আৰম্ভণি -

জাপানিজ কুইল চৰাই কি?

জাপানিজ কুইল চৰাই(Japanese quail, অসমীয়াত বতা চৰাই) হৈছে চৰাইৰ এটা ক্ষুদ্ৰ প্ৰজাতি৷ অসমৰ ধাননি পথাৰত সচৰাচৰ দেখিবলৈ পোৱা বতা চৰাইতকৈ এইবিধ চৰাইৰ আকাৰ সামান্য ডাঙৰ৷ কম চৰ্বীযুক্ত আৰু অধিক প্ৰটিন সমৃদ্ধ ইয়াৰ কণী আৰু মাংসৰ গুণাগুণ প্ৰচাৰিত হোৱাৰ পিছত জাপানত প্ৰথমে আৰম্ভ কৰা কুইল পালন বৰ্তমান পৃথিৱীৰ প্ৰায় সকলো দেশেই আদৰি লৈছে৷

অসমৰ পশু-পক্ষী পালনৰ ক্ষেত্ৰখনত কুইল পালন এক অনন্য সংযোজন৷ বৰ্তমান ভাৰতকে ধৰি চুবুৰীয়া দেশসমূহত ব্যৱসায়ভিত্তিত কুইল পালনৰ সম্ভাৱনা খুব উজ্জ্বল৷ এই ক্ষেত্ৰত চুবুৰীয়া দেশ বাংলাদেশে মুখ্য ভূমিকা লৈ আছে৷

জাত আৰু বৈশিষ্ট্য -

সমগ্ৰ বিশ্বত বৰ্তমানলৈকে কুইলৰ ১৮টা প্ৰজাতি আৱিষ্কৃত হৈছে৷ প্ৰজাতিভেদে ইয়াৰ পাখিৰ ৰং, ওজন, আকাৰ, কণীৰ পৰিমাণ আদিৰ প্ৰভেদ দেখা যায়৷

বৈশিষ্ট্যসমূহ-
১) ওজন সৰ্বোচ্চ ৪০০ গ্ৰামলৈকে হয়৷

২)গড় আয়ুস ৩ বছৰ কাল৷

৩)বছৰত ২৯০-৩০০টা কণী পাৰে৷ অৱশ্যে দ্বিতীয় বছৰৰপৰা কণীৰ পৰিমাণ কমি যায়৷

৪)এটা সুস্থ সবল কুইলে ৪৫ দিন বয়সৰ পৰাই কণী পৰা আৰম্ভ কৰে৷

৫)কণীৰ আকাৰ সৰু, ওজন প্ৰায় ১০ গ্ৰাম৷

৬)কণীৰ বাকলিত ফুটুকা-ফুটুকী আঁচ দেখা যায়৷

৭)ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি৷

পালন পদ্ধতি -

এই বিধ চৰাই বন্ধ পিঞ্জৰাৰ ভিতৰত পালন কৰা প্ৰয়োজন কিয়নো প্ৰকৃততে ই বনৰীয়া হোৱাৰ বাবে উৰি যাব বিচাৰে৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে অন্য চৰাইৰ তুলনাত ইয়াক ঘনকৈ ৰাখিলেও স্বাভাৱিকভাৱেই থাকে বাবে কম ঠাইতে অধিক কুইল পালন কৰিব পাৰি৷

বাহ নিৰ্মাণ -

কুইল পালন কৰিবলৈ হ’লে প্ৰথমে আপোনাক এটা নিৰাপদ পিঞ্জৰাৰ প্ৰয়োজন হব৷ উল্লেখযোগ্য যে যিমানে কম খৰচেৰে আপুনি বাহ নিৰ্মাণ কৰিব, সিমানে আপোনাৰ বিনিয়োগ কমিব আৰু আপোনাৰ লাভৰ পৰিমাণ বাঢ়িব৷

* ৫ফুট দীঘল, ২ফুট বহল আৰু ১ফুট ওখ পিঞ্জৰা এটাত ৫০টা কুইল পালন কৰিব পাৰি৷

২)কম ঠাইত অধিক পালন কৰিব পাৰি৷

৩)৪৫ দিন বয়সতে মাংসৰ বাবে উপযুক্ত হৈ উঠে৷

৪)ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক বাবে মৃত্যুৰ হাৰ কম আৰু কোনোধৰণৰ চিটা দিয়াৰ প্ৰয়োজনীয়তা নাথাকে৷

৫)পোহনীয়া আন চৰাইৰ তুলনাত খাদ্যৰ পৰিমাণ কম আৰু অপচয় নকৰে৷

৬)কণীৰ পৰিমাণ অধিক বাবে মাংস আৰু কণী দুয়োটা দিশৰ পৰাই লাভান্বিত হব পাৰি৷

৭) ব্ৰয়লাৰ পালনৰ দৰে কুইল পালনত অধিক খাটনিৰ প্ৰয়োজন নাই৷

৮) ব্যৱসায় ভিত্তিত নহলেও সৰু আকাৰৰ পিঞ্জৰাত কমকৈ পালন কৰি ঘৰুৱা চাহিদা পূৰণ কৰিব পাৰি৷

৯) ইয়াৰ কণী আৰু মাংসৰ ক্ৰমবৰ্ধমান চাহিদা অনুপাতে যোগান কমি থকাৰ বাবে পালকসকল অধিক লাভান্বিত হব পাৰে৷

১০) ইয়াৰ বিষ্ঠাসমূহ সাৰ হিচাবে ব্যৱহাৰ কৰিব পাৰি৷

কুইলৰ কণী আৰু মাংসৰ গুণাগুণঃ

১)মগজুৰ সক্ৰিয়তা বঢ়ায়ঃ

ইয়াৰ কণী আৰু মাংস প্ৰ’টিন আৰু এমিন’এছিডৰ উৎকৃষ্ট ভাণ্ডাৰ৷ এমিন’এছিডে মগজুৰ কোষসমূহক নিৰাপত্তা দিয়ে আৰু মৃতকোষ পুনৰ গঠনত সহায় কৰে৷

২)এনিমিয়া ৰোধ কৰে।

লেখিকা: অনিন্দিতা স্বৰ্ণকাৰ

উৎস: সাহিত্য.অৰ্গ