গৰ্ভৱতী গাইজনীৰ পোৱালি ভূমিস্থ কৰাৰ যন্ত্রণা নিশ্চয় মানুহতকৈ কম নহয়। গতিকে সেই সময়ত গাইজনীক অতি মৰমেৰে সকলোখিনি যাৱতীয় পৰিচৰ্য্যা কৰিব লাগে। তেনে কৰিলেহে গাইজনীৰ লগতে পোৱালিটোৰ স্বাস্থ্য ভালে থাকে। ল’ব লগীয়া যত্নবোৰ এনে ধৰণৰ—

১। পোৱালি জন্ম দিব লগা দিনটোত গাইজনীক অকলশৰীয়াকৈ চাফা, কোমল ঠাইত ৰাখিব লাগে।

২। গো-পালকে জন্ম দিব লগা দিনটোৰ কথা আগতীয়াকৈ জানি থ’ব লাগে। তাৰ বাবে ইনচেমিনেশ্যন কৰাৰ হিচাপ ৰাখিব লাগে। গাইগৰুৰ গৰ্ভধাৰণৰ সময় ২৭৮ – ২৯৩ দিন।

৩। গর্ভধাৰণৰ পিছৰ দিনকেইটা অন্য গৰুজাকৰ পৰা আঁতৰাই ৰখা ভাল।

৪। প্রসূতি বিষ আৰম্ভ হোৱাৰ ৪ ঘণ্টাৰ ভিতৰত পোৱালি ভূমিস্থ হ’ব লাগে। তাতকৈ বেছি দেৰি হ’লে পলম নকৰি পশু চিকিৎসকৰ সহায় ল’ব লাগে।

৫। প্রকৃতিৰ নিয়ম অনুসৰি পোৱালি জন্ম হওঁতে প্ৰথমতে আগঠেঙৰ প্ৰথম অংশ আৰু লাহে লাহে মূৰৰ নাকৰ অংশ বাহিৰ ওলাব লাগে। যদি তেনে নহয় তেন্তে পোৱালি দিয়াত অসুবিধা হ’ব। ইয়াৰ কাৰণ বহুতো। তাৰ ভিতৰত গৰ্ভৰ ভিতৰত থকা পোৱালিটো ওলোটা বা পথালি হৈ থাকিব পাৰে। তেনেহ’লে পোৱালি জন্ম হোৱাটো অসম্ভৱ হৈ পৰে। কেতিয়াবা আকৌ এটা ঠেং, কেতিয়াবা কেৱল মূৰটো বাহিৰলৈ ওলাব পাৰে। তেনেহ’লে ভয় খাব নালাগে বা ঠেং বা মূৰত ধৰি টানিবলৈ চেষ্টা কৰিব নালাগে। তেনে কৰিলে পোৱালিটোৰ জীৱন বিপদাপন্ন হ’ব পাৰে। তেনে লক্ষণ দেখিলে পশু চিকিৎসকৰ সহায় ল’ব লাগে|

৬। নিয়মিতভাৱে পোৱালি ওলোৱাৰ পাছত জন্মদ্বাৰ আৰু কামৰ দেহ অংশ পটাছিয়াম পাৰমাংগানেট পানীৰে ধুই দিব লাগে। গৰম পানীত নিম গছৰ পাত দি সেই পানীৰেও ধুব পাৰে।

৭। গাইজনীক পোৱালি জন্ম দিয়াৰ পাছতে গৰম পানী খাবলৈ দিব লাগে।

৮। পোৱালি জন্ম হোৱাৰ পাছতে জৰায়ুৰ ফুল সৰাব লাগে। নহ’লেও ২/ ৪ ঘণ্টাৰ ভিতৰত সৰিব পাৰে। যদি ৮ ৰ পৰা ১ ২ ঘণ্টাৰ ভিতৰত ফুল নসৰে তেন্তে পশু চিকিৎসকৰ সহায় ল’ব লাগে। অৱশ্যে তাৰ আগতে Reptarta খুৱাব পাৰে। ডাঙৰ জাতৰ গৰু-ম’হক ৫০/৬০ গ্রাম দিনে দুবাৰকৈ ৩/৫ দিনলৈ খুৱাব লাগে।

৯। পোৱালি জন্ম হোৱাৰ পাছতে গাখীৰ খিৰাই দিব লাগে নহ’লে ওহাৰ ফুলা বেমাৰ হ’ব।

১০। বেছিকৈ গাখীৰ দিয়া গাইৰ গাখীৰ খীৰাওঁতে সকলো গাখীৰ উলিয়াই দিব নালাগে। তেনে কৰিলে কেলচিয়াম কম হৈ প্ৰসৱীয় জঠৰতাত ভুগিব পাৰে। গতিকে প্রথম দুদিনমান ওহাৰত গাখীৰ এৰিব লাগে।

১১। পোৱালি জন্মদিয়াৰ পাছত কমেও ২/৩ দিন গাইজনীক পোৱালিসহ একেলগেই ৰাখিব লাগে।

১২। পোৱালি দিয়াৰ প্ৰথম দিনা গৰম পানী খাবলৈ দিব লাগে আৰু গৰম পানীত মিহলাই চাপৰ, গুৰ আৰু অলপ নিমখ মিহলাই দিব লাগে।

১৩। দ্বিতীয় দিনা গৰম পানীত চাপৰ এক কেজি, গুৰ ২০০ গ্রাম আৰু নিমখ ২০ গ্ৰামকৈ প্রতিদিনে দিব লাগে। কেঁচা ঘাঁহ পেট ভৰাই খাবলৈ দিব লাগে। একেদৰে এক সপ্তাহ দিব লাগে।

১৪| এক সপ্তাহৰ পৰা উপৰিউক্ত দানাৰ উপৰি বেচন ডেৰ কেজি প্রতিদিনে তিনিভাগত দিব লাগে।

লিখক: পংকজ প্ৰসাদ, দৈনিক জনমভূমি।