খাদ্যাভ্যাস আৰু খাদ্যস্থানৰ ভিন্নতা অনুসৰি বিভিন্ন সঙ্গত প্ৰজাতিৰ কাৰ্পজাতীয় মাছ নিয়ন্ত্ৰিত নিৰিখত একেটা পুখুৰীত পালন কৰা পদ্ধতিকেই সংমিশ্ৰিত মীন পালন পদ্ধতি বোলা হয় ৷ পুখুৰীৰ উৰ্দ্ধ, মধ্য আৰু নিম্ন স্তৰৰ খাদ্য প্ৰাচুৰ্য্যতাৰ সম্পূৰ্ণ ব্যৱহাৰ কৰি মাছৰ উৎপাদন কৰাটোৱেই এই পদ্ধতিৰ মূল উদ্দেশ্য ৷ সংমিশ্ৰণৰ উপযোগী মাছ পুখুৰী নিৰ্মাণ ১) নিম্নতম: ২ বিঘা ২) উচ্চতম: ১৫ বিঘা পানীৰ গুণাগুণৰ অনুকূল পৰিসৰ উষ্ণতা ২৬০ – ৩২০ চেলচিয়াচ পিএইচ (pH) ৭.৫ – ৮.৫ মুঠ ক্ষাৰকতা ৭৫ – ১৫০ পিপিএম দ্ৰৱীভূত অম্লজান ৫-১০ পিপিএম নাইট্ৰেট ০০০ ফচফেট ০০০ মুক্ত এঙাৰ ০.১ – ১.০ পিপিএম আৱিলতা ২০ পিপিএমতকৈ কম কঠিনতা ২০ পিপিএমতকৈ বেছি পুখুৰীৰ প্ৰস্তুতি ১)জানুৱাৰী-ফেব্ৰুৱাৰী মাহত পানী সিঁচি পুখুৰীৰ তলিখন শুকুৱাই লব লাগে ৷ ২)তলিখন শুকাই ফাটিলে তলিৰ বোকা খান্দি এতৰপ উঠাই দিব লাগে ৷ ৩)তাৰ পিচত প্ৰতি হেক্টৰত ৫২৫ কি: গ্ৰা: হাৰত কৃষিত ব্যৱহৃত চূণ পুখুৰৰি তলিত চতিয়াই দিব লাগে ৷ ৪)পুখুৰীত পানী জমা হোৱাৰ পিচত প্ৰতি হেক্টৰত ২০০০ কি: গ্ৰা: হাৰত কেঁচা গোৱৰ প্ৰয়োগ কৰিব লাগে ৷ ৫)গোৱৰ প্ৰয়োগৰ অতি কমেও ৭ দিন পিচত হেক্টৰত ২৫ কি: গ্ৰা: হাৰত ইউৰীয়া প্ৰয়োগ কৰিব লাগে ৷ ৬)ইউৰীয়া প্ৰয়োগৰ দিনাই প্ৰতি হেক্টৰত ২০ কি: গ্ৰা: হাৰত চিঙ্গল চুপাৰ ফচফেট (SSF) প্ৰয়োগ কৰিব লাগে ৷ ৭)ৰাসায়নিক সাৰ প্ৰয়োগৰ ১৫ দিন পিচত পুখুৰীটো পোণা মোলাৰ বাবে প্ৰস্তুত হৈ উঠে ৷ পুখুৰীত মেলাৰ উপযোগী পোণা ১)আগৰ বছৰৰ পোণাহে মূল পুখুৰীত মেলা উচিত ৷ ২)চিলভাৰ কাৰ্পৰ ক্ষেত্ৰত নতুন পোণাও মূল পুখুৰীত মেলাৰ উপযোগী ৷ ৩)পুখুৰীত মেলাৰ সময়ত পোণাৰ ওজন অতি কমেও ৫০ গ্ৰা: হোৱাটো বাঞ্চনীয় ৷ মাছ পোণাৰ সংমিশ্ৰণ এই পদ্ধতিত হেক্টৰে প্ৰতি সৰ্বমুঠ ৫০০০ পোণা মেলিব লাগে ৷ পুখুৰীৰ উৰ্দ্ধ, মধ্য আৰু নিম্ন স্তৰৰ সম্পূৰ্ণ ব্যৱহাৰৰ উদ্দেশ্যে তলত দিয়া ধৰণে পোণাৰ সংমিশ্ৰণ কৰিব পাৰি ৷ ১) তিনি প্ৰজাতিৰ সংমিশ্ৰণ: প্ৰজাতি শতকৰা হাৰ ৰৌ ৪০ বাহু ৩০ মিৰিকা ৩০ মুঠ ১০০ ২) চাৰি প্ৰজাতিৰ সংমিশ্ৰণ: প্ৰজাতি শতকৰা হাৰ ৰৌ ৩৫ বাহু ২৫ মিৰিকা ২০ কমন কাৰ্প ২০ মুঠ ১০০ ৩) ছয় প্ৰজাতিৰ সংমিশ্ৰণ: প্ৰজাতি শতকৰা হাৰ চিলভাৰ কাৰ্প ২০ বাহু ১৫ ৰৌ ১৫ গ্ৰাছ কাৰ্প ১০ মিৰিকা ২০ কমন কাৰ্প ২০ মুঠ ১০০ ৪) সাত প্ৰজাতিৰ সংমিশ্ৰণ: প্ৰজাতি শতকৰা হাৰ চিলভাৰ কাৰ্প ১৮ বাহু ১৪ ৰৌ ১৪ গ্ৰাছ কাৰ্প ৯ জাভা পুঠি ৯ মিৰিকা ১৮ কমন কাৰ্প ১৮ মুঠ ১০০ পোণাৰ পৰিবহন আৰু এৰাৰ নিয়ম: ১) অক্সিজেন দিয়া প’লিথিন পেকেটতহে মাছ পোণা পৰিবহন কৰা উচিত ৷ অক্সিজেন বিহীন পাত্ৰত পৰিবহন কৰা পোণা পুখুৰীত মেলাৰ পিচত বেছি ভাগৰেই প্ৰতিচাপৰ ফলত মৃত্যু হয় ৷ ২) মাছ পোণা প্ৰখৰ উত্তাপত পৰিবহন কৰা উচিত নহয় ৷ ৰাতিপুৱাৰ ভাগতে অথবা আবেলি সময়তহে পোণা পৰিবহন কৰা উচিত৷ ৩) অক্সিজেন দিয়া প’লিথিন পেকেটত পৰিবহন কৰা মাছ পোণা পোনে পোনে পুখুৰীত মেলি নিদি পেকেটটো নোখোলাকৈয়ে পুখুৰীত থৈ দিব লাগে ৷ প’লিথিন পেকেটৰ ভিতৰৰ পানীৰ উষ্ণতা আৰু পুখুৰীৰ পানীৰ উষ্ণতা একে হোৱাৰ পিচতহে পেকেটটো খুলি পোনাবোৰ নিজে নিজে ওলাই যাব দিব লাগে ৷ খাদ্য যোগান পোণা মেলাৰ তৃতীয় দিনাৰ পৰা পুখুৰীত মাছৰ বাবে খাদ্য প্ৰয়োগ কৰিব লাগে ৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ মীন গৱেষণা কেন্দ্ৰ, যোৰহাটতত প্ৰস্তুত কৰা মাছৰ সুষম খাদ্য ‘সুষমা’ যোগানৰ নিৰিখ তলৰ তালিকাত দিয়া হ’ল ৷ দহ/পোন্ধৰ দিনৰ খাদ্য এটা বস্তাত ভৰাই বস্তাটো পুখুৰীৰ পানীত এনেভাবে ওলোমাই দিব লাগে যাতে আটাইকেইটা স্তৰৰ মাছে খাদ্য খাবলৈ সুবিধা পায় ৷ মাছক সুষম খাদ্য যোগানৰ নিৰিখ মাহ খাদ্যৰ পৰিমাণ (কি: গ্ৰা: /দিন) বিঘা হিচাপত হেক্টৰ হিচাপত মাৰ্চ -এপ্ৰিল (১ম মাহ) ০.২৮ ২.০০ এপ্ৰিল – মে (২য় মাহ) ০.৩৫ ২.৫০ মে – জুন (৩য় মাহ) ০.৪০ ৩.০০ জুন – জুলাই (৪ৰ্থ মাহ) ০.৫৬ ৮.০০ জুলাই - আগষ্ট (৫ম মাহ) ০.৯০ ৫.০০ আগষ্ট- চেপ্তেম্বৰ (৬ষ্ঠ মাহ) ০.৭২ ৬.০০ চেপ্তেম্বৰ-অক্টোবৰ (৭ম মাহ) ০.৯৮ ৭.০০ অক্টোবৰ-নভেম্বৰ (৮ম মাহ) ১.১২ ৮.০০ নভেম্বৰ- ডিচেম্বৰ (৯ম মাহ) ১.১২ ৮.০০ ডিচেম্বৰ-জানুৱাৰী (১০ মাহ) ১.১২ ৮.০০ জানুৱাৰী-ফেব্ৰুৱাৰী (১১শ মাহ) ১.১২ ৮.০০ পানীৰ গুণাগুণৰ নিয়ন্ত্ৰণ ১)পুখুৰীত প্ৰতি মাহতে হেক্টৰে প্ৰতি ১৫০ কি: গ্ৰা: কৃষিত ব্যৱহৃত চূণ প্ৰয়োগ কৰিব লাগে ৷ ২)চূণ প্ৰয়োগৰ ৭ দিন পিচত প্ৰতি মাহতে হেক্টৰে প্ৰতি ১০০০ কি: গ্ৰা: কেঁচা গোৱৰ প্ৰয়োগ কৰিব লাগে ৷ ৩)গোৱৰ প্ৰয়োগৰ ৭ দিন পিচত প্ৰতি মাহতে হেক্টৰে প্ৰতি ২৫ কি: গ্ৰা: ইউৰীয়া আৰু ২০ কি: গ্ৰা: হাৰত চিঙ্গল চুপাৰ ফচফেট (SSF) প্ৰয়োগ কৰিব লাগে ৷ সঞ্চালন ব্যয় আৰু আয় প্ৰতি হেক্টৰ পুখুৰীত সংমিশ্ৰিত মীন পালনৰ সঞ্চালন ব্যয়ৰ বিপৰীতে সাম্ভাব্য আয়ৰ হিচাব তলৰ তালিকাত দিয়া হ’ল ৷ তালিকাৰ পৰা দেখা যায় যে এই পদ্ধতিত এক হেক্টৰ পানী কালিত মীন পালন কৰিবলৈ সৰ্বমুঠ ৮২,০০০.০০ টকাৰ প্ৰয়োজন ৷ এবছৰ পালনৰ পিচত ৪,০০০.০০ কি: গ্ৰা: মাছৰ উৎপাদন পোৱা যায় ৷ প্ৰতি কি: গ্ৰা: মাছ গড়ে ৫০.০০ হাৰত বিক্ৰী কৰি ২,০০,০০০০.০০ টকা পাব পাৰি ৷ অৰ্থাৎ, ৮২,০০০.০০ টকা সঞ্চালন ব্যয়ৰ বিপৰীতে ১,১৮,০০০.০০ টকা লাভ কৰিব পাৰি ৷ এই লাভ সঞ্চালন ব্যয়ৰ ১৪৩.৯০% ৷ সঞ্চালন ব্যয় খৰছৰ শিতান পৰিমাণ/সংখ্যা হাৰ খৰছ (টকা) চূণ ২০০০ কি: গ্ৰা: ৫.০০/কি: গ্ৰা: ১০০০০.০০ কেঁচা গোৱৰ ২০০০ কি: গ্ৰা: ০.৫০/কি: গ্ৰা: ১০০০.০০ পোণা ৫০০০ টা ৫.০০/ পোণা ২৫০০০.০০ খাদ্য ২০০০ কি: গ্ৰা: ১০.০০/ কি: গ্ৰা: ২০০০০.০০ বনুৱা ১ জন ২০০০.০০/ মাহ ২৪০০০.০০ মাছ ধৰা খৰছ - - ১০০০.০০ অন্যান্য খৰছ - - ১০০০.০০ সৰ্বমুঠ খৰছ ৮২০০০.০০ আয় আয়ৰ শিতান পৰিমাণ/সংখ্যা বিক্ৰীৰ হাৰ আয় (টকা) মাছ ৪০০ কি: গ্ৰা: ৫০.০০/ কি: গ্ৰা: ২০০০০০.০০ সৰ্বমুঠ আয় ২০০০০০.০০ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।