পুখুৰী এটাত মাছৰ উৎপাদন ঘাইকৈ নিৰ্ভৰ কৰে পানীৰ গুণাগুণ, মাছৰ ঘনত্ব, উপযুক্ত খাদ্য আৰু সঠিক পৰিচালনাৰ ওপৰত। অন্যথাই দূষিত পৰিৱেশ, অনুপযুক্ত খাদ্য আৰু বিভিন্ন ৰোগৰ আক্ৰমণৰ বাবে মাছ ৰোগাক্রান্ত হ’ব পাৰে। এই ৰোগসমূহৰ সঠিক চিনাক্তকৰণৰ দ্বাৰা উপযুক্ত প্রতিকাৰ ও প্রতিষেধক ব্যৱস্থা সময়ত গ্ৰহণ নকৰিলে, প্রথমে এটা প্রজাতি বা সময়ত সকলো প্রজাতিৰ মাছ আক্রান্ত হৈ উৎপাদন নিম্নগামী হ’ব পাৰে। গতিকে সঠিক সময়ত ৰোগ আৰু ইয়াৰ কাৰণ সমূহ চিনাক্ত কৰি উপযুক্ত ব্যৱস্থা গ্রহণ কৰি ইয়াক নিৰাময় কৰিব পাৰি। সাধাৰণতে মাছ ৰোগৰ দ্বাৰা আক্রান্ত হৈছে নে নাই বা পানীত কিবা অস্বাভাৱিক আচৰণ দেখুৱাইছে নেকি তাক নিৰূপন কৰিবৰ বাবে লক্ষ্য কৰিবলগীয়া কথা কেইটা হ’ল – (ক) মাটি আৰু পানীৰ গুণাগুণ সাধাৰণতে মাছ পোহা পুখুৰীত উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত প্রায়েই পানীভাগ প্ৰদূষিত হৈ কিছুমান অপকাৰী গেছৰ সৃষ্টি কৰে, ফলত মাছবোৰ ৰোগৰ দ্বাৰা আক্রান্ত হ’ব পাৰে। বহুক্ষেত্ৰত পানীত শেলাইৰ অতিচাৰ বৃদ্ধি হৈ মাছৰ বিষক্রিয়া হ’ব পাৰে। লগতে পুখুৰীৰ তলিভাগত অধিক পাৰিমাণে গেছ জমা হৈ ৰোগৰ বীজাণু বিয়পাব পাৰে। সেইবাবে পানী অথবা মাটিৰ গুণাগুণ বিশ্লেষণ কৰি সময়মতে বিহিত ব্যৱস্থা গ্রহণ কৰি ইয়াক লাঘৱ কৰিব পৰা যায়। (খ) মাছৰ আচৰণ লক্ষ্য কৰি সাধাৰণতে বিনা কাৰণত মাছে পানীত কেতিয়াও অস্বাভাৱিক আচৰণ নেদেখুৱায়। গতিকে ৰাতিপুৱা বা গধুলি সময়ত পুখুৰীৰ পাৰত নিতাল মাৰি ৰৈ মাছৰ আচৰণ লক্ষ্য কৰি সম্ভাব্য কাৰণবোৰ নিৰূপন কৰিব পাৰি। জাকপাতি বা অকলশৰে পানীৰ উপৰিভাগলৈ আহি কাপ কাপকৈ কমাই থাকে। জেং, বাঁহ বা কঠিন বস্তু আদিত গা ঘঁহাই। মাছ অস্থিৰ হয় আৰু উলম্ব অৱস্থান কৰে। পানীত ফিচাৰে আছাৰ মাৰে আৰু গতি মন্থৰ হয়। খাদ্যৰ প্ৰতি অনীহা হয়। মানুহৰ উপস্থিতি অথবা শব্দৰ প্ৰতি মনোযোগ নিদিয়ে। (গ) শৰীৰৰ বাহ্যিক লক্ষণৰ দ্বাৰা জীৱিত মাছ এটা সুস্থনে ৰোগাক্রান্ত তাক পৰীক্ষা কৰিবলৈ মাছটো পানীৰ পৰা তুলিয়েই হাতত লৈ লুটিয়াই দিলে, সুস্থ মাছৰ ক্ষেত্ৰত চকু মাছটো ঘুৰাৰ লগে লগে নুঘুৰে আৰু এই অৱস্থাত চকুৰ মণিটো ওপৰৰ পৰা দেখা নাযায় কিন্তু মাছটো দুর্বল হৈ থাকিলে চকুৰ মণিটোও লগে লগে ঘূৰে আৰু ইয়াক ওপৰৰ পৰা দেখা যায়। ইয়াৰ বাহিৰেও ভালকৈ লক্ষ্য কৰিলে ইয়াৰ দেহত কিছুমান লক্ষণ দেখা পোৱা যায় যেনে- বাকলি সৰে, অথবা বাকলিৰ গুৰিত পানী জমা হয়। পাখি, ফিছা আদি ছিঙি থাকে অথবা কাণৰ কাষৰ পাখি ওলোটা মুৱা হয়। চুকত প্রপাত পৰে, ভিতৰলৈ সোমাই যায় বা বাহিৰলৈ ওলাই আহে। মাছৰ ফুল বা জলক্লোম উখহে, ছিন্ন-বিছিন্ন হয় অথবা ৰং সলনি হয়। পেট ওফন্দি আহে। গাটো অতি বিজলুৱা হয়। দেহৰ যিকোনো অংশত ঘাঁ হয়। দেহৰ বৰণ সলনি হয়, অথবা দেহত ওকণি, কপাহ সদৃশ থোপা, বা কলা-বগা ফুটফুটীয়া দাগ দেখা যাব পাৰে। ওঠ ফুলিব পাৰে বা কপাহ সৃশ থোপা দেখা যায় ইত্যাদি। প্রকৃত কাৰণটো নিৰূপন কৰি মাছৰ ৰোগক সাধাৰণতে পাচটা ভাগত বিভক্ত কৰিব পাৰি। ১। পাৰিপাৰ্শ্বিকতা জনিত ৰোগ সাধাৰণতে মাটি আৰু পানীৰ ভৌত ৰাসায়নিক গুণাগুণৰ পৰিমাণ সঠিক হাৰত নাথাকিলে পানীত প্রতিচাপৰ সৃষ্টি হয় আৰু ৰোগৰ প্ৰাদুৰ্ভাব হয়। এইদৰে হোৱা ৰোগসমূহক এই ভাগত অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াৰ লক্ষণসমূহ এনেধৰণৰ: পাৰি পাৰ্শ্বিকতা জনিত গুণ ৰোগৰ লক্ষণ দ্রবীভূত অম্লজান আৰু নাইট্ৰজেন গেছৰ বৃদ্ধি পালে। মাছৰ ছালৰ বা বাকলিৰ তলত গেছ পৰিমাণ জমা হয়। দ্রৱীভূত অন্নজনৰ নাটনি জলক্লোম মাছে পানীৰ উপৰিভাগত কমায়। শেঁতা পৰে। এমনিয়া বৃদ্ধি পানীত পি. এইচ কমিলে (আন্ত্রিক হ’লে) জলক্লোম মূগা পৰে আৰু ৰক্ত ক্ষৰণ হয়। হাইড্রজেন চালফাইড গেছৰ বৃদ্ধি গোন্ধায়। মাছ মাৰে। ঘোলা কণীৰ দৰে গেছ গোন্ধায়। কার্বন ডাই অক্সাইড আৰু পি. এইচৰ বৃদ্ধি (ক্ষাৰকীয় হ’লে) মাছৰ দেহ অতি বিজলুৱা হয়। শেলাই বেছি হ’লে শ্বাসৰুদ্ধ আৰু বিষক্রিয়া হয়। অৰ্গেন, ক্লৰিণ জাতীয় ৰাসায়নিক যৌগৰ প্ৰদূষণ। কাণৰ কাষৰ পাখি ওলোটামুৱা হয়। পুষ্টি জনিত ৰোগ মাছক যোগান ধৰা খাদ্যত উচিত মাত্ৰাত শর্কৰা, প্ৰটিন, স্নেহ পদার্থ, ভিটামিন, মিনাৰেল আদি থকা উচিত। অন্যথাই ই মাছৰ বৃদ্ধিত বাধা দিয়াৰ লগতে বিভিন্ন বেমাৰৰ দ্বাৰা আক্রান্ত হোৱাত সহায়ক হয়। এই পুষ্টিদ্ৰৱসমূহৰ অভাৱৰ বাবে হ’ব পৰা সাম্ভাব্য ৰোগ আৰু লক্ষণসমূহ এনেধৰণৰ- উপাদানৰ অভাৱ হ’লে ৰোগৰ লক্ষণ খাদ্য যোগান ব্যাহত হলে অথবা অনাহাৰে থাকিলে মাছ খিনাই যায় ভিটামিন ‘ক’, ‘খ’, ‘গ’ এনাৰেক্সিয়া, ছালৰ ৰক্তক্ষৰণ, বৃক্কৰ ৰক্তক্ষৰণ ভিটামিন ‘ক’ চকুৰ প্ৰপাত, লেন্সৰ বিকৃতি ভিটামিন ‘খ’ জলক্লোম, মাংস পেশীৰ ক্ষয় হোৱা, শ্বাস-প্ৰশ্বাস খৰ হোৱা, চালৰ বিভিন্ন ৰোগ, ভাৰসাম্যহীনতা আদি। আয়ডিন জলক্লোমৰ ৰক্তক্ষৰণ, লৰ্ডচিচ, ঠুনুকা পাখি ফছফৰাছ হাড়ৰ বিকৃতি ইত্যাদি। ৩। পৰিচালনা জনিত ৰোগ মীন পাম পৰিচালনাৰ বিভিন্ন ক্রুটিৰ বাবেও মাছ বিভিন্ন ৰোগৰ দ্বাৰা আক্রান্ত হ’ব পাৰে। পানী প্ৰদূষিত হোৱাৰ ফলত। সময়মতে পানীত চূণ, সাৰ আদি প্রয়োগ নকৰাৰ ফলত। উপযুক্ত নিৰিখত নিৰ্দিষ্ট প্রজাতিৰ মাছ নেমেলাৰ ফলত। উপযুক্ত খাদ্য যোগান নধৰাৰ ফলত। জধেমধে জাল মৰা, পানী ঘোলা কৰা আৰু যিকোনো ৰাসায়নিক দ্ৰৱ পানীত যোগান ধৰাৰ ফলত৷ জন্মাবধি ৰোগ জন্মগতভাবেও মাছে বিভিন্ন ধৰণৰ ৰোগ, শাৰিৰীক বিকৃতি আদি ধাৰণ কৰি আহিব পাৰে। ইয়াৰ ফলত পাখি, ফিছা, হনু, মূৰ আদিৰ বিকৃতি হ’ব পাৰে। উপযুক্ত সুস্থ, সবল গাভিনী মাছৰ প্ৰজননৰ দ্বাৰা ইয়াৰ হাত সাৰিব পাৰি। ৫। ৰোগাদ জনিত ৰোগ পানীত থকা অপকাৰী বেক্টেৰীয়া, ভেকুঁৰ, ভাইৰাচ, কৃমি, আদ্যপ্রাণী, বলয়ী প্রাণী আদি পৰজীৱি মাছৰ প্ৰধান ৰোগদ। বেক্টেৰীয়া জনিত ৰোগ পানীত বিভিন্ন আকৃতিৰ বহু হেজাৰ প্ৰজাতিৰ বেক্টেৰীয়া থাকে। সকলোবোৰ অপকাৰী নহ’লেও কিছুসংখ্যক বেক্টেৰীয়াই ৰোগৰ সৃষ্টি কৰে। অসমত সাধাৰণতে হোৱা মাছৰ বিভিন্ন ৰোগসমূহ হ’ল- ১। পাখি আৰু ফিছা পঁচা ৰোগ এৰ’মনাছ আৰু চিউড’মানাছ গোত্ৰৰ বেক্টেৰীয়াই এই ৰোগৰ সৃষ্টি কৰে লক্ষণ পাখিৰ বাহিৰ ভাগত বগা ৰেখা দেখা যায়। এই ৰেখা বাঢ়ি গৈ ঘাঁ হয় আৰু পাখি পচে। পিছলৈ পাখি ছিগি যায়। চিকিৎসা এন্টিবায়টিক চালফ’নেমাইড প্রতি কেজি খাদ্যত ৩ গ্রাম হিচাপত মিহলাই ১২-১৯ দিনলৈ যোগান ধৰিব লাগে। অক্সিটেট্রাচাইক্লিন প্রতি দিনে প্ৰতিটো মাছ বা ৫০-৭৫ মিলি গ্রাম ১০-১২ দিনলৈ খুৱাব লাগে। ২। কলুমনেৰিছ ফ্লেক্সিবেক্টাৰ আৰু চাইট’ফেগা কলুমনেৰিছৰ দ্বাৰা এই ৰোগ বিয়পে। আক্রান্ত মাছৰ মূৰ, ওঁঠ আৰু পাখীত, বগা-মূগা দাগ পৰা দেখা যায়। মুখত কপাহ সদৃশ থোপাৰ আকৃতি দেখা যায়। বাকলি নথকা মাছত প্রথমে মুগা-নীলা বৰণৰ, ৰঙচুৱাৰে ঘেৰি থকা ফোঁহা দেখা যায় আৰু ক্ৰমান্বয়েই ঘাঁলৈ ৰূপান্তৰিত হয়। বাকলি থকা মাছৰ দেহত বগা-মূগা ৰঙৰ ঘাঁ দেখা দি ক্রমান্বয়ে আকাৰ বাঢ়ি যায়। চিকিৎসা ১:৫০০০০ ভাগ পটাছিয়াম পাৰমাংগানেট দ্রৱণত ১০-১৫ মিনিটৰ বাবে ডুবাই ৰাখিব লাগে। ১:৩০০০০ ভাগ কপাৰ ছালফেট (তুতীয়া)ৰ দ্ৰৱণত ২০ মিনিটৰ বাবে ডুবাই ৰাখি, বোৱতি পানীত ৰাখিব লাগে। ষ্ট্রেপ্ট মাইচিন ১.৮ -২ মিলিগ্রাম প্রতিকেজি খাদ্যৰ লগত মিহলাই ৭ দিনলৈ খুৱাব লাগে। ৩। বেক্টেৰিয়েল চেপ্টিচেমিয়া এৰ’ম’নাছ অথবা চিউড’মনাছ গোত্ৰৰ বেক্টেৰীয়াই এই ৰোগৰ সৃষ্টি কৰে। বাহু আৰু চিলভাৰ কাৰ্প এই ৰোগৰ প্ৰতি বেছি সংবদনশীল। লক্ষণ গাত ঘাঁ হয়, পিছলৈ তেজ নিৰ্গত হয়। পিছলৈ ড্র’পচীৰ লক্ষণ দেখুৱাই আৰু বাকলি উঠি যায়। চিকিৎসা প্রতি লিটাৰত ১ মিলিগ্রাম হিচাপত পটাছিয়াম পাৰামাংগানেট পুখুৰীত প্রয়োগ কৰিব লাগে। ২.৫ শতাংশ নিমখৰ দ্রৱনত ১৫-৩০ মিনিটৰ বাবে ডুবাই ৰাখিব লাগে। অক্সিটেট্রাচাইক্লিন ১.৮–২ গ্রাম প্রতি কেজি খাদ্যত মিহলাই ৮-১০ দিনলৈ খুৱাব লাগে। ৪। বেক্টেৰীয়াৰ দ্বাৰা মাছৰ ফুলত হোৱা ৰোগ মিক্স’বেক্টাৰৰ দ্বাৰা এই ৰোগ হয়। লক্ষণ ফুল শেঁতা পৰি আহে। মাছ লৰচৰ নকৰাকৈ থাকে। উশাহত কষ্ট পায় আৰু ওপৰলৈ উলাই আহে। চিকিৎসা ২-৪ পি. পি. এম. বৰ্ব্বকাল দ্রৱনত (এলকাইল ডাই মিথাইল বেনজাইল এমনিয়াম ক্ল’ৰাইড) ১ ঘণ্টাৰ বাবে ডুবাই ৰাখিব লাগে। এন্টিবায়টিক যোগান ধৰিব। ভেঁকুৰ জনিত ৰোগ ১। ফুল পঁচা ৰোগ ব্ৰেংকিঅ’ মাইক'চিচ গোত্ৰৰ ভেঁকুৰে এই ৰোগৰ সৃষ্টি কৰে লক্ষণ পানীৰ পৃষ্ঠালৈ আহি কমায়। ফুল হালধীয়া-মুগা পৰে। পিছলৈ কজলা-বগা বৰণৰ হৈ পঁচে আৰু সৰি পৰে। চিকিৎসা পুখুৰীত চূণ প্রয়োগ কপাৰ ছালফেট ১২ কে.জি. প্রতি হেক্টৰত হিচাপত চাৰিভাগ কৰি প্রয়োগ কৰা হয়। ২৷ চেপ্ৰ’লেগ্নিয়াচিচ লক্ষণ মাছৰ গাত মটিয়া বৰণৰ কপাহ সদৃশ থোপ দেখা যায়। ঘাঁ হয় বা মাছৰ ছাল ক্ষত বিক্ষত হয়। মাছ অন্ধ হ’ব পাৰে। চিকিৎসা ০.১৫ পি পি এম হাৰত মালাচাইট গ্রীণ পানীৰ ওপৰিভাগ তিনি দিনৰ মূৰে মুৰে ৩ বাৰলৈ ছটিয়াই দিব লাগে। ২০-২৪ পি পি এম হাৰত পটাছিয়াম ডাই ক্ৰমেট পুখুৰীত প্রয়োগ কৰক। আদ্যপ্রাণী জনিত ৰোগ ১। বগা-ফুটফুটীয়া ৰোগ ইকথিঅ’ফথিৰিয়াচ মালটিফিলিছ নামৰ আদ্য প্রাণীয়ে এই ৰোগ কৰে। লক্ষণ মাছৰ ছাল, ফুল, পাখিত সৰু সৰু বগা গুটি সদৃশ দাগ দেখা যায় , ফুল শেতা পৰে মাছ অস্থিৰ হয় আৰু গা ঘঁহায়। চিকিৎসা (ক) ২ শতাংশ নিমখ দ্রৱণত ১ ঘণ্টাৰ বাবে ডুবাই ৰাখি ৭ দিনলৈ একেৰাহে কৰি যাব লাগে। ২। কষ্টিয়াচিচ কষ্টিয়া নেকাট্রিক্স নামৰ এবিধ আদ্র প্রাণীয়ে এই ৰোগ কৰে। লক্ষণ ছালত মটীয়া নীলা চামনি দেখা যায়। পিছলৈ ছালত ৰঙা দাগ পৰে ফুল মুগা পৰে আৰু সৰে। মাছ ওপৰলৈ আহি কাপ্ কাপ্কৈ কমায়, স্থিৰ হয় আৰু মৰে। চিকিৎসা ১০০০০ পি. পি. এম. নিমখ দ্ৰৱণত অলপ সময়ৰ বাবে ডুবাই ঘনাই কৰি থাকিব। ৩ পি. পি. এম. হাৰত পটাছিয়াম পাৰমাংগানেট পুখুৰীত প্রয়োগ । ২০০০ পি. পি. এম. পোৰা চুণৰ দ্ৰৱণত প্ত চেকেণ্ড সময়ৰ বাবে ডুবাই দিব লাগে। কৃমিজনিত ৰোগ ডেক্টাইল’গাইৰ’চিচ আৰু গাইৰ’ডেক্টাইলচিচ, এই নামৰ কৃমিবিধে ৰোগৰ সৃষ্টি কৰে। লক্ষণ মাছৰ দেহৰ বৰণ সলনি হয়। মাছৰ বাকলি সৰে। ফুল সৰে আৰু ঘাঁ হয়। চিকিৎসা ২০০-২৫০ পি. পি. এম. ফর্মেলিন, দ্রৱণত ৩-৫ মিনিটৰ বাবে ডুবাই ৰাখিব। ৫ পি. পি. এম. হাৰত পটাচিয়াম পাৰমাংগানেট পুখুৰীত প্রয়োগ বা ১০ পি. পি. এম.প দ্ৰৱণত ১-২ ঘণ্টালৈ ডুবাই ৰাখিব। সন্ধিপদী প্রাণীজনিত ৰোগ আগুল’চিচ অগুৰ্লাচ গোত্ৰৰ ওকনী জাতীয় প্রাণীয়ে এই ৰোগৰ সৃষ্টি কৰে। লক্ষণ আক্রান্ত মাছৰ গাত ৰঙা দাগ বা ফোঁহা দেখা যায়। অতিৰিক্ত শ্লেষ্মা নিৰ্গত হয়। মাছৰ গাত ওকণি দেখা যায়। ঘাঁ হয় আৰু বাকলি সৰে। গা ঘঁহায় আৰু ফিছাৰে আছাৰ মাৰে, অতি অস্থিৰ হয়। চিকিৎসা ০.২৫-০.৫০ পি.পি.এম. মালাথিয়ান সপ্তাহত ৩-৪ বাৰকৈ প্রয়োগ কৰা হয়। ২. পি. পি. এম. হাৰত গ্রামাক্সন প্রয়োগ। ২.৫ শতাংশ নিমখ দ্রৱণত ৩০ মিনিটৰ বাবে ডুবাই ৰাখক। বলয়ী প্রাণীজনিত ৰোগ পিচক’লা আৰু হেমিক্লেপ্চিচ্ গোত্রৰ জোকে মাছক আক্রমণ কৰি বিভিন্ন ৰোগৰ সৃষ্টি কৰে। লক্ষণ মাছৰ দেহ জোক দেখা যায়। মাছ অস্থিৰ হয় আৰু তেজহীন হৈ দুর্বল হয়। চিকিৎসা ২ শতাংশ চূণৰ পানীত ডুবাই এৰি দিব লাগে। ১ শতাংশ নিমখ দ্রৱণত ৩০ মিনিচটৰ বাবে ডুবাই ৰাখিব লাগে। মাছৰ ঘাঁ লগা মহামাৰী ই. ইউ. এছ. (এপিজ’টিক আলচাৰেটিভ চিনড্রম) বিভিন্ন সময়ত পৃথিৱীৰ বিভিন্ন প্রান্তত মহামাৰীৰূপে আত্মপ্রকাশ কৰি আতংকৰ সৃষ্টি কৰা মাছৰ ঘাঁ মহামাৰী সৃষ্টিৰ মূলতে কেইবা প্রকাৰৰ বেক্টেৰীয়াৰ লগতে ভাইৰাছ আৰু ভেঁকুৰৰ উপস্থিতিও পৰিলক্ষিত হৈছে। লক্ষণ বিশেষকৈ শীতকালত (অক্টোবৰ— ফেব্ৰুৱাৰী মাহত) মাছৰ দেহত ঘাঁ দেখা পোৱা যায়। পানীত থকা একেটা প্ৰজাতিৰ সকলো মাছ একে সময়তে আক্রান্ত হয়। প্রথমে পাখিৰ মূল অংশত ৰঙা পটি পৰি পিছলৈ ঘাঁ লৈ ৰূপান্তৰিত হৈ মাছ মৃত্যুমুখত পৰে। এই ৰোগৰ প্রতি সুগ্ৰাহ্য প্রজাতিৰ ভিতৰত পুঠি, বামি, শিঙি, মাগুৰ, শাল, টোৰা, বাহু আৰু মিৰিকা আদিয়েই প্রধান। প্রতিকাৰৰ উপায় ৰোগে দেখা দিয়াৰ লগে লগে পুখুৰীত জাল মাৰি আক্রান্ত মাছসমূহক ৫০০ পি. পি. এম. পটাছিয়াম পাৰমাংগানেট দ্রৱণত নিমজ্জন চিকিৎসা কৰিব লাগে। ঘাঁত তুতীয়া আৰু পটাছিয়াম পাৰমাংগানেট মিশ্ৰণৰ এক পাতল তৰপৰ প্রলেপ দিব লাগে। পুখুৰীত ২০ পি পি এম হিচাপত চুণ প্রয়োগ কৰিব লাগে। সাৰ প্রয়োগ বন্ধ কৰিব। পৰ্যাপ্ত পৰিমাণৰ পৰিপূৰক খাদ্য যোগান ধৰিব। মাছক ৰোগমুক্ত কৰি ৰাখিবলৈ লবলগীয়া প্রতিকাৰক ব্যৱস্থাসমূহঃ পানীৰ ভৌত ৰাসায়নিক গুণাগুণ মাছ পালনৰ বাবে অনুকূল পৰিসৰত ৰাখিব লাগে। পুখুৰীৰ তলিৰ পৰা গেদ, পাৰিলে প্রতিবছৰে অন্যথাই ২-৩ বছৰৰ মূৰত আঁতৰাব লাগে। পুখুৰীৰ পৰা অলাগতিয়াল অপতৃণ আদি আঁতৰাই পেলাব লাগে। পুখুৰীৰ পানীত অপকাৰী মাছ ৰাখিব নালাগে। পুখুৰীৰ পানী প্ৰদূষিত, ঘোলা আদি হ’ব নালাগে। পুখুৰীৰ পানী যধে মধে ঘৰুৱা কামত বা পশু-পক্ষী আদিক ব্যৱহাৰ কৰিব দিব নালাগে আৰু বাহিৰৰ উৎসৰ পানী সোমাব দিব নালাগে। উপযুক্ত নিৰিখত চূণ প্রয়োগ কৰিব লাগে। উপযুক্ত নিৰিখিত জৈৱিক আৰু ৰাসায়নিক সাৰ প্রয়োগ কৰিব লাগে। পুখুৰীত অনুমোদিত হাৰত মাছ পোনা মেলিব লাগে। পুখুৰীত দৈনন্দিন পৰিপূৰক খাদ্যৰ যোগান ধৰিব লাগে। সময়ে সময়ে জাল মাৰি মাছৰ স্বাস্থ্য পৰীক্ষা কৰি বিহিত ব্যৱস্থা ল’ব লাগে। মাছ ধৰা সঁজুলি বীজানুমুক্ত কৰিহে পুখুৰীত ব্যৱহাৰ কৰিব লাগে। মাছ মৰিলে পুখুৰীৰ পৰা আঁতৰাত চুণৰ সৈতে গাঁত খান্দি পুতি থব লাগে। পুখুৰীত কিবা বিসঙ্গতি দেখিলৈই ততালিকে মীন বিশেষজ্ঞৰ পৰামৰ্শ ল’ব। ৰোগ নিৰূপনৰ বাবে প্রেৰিত নমুনাৰ লগত দিবলগীয়া তথ্য পাতি (১) মীন পালকৰ নাম : ঠিকনা : (২) পুখুৰীৰ বিৱৰণ স্থান : দীঘ:প্রস্থ:গভীৰতা : অপতৃণৰ মাত্রা : (৩) নমুনা সংগ্ৰহৰ তাৰিখ : (৪) নমুনাৰ বিৱৰণ মাছৰ প্ৰজাতি : মাটি : পানী : (৫) বিশ্লেষণ কৰিব লগীয়া শিতান মাছৰ বাবে : মাটিৰ বাবে : পানীৰ বাবে : (৬) মীন পালনৰ বিৱৰণ পোনা মেলাৰ তাৰিখ : পোনা মেলাৰ হাৰ : চূণ প্রয়োগ : সাৰ প্রয়োগ : পৰিপূৰক খাদ্যৰ যোগান : মাছৰ বৃদ্ধিৰ হাৰ : স্বাস্থ্য পৰীক্ষাৰ তথ্য : (৭) পুখুৰীত যোৱা দুবছৰত দেখা দিয়া ৰোগৰ বিৱৰণ (৮) আচৰণগত লক্ষণ : (৯) শাৰীৰিক বিসংগতি : চকুত : পৃষ্ঠ পাখিত : পার্শ্বীয় পাখিত : বক্ষীয় পাখিত : পায়ু পাখিত : জলক্লোম বা ফুলত : মুখত : দেহৰ অন্যান্য অঙ্গত : দেহৰ বৰণ : (১০) পুখুৰীত প্রয়োগ কৰা দৰৱ আদিৰ বিৱৰণ : (১১) বহিঃ উৎসৰ পৰা প্ৰৱেশ কৰা পানীৰ বিৱৰণ: (১২) আক্রান্ত অন্যান্য মাছৰ নাম : (১৩) ইতিমধ্যে পৰামর্শ লোৱা বিশেষজ্ঞৰ মতামত ঠিকনা : মতামত : উৎস: অসম কৃষি বিশ্ববিদ্যালয়।