ৰূপে কিষান ক্ৰেডিট কাৰ্ডৰ মুল বৈশিষ্ট- এই কাৰ্ডৰ সহায়ত কৃষকে ঋণৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে। কৃষকে যাতে প্ৰয়োজনীয় কৃষি সামগ্ৰী,যেনে-ৰাসায়নিক সাৰ,কীটনাশক দ্ৰব্য আদি সময়মতে কিনিব পাৰে,সেইবাবে এই ঋণৰ টকা কৃষকৰ একাউন্টত পোনপটীয়াকৈ জমা কৰা হয়। ৰূপে কে চি চিৰ জৰিয়তে ব্যৱসায়িক বিনিময় 1,00,000 এ টি এম,মেচিনৰ জৰিয়তে কৰিব পাৰি। ৰূপে কে চি চিত কৃষকৰ বাবে ভৰ্তি মাচুল নালাগে।কিন্তু ভিছা অথবা বাকী কাৰ্ডত এন্ট্ৰি ফি লাগে। ৰূপে কে চি চিৰ জৰিয়তে কৰা আদান-প্ৰদান নিৰাপদ হয় কাৰণ প্ৰতিটো আদান-প্ৰদানত পিন নাম্বাৰ দিব লাগে। বাৰ্ষিক খৰচ বাকী কাৰ্ডৰ তুলনাত কম। বেংকত নোযোৱাকৈ ৰূপে চি চিৰ জৰিয়তে কৃষকে বেংকৰ কাম-কাজ কৰিব পাৰে। ৰূপে কে চি চিৰ জৰিয়তে লোৱা ঋণৰ ওপৰত সুদৰ পৰিমাণ কম। ৰূপে কে চি চিৰ জৰিয়তে লোৱা ঋণ পৰিশোধৰ সময় সীমা বহুত বেছি । ‘ৰূপে কিষান ক্ৰেডিট কাৰ্ড’(Rupay KCC) মূল সুবিধাসমূহ হল: প্ৰতিগৰাকী যোগ্য কে চি চি ধাৰকক ৰূপে কিষান কাৰ্ড( Rupay KCC) দিয়া হ’ব। একাউন্ট পৰিচালনা কৰিবৰ বাবে কোনো ধৰণৰ কাগজী মুদ্ৰা অনা নাইবা বেংক শাখা/পি এ চি এছৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই। যি কোনো এ টি এম আৰু ‘পইন্ট অৱ ছেল’(POS)টাৰ্মিনেলত ব্যৱহাৰ কৰিব পৰা যাব। নিৰাপদ লেনদেন। মোবাইল ফোনৰ জৰিয়তে এছ এম এছ এলাৰ্টৰ সুবিধা। প্ৰত্যক্ষ লাভ স্থানান্তৰকৰণ ব্যৱস্থাৰ অধীনত কাৰ্ড ধাৰকক,একাউন্টত সাৰৰ সুদ সাহায্য ৰাশি/ৰাজসাহায্য আদি জমা কৰাৰ ব্যৱস্থা। উৎস: নাবাৰ্ড