১) প্ৰথমতে আহিব বেমাৰৰ বীজাণু বিয়পোৱা চিকৰাসমূহৰ ওপৰত কৃষক ৰাইজৰ অধিকাৰ প্ৰাপ্তি । উচিত আৰু সঠিকভাৱে প্ৰয়োগ কৰিলে বহুতো কীটনাশক ঔষধে চিকাৰসমূহ ধ্বংস কৰাত সহায় কৰে ।

২) কৃষক ৰাইজৰ বেমাৰৰ প্ৰতি আৰু বেমাৰৰ প্ৰতিকাৰ প্ৰতি সজাগতা বৃদ্ধিত অন্য এক আৱশ্যকীয় পদক্ষেপ ।

৩) জীৱ-জন্তুবোৰ নিয়মীয়াকৈ পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়, যাতে জন্তুবোৰে ৰোগৰ বীজাণু গাত পাতি ল’ব নোৱাৰে ।

৪) প্ৰয়োজন সাপেক্ষে গোহালিলৈ নতুন গৰু আনিলে প্ৰথমে গৰুটোক এমাহমানৰ বাবে মুখ্য গোহালিৰ সংস্পৰ্শলৈ আনিব নালাগে নতুনকৈ অনা জন্তুটোক প্ৰথমে ভালদৰে পৰীক্ষা কৰিহে অন্য জন্তুৰ সংস্পৰ্শলৈ আনিব লাগে ।

৫) যিসমূহ জন্তুৱে পৰিবহৰণৰ চাপ পায় সেইসমূহ জন্তুক ভালদৰে দায়িত্ব ল’ব লাগে, তদুপৰি গৰ্ভৱতী গাই, পোৱালি দিয়া গাই গাখীৰতী গাইৰো ভালদৰে যতন ল’ব লাগে ।

৬) প্ৰয়োজন সাপেক্ষে গো-পালকসকলে চিকিৎসকৰ সহায় ল’ব লাগে । উচিত চিকিৎসা, উচিত ঔষধে বেমাৰ নিৰাময় কৰাত সহায় কৰে ।

প্ৰটজ’ৱাজনিত ৰোগেই হওক বা পৰজীৱীজনিত ৰোগেই হওক উচিত সাৱধানতা আৰু সচেতনাই জীৱ-জন্তুসমূহক এইসমূহ ৰোগৰ পৰা মুক্ত কৰি ৰাখে ।

উৎস – দৈনিক জনমভূমি