গৰু গাইক সময়মতে আহাৰ দিয়াতো নিতান্তই আৱশ্যক।এই ক্ষেত্ৰত তলৰ কথা কেইটালৈ মন কৰিব লাগিব: ১) সদায় সুষম আহাৰ দিব লাগে।এই আহাৰ পূৰনা লব নালাগে।অজিকালি বজাৰত পূৰবী বজাৰত পূৰৱী দানা,সোনা দানা পোৱা যায়।পূৰবী দানা অতি উত্তম। ২) আহৰ পূৰনা হলে আহাৰ বেয়া হয়। গৰুৰ পেট ফুলি মৰিবও পাৰে।গতিকে এনে আহাৰ দিয়াতো অনুচিত। ৩) গাখীৰতি গৰুক পেট পূৰাই আহাৰ দিব লাগে। ৪) সদায় বেলেগ বেলেগ আহাৰ দিব লাগে।সদায় দি থকা দানাকে দিব লাগে।হৎঠাতে নতুন দানা দিয়াতো অনুচিত। ৫) শুকান ঘাঁহ,খেৰ দিয়াৰ উপৰিও সেউজীয়া ঘাঁহ যথেষ্ঠ পৰিমানে দিব লাগে। ৬) গাখীৰ দিয়া গৰুৱে সিহতক গাৰ ওজনৰ শতকৰা ২-৩ ভাগ শুকান ঘাঁহ,খেৰ খায়।যদি গৰুজনীৰ ওজন ৩০০ কিলোগ্ৰাম হয় তেন্তে ৬-৯ কি:গ্ৰা: লাগিব। ৭) দৈনিক ৩৫-৪০ কি:গ্ৰা সেউজীয়া ঘাঁহৰ প্ৰয়োজন। ৮) সেউজীয়া ঘাহঁ যেনে লুচান বা ৰচিন,লেচেৰামাহ জাতীয় শস্য ১২ কি:মা দিলে ১ কি:গ্ৰা সুষম আহাৰ কমাই দিলেই হয়।খালী পেটত এনেকুবা ঘাঁহ দিব নালাগে দিলে পেট ফুলা বেমাৰ হয়।সদায় শুকান ঘাঁহ খেৰৰ লগত মিহলাই দিলে পেটৰ বেমাৰ হয়। ৯) সেউজীয়া ঘাঁহ বেচিকৈ দি সুষম আহাৰ কমকৈ দিলে গৰু প্ৰ্তিপালনত খৰচ কম হয়। ১০) সাধাৰন প্ৰ্তিপালনৰ বাবে এজনী গৰু ১ কেজি সুষম আহাৰ দিলে হব।গাখীৰ দি থকা গাইক প্ৰ্তি ৩ কি:গ্ৰা গাখীৰৰ বাবে ১ কি:গ্ৰা সুষম আহাৰ দিব লাগে।যদি গাই জনীয়ে ৯ কি:গ্ৰা গাখীৰ দিয়ে তেনেহেলে ১-৩-৪ কি:গ্ৰা সুষম আহাৰ দিব লাগে। ১১) গৰুক যঠেষ্টঃ পৰিমানে পানী খাবলৈ দিব লাগে।দিনৌ ৩ বাৰ পানী যোগান ধৰিব লাগে। মাকৌ গুৰি,ঘেহুৰ গুৰি,বাদামৰ গুৰি ধানৰ মল মিনাৰেল মিক্সাৰ,নিমখ,বিজানু ধ্বংস কৰাৰ ঔষধ আদি মিহলাই সুষম আহাৰ ঘৰতে বনাব পাৰি। লিখক: ড:দীপক কুমাৰ বৰা, অসম কৃষি বিশ্ববিদ্যালয়।