প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাৰ অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে ২০১৬-২০ কালছোৱাৰ বাবে নতুন কেন্দ্ৰীয় খণ্ডৰ আঁচনি ‘সম্পদা’ৰ অধীনত খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ আঁচনিসমূহৰ পুনৰ গঠনত অনুমোদন জনাইছে। সম্পদা আঁচনিখনৰ বাবে ৬ হাজাৰ কোটি টকা আবন্টন কৰা হৈছে আৰু ই ৩১,৪০০ কোটি টকাৰ বিনিয়োগ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ ফলত দেশখনৰ ২০ লাখ খেতিয়ক উপকৃত হ’ব আৰু ২০১৯-২০ বৰ্ষৰ ভিতৰত ৫,৩০,৫০০ পোনপটীয়া/আওপকীয়া নিয়োগ সৃষ্টি হ’ব দেশখনত।

সম্পদা আঁচনিখনৰ উদ্দেশ্য হ’ল কৃষি খণ্ডলৈ পৰিপূৰক সহায় আগবঢ়োৱা, সংসাধন ব্যৱস্থাৰ আধুনিকীকৰণ কৰা আৰু কৃষিজাত আৱৰ্জনা হ্ৰাস কৰা। সম্পদা হ’ল মেগা ফুড পাৰ্ক, সংহত শীতলীকৰণ শৃংখল আৰু মূল্য সংযোজিত আন্তঃগাঁথনি, খাদ্য সুৰক্ষা তথা মান নিশ্চিত আন্তঃগাঁথনিৰ দৰে বিভিন্ন মন্ত্ৰালয়ৰ চলিত আঁচনিসমূহ আৰু লগতে কৃষি সংসাধন গোটসমূহৰ আন্তঃগাঁথনি, অগ্ৰৱৰ্তী আৰু পাৰ্শ্বৱৰ্তী সংযোগ সৃষ্টি, খাদ্য সংসাধন তথা সংৰক্ষণ সক্ষমতাৰ দৰে নতুন আঁচনিসমূহৰো এক উমৈহতীয়া আঁচনি।

দেশখনত খাদ্য সংসাধন তথা সংৰক্ষণ খণ্ডলৈ এক নৱীকৃত উৎসাহ বৃদ্ধিৰ বাবে এটা সানগ্ৰিক পেকেজ হিচাপে যুগুত কৰা হৈছে এই সম্পদা আঁচনিখন। ইয়াৰ জৰিয়তে আধুনিক আন্তঃগাঁথনি উন্নীত কৰি উদ্যোগীসকলক দলীয় ভিত্তিত খাদ্য সংসাধন গোট স্থাপন কৰাত উৎসাহ যোগাবলৈ বিচৰা হৈছে।

সম্পদা আঁচনিখনৰ ৰূপায়ণৰ জৰিয়তে আধুনিক আন্তঃগাঁথনি গঢ়ি উৎপাদনস্থলীৰ পৰা খুচুৰা ব্যৱসায়ীলৈকে এক সুদক্ষ যোগান শৃংখল গঢ়ি উঠিব। ই কেৱল দেশখনৰ খাদ্য সংসাধন খণ্ডটোৰ বিকাশৰ ক্ষেত্ৰতে বিশেষ সুবিধা আগবঢ়াব, তদুপৰি ই খেতিয়কসকলে যাতে উচিত মূল্য লাভ কৰিব পাৰে আৰু তেওঁলোকৰ আয় দুগুণলৈ বৃদ্ধি কৰিব পাৰে, তাৰ বাবেও ব্যৱস্থা ল’ব। ই বিশেষকৈ গ্ৰাম্য এলেকাত ব্যাপক নিয়োগ সুবিধাৰ সৃষ্টি কৰিব।

ই কৃষি উৎপাদনৰ অপচয় হ্ৰাস, সংসাধন স্তৰৰ বৰ্ধন, গ্ৰাহকসকললৈ ব্যয় সাধ্য দৰত সুৰক্ষিত আৰু সুবিধাজনক সংসাধিত খাদ্যৰ পৰ্যাপ্ততা গঢ়াত সহায় কৰিব। তদুপৰি প্ৰসাধিত খাদ্যৰ ৰপ্তানিতো ই সহায় কৰিব।

উৎস: ৰাইজৰ বাতৰি