পোৱালী গৰুৰ যতন ১) পোৱালিয়েই পামখনৰ ভৱিষ্যত উন্নতি মূল আহিলা। ২) সুস্থ পালনৰ অভাৱতে সময়ে সময়ে বহুতো পোবালীৰ কম বয়সত মৃত্যু হয় আৰু পালকক আহুকালত পেলায়। ৩) ইহতক বিজ্ঞানসন্মত ভাৱে ৰদ-বতাহ সোমাব পৰাকৈ ওখ ঠাইত ঘৰ সাজি ৰাখিব লাগে। ৪) পোৱালিবোৰ সম বয়সৰ একোটা গোট কৰি ৰাখিব লাগে। ৫) পোৱালিটো ভূমিষ্ঠ হোবাৰ লগে লগে উশাহ-নিশাহ লোৱাত কষ্ট পৰিলক্ষিত হলে মূখৰ বিজল পানী গুচাই দিব লাগে। ৬) পোৱালিটোৰ গাটো পৰিস্কাৰ শুকান কাপোৰেৰে মচি দিব লাগে। ৭) পোবালীটোৰ নাভিডাল কাটি মূৰটোক চিনচাৰ আইওদিন লগাব লাগে। ৮) পোৱালিটো ভূমিষ্ঠ হোৱাৰ আধা ঘণ্টা মানৰ ভিতৰত থিয় দিব পৰা হয়। ৯) ফেহুৰ পৰা পোৱালিটোবে ৰোগ প্ৰ্তিৰোধ কৰিব পৰা ক্ষমতা পায়। ১০) পোৱালী জন্মৰ পৰা আধা ঘণ্টা মানৰ ভিতৰত থিয় দিব পৰা হয়। ১১) পোৱালিৰ বয়স এমাহ হলে গোবৰ পৰীক্ষা কৰাই পেলুৰ দৰব খুৱাব লাগে। ১২) পোৱালিবোৰ স্বাস্থ্যহীন বা জুপুকা মাৰিলে ধাতব লোন আদি ভিটামিনৰ সৈতে খুবাৱ লাগে। ১৩) পোৱালিবৰক বহি:পৰজীবিৰ পৰা ৰক্ষা কৰিবলৈ হলে ভলকৈ গা-ধুৱাই মালাঠিয়ান ঔষধ আদি মজিয়াত প্ৰয়োগ কৰিব লাগে। ১৪) অসমত চেপেটা পেলুবা দ্বাৰা আক্ৰান্ত হৈ বহতো পোবালীৰ মৃত্যু হয়। ১৫) চেপেটা পেলু শামুকৰ মাধ্যমেৰে দ-ঠাইত গজা ঘাঁহ-বনৰ মাজেদি পেটত প্ৰবেশ কৰে। ১৬) পোবালী এই ৰোগত আক্ৰান্ত হলে ত্ৎক্ষনাত চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে। চেউৰী গৰুৰ যতন ১)পামত পোৱালীবোৰৰ লগতে চেউৰীবোৰৰ প্ৰ্তি পালনো অতি দৰকাৰী। ২)ইহতৰ খাদ্যযোগান ধৰোঁতে পাঁচোতা খাদ্যৰ উপাদান ভিতৰত মাংসসাৰ আৰু ভিটামিন উপযুক্ত পৰিমানে পাইছে নে নাই তালৈ লক্ষ্য কৰিব লাগে। ৩)কিয়নো শৰীৰৰ সাধাৰন গঠন বিশেষকৈ প্ৰ্জনন অংগ গঠনৰ কাৰনে ভিটামিন “এ” অতি দৰকাৰী। ৪)ইহতৰ দানাত খীৰতি গাইৰ আধা পৰিমানৰ ধাতব লোন যোগান ধৰাতো দৰকাৰী। ৫)চেউৰীবোৰক ৰাতিপুৱা ভাগত অলপ পথাৰত চৰিবৰ কাৰনে ৱ্যবস্থা কৰিব লাগে। ৬)থলুৱা চেউৰী গৰুবোৰ ২/২ ,১/২ বছৰ আৰু জাৰ্চী চেউৰীবোৰ ১/১,১/২ বছৰ বয়সত প্ৰথম গৰম হয়। ৭)তাৰ পিছত ইহতে প্ৰ্তিএকৈশ দিনৰ মূৰে মূৰে গৰম হৈ থাকে যদিহে গাভিনী নহয়। ৮)গৰম হোবা লক্ষন সমূহৰ গাইক উপযুক্ত সময়ত ভাল শুক্ৰৰে প্ৰ্জনন কৰাব লাগে। ৯)কৃত্ৰিম প্ৰজননৰ উপযুক্ত সময় হল গৰম হোবা লক্ষন দেখা দিয়াৰ ১০-১৮ ঘ্ণ্টাৰ পিছৰ সময়খিনি। গাভিনী গৰুৰ যতন ১)প্ৰজনন কৰাৰ পাছত গৰুজনী দুই মাহলৈ গৰম নহলে গাভিনী হৈছে নে নাই পৰিক্ষা কৰাই লব পাৰে। ২)চাৰি মাহ অতিক্ৰম কৰাৰ পাছত গৰুজনী চেহেৰাৰ পৰিবৰ্তন দেখুৱাই। ৩)চেউৰী হলে লাহে-লাহে ওহাৰ বাঢ়িবলৈ ধৰে। ৪)গাই গৰুৰ পোৱালী দিয়াৰ ১০/১৫ দিন মানৰ আগতেই ওহাৰ নামিব পাৰে। ৫)এই সময়ত গৰু জনীক সুষম খাদ্য,প্ৰ্চুৰ নিৰ্মল পানী আৰু বিশ্ৰামৰ দৰকাৰ। ৬)এই সময়ত নিজৰ শৰীৰ ৰক্ষাৰ বাহিৰেও অহা পোৱালীটোৰ বাবে শৰীৰক আহাৰ যোগান লাগে। ৭)এই সময়ত এজনী গাই গৰুবে দিনটোত ৩০/৪০ কি:গ্ৰা কেচাঁ ঘাঁহ ৫/৬ কি:গ্ৰা সুষম দানা আৰু ভিটামিন ধাতব লোন পাব লাগে। ৮)কৃত্ৰিম প্ৰজনন কৰা বা প্ৰাকৃতিক নিয়মে পাল খোবাৰ পিছত গৰুবে ২৮০ দিনৰ পোৱালী দিয়ে। ৯)পোৱালী দিব লগা দিন ওচৰ চাপিলে গৰুজনীক পৃথককৈ আচুতীয়া পৰিস্কাৰ শুকান মজিয়া থকা আহল বহল ঘৰলৈ স্থানান্তৰিত কৰিব লাগে। খীৰতি গাইৰ যতন ১) গোহালী ঘৰত ৰাতি মৃদু পোগাৰৰ ব্যৱস্থা কৰিব লাগে। ২) ৰাতিপুৱা ৫ বজাত গাইবোৰৰ আগত অলপকৈ দানা দি ধীৰে সুস্থিৰে খীৰাই লব লাগে। ৩) খীৰাই উঠাৰ পাছত গোটেই গোহালিঘৰটো সুন্দৰভাবে চাফ কৰিব লাগে। ৪) গোহালী পৰিস্কাৰ হোৱাৰ পাছত সিহতক ভালকৈ ঘাঁহ আৰু পানী যোগান ধৰিব লাগে। ৫) দুপৰীয়াৰ আগভাগত গাইবোৰক গা-পা ধুৱাই দিব লাগে। ৬) এজনী গৰুক দৈনিক ৫-৬ কি:গ্ৰা দানা আৰু ৩০/৪০ কি:গ্ৰা ঘাঁহৰ প্ৰয়োজন হয়। ৭) দিনে তিনি চাৰিবাৰ নিৰ্মল চেচা পানীৰ যোগান ধৰিব লাগে। ৮) আবেলি ৫ বজাত আকৌ খীৰাব লাগে। ৯) একেজন মানুহেই সদায় মৰমেৰে খীৰাব লাগে। ১০) খীৰতি গাইৰ খাদ্যত পাচোটা উপাদান মাংসসাৰ ,শৰ্কৰা,চৰ্ব্বি,ধাতব লোন আৰু খাদ্যপ্ৰান সমূহ উপযুক্ত পৰিমানত থাকিব লাগে। ১১) এইদৰে খাদ্য যোগান ধৰিলেহে সু-স্বাস্থ্যৰ লগতে গাইজনীৰ পৰা আশানুৰুপ গাখীৰৰ উৎপাদন পাব পাৰি। লিখক: ড:টি. চি ব্ৰহ্ম, অসম কৃষি বিশ্ববিদ্যালয়।