মাছৰ ঘা মহামাৰী (ই ইউ এছ)| এই ৰোগবিধ প্ৰথমতে ১৯৭২ চনত অষ্ট্ৰেলিয়াৰ কুইঞ্চলেণ্ড মহানগৰৰ উপকণ্ঠৰ বুণ্ডাবাৰ্গত দেখা গৈছিল| ১৯৮৮ চনত এই ই ইউ এছ ৰোগবিধ শ্ৰীলংকাত দেখা পোৱা গৈছিল| সেই একে বছৰতে বাংলাদেশত এই ৰোগবিধে ভয়াবহ ৰুপ লৈছিল| বাংলাদেশৰ পৰাই ১৯৮৮ চনত আমাৰ দেশত ত্ৰিপুৰা, মিজোৰাম আৰু অসমলৈ এই ৰোগবিধ সংক্ৰমিত হয় আৰু অতি কমদিনৰ ভিতৰতেই এই ৰোগবিধে সকলো জলৰাশিৰ সকলো প্ৰজাতিৰ মাছৰ বিস্তৰ ক্ষতি সাধন কৰে|

মাছৰ ঘা মহামাৰীক বিভিন্ন সময়ত ৰেড্‌স্পট, ইনফেকচিয়াছ ড্ৰপছী, হিম’ৰেজিক ছেপ্টিচেমিয়া, উইবেক্‌কুদেছ আদি বিভিন্ন নামেৰে জনা যায়| ভাৰতত এই ৰোগবিধৰ প্ৰাদুৰ্ভাৱ হোৱাৰ পিছত বিশ্ব খাদ্য আৰু কৃষি সংস্থাই এই ৰোগক ই ইউ এছ নামেৰে অভিহিত কৰে|

প্ৰথম অৱস্থাত বিজ্ঞানী সকল এই ৰোগৰ কাৰণ সম্পৰ্কত ঐকমত্যত উপনীত হ’ব পৰা নাছিল যদিও পিছত বিভিন্ন পৰীক্ষাৰ অন্তত বিজ্ঞানী সকলে মত প্ৰকাশ কৰে যে এফাইন’মাইছিছ নামৰ এবিধ ভেঁকুৰৰ আক্ৰমণৰ বাবেহে এই ৰোগ মাছৰ দেহত হয়| এই ৰোগবিধ সাধাৰণতে শীতকালত (অক্টোবৰ-ফেব্ৰুৱাৰী) মাছৰ দেহত ব্যাপক হাৰত হয়| পানীৰ উষ্ণতা কমি যোৱা আৰু তাৰ লগতে পানীৰ পি এইচৰ মান কমি গ’লে শীতকালত ই পুখুৰী বা জলাশয়ত মহামাৰী ৰুপ ল’ব পাৰে|

এই ৰোগে দেখা দিলে

পুখুৰী বা জলাশয়ৰ একে প্ৰজাতিৰ মাছ একে সময়তে আক্ৰান্ত হয়|

সাধাৰণতে কোমত মাছ হিচাপে খ্যাত মিৰিকা মাছক সহজতে আক্ৰমণ কৰে| গৰৈ, পুঠি, শাল, টোৰা, বামি, শিঙী, মাগুৰ আৰু বাহু মাছকো এই ৰোগে সহজে আক্ৰমণ কৰিব পাৰে|

জাৰকালি এই ৰোগৰ মাত্ৰা বেছি হয়|

মাছৰ দেহত প্ৰথমতে ৰঙা দাগ পৰে আৰু পিছত গোটেই গাটো ঘাৰে ভৰি পৰে আৰু অৱশেষত মাছটো মৃত্যুমুখত পৰে|

এই ভয়াবহ ৰোগবিধ সাধাৰণতে পানীৰ পাৰিপাৰ্শ্বিক গুণৰ অৱনতিৰ ফলত হয়| মাছ পোহা পুখুৰীত যদি লেতেৰা বস্তু পেলোৱা হয়, ইয়ে পানীৰ গুণাগুণ নষ্ট কৰে আৰু পানী মাছৰ বেমাৰৰ অনুকূল হয়| তদুপৰি শীতকালত জাল মাৰোতে যদি মাছৰ বাকলি সৰে আৰু জালত ঘঁহনি খায়, তেনেহ’লে ইয়ে শেষত গৈ ঘালৈ ৰুপান্তৰিত হ’ব পাৰে| পানীৰ উষ্ণতা কমি গ’লে আৰু পি এইচ নিম্নগামী হ’লে এই বেমাৰ হোৱাৰ প্ৰাবল্য অত্যধিক হয়| সেয়ে পুখুৰীত নিৰিখমতে চূণ, সাৰ আদি যোগান ধৰিব লাগে| মাছ যিহেতু পানীত থকা জীৱ, তাক চিকিৎসা কৰাটো কঠিন হয়| ভুলবশতঃ ঔষধৰ নিৰিখ বেছি হ’লে পানীৰ পাৰিপাৰ্শ্বিক গুণৰ অৱনতিৰ বাবে মাছ মৰিব পাৰে| সেয়েহে মাছৰ ৰোগ নিৰ্মূল কৰিবৰ বাবে ৰোগ হোৱাৰ পিছত চিকিৎসা কৰাতকৈ ৰোগ নোহোৱাকৈ ৰখাত গুৰুত্ব দিব লাগে| এই ৰোগবিধ প্ৰতিৰোধৰ বাবে তলত দিয়া কথাকেইটা গুৰুত্ব সহকাৰে মানি চলা উচিত-

ৰোগবিধ প্ৰতিৰোধৰ বাবে

পুখুৰীৰ পাৰত ওখ গছ, ডাল-পাত থাকিব নালাগে|

পুখুৰীত উপযুক্ত হাৰত নিয়মিতভাৱে চূণ প্ৰয়োগ কৰিব লাগে|

পুখুৰীত নিৰ্দ্দিষ্ট হাৰত জোখমতে মাছ পোনা মেলিব লাগে|

মাছ পোনাসমুহ মেলাৰ সময়ত পটাছ পানীত ডুবাই পুখুৰীত মেলিব পাৰিলে ভাল|

জধেমধে পুখুৰীত জাল মাৰিব নালাগে| জাল মৰাৰ আগত জালখন পটাছ পানীত ডুবাই ল’ব পাৰিলে ভাল|

জাৰকালি জাল মাৰিলে যদি পুনৰাই মাছ মেলি দিয়া হয়, তেনেহ’লে মেলি দিয়া মাছবোৰ পটাছ পানীত ডুবাই মেলাৰ ব্যৱস্থা কৰিব লাগে|

পুখুৰীলৈ বাহিৰৰ পৰা পানী সোমাবলৈ দিব নালাগে| যদি বাহিৰৰ পানী সোমোৱাৰ ব্যৱস্থা কৰা হয়, তেনেহ’লে নিৰ্গমন নলীত চূণৰ মিশ্ৰণ দি পানী শোধন কৰাৰ ব্যৱস্থা থাকিব লাগে|

পুখুৰীত মাছৰ বেমাৰ হ’লে বেমাৰী মাছবোৰ উঠাই আনি ওচৰৰ সৰু পুখুৰী এটাত ৰাখি তাত চিকিৎসা কৰিব পাৰিলে ভাল|

মৃত মাছবোৰ উঠাই দূৰত চূণৰ সৈতে পুতি থোৱাৰ ব্যৱস্থা কৰিব লাগে|

পুখুৰীৰ পানীৰ গুণাগুণ ওচৰৰ মীন সম্প্ৰসাৰণৰ বিষয়াৰ ওচৰত পৰীক্ষা কৰি থাকিব লাগে|

ওপৰৰ আলোচনা কৰা ধৰণে যদি আমি আমাৰ পুখুৰীৰ ব্যৱস্থা গ্ৰহণ কৰো, তেনেহ’লে মাছৰ বেমাৰ হোৱাৰ প্ৰাবল্য যথেষ্ট কম হ’ব|

যদি পুখুৰীত মাছৰ এই ৰোগ দেখা দিয়ে, তেনেহ’লে প্ৰাথমিক অৱস্থাতে তাক নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে| পলম হ’লে ই জটিল ৰুপ ধাৰণ কৰে|

নিয়ন্ত্ৰণৰ ব্যৱস্থা

ৰোগে দেখা দিয়াৰ লগে লগে পুখুৰীত ১ পি পি এম হাৰত পটাছিয়াম পাৰমাংগানেট ব্যৱহাৰ কৰিব লাগে|

আক্ৰান্ত মাছবোৰ জালেৰে উঠাই আনি ৫০০ পি পি এম পটাছিয়াম পাৰমাংগানেট দ্ৰ্ৱণত কিছু সময়ৰ বাবে ডুবাই ৰাখি পুনৰ পুখুৰীত মেলিব লাগে| অন্যথা আক্ৰান্ত মাছবোৰৰ ঘা লগা ঠাইত তৃতীয়া আৰু পটাছিয়াম পাৰমাংগানেট সমভাৱে মিহলি কৰি লেপন দি পুখুৰীত মেলিব লাগে| অন্য এটা পুখুৰী হ’লে ভাল|

চূণ প্ৰয়োগঃ

পানীৰ পি এইচৰ ওপৰত নিৰ্ভৰ কৰি চূণ ৬০- ৯০ কিলোগ্ৰাম প্ৰতিবিঘা পানীকালিত দিয়াৰ ব্যৱস্থা কৰিব লাগে|

চিফাক্স প্ৰয়োগঃ

প্ৰতি বিঘা পানীকালিত চিফাক্স ১০০ মিলিলিটাৰ পানীত মিহলাই পুখুৰীৰ উপৰিভাগত ছটিয়াই দিব লাগে| মনত ৰাখিব, চিফাক্স দিয়াৰ পিছত অন্ততঃ ৭২ ঘণ্টা অৰ্থাৎ তিনিদিন সেই পুখুৰীৰ পানী মানুহ, গৰু, ছাগলী, হাঁহ, কুকুৰা বা অন্য জন্তু আদিয়ে ব্যৱহাৰ কৰিব নালাগে|

চুক্ৰিনা ডব্লিউ এছ প্ৰয়োগঃ

প্ৰতি বিঘা পানীকালিত চূণ ৫-১০ কিলোগ্ৰাম দিয়াৰ পিছত চুক্ৰিনা ডব্লিউ এছ ৫০০ মিলিলিটাৰ অলপ পানীৰ লগত মিহলাই পানীৰ উপৰিভাগত ছটিয়াই দিব লাগে| প্ৰথমবাৰ দিয়াৰ ১৫ দিন পিছত পুনৰ ৫০০ মিলিলিটাৰ প্ৰয়োগ কৰিব লাগে|

এক্সোৰিনাঃ

প্ৰতিবিঘা পানীকালিত ১ লিটাৰ এক্সোৰিনা দ্ৰৱণ পানীৰ লগত মিহলাই পুখুৰীত ছটিয়াই দিব লাগে|

বনৌষধঃ

মাছৰ ঘ মহামাৰীৰ নিৰ্মূলৰ বাবে অতি গুৰুত্বপূৰ্ণ বনৌষধ বিধ হ’ল হালধি গুৰি| যদি আমি ১০ কিলোগ্ৰাম চূণৰ লগত ২ কিলোগ্ৰাম হালধি মিহলি কৰি বেমাৰ লগা পুখুৰীৰ পানীত ছটিয়াই দিও তেনেহ’লে খুব কম সময়ৰ ভিতৰতে এই ৰোগবিধ নিয়ন্ত্ৰিত হয়| এই মিশ্ৰণ ব্যৱহাৰ কৰাৰ ফলত পুখুৰীৰ পানীৰ গুণাগুণৰ কোনো পৰিৱৰ্তন নহয়| এই মিশ্ৰণ আমি পুখুৰীত প্ৰতিষেধক হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ| শীতকালৰ মাহকেইটাত যদি অনুপাতত চূণ আৰু হালধি গুড়ি মিহলি কৰি পুখুৰীৰ পানীত ছটিয়াই দিও, তেনেহ’লে মাছৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰি|

মাছৰ ঘাঁ মহামাৰী বা ই ইউ এছ ৰোগ নিৰ্মূল কৰণৰ বাবে ওপৰৰ আলোচনা কৰা ধৰণে ব্যৱস্থা গ্ৰহণ কৰিলে আমি বেছি লোকচানৰ সম্মুখীন হ’ব লগা নহয়| যদি সময়ৰ সদ্ব্যৱহাৰ কৰি কামখিনি কৰো তেনেহ’লে এই ৰোগবিধে আমাৰ বেছি ক্ষতি সাধন কৰিব নোৱাৰে| অন্যথা এই ৰোগবিধৰ ফলত একেটা পুখুৰী বা জলাশয়ৰ একে প্ৰজাতিৰ সকলো মাছ নাইকিয়া হৈ যাব পাৰে| গতিকে মীনপালক সকলে এই ৰোগে দেখা দিয়া মাত্ৰকে মীন সম্প্ৰসাৰন বিষয়াৰ লগত যোগাযোগ কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে|

লেখক:- প্ৰতুল ডেকা,মীন বিষয়া, পাম পৰিচালনা প্ৰশিক্ষণ কেন্দ্ৰ, ৰাণী,

উৎস:- দৈনিক অসম