অঞ্চল তথা ঠাই ভেদে যিকোনো প্ৰজাতিৰ প্ৰাণীৰ শাৰীৰিক গঠন,খাদ্যভাষ ইত্যাদি ভিন ভিন।ছাগলীও ইয়াৰ ব্যতিক্ৰম নহয়।আমাৰ উত্তৰ-পূৰ্বাঞ্চল,বিশেষকৈ অদমৰ আদ্ৰ সেমেকা প্ৰতিকূল পৰিৱেশত খাপ খোৱা জাতৰ ছাগলীবিধ হল অসমৰ পাহাৰীয়া ছাগলী(Assam Hill Goat)।যদিও আমাৰ ছাগলীবিধ সৰু জাতৰ,তথাপি ইহঁতৰ অন্য কিছু চাৰিত্ৰিক বৈশিষ্ঠ/মানদণ্ড আন ছাগলীৰ তুলনাত অতি উচ্চ খাপৰ।এই জাতৰ ছাগলীৰ বিষয়ে কিছু জানিব লগীয়া তথ্য তলত উল্লেখ কৰা হল- বাসস্থান: অসমৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সমতল তথা পাহাৰীয়া উভয় অঞ্চলত ই বিস্তৃত। জাতৰ বৈশিষ্ট: বৰণ:প্ৰধানত বগা আৰু কলা যদিও মুগা বৰণীয়া,ফুটুকা বা হৰিণা ৰঙৰো ছাগলী পোৱা যায়। ওজন:ব্যৱসায়িক ভিত্তিত ছাগলী পালন কৰিলে ছাগলীৰ বয়স অনুপাতে ওজন হোৱাটো আৱশ্যক।আমাৰ থলুৱা ছাগলীৰ বয়স অনুপাতে ওজন নিম্নলিখিত ধৰণৰ হব লাগে- জন্মৰ ওজন:- মতা: 0.8-1.100 কি.গ্ৰা. মাইকী: 0.5-1.0 কি.গ্ৰা. 3 মাহৰ ওজন:- মতা: 3.5-5.0 কি.গ্ৰা. মাইকী: 3.0-4.5 কি.গ্ৰা. 6 মাহৰ ওজন:- মতা: 7.5-9.0 কি.গ্ৰা. মাইকী: 6.5-8.5 কি.গ্ৰা. 9 মাহৰ ওজন:- মতা: 10.0-11.5 কি.গ্ৰা. মাইকী: 9.0-10.5 কি.গ্ৰা. 12 মাহৰ ওজন: মতা: 12.0-15.0 কি.গ্ৰা. মাইকী: 10.0-14.0 কি.গ্ৰা. প্ৰজনন সম্বন্ধীয় গুণসমূহ(ন্যূনতম মানদণ্ড): প্ৰথম গৰম হোৱা আৰু পাল খোৱাৰ বয়স:6-8 মাহ। প্ৰথম পোৱালি দিয়াৰ সময়ত বয়স:11-13 মাহ আৰু ক্ৰমাগত দুবাৰ পোৱালি দিয়াৰ সময়ত ব্যৱধান:230 দিন। গৰ্ভধাৰণ কাল 145 +/- 5 দিন। এজনী ছাগলীয়ে এবাৰত পোৱালি দিয়াৰ নিম্নতম সংখ্যা:2 টা। এবাৰ পোৱালি দি আকৌ পাল খোৱাৰ মাজত ব্যৱধান:50-60 দিন। উপৰোক্ত গুণবোৰ ভাৰতৰ অন্য জাতৰ তুলনাত অসমৰ ছাগলীৰ উৎকৃষ্ট মানৰ হোৱা দেখা যায়। গোহালি: গোহালিটো চাংঘৰ কৰি ৰ’দ ঘাই ঠাইত বনালে ছাগলীবোৰ বহুতো বেমাৰৰ পৰা বচাই ৰাখিব পাৰি।গোহালি ঘৰটোৰ চাঙখনৰ উচ্চতা মাটিৰ পৰা 3-4 ফুট হ’ব লাগে যাতে তলৰ মজিয়াখন সহজে চাফা কৰিব পাৰি।বেৰ আৰু চাংখন থলুৱা সামগ্ৰী-বাহঁ বা কাঠৰ দ্বাৰাও বনাব পাৰি। মজিয়াখনত এক আঙুলমান ফাঁক ৰাখিব লাগে যাতে মল-মুত্ৰখিনি তললৈ সৰকি চাঙখন চাফা হৈ থাকে। বংশবৃদ্ধি: অসমৰ ছাগলীৰ জাতটোৰ উন্নতি সাধনৰ অৰ্থে “নিৰ্বাচিত প্ৰজনন” পদ্ধতি অৱলম্বন কৰিব লাগে।ওপৰত উল্লেখ কৰা জাত আৰু প্ৰজনন সম্বন্ধীয় ন্যূনতম মানৰ গুণ থকা মাইকী/মতা ছাগলীহে ভবিষ্যত বংশ বৃদ্ধিৰ বাবে সঁচ/বিধান হিচাবে নিৰ্বাচন কৰা উচিত।প্ৰাকৃতিক প্ৰজননৰ বাবে 10-15 জনী ছাগলীৰ কাৰণে এটা স্বাস্থ্যবান মতা(পঠা) ছাগলীৰ প্ৰয়োজন।আন্ত:প্ৰজনন(Inbreeding)ৰোধ কৰিবৰ বাবে প্ৰজননৰ কাৰণে ব্যৱহাৰ কৰা মতা ছাগলীটো অন্তত: 1 ½-2 বছৰৰ মূৰে মূৰে সলনি কৰাটো অতি প্ৰয়োজন।আজিকালি চৰকাৰী ভাবে এনে হিমায়িত শুক্ৰৰ ব্যৱস্থা কৰা হৈছে। খাদ্যভাষ: জন্মৰ লগে লগে পোৱালিকেইটাক মাকৰ ফেঁহু খাবলৈ দিয়াটো অতি প্ৰয়োজন।জন্মৰ পৰা প্ৰায় তিনিমাহ পৰ্য্যন্ত পোৱালিবোৰক মাকৰ গাখীৰ খাবলৈ দিব লাগে।ছাগলীয়ে সকলো ধৰণৰ ঘাঁহ-বন,গছৰ পাত যেনে-আম,কঠাল,নিম,গমাৰি,মধুৰিয়াম,চুবাবুল,ডিমৰু,আঁহত,কাঞ্চন,থেকেৰা ইত্যাদি খায়।উন্নত জাতৰ ঘাঁহ যেনে-গিণি,নেপিয়াৰ,পেৰা,মাকৈ আদিৰ খেতি কৰি ইহঁতক খাদ্য যোগান ধৰিব পাৰি।ছাগলিক প্ৰচুৰ পৰিমাণে পৰিস্কাৰ খোৱা পানীৰ যোগান ধৰিব লাগে।ইয়াৰোপৰি বিজ্ঞানসন্মতভাৱে উপযুক্ত সুষম খাদ্যৰ (10 কিলোগ্ৰামৰ ওজনৰ ছাগলী এজনীৰ বাবে দিনে প্ৰায় 100 গ্ৰাম)ব্যৱস্থা কৰিলে অধিক সুফল পোৱা যায়। উৎস: গৱেষণা সঞ্চালকালয়(পশুচিকিৎসা)অসম কৃষি বিশ্ববিদ্যালয়,খানাপাৰা গুৱাহাটী-781022