈ উখহি উঠে ৷ চাৰিওফালে ৰঙচুৱা দাগ থাকে ৷ পিচলৈ তেজ বিৰিঙে ৷ ৫০০ পিপিএম পটাছিয়াম পাৰমাংগেনেটে দ্ৰৱনত মাছবোৰ এটা এটাকৈ ডুবাই এৰি দিব লাগে ৷ ড্ৰ’পচী: এৰোম’নাচ বেক্টেৰিয়াই এই ৰোগ সৃষ্টি কৰে ৷ বাকলিৰ গুৰি বোৰ উখহি উঠে ৷ বাকলি বোৰ ওলাই অহা যেন লাগে আৰু গুৰিত পানী জমা হয় ৷ ঘাঁ হয় ৷ পেট আৰু চকু ফুলে ৷ ১ পিপিএম পটাছিয়াম পাৰমাংগেনেটেৰে পুখুৰীটো বীজানু মুক্ত কৰিব লাগে ৷ ৫ পিপিএম পটাছিয়াম পাৰমাংগেনেটে দ্ৰৱনত মাছবোৰ এটা এটাকৈ ডুবাই এৰি দিব লাগে ৷ চেপ্ৰ’লেগনিয়াচিছ: চেপ্ৰ’লেগনিয়া পেৰাচাইটিকা (Saprolegnia parasitica) নামৰ এবিধ ভেঁকুৰে এই ৰোগ সৃষ্টি কৰে ৷ মাছৰ গাত কপাহৰ থুপৰ দৰে ম’ল্ড দেখা যায় ৷ এই ভেঁকুৰ বোৰ মাছৰ মাংসপেশীত প্ৰৱেশ কৰে আৰু মাংস পেশী বোৰ পঁচাই পেলায় ৷ ৩-৪% নিমখ পানীৰে মাছ বোৰক ধুৱাই (bath treatment) দিব লাগে অথবা ১৬০ পিপিএম পটাছিয়াম পাৰমাংগেনেট দ্ৰৱনত ৫ দিন বাথ ট্ৰিটমেন্ট অথবা ১-২ পিপিএম মেলাছাইট গ্ৰীন দ্ৰৱনত ৩০ মিনিট বাথ ট্ৰিটমেন্ট অথবা পুখুৰীটোত ২০ পিপিএম হাৰত ফৰ্মেলিন প্ৰয়োগ কৰিব লাগে ৷ ব্ৰাংকিওমাইঅ’চিছ বা গিল ৰ’ট: ব্ৰাংকিওমাইচেছ দেমিগ্ৰানচি (Branchiomyces demigransi) নামৰ এবিধ ভেঁকুৰে এই ৰোগ সৃষ্টি কৰে ৷ মাছৰ ফুলৰ ৰক্ত শিৰাত এই ভেঁকুৰে আক্ৰমণ কৰে ফলত ফিলামেন্টবোৰ পঁচি সৰি যায় ৷ আৰম্ভণিতে ফুলবোৰ শেঁতা মূগা বৰণৰ হয় ৷ ৫০-১০০ কি: গ্ৰা: /হেক্টৰ (৬.৭ – ১৩.৪ কি: গ্ৰা: /বিঘা) হিচাবত পোৰা চূণ প্ৰয়োগ কৰিব লাগে ৷ ইকথিঅ’ফথিৰিয়াচিছ: ইকথিঅ’ফথিৰিয়াছ মাল্টিফিলিছ নামৰ আদ্যপ্ৰাণীয়ে এই বিধ ৰোগ সৃষ্টি কৰে ৷ ছাল, পাখি আৰু কাণত বগা বগা কিছুমান স্প’ৰ দেখা যায় ৷ মাছে টান বস্তুত গা ঘঁহায় ৷ ১ : ৫০০০ হাৰত ফৰ্মেলিন আৰু পানী মিহলাই সেই দ্ৰৱনত ১ ঘন্টাকৈ ৭-১০ দিন নাইবা ২% নিমখ পানীত ৭-১০ দিন ১ ঘন্টাকৈ বাথ ট্ৰিটমেন্ট দিব লাগে ৷ ২০০ কি: গ্ৰা: /হেক্টৰ (২৬.৭ কি: গ্ৰা: /বিঘা) হিচাবত পুখুৰীত পোৰা চূণ প্ৰয়োগ কৰিব লাগে ৷ ট্ৰাইক’ডিনিয়াচিছ: ট্ৰাইক’ডিনিয়া ৰেটিকূ-লেটা আৰু ট্ৰাইক’ডি-নিয়া নেগ্ৰেই নামৰ দুবিধ আদ্যপ্ৰাণীয়ে এই ৰোগ সৃষ্টি কৰে ৷ ছাল আৰু ফুলত এই বীজানুৱে আক্ৰমণ কৰে ৷ ২-৩% নিমখ পানীত বা ৪ পিপিএম পটাছিয়াম পাৰমাংগেনেট দ্ৰৱনত ৫-১০ মিনিট সময় বাথট্ৰিটমেন্ট দিব লাগে ৷ পুখুৰীটো ২৫ পিপিএম ফৰ্মেলিন দি বীজানুমুক্ত কৰিব লাগে ৷ হোৱাইট গিল স্প’ট ৰোগ: থেন’হেলেনাছ কাটলি, মিক্স’ব’লাছকাটলি, মিক্স’ব’লাছ হোচাদূৰ্গেনচিছ আৰু মিক্স’ব’লাছ বেঙ্গলেনচিছ নামৰ আদ্যপ্ৰাণীয়ে এই ৰোগ সৃষ্টি কৰে ৷ মাছ দূৰ্বল হয়, ক্ষীনাই, বাকলি থিয় হয়,পিচলৈ বাকলি সৰে আৰু মাছটো বিবৰ্ণ হয় ৷ মাছৰ সংখ্যা কমাব লাগে ৷ প্ৰতি কি: গ্ৰা: খাদ্যৰ লগত ১ গ্ৰা: ইষ্ট মিহলাই দিব লাগে ৷ তাৰোপৰি, ২-৩% নিমখ পানীত বাথ ট্ৰিটমেন্ট দিব লাগে ৷ ডেক্টাইল’গাইৰ’চিছ আৰু গাইৰ’ডেক্টাইল’চিছ: ডেক্টাইল’গাইৰাছ আৰু গাইৰ’ডেক্টাইলাছ নামৰ দুবিধ কৃমিয়ে এই ৰোগ সৃষ্টি কৰে ৷ ফুল, চাল আৰু পাখিত এই ৰোগ হয় ৷ আক্ৰান্ত ঠাইৰ পৰা শ্লেস্মা নি:সৰণ হয় ৷ ৩-৫% নিমখ পানীত মাছ বোৰ ৫-১০ মিনিট ডুবাই এৰি দিব লাগে অথবা ১০০ পিপিএম ফৰ্মেলিনত বাথ ট্ৰিটমেন্ট দিব লাগে ৷ পুখুৰীটো ২৫ পিপিএম ফৰ্মেলিনেৰে বীজানুমুক্ত কৰিব লাগে ৷ ডিপ্ল’ষ্ট’মিয়াচিছ: ডিপ্ল’ষ্ট’মাম পিগমেন্টেই (Diplostomum pig-mentatai) নামৰ এবিধ ক্ৰিমিৰ বাবে মাছৰ চকুত এই ৰোগ হয় ৷ মাছ অন্ধ হয় ৷ পুখুৰীৰ পৰা শামূক নিৰ্মূল কৰাটো এক মাত্ৰ উপায়৷ আৰ্গুল’চিছ: আৰ্গুলাছ নামৰ এবিধ ওকনিয়ে এই ৰোগ সৃষ্টি কৰে ৷ মূৰ, বাকলি আৰু পাখিত ওকনি বোৰ দেখা যায় ৷ পুখুৰীটো সিঁচি দিব লাগে ৷ মাছ খিনি আৰোগ্য কৰিবলৈ ৫ পিপিএম পটাছিয়াম পাৰমাংগেনেট দ্ৰৱনত মাছবোৰ ডুবাই এৰি দিব লাগে ৷ প্ৰতিসপ্তাহত ৩৫ মি: লি: /হেক্টামিটাৰ হিচাবত তিনিবাৰ বুট’ক্স নামৰ ঔষধ প্ৰয়োগ কৰিব লাগে ৷ ই. ইউ. এচ: এৰোম’নাছ হাড্ৰফিলা (Aeromonas hydrophila), এৰোম’নাছ চ’ৰ্বিয়া (A. sorbia) নামৰ দুবিধ বেক্টেৰিয়া আৰু আফান’মাইচেছ ইনভাডানচ (Aphanomyces invadans) এবিধ ভেঁকুৰে এই ৰোগ সৃষ্টি কৰে ৷ ডাঙৰ ডাঙৰ ৰঙা দাগ দেখা দিয়ে ৷ ঘাঁ হৈ দেহৰ মাংস উৱঁলি যায় ৷ পোৰা চূণ ২০০ কি: গ্ৰা: /হেক্টৰ (২৬.৭ কি: গ্ৰা: /বিঘা) অথবা ০.১ পিপিএম চিফাক্স (CIFAX) প্ৰয়োগ কৰিব লাগে ৷ বেক্টেৰিয়েল এন্টেৰাইটিচ: এৰোম’নাচ পাংকটাতা (Aeromonas punctata) নামৰ বেক্টেৰিয়াই এই ৰোগ সৃষ্টি কৰে ৷ গাত ৰঙা দাগ দেখা দিয়ে, পায়ু উখহে, পেট ফুলে, আৰু আভোক হয় ৷ ব্লিছিং পাউডাৰ আৰু পোৰা চূণ প্ৰয়োগ কৰি পুখুৰীটো বীজানুমুক্ত কৰিব লাগে ৷ এৰিথ্ৰ’ডাৰ্মা: চিউড’ম’নাচ ফ্লুৰ’চেন্স (Pseudomonas fluorescens) নামৰ বেক্টেৰিয়াই এই ৰোগ সৃষ্টি কৰে ৷ দেহৰ পৰা তেজ ওলায়, আৰু গা ফুলে ৷ পাখি পঁচে, বাকলি সৰে ৷ পোনা পৰিবহনৰ সময়ত আৰু মেলোতে দুখ পালে এই বেমাৰ হব পাৰে ৷ ব্লিছিং পাউডাৰেৰে পুখুৰীটো বীজানু মুক্ত কৰিব লাগে ৷ এন্টেৰিক ৰেড মাউথ দিজিজ: য়েৰচিনিয়া ৰুকেৰি (Yersinia ruckeri) নামৰ বেক্টেৰিয়াই এই ৰোগ সৃষ্টি কৰে ৷ ওঁঠ ফুলে আৰু ছিগি যায়, কাণ ৰঙা হয়, পাখিৰ গুৰি ৰঙা হয় ৷ চালফামেৰাজিন বাওক্সিটেট্ৰাচাইক্লিনৰ বাথ ট্ৰিটমেন্ট দিব লাগে ৷ কাৰ্প প’ক্স: হাৰ্পিচ ভাইৰাচৰ বাবে কমন কাৰ্প মাছৰ এই ৰোগ হয় ৷ দেহত ধোৱা বগা-বৰণীয়া ১-২ মি: মি: আকাৰৰ দাগ দেখা যায় ৷ পিচলৈ গোটেই দেহ আগুৰি পেলায় ৷ মাছৰ দেহত কেলছিয়ামৰ পৰিমাণ কমি যায় ৷ ফিছা খন বেকা কৰি মূৰত লগাই দিব পৰা অৱস্থা প্ৰাপ্ত হয় ৷ আক্ৰান্ত মাছ বোৰ পুখুৰীৰ পৰা আঁতৰাব লাগে ৷ প্ৰথম পাচ মাহৰ ভিতৰত পুখুৰীৰ এটা মাছো ধৰা উচিত নহয় ৷ পাচ মাহৰ পিচৰ পৰা ডাঙৰ মাছ বোৰ ধৰা আৰম্ভ কৰিব লাগে ৷ যেতিয়া পুখুৰীৰ সকলো বোৰ মাছ আশা কৰা মতে ডাঙৰ হয় (১.০ - ১.২ কি: গ্ৰা: ) তেতিয়া সকলোবোৰ মাছ ধৰিব লাগে ৷ জানুৱাৰী -ফেব্ৰুৱাৰী মাতহ প্ৰায়বোৰ মাছেই ১ কি: গ্ৰা: ওজন প্ৰাপ্ত হয় মাছ ৰাতিপুৱাৰ ভাগতহে ধৰা উচিত ৷ পুখুৰী সিঁচি মাছ ধৰাটো আটাইতকৈ সহজ উপায় ৷ আংশিক ভাবে মাছ ধৰিবলৈ হলে পানী সিঁচাটো সমিচীন নহয় ৷ পানী নিসিঁচাকৈও পুখুৰীৰ মাছ ধৰিব পাৰি ৷ টনা জাল বা ছাইন জাল ব্যৱহাৰ কৰি পানী নিসিঁচাকৈও পুখুৰীৰ মাছ ধৰিব পাৰি ৷ ডাঙৰ মাছ ধৰিবলৈ ছাইন জালৰ পাঁহবোৰ ৩.০ – ৩.৫ ছে: মি: আকাৰৰ হব লাগে ৷ এনে আকাৰৰ পাঁহৰ মাজেদি সৰু মাছ বোৰ ওলাই যাব পাৰে আৰু ডাঙৰ মাছবোৰ জালৰ ভিতৰত ৰৈ যায় ৷ টনা জাল বা ছাইন জালেৰে পুখুৰীত মাছ ধৰিবলৈ কেবাজনো মানুহৰ প্ৰয়োজন হয় ৷ পুখুৰীৰ দ' অংশত জালৰ গুলি লগোৱা ৰচি ডাল সাৱধানে বহুৱাই লব লাগে ৷ কম সংখ্যক মাছ ধৰিবলৈ হলে খেৱালী বা টঙি জালো ব্যৱহাৰ কৰিব পাৰি ৷ পুখুৰীৰ আধা পানী সিঁচি লৈ টনা জাল বা ছাইন জাল মাৰি সকলোবোৰ মাছ ধৰিব পাৰি ৷ এই পদ্ধতিত জালৰ পাঁহৰ আকাৰ ১ ছে: মি: হব লাগে ৷ তেতিয়াহেসৰু ডাঙৰ সকলো মাছ ধৰিব পাৰি ৷ পুখুৰীৰ পানী সম্পূৰ্ণৰূপে সিঁচিও মাছ ধৰিব পাৰি ৷ পুখুৰীৰ তলিৰ গেদ আঁতৰাবলগীয়া হলে এই পদ্ধতি অৱলম্বন কৰা উচিত ৷ পুখুৰীৰ পৰা ধৰা মাছ বোৰ পৰাপক্ষত পৰিস্কাৰ অৱস্হাত ৰাখিব লাগে ৷ বোকা লাগি থাকিলে মাছ সোনকালে নষ্ট হয় ৷ পানী সিঁচা পুখুৰীটোত খোৱা বা বিক্ৰী কৰাৰ অনুপযোগী সৰু সৰু মাছো থাকিব পাৰে ৷ তেনেকুৱা মাছ বোৰ আগতে ধৰি নাৰ্চাৰী পুখুৰীত (যদিআছে ) থোৱাৰ ব্যৱস্হা কৰিব লাগে ৷ নাৰ্চাৰী পুখুৰী নাথাকিলে তেনেকুৱা মাছবোৰ অন্য মীন পালকক পোনা হিচাবে বিক্ৰী কৰাৰ ব্যৱস্হা কৰিব লাগে ৷ এনেকুৱা মাছ বোৰৰ পৰাহে অধিক উৎপাদন পোৱা যায় ৷ সেয়েহে এই বোৰ মাছৰ বিশেষ যত্ন লোৱা উচিত ৷ নাৰ্চাৰী পুখুৰী নাথাকিলেও, এনেকুৱা সৰু মাছ বোৰ ৰাখিবলৈ এটা সৰু পুখুৰী খান্দি লব পাৰি ৷ পুখুৰীটোৰ আকাৰ ৩ মি: X ৩ মি: আৰু গভীৰতা ৪০ ছে: মি: হব লাগে ৷ এই গভীৰতা পোণা মাছৰ বাবে অনুকূল নহয় ৷ সেয়েহে পুখুৰীটোত ছাঁৰ ব্যৱস্হা কৰিব লাগে ৷ পানী যোগানৰ সুবিধা থকা ঠাইতহে এনেকুৱা পুখুৰী খান্দিব লাগে ৷ অতি কম সময়ৰ বাবেহে এনে পুখুৰীত মাছ পোণা ৰাখিব পাৰি ৷ সৰু পুখুৰীত পোণা মাছবোৰ থোৱাৰ পিচতহে ডাঙৰ মাছ বোৰ ধৰিবলৈ আৰম্ভ কৰিব লাগে ৷ মাছ ধৰা শেষ হলে সৰু মাছ বোৰ অন্য পুখুৰীত মেলা বা বিক্ৰীৰ ব্যৱস্থা কৰিব লাগে ৷ মাছ, পশুধন (হাঁহ, পাৰ, গৰু, ছাগলী) আৰু গছ-গছনি, শাক-পাছলী, সকলোৰে জীৱন চক্ৰ আৰু বাঢ়ন প্ৰক্ৰিয়াৰ লগতে উৎপাদনৰ হাৰো বেলেগ বেলেগ ৷ সেয়েহে এবিধ আন বিধৰ সহায়ক হয় ৷ গ্ৰামীন অসমীয়া মানুহৰ ঘৰৰ লগতে বাৰী এখনো থাকেই ৷ সামগ্ৰীক অৰ্থত ঘৰখন বুলিলে, বাৰীৰ গছ-গছনি, শাকনিৰ শাক, গৰু, ছাগলী, হাঁহ, পাৰ, কুকুৰা, গাহৰি আদি সকলোকে বুজা যায় ৷ এই উপাদান সমূহৰ মাজত সন্তুলিত সমন্বয় ৰক্ষা কৰিব পাৰিলে আৰ্থিক দিশত পৰিয়ালটোৰ যথেষ্ট সকাহ হয় ৷ অসমৰ বাৰী পদ্ধতি প্ৰকৃতাৰ্থত সমন্বিত কৃষি পদ্ধতি ৷ এই পদ্ধতিত এটা বিভিন্ন আৱৰ্জনা আন এটা উপাদানৰ বাবে সম্পদ হিচাবে ব্যৱহাৰ হয় ৷ ঘৰ খনত কেইটামান হাঁহ থাকিলে কণীৰ উৎপাদন পোৱাৰ উপৰিও আন কেবা দিশতো লাভৱান হব পাৰি ৷ হাঁহে পেলনীয়া খাদ্য, শস্য, আদি খাই বাৰীখন পৰিস্কাৰ কৰি ৰাখে ৷ হাঁহৰ বাবে পানী অত্যাৱশ্যকীয় ৷ মাছ পোহা পুখুৰীটোত হাঁহে সাতোঁৰাৰ উপৰিও পুখুৰীৰ শামুক, পুনী, পোক পৰুৱা আদি খায় ৷ হাঁহে খাদ্য পোৱাৰ উপৰিও পুখুৰীটো পৰিস্কাৰ হৈ থাকে ৷ হাঁহে সাতোঁৰাৰ ফলত পানীত দ্ৰৱীভূত অম্লজানৰ পৰিমাণ বৃদ্ধি পায় ৷ তাৰোপৰি হাঁহৰ মল এবিধ ভাল সাৰ ৷ ঘৰ খনত কেইটামান কণী পৰা কুকুৰা থাকিলে কম পৰিমাণে হলেও প্ৰতিদিনে নগদ ধন হাতলৈ আহে ৷ তাৰোপৰি কুকুৰাৰ মল উৎকৃষ্ট সাৰ ৷ নগদ ধন উপাৰ্জনৰ বাবে গাহৰি অতি ভাল পোহনীয়া জন্তু ৷ পূৰ্ব পৰিকল্পিত ভাবে এটা বা দুটা গাহৰিও পুহি ৰাখিলে প্ৰয়োজনৰ সময়ত ভাল উপাৰ্জন পোৱা যায় ৷ ঘৰৰ আৱৰ্জনা, পেলনীয়া খাদ্য আৰু সামান্য পৰিমানৰ সুষম খাদ্য যোগান ধৰি গাহৰি পালন কৰিব পাৰি ৷ গাহৰিৰ গোৱৰ উৎকৃষ্ট সাৰ ৷ গাই এজনী পৰিয়াল এটাৰ বাবে অতি আৱশ্যকীয় ৷ গাখীৰ আৰু গোৱৰৰ বাবে প্ৰতিটো পৰিয়ালে গাই এজনী ৰখা উচিত ৷ পোহনীয়া জীৱ-জন্তুৰ গঁড়াল পুখুৰীৰ ওচৰতে হলে, পুখুৰীৰ ওচৰতে পঁচন সাৰ তৈয়াৰ কৰিব পৰা যায় ৷ মীন পালন পুখুৰীৰ লগতে পাঁচটা হাঁহো পোহা উচিত ৷ লাহে লাহে দহটা কুকুৰাও পুহিব লাগে ৷ পুখুৰীৰ পাৰতে দুটা গাহৰিও ৰাখিব পাৰিলে ভাল ৷ গাই এজনী পোহাটো নিশ্চিত কৰা উচিত ৷ পুখুৰীটোৰ পাৰতে বিলাহী, বীন, বেঙেনা আদি পাচঁলিৰ খেতিও কৰিব পাৰি ৷ এই খেতিয়ে ঘৰ খনৰ বাবে প্ৰয়োজনীয় পাচঁলি যোগান ধৰাৰ উপৰিও ফাৰ্ম খনৰ সৌন্দৰ্য বৰ্দ্ধন কৰে ৷ এনে পদ্ধতিত মাছ, পশুধন আৰু শাকনিকে ধৰি বাৰী খন অতি কম পৰিশ্ৰমতে পৰিচালনা কৰিব পাৰি ৷ মীন পালন কৰিবলৈ হলে প্ৰথমতে এখন বাজেট তৈয়াৰ কৰিব লাগে ৷ বাজেত তৈয়াৰ কৰিবলৈ প্ৰথমতে খৰছৰ শিতান বোৰ ঠিক কৰিব লাগে ৷ শিতান অনুসৰি প্ৰতিটো বস্তু বা সামগ্ৰীৰ নাম আৰু পৰিমাণ লিখি লব লাগে ৷ প্ৰতিটো বস্তুৰ বৰ্তমানৰ বজাৰ মূল্য অনুসৰি আনুমানিক দাম লিখি লব লাগে ৷ শেষত আটাইবোৰৰ মূল্য যোগ কৰিব লাগে ৷ এয়াই হ’ল আমি ৰূপায়ন কৰিব খোজা মীন পালন আঁচনি খনৰ খৰছৰ বাজেট ৷ দ্বিতীয় পৰ্যায়ত সাম্ভাব্য আয়ৰ শিতান বোৰ লিখি লব লাগে ৷ প্ৰতিটো সামগ্ৰীৰ সাম্ভাব্য বিক্ৰি মূল্য লিখি লব লাগে ৷ তাৰ পিচত প্ৰতিটো সামগ্ৰীৰ পৰা হব লগীয়া আয়ৰ হিচাব কৰিব লাগে ৷ সাম্ভাব্য খৰছৰ হিচাৱ (৪০০ বৰ্গ মিটাৰ পুখুৰী) খৰছৰ শিতান পৰিমাণ মূল্যৰ হাৰ মুঠখৰছ (টকা) চূণ ৮৬ কি: গ্ৰ্ৰা ১২ ট: /কি: ১০৩২.০০ পচঁন সাৰ ২০৮০ কি: গ্ৰা: ১ ট: /কি: ২০৮০.০০ মাছৰ পোনা ২২০ টা ৩ ট: /কি: ৬৬০.০০ খাদ্য ২২০ কি: গ্ৰা: ১৫ ট: /কি: ৩৩০০.০০ জাল মৰা - - ৫০০.০০ মুঠ খৰছ ৭৫৭২.০০ এতিয়া আশা কৰা সকলোবোৰ আয় যোগ কৰিব লাগে ৷ সাম্ভাব্য খৰছৰ হিচাৱ (৪০০ বৰ্গ মিটাৰ পুখুৰী) সামগ্ৰী পৰিমাণ মূল্যৰ হাৰ মুঠখৰছ (টকা) চূণ ৮৬ কি: গ্ৰ্ৰা ১২ ট: /কি: ১০৩২.০০ পচঁন সাৰ ২০৮০ কি: গ্ৰা: ১ ট: /কি: ২০৮০.০০ মাছৰ পোনা ২২০ টা ৩ ট: /কি: ৬৬০.০০ খাদ্য ২২০ কি: গ্ৰা: ১৫ ট: /কি: ৩৩০০.০০ জাল মৰা - - ৫০০.০০ মুঠ খৰছ ৭৫৭২.০০ সাম্ভাব্য খৰছ আৰু আয়ৰ আনুমানিক হিচাব পোৱাৰ পিচত বেলেন্সশ্বিট তৈয়াৰ কৰিব লাগে ৷ মুঠ আয়ৰ পৰা মুঠ খৰছ বিয়োগ কৰিলে মুঠ লাভৰ হিচাব পোৱা যায় ৷ লাভ = আয় – বিনিয়োগ = ১২০০০.০০ – ৭৫৭২.০০ = ৪৪২৮.০০ = ৫৮.৪৮% সাম্ভাব্য বিনিয়োগ, আয়, লাভালাভ আৰু অন্যান্য সংশ্লিষ্ট বিষয় সমূহ বিবেচনা কৰি মীন পালনৰ সিদ্ধান্ত গ্ৰহন কৰিব লাগে ৷ পৰিয়ালৰ সকলোৰে সহায় সহযোগ পালেহে যি কোনো কামতে সফলতা লাভ কৰিব পৰা যায় ৷ সুস্থিৰ সিদ্ধান্ত এটা গ্ৰহনৰ পিচতহে আঁচনি ৰূপায়নৰ বাবে আগবাঢ়িব লাগে ৷ আঁচনি প্ৰতিটো প্ৰযুক্তিগত দিশৰ প্ৰতি সুম্ম দৃষ্টি ৰাখিব লাগে ৷ প্ৰযুক্তিগত দিশত হোৱা সৰু ভুলৰ বাবে উৎপাদন প্ৰক্ৰিয়া বাধা গ্ৰস্ত হব পাৰে ৷ আঁচনি ৰূপায়নৰ কাম আৰম্ভ কৰাৰ লগে লগে হিচাপ-নিকাচৰ বহী এখনৰো ব্যৱস্থা কৰিব লাগে ৷ বহী খনত তাৰিখ মতে সকলো ব্যয় আৰু আয়ৰ লগতে দৰকাৰী পৰ্যবেক্ষণবোৰ লিখি থব লাগে ৷ টকা খৰছ কৰি সম্পন্ন কৰিব লগীয়া প্ৰতিটো কাম তাৰিখ সহ লিখি থব লাগে ৷ প্ৰতিটো কামৰ বিপৰীতে খৰছৰ পৰিমাণ লিখিব লাগে ৷ মাহৰ শেষত মাহটোত হোৱা মুঠ খৰছ যোগ কৰি মাহটোৰ খৰছ হিচাব কৰিব লাগে ৷ ইয়াকেই ক্যাচ আউট ফ্লো বোলা হয় ৷ প্ৰতি দিনৰ উৎপাদিত সামগ্ৰীৰ হিচাব সঠিক পৰিমাণ উল্লেখ কৰি তাৰিখ সহ লিখি ৰাখিব লাগে ৷ বিক্ৰী কৰি পোৱা টকাৰ পৰিমাণ প্ৰতি তাৰিখ আৰু সামগ্ৰীৰ বিপৰীতে লিখি থব লাগে ৷ বিক্ৰী নকৰি ঘৰত ব্যৱহাৰ কৰিলেও বজাৰ মূল্য অনুসৰি হিচাব লিখি থব লাগে ৷ বছৰৰ শেষত জমা থকা সামগ্ৰী সমূহৰ আনুমানিক পৰিমাণ আৰু মূল্য হিচাব কৰি উলিয়াব লাগে ৷ ইয়াকেই ক্যাচ ইনফ্লো বোলা হয় ৷ মাহেকীয়া ক্যাচ ফ্লো শ্বিট এপ্ৰিল মে জুন জুলাই আগষ্ট চেপ্তে অক্ট’ নৱে ডিচে জানু ফেব্ৰু ইন ফ্লো ০ ০ ০ ০ ০ ১৫০০ ১৬০০ ১৬০০ ১৬০০ ১৮০০ ৬৯০০ আউট ১২৩০ ৩৭১ ৪১৪ ৪৭৩ ৪৭৩ ৫০৫ ৫৯৫ ৯৫০ ৯৫০ ৯৫০ ৯৫০ নেট -১২৩০ -৩৭১ -৪১৪ -৪৭৩ -৪৭৩ ৯৯৫ ১০০৫ ৮৬৭ ৬৫০ ৮৫০ ২৯৫০ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।