হাঁহ পালনৰ ফলত সৃষ্টি হোৱা আৱৰ্জনাৰ পুণৰ ব্যৱহাৰ কৰি অতি কম খৰছত মাছ উৎপাদনৰ লগতে হাঁহ কণী উৎপাদন কৰাই এই পদ্ধতিৰ মূল উদ্দেশ্য ৷ হাঁহৰ মলত ০.৯১ শতাংশ নাইট্ৰ’জেন আৰু ০.৩৮ ফচফৰাচ থাকে ৷ সঠিক হাৰত হাঁহৰ মল প্ৰয়োগ কৰিলে পুখুৰীত সাৰ আৰু মাছৰ খাদ্য প্ৰয়োগৰ প্ৰয়োজন নেথাকে ৷ তাৰোপৰি, হাঁহে ৫০% খাদ্য পুখুৰীৰ পৰা সংগ্ৰহ কৰে ৷ আনহাতে এই আৱৰ্জনাসমূহে মাছৰ প্ৰাকৃতিক খাদ্য সম্ভাৰ বৃদ্ধি কৰাৰ উপৰিও হাঁহক যোগান ধৰা খাদ্যৰ অৱশিষ্ট আৰু হাঁহৰ মল মাছে খাদ্য হিচাবে গ্ৰহন কৰে ৷ হাঁহে সাতোঁৰাৰ ফলত পানীত দ্ৰৱীভূত অম্লজানৰ পৰিমাণ বৃদ্ধি পায় ৷ ই মাছৰ শাৰীৰিক বৃদ্ধিত সহায় কৰে ৷ সংমিশ্ৰণৰ উপযোগী মাছ উপযোগী হাঁহৰ জাত: অসমৰ জলবায়বীয় পৰিস্হিতিত মতা খাকী কেম্পবেল আৰু মাইকী পাতি হাঁহৰ সংকৰণ কৰি উৎপাদন কৰা হাঁহেই সমন্বিত মাছ আৰু হাঁহ পালনৰ বাবে উপযোগী হাঁহ ৷ নগেশ্বৰী আৰু ছিলেটমেটি হাঁহ অসমত পোৱা নেযায় ৷ অত্যধিক আৰ্দ্ৰতাৰ বাবে খাকী কেম্পবেল হাঁহ পুখুৰীৰ ওপৰত ৰখাৰ উপযোগী নহয়৷ হাঁহৰ সংখ্যা প্ৰতি হেক্টৰ পানী কালিৰ বাবে ৩০০ টা হাঁহৰ প্ৰয়োজন ৷ হাঁহৰ জাকটোত ১ : ৫ হাৰত মতা আৰু মাইকী হাঁহ ৰাখিব লাগে ৷ অৰ্থাৎ ৩০০ হাঁহৰ জাকটোত ৫০ টা মতা আৰু ২৫০ জনী মাইকী হাঁহ থাকিব লাগে ৷ পুখুৰী নিৰ্মাণ ১) নিম্নতম: ২ কঠা ২) উচ্চতম: ২ বিঘা হাঁহৰ গঁৰাল ১) পুখুৰীৰ যি কোনো এটা চুকত গঁৰালটো নিৰ্মাণ কৰিব লাগে ৷ ২) খেৰ, বাঁহেৰে অস্থায়ী ভাবে অথবা পকী খুটা, কাঠ, লো, এচবেষ্টচ আদিৰে স্হায়ী ভাবে গঁৰালটো নিৰ্মাণ কৰিব পাৰি ৷ ৩) স্থায়ী আৰু অস্থায়ী উভয় ক্ষেত্ৰতেই মজিয়াখন ছিদ্ৰযুক্ত হোৱা উচিত ৷ অস্থায়ী গঁৰালৰ ক্ষেত্ৰত মজিয়া খন বাঁহৰ চিলিঙি আৰু স্থায়ী গঁৰালৰ ক্ষেত্ৰত লোৰ তাঁৰৰ চিলিঙি বা ছিদ্ৰযুক্ত লোহাৰ পাটেৰে সাজিব পাৰি ৷ মজিয়াৰ ছিদ্ৰসমূহ ৪.০০ – ৬.০০ বৰ্গ ছে: মি: আকাৰৰ হ’ব লাগে ৷ ৪) প্ৰত্যেক হাঁহৰ বাবে ১.৫ বৰ্গ ফুট হিচাবত মজিয়াখন আহল-বহল হব লাগে ৷ ৫) মজিয়া খন পানীৰ পৰা ১.০ মিটাৰ উচ্ছতাত থাকিব লাগে ৷ গঁৰালৰ উচ্চতা মজিয়াৰ পৰা মুধচলৈ ৩.৬ মিটাৰ আৰু চটিলৈকে ২.৭২ মিটাৰ হব লাগে ৷ ৬) গঁৰালটোত উপযুক্ত দুৱাৰৰ ব্যৱস্থা থাকিব লাগে ৷ ৭) বেৰসমূহৰ তলফালে দুইতৃতীয়াংশ বতাহ সোমাব নোৱাৰা আৰু ওপৰৰ একতৃতীয়াংশ বতাহ চলাচল কৰিব পৰাকৈ চিলিঙি যুক্ত হ’ব লাগে ৷ ৮) পুখুৰীলৈ হাঁহ অহা যোৱা কৰিব পৰাকৈ দলংৰ ব্যৱস্থা কৰিব লাগে ৷ ৯) পুখুৰীৰ চাৰিওফালে হাঁহ ওলাই যাব নোৱাৰাকৈ জেওঁৰা আৰু লগতে উপযুক্ত জপনাৰ ব্যৱস্থা কৰিব লাগে ৷ পানীৰ গুণাগুণৰ অনুকূল পৰিসৰ উষ্ণতা ২৬০ – ৩২০ চেলচিয়াচ পিএইচ (pH) ৭.৫ – ৮.৫ মুঠ ক্ষাৰকতা ৭৫ – ১৫০ পিপিএম দ্ৰৱীভূত অম্লজান ৫-১০ পিপিএম নাইট্ৰেট ০০০ ফচফেট ০০০ মুক্ত এঙাৰ ০.১ – ১.০ পিপিএম আৱিলতা ২০ পিপিএমতকৈ কম কঠিনতা ২০ পিপিএমতকৈ বেছি পুখুৰীৰ প্ৰস্তুতি ১)জানুৱাৰী-ফেব্ৰুৱাৰী মাহত পানী সিঁচি পুখুৰীৰ তলিখন শুকুৱাই লব লাগে ৷ ২)তলিখন শুকাই ফাটিলে তলিৰ বোকা খান্দি এতৰপ উঠাই দিব লাগে ৷ ৩)তাৰ পিচত প্ৰতি হেক্টৰত ৫২৫ কি: গ্ৰা: হাৰত কৃষিত ব্যৱহৃত চূণ পুখুৰীৰ তলিত চতিয়াই দিব লাগে ৷ ৪)পুখুৰীত পানী জমা হোৱাৰ পিচত প্ৰতি হেক্টৰত ২০০০ কি: গ্ৰা: হাৰত কেঁচা গোৱৰ প্ৰয়োগ কৰিব লাগে ৷ ৫)গোৱৰ প্ৰয়োগৰ অতি কমেও ৭ দিন পিচত হেক্টৰত ২৫ কি: গ্ৰা: হাৰত ইউৰীয়া প্ৰয়োগ কৰিব লাগে ৷ ৬)ইউৰীয়া প্ৰয়োগৰ দিনাই প্ৰতি হেক্টৰত ২০ কি: গ্ৰা: হাৰত চিঙ্গল চুপাৰ ফচফেট (SSF) প্ৰয়োগ কৰিব লাগে ৷ ৭) ৰাসায়নিক সাৰ প্ৰয়োগৰ ১৫ দিন পিচত পুখুৰীটো পোণা মোলাৰ বাবে প্ৰস্তুতহৈ উঠে ৷ পুখুৰীত মোলাৰ উপযোগী পোণা ১) আগৰ বছৰৰ পোণাহে মূল পুখুৰীত মেলা উচিত ৷ ২) চিলভাৰ কাৰ্পৰ ক্ষেত্ৰত নতুন পোণাও মূল পুখুৰীত মেলাৰ উপযোগী ৷ ৩) পুখুৰীত মেলাৰ সময়ত পোণাৰ ওজন অতি কমেও ৫০ গ্ৰা: হোৱাটো বাঞ্চনীয় ৷ মাছ পোণাৰ সংমিশ্ৰণ: এই পদ্ধতিত হেক্টৰে প্ৰতি সৰ্বমুঠ ৫০০০-৫৫০০ পোণা মেলিব লাগে ৷ পুখুৰীৰ উৰ্দ্ধ, মধ্য আৰু নিম্ন স্তৰৰ সম্পূৰ্ণ ব্যৱহাৰৰ উদ্দেশ্যে তলত দিয়া ধৰণে পোণাৰ সংমিশ্ৰণ কৰিব পাৰি ৷ ১) তিনি প্ৰজাতিৰ সংমিশ্ৰণ: প্ৰজাতি শতকৰা হাৰ ৰৌ ৪০ বাহু ৩০ মিৰিকা ৩০ মুঠ ১০০ ২) চাৰি প্ৰজাতিৰ সংমিশ্ৰণ: প্ৰজাতি শতকৰা হাৰ ৰৌ ৩৫ বাহু ২৫ মিৰিকা ২০ কমন কাৰ্প ২০ মুঠ ১০০ ৩) ছয় প্ৰজাতিৰ সংমিশ্ৰণ: প্ৰজাতি শতকৰা হাৰ চিলভাৰ কাৰ্প ২০ বাহু ১৫ ৰৌ ১৫ গ্ৰাছ কাৰ্প ১০ মিৰিকা ২০ কমন কাৰ্প ২০ মুঠ ১০০ ৪) সাত প্ৰজাতিৰ সংমিশ্ৰণ: প্ৰজাতি শতকৰা হাৰ চিলভাৰ কাৰ্প ১৮ বাহু ১৪ ৰৌ ১৪ গ্ৰাছ কাৰ্প ৯ জাভা পুঠি ৯ মিৰিকা ১৮ কমন কাৰ্প ১৮ মুঠ ১০০ পোণাৰ পৰিবহন আৰু এৰাৰ নিয়ম: ১) অক্সিজেন দিয়া প’লিথিন পেকেটতহে মাছ পোণা পৰিবহন কৰা উচিত ৷ অক্সিজেন বিহীন পাত্ৰত পৰিবহন কৰা পোণা পুখুৰীত মেলাৰ পিচত বেছি ভাগৰেই প্ৰতিচাপৰ ফলত মৃত্যু হয় ৷ ২) মাছ পোণা প্ৰখৰ উত্তাপত পৰিবহন কৰা উচিত নহয় ৷ ৰাতিপুৱাৰ ভাগতে অথবা আবেলি সময়তহে পোণা পৰিবহন কৰা উচিত ৷ ৩) অক্সিজেন দিয়া প’লিথিন পেকেটত পৰিবহন কৰা মাছ পোণা পোনে পোনে পুখুৰীত মেলি নিদি পেকেটটো নোখোলাকৈয়ে পুখুৰীত থৈ দিব লাগে ৷ প’লিথিন পেকেটৰ ভিতৰৰ পানীৰ উষ‶তা আৰু পুখুৰীৰ পানীৰ উষ‶তা একে হোৱাৰ পিচতহে পেকেটটো খুলি পোনাবোৰ নিজে নিজে ওলাই যাব দিব লাগে ৷ হাঁহৰ প্ৰতিপালন নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে গঁৰাললৈ হাঁহ আনিব পাৰি ৷ মাছ পোণা মেলাৰ ৩০ দিন আগতে গাহৰি আনিব পাৰিলে পুখুৰীত সাৰ প্ৰয়োগ কৰাৰ প্ৰয়োজন নাই ৷ হাঁহে পুখুৰীৰ পৰাই ৫০% খাদ্য সংগ্ৰহকৰে ৷ বাকী ৫০% ৰ বাবে বাহিৰৰ পৰা সুষম খাদ্য যোগান ধৰিব লাগে ৷ বজাৰৰ কণী পৰা কুকুৰাৰ খাদ্যৰ লগত চাউলৰ মল ১ : ২ অনুপাতত মিহলাই হাঁহৰ বাবে সুষম খাদ্য তৈয়াৰ কৰি লব পাৰি ৷ প্ৰতিটো হাঁহক দৈনিক গড়ে ১০০ গ্ৰা: হাৰত সুষম খাদ্য খুৱাব লাগে ৷ এদিনৰ বাবে প্ৰয়োজনীয় খাদ্য ৰাতিপুৱা আৰু গধূলি দুবাৰ যোগানৰ ধৰিব লাগে ৷ হাঁহৰ খাদ্য সদায় গঁৰালৰ ভিতৰত যোগান ধৰিব লাগে ৷ প্ৰতি কি: গ্ৰা: খাদ্যৰ লগত ১০ মি: গ্ৰা: মেঙ্গানিজ ছালফেট মিহলাই দিব লাগে ৷ খাদ্য দিয়াৰ সময়ত এটা পাত্ৰত পানীও যোগান ধৰিব লাগে যাতে হাঁহে ঠোট তিয়াব পাৰে ৷ পানীৰ লগত খাদ্যপ্ৰাণ ‘ক’ যুক্ত দৰৱ (এলভিটন নাইবা ভিমাৰেল) মিহলাই দিব লাগে ৷ প্ৰতি দিনে ৰাতিপুৱা ৮:৩০ – ৯:০০ মান বজাত হাঁহৰ জাকটো পুখুৰীত চৰিবলৈ গঁৰালৰ পৰা উলিয়াই দিব লাগে ৷ খাদ্য যোগানৰ পিচত হাঁহৰ জাকটো পুখুৰীত চৰিবলৈ পুণৰ গঁৰালৰ পৰা উলিয়াই দিব লাগে ৷ হাঁহৰ ৰোগ প্ৰতিষেধক ব্যৱস্থা : ডাক ক’লেৰা ৰোগৰ বাবে প্ৰতি দুমাহৰ মূৰে মূৰে প্ৰতিষেধক ছিটা দিব লাগে ৷ ৬-৮ সপ্তাহ বয়সত ডাকপ্লেগৰ ছিটা দিলে তিনি বছৰ বয়সলৈকে হাঁহ এই ৰোগৰ পৰা ৰক্ষা পৰে ৷ ডাক ভাইৰাচ আৰু হেপাটাইটিচৰ প্ৰতিষেধক হিচাবে গঁৰালটো পৰিষ্কাৰ পৰিছন্ন কৰি ৰাখিব লাগে ৷ যি কোনো ৰোগৰ লক্ষণ দেখিলে হাত পশু চিকিৎসকৰ পৰামৰ্শ মতে ব্যৱস্হা গ্ৰহন কৰিব লাগে ৷ হাঁহৰ কণী সংগ্ৰহৰ ব্যৱস্থা : হাঁহে কণী পাৰিবলৈ আৰম্ভ কৰাৰ লগে লগে গঁৰালৰ এটা চুকত খৰাহিৰ ব্যৱস্হা কৰিব লাগে ৷ খৰাহিটোত খেৰ পাৰি দিব লাগে ৷ ৰাতিপুৱা ৯:০০ বজালৈকে হাঁহে কণী পাৰে ৷ গতিকে ৯:০০ বজাত হাঁহৰ জাকটো উলিয়াই দিয়াৰ পিচত কণী সংগ্ৰহ কৰিব লাগে ৷ গঁৰালৰ আৱৰ্জনাৰ পুনৰ ব্যৱহাৰ: ১) প্ৰতি দিনে ৰাতিপুৱা গঁৰালৰ মজিয়াখন সাৰি সকলো আৱৰ্জনা পুখুৰীত পৰিব দিব লাগে ৷ ২) মাজে সময়ে পুখুৰীত জমা হোৱা আৱৰ্জনাৰ দ’মটো ঘোন্দালি ভাঙি দিব লাগে ৷ ৩) পুখুৰীত উদ্ভিদ প্লৱকৰ অতিচাৰ বৃদ্ধি পৰিলক্ষিত হ’লে হাঁহক সাময়িকভাবে পুখুৰীৰ পাৰত খাদ্য যোগানৰ ব্যৱস্থা কৰিব লাগে৷ পানীৰ গুণাগুণৰ নিয়ন্ত্ৰণ: ১) এই পদ্ধতিত পানীৰ pHৰ উত্থান-পতন অতি সঘনে হব পাৰে ৷ সেয়েহে, পানীৰ pH নিয়ন্ত্ৰণ কৰাটো নিতান্তই জৰুৰী ৷ ২) পানীৰ pH নিয়ন্ত্ৰণ কৰিবলৈ পুখুৰীত প্ৰতি মাহতে হেক্টৰে প্ৰতি ১৫০ কি: গ্ৰা: কৃষিত ব্যৱহৃত চূণ প্ৰয়োগ কৰিব লাগে ৷ সঞ্চালন ব্যয় আৰু আয়: প্ৰতি হেক্টৰ পুখুৰীত সংমিশ্ৰিত মীন পালনৰ সঞ্চালন ব্যয়ৰ বিপৰীতে সাম্ভাব্য আয়ৰ হিচাব তলৰ তালিকাত দিয়া হ’ল ৷ তালিকৰ পৰা দেখা যায় যে এই পদ্ধতিত এক হেক্টৰ পানী কালিত মীন পালন কৰিবলৈ সৰ্বমুঠ ০০০.০০ টকাৰ প্ৰয়োজন ৷ এবছৰ পালনৰ পিচত ০০০.০০ কি: গ্ৰা: মাছৰ উৎপাদন পোৱা যায় ৷ প্ৰতি কি: গ্ৰা: মাছ গড়ে ৫০.০০ হাৰত বিক্ৰী কৰি ০০০০.০০ টকা পাব পাৰি ৷ অৰ্থাৎ, ০০০.০০ টকা সঞ্চালন ব্যয়ৰ বিপৰীতে ০০০.০০ টকা লাভ কৰিব পাৰি ৷ এই লাভ সঞ্চালন ব্যয়ৰ ০০০% ৷ সঞ্চালন ব্যয় খৰছৰ শিতান পৰিমাণ/সংখ্যা হাৰ খৰছ (টকা) চূণ ২০০০ কি: গ্ৰা: ৫.০০/কি: গ্ৰা: ১০০০০.০০ কেঁচা গোৱৰ ২০০০ কি: গ্ৰা: ০.৫০/কি: গ্ৰা: ১০০০.০০ পোণা ৫০০০ টা ৫.০০/ পোণা ২৫০০০.০০ বনুৱা ১ জন ২০০০.০০/ মাহ ২৪০০০.০০ মাছ ধৰা খৰছ - - ১০০০.০০ অন্যান্য খৰছ - - ১০০০.০০ সৰ্বমুঠ খৰছ ৮২০০০.০০ আয় আয়ৰ শিতান পৰিমাণ/সংখ্যা বিক্ৰীৰ হাৰ আয় (টকা) মাছ ৪০০ কি: গ্ৰা: ৫০.০০/ কি: গ্ৰা: ২০০০০০.০০ সৰ্বমুঠ আয় ২০০০০০.০০ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।