ওহাৰ-ফুলা ৰোগ - সামগ্ৰী: এলোভেৰা ২৫০ গ্ৰাম হালধি ৫০ গ্ৰাম(গোটা বা গুৰি) চূণ ১৫ গ্ৰাম গোলনেমু ২ টা গুৰ ১০০ গ্ৰাম তৈয়াৰ পদ্ধতি: এটা মিক্সিত গোটেইখিনি(ওপৰত দিয়া সামগ্ৰীখিনি) ৰঙচুৱা বৰণৰ নোহোৱালৈকে পিছক। নেমুটেঙা দুটা দুটুকুৰাকৈ কাটক। প্ৰয়োগ পদ্ধতি: ১)একাজলি লেপ লওক আৰু তাত ১৫০-২০০ মি.লি. পানী মিহলাই পনীয়া কৰক। ২)পানীৰে ওহাৰখন পৰিস্কাৰ কৰক আৰু সমগ্ৰ ওহাৰতে পনীয়া লেপখিনি ভালকৈ লগাওক। ৩)দিনে ১০ বাৰকৈ ৫ দিন একেধৰণে লেপ লগাওক। ৪)দুটা নেমু দিনে দুবাৰকৈ ৩ দিন খুৱাওক। বি.দ্ৰ.: গাখীৰত তেজ আহিলে,ল ওপৰোক্ত প্ৰক্ৰিয়াৰ লগতে দুমুঠি নৰসিংহ পাত আৰু গুৰৰ পিচা দিনে দুবাৰকৈ খুৱাওক, আৰোগ্য নোহোৱালৈকে। ওহাৰৰ বাত বন্ধ(আংশিকভাৱে)- সামগ্ৰী: নতুনকৈ চিঙি অনা পৰিস্কাৰ নিমপাতৰ ঠাৰি ১ ডাল, হালধি পাউডাৰ, মাখন বা ঘিউ। তৈয়াৰ পদ্ধতি: ১)নিমপাতৰ ঠাৰিডালত হালধি আৰু মাখন/ঘিউৰ মিশ্ৰণ লগাওক। ২)এতিয়া এই নিমপাতৰ ঠাৰিডাল আক্ৰান্ত ওহাৰৰ বাতত ঘড়ীৰ বিপৰীত দিশত পকাই-পকাই সোমোৱাই দিয়ক। ৩)প্ৰতিবাৰ গাখীৰ খিৰোৱাৰ পাচত নতুন নিমপাতৰ ঠাৰি ব্যৱহাৰ কৰক। ওহাৰত পানী জমা হোৱা বেমাৰ - সামগ্ৰী: তিল বা সৰিয়হৰ তেল ২০০ মি.লি. হালধি গুৰি এক মুঠি নহৰু দুফুটা তৈয়াৰ পদ্ধতি: ১)তেলখিনি গৰম কৰি লওক। তাত হালধিগুৰি আৰু চকলিয়াই লোৱা নহৰুখিনি দিয়ক। ২)ভালকৈ মিক্স কৰক আৰু সামান্য গোন্ধ ওলোৱাৰ লগে লগে জুইৰ পৰা নমাই আনক। ৩)মিশ্ৰণখিনি চেঁচা হ’বলৈ দিয়ক। প্ৰয়োগ পদ্ধতি: ১)পানী জমা হোৱা ঠাইখিনি আৰু সম্পূৰ্ণ ওহাৰত মিশ্ৰণখিনি লগাওক। ২)দিনে চাৰিবাৰকৈ তিনিদিন মিশ্ৰণ লগাওক। বি.দ্ৰ.: চিকিৎসা আৰম্ভ কৰাৰ আগতে বেমাৰটো ওহাৰফুলা ৰোগ নহয় বুলি নিশ্চিত কৰক। গৰুৰ সময়মতে জল নসৰা ৰোগ - সামগ্ৰী মূলা ১ টা ভেন্দি ১.৫ কেজি গুৰ প্ৰয়োজন মতে নিমখ প্ৰয়োজন মতে তৈয়াৰ: ১)ভেন্দিকেইটা দুটুকুৰাকৈ কাটক। প্ৰয়োগ পদ্ধতি: ১)পোৱালি হোৱাৰ দুই ঘন্টাৰ ভিতৰত এটা মূলা খুৱাওক। ২)পোৱালি হোৱাৰ ৮ ঘন্টালৈকে জল নসৰিলে, ১.৫ কেজি ভেন্দি(টুকুৰা কৈ কটা) নিমখ আৰু গুৰৰ লগত খুওৱাক। ৩)পোৱালি হোৱাৰ ১২ ঘন্টালৈকে জল নসৰিলে, ওলাই থকাব অংশখিনিৰে এটা গাঁঠি মাৰক আৰু গাঁঠিৰ ২ ইঞ্চি তলৰ খিনি কাটি পেলাওক। ৪)হাতেৰে আজুৰি জল আঁতৰাবলৈ প্ৰয়াস নকৰিব। ৫)সপ্তাহত এটাকৈ মূলা খুৱাওক চাৰি সপ্তাহৰ বাবে। গৰু গাভিনী নহ’লে(বীৰ্য্য দানৰ পাছতো)- প্ৰয়োগ পদ্ধতি: ১)গাই গৰমত অহাৰ প্ৰথমদিনা বা দ্বিতীয়দিনা চিকিৎসা আৰম্ভ কৰক। ২)দিনে এবাৰকৈ তলত দিয়া সামগ্ৰীখিনি গুৰ আৰু নিমখৰ লগত মিহলাই খুৱাওক(প্ৰতিদিন নতুনকৈ বনাওক)- ক)দিনে এটাকৈ মূলা পাঁচ দিনৰ বাবে। খ)দিনে এটাকৈ এলভেৰা পাত চাৰি দিনৰ বাবে। গ)দিনে চাৰিমুঠিকৈ চজিনাপাত চাৰি দিনৰ বাবে। ঘ)দিনে চাৰিমুঠিকৈ হাৰজোৰা লতাৰ গা-গছ চাৰি দিনৰ বাবে। ঙ)দিনে চাৰিমুঠিকৈ নৰসিংহ পাত চাৰি দিনৰ বাবে(হালধিৰ লগত)। গৰ্ভাশয় আংশিকভাৱে বাহিৰ ওলাই আহিলে - সামগ্ৰী: এলভেৰা জেল এটা পূৰঠ পাতৰ হালধি গুৰি এচিকুত লাজুকীলতা পাত ২ মুঠি তৈয়াৰ পদ্ধতি: ১)এটা পাতৰ সম্পূৰ্ণ জেল লগাওক। ২)পিচল-পিতল ভাব নোযোৱালৈকে জেলখিনি পানীৰে ধোৱক। ৩)এচিকুত হালধিগুৰি দিয়ক আৰু এক লিটাৰ পানী আধা লিটাৰ হোৱাকৈ উতলাওক। ৪)লাজুকীলতা পাতখিনি লওক। প্ৰয়োগ পদ্ধতি: ১)প্ৰলাপছ হোৱা অংশখিনি পৰিস্কাৰ কৰি লওক। ২)তাৰ ওপৰত জেলখিনি আঙুলিৰ আগেৰে চতিয়াওক। ৩)জেলখিনি শুকুওৱাৰ পাচত লাজুকীলতাৰ পিচাখিনি লগাওক। ৪)ভাল নোহোৱালৈকে ব্যৱহাৰ কৰক। চবকাৰোগৰ মুখৰ ঘাঁ নিৰাময় - সামগ্ৰী: জিৰা ১০ গ্ৰাম মেথি গুটি ১০ গ্ৰাম জালুক ১০ গ্ৰাম হালধি ১০ গ্ৰাম নহৰু ৪ ফুটা নাৰিকল এটা গুৰ ১২০ গ্ৰাম তৈয়াৰ পদ্ধতি: ১)জিৰা, মেথি গুটি আৰু জালুকখিনি ২০-৩০ মিনিট সময় পানীত তিয়াই ৰাখক। ২)তাৰ পিচত সকলোখিনি সামগ্ৰী লৈ মিক্সিত পিচক। ৩)মিশ্ৰণখিনিত নাৰিকলৰ গুৰিখিনি হাতেৰে মিহলাওক। ৪)প্ৰতিবাৰ নতুনকৈ মিশ্ৰণ তৈয়াৰ কৰক। প্ৰয়োগ পদ্ধতি: ১)মুখ, জিভা আৰু তালুত ভালকৈ লগাওক। ২)দিনে তিনিবাৰকৈ তিনিৰ পৰা পাঁচদিন মিশ্ৰণ লগাওক। চবকাৰোগৰ ভৰিৰ ঘাঁ নিৰাময় - সামগ্ৰী: একালাইফা ইন্দিকা পাত এক মুঠি নহৰু ১০ ফুটা নিমপাত ১ মুঠি নাৰিকল বা তিলতেল ২৫০ মি.লি. হালধিগুৰি ২০ গ্ৰাম জেতুকা পাত ১ মুঠি তুলসী পাত ১ মুঠি তৈয়াৰ পদ্ধতি: ১)সকলোখিনি সামগ্ৰী লৈ মিক্সিত পিচক। ২)মিশ্ৰণখিনি ২৫০ মিঃলিঃ নাৰিকল বা তিলতেলত মিহলাই উতলাওক আৰু চেঁচা হ’বলৈ দিয়ক। প্ৰয়োগ পদ্ধতি: ১)ঘাঁ টুকুৰা ভালকৈ চাফা কৰক আৰু মিশ্ৰণখিনি লগাওক। প্ৰয়োজন সাপেক্ষে কাপোৰৰ পতি লগাওক। ২)ঘাঁত পোক দিলে নাৰিকল তেলত এটুকুৰা কাফুৰ অথবা আতলচ পাতৰ পিচা লগাওক(প্ৰথম দিনা)। জ্বৰ - সামগ্ৰী: নহৰু ২ ফুটা ধনিয়া ১০ গ্ৰাম জিৰা ১০ গ্ৰাম তুলসী ১ মুঠি ডালচিলি পাত ১০ গ্ৰাম জালুক ১০ গ্ৰাম পান ৫ খিলা অসমীয়া পিয়াঁজ ২ ফুটা হালধি গুৰি ১০ গ্ৰাম চিৰতা পাতৰ গুৰি ২০ গ্ৰাম ওচিলাম বেসিলিকাম ১ মুঠি নিমপাত ১ মুঠি গুৰ ১০০ গ্ৰাম তৈয়াৰ পদ্ধতি: ১)জিৰা, জালুক আৰু ধনিয়াগুৰি ১৫ মিনিট তিয়াই ৰাখক। ২)সকলোখিনি সামগ্ৰী লৈ মিক্সিত পিচক। প্ৰয়োগ পদ্ধতি: ১)দিনে দুবাৰকৈ(পুৱা-গধুলি) অলপ-অলপ কৰি খুৱাওক। পেটৰ অসুখ: সামগ্ৰী: মেথি গুটি ১০ গ্ৰাম পিয়াঁজ এটা নহৰু ১ ফুটা জিৰা গুটি ১০ গ্ৰাম হালধি ১০ গ্ৰাম নৰসিংহ পাত ১ মুঠি আফু গুটি ৫ গ্ৰাম জালুক ১০ গ্ৰাম গুৰ ১০০ গ্ৰাম হিঙ ৫ গ্ৰাম তৈয়াৰ পদ্ধতি: ১)জিৰা গুটি, হিঙ, আফু গুটি আৰু মেথি গুটি কেইটা ধোঁৱা ওলোৱাকৈ গৰম কৰক। ২)চেঁচা হ’বলৈ দিয়ক আৰু তাৰ পিচত সকলোখিনি গুৰি কৰক। ৩)সকলোখিনি সামগ্ৰী লৈ মিক্সিত পিচক। প্ৰয়োগ পদ্ধতি: ১)পিচাখিনিৰে সৰু-সৰু লাডু বনাওক। ২)অলপ-অলপকৈ দিনে এবাৰকৈ এদিনৰ পৰা-তিনিদিন পৰ্য্যন্ত খোৱাওক ভাল নোহোৱালৈকে। পেটফুলা আৰু বদহজমি ৰোগ - সামগ্ৰী: পিয়াঁজ ১০০ গ্ৰাম নহৰু ১০ ফুটা জলকীয়া ২ টা জিৰা গুটি ১০ গ্ৰাম হালধি ১০ গ্ৰাম গুৰ ১০০ গ্ৰাম জালুক ১০ গ্ৰাম পান ১ খিলা হিঙ ৫ গ্ৰাম প্ৰস্তুতি: ১)জালুক আৰু জিৰা গুটি কেইটা ৩০ মিনিটমান সময় পানীত তিয়াই ৰাখক। ২)সকলোখিনি সামগ্ৰী লৈ মিক্সিত পিচক। প্ৰয়োগ পদ্ধতি: ১)পিচাখিনিৰে সৰু সৰু লাডু বনাওক। ২)দিনে এবাৰকৈ তিনি-চাৰিদিন খুৱাওক(অলপ-অলপকৈ নিমখৰ লগত)। পেটৰ পেলু: সামগ্ৰী: পিয়াঁজ এটা নহৰু ৫ ফুটা সৰিয়হ গুটি ১০ গ্ৰাম নিমপাত ১ মুঠি জিৰা ১০ গ্ৰাম তিতা কেৰেলা ৫০ গ্ৰাম হালধি ৫ গ্ৰাম জালুক ৫ গ্ৰাম কলগছ ১০০ গ্ৰাম দোৰোণ বন ১ মুঠি গুৰ ১০০ গ্ৰাম তৈয়াৰ পদ্ধতি: ১)জালুক, জিৰা আৰু সৰিয়হ গুটিকেইটা ৩০ মিনিটমান সময় পানীত তিয়াই ৰাখক। ২)সকলোখিনি সামগ্ৰী লৈ মিক্সিত পিচক। প্ৰয়োগ পদ্ধতি: ১)পিচাখিনিৰে সৰু-সৰু লাডু বনাওক। ২)দিনে এবাৰকৈ তিনিদিন খোৱাওক(অলপ-অলপকৈ নিমখৰ লগত)। চিকৰা/ছালৰ পৰজীৱী - সামগ্ৰী: নহৰু ১০ ফুটা নিম পাত ১ মুঠি নিমৰ গুটি ১ মুঠি ‘একৰাছ কেলামাচ’ৰ শিপা ১০ গ্ৰাম হালধি গুৰি ২০ গ্ৰাম গো ফুলৰ পাত ১ মুঠি তুলসী পাত ১ মুঠি তৈয়াৰ পদ্ধতি: ১)সকলোখিনি সামগ্ৰী লৈ মিক্সিত পিচক। ২)১ লিটাৰ পানী মিহলাওক। ৩)মিহি চেকনিৰে মিশ্ৰণখিনি চেকক। ৪)স্প্ৰে কৰিব পৰাকৈ মিশ্ৰণখিনি এটা বটলত ৰাখক। প্ৰয়োগ পদ্ধতি: ১)গাই জনীৰ সমগ্ৰী শৰীৰত মিশ্ৰণখিনি স্প্ৰে কৰক। ২)লগতে গোহালিৰ বেৰ-খুঁটা আদিতো মিশ্ৰণখিনি স্প্ৰে কৰক। ৩)স্প্ৰে কৰাৰ সলনি মিশ্ৰণ কাপোৰত ভিজাইও লগাব পাৰে। ৪)সম্পূৰ্ণ ভাল নোহোৱালৈকেৱ সপ্তাহত এবাৰকৈ স্প্ৰে কৰক। ৫)দিনৰ ৰ’দ থকা সময়খিনিৰ ভিতৰত স্প্ৰে কৰক। গো বসন্ত/ৱাট/ওহাৰৰ ছাল ফাটিলে - সামগ্ৰী: নহৰু ৫ ফুটা হালধি গুৰি ১০ গ্ৰাম জিৰা ১৫ গ্ৰাম ওচিলাম বেসিলিকাম এক মুঠি নিম পাত এক মুঠি মাখন/ঘিঁউ ৫০ গ্ৰাম প্ৰয়োগ পদ্ধতি: ১)বেমাৰ আক্ৰান্ত ঠাইত মিশ্ৰণখিনি যিমান বাৰ পাৰে লগাওক ভাল নোহোৱালৈকে। ২)ছালখন ভালকৈ শুকোৱাৰ পাচতহে মিশ্ৰণ লগোৱা উচিত। উৎস: আইএনডিজি দল