পামত নিয়মিত কৰিবলগীয়া কামসমূহ দুই ভাগত ভাগ কৰিব পাৰি- এককালীন আৰু দৈনন্দিন এককালীন কামসমূহঃ গাহৰিৰ প্ৰতিষেধক ছিটা দিয়াঃ সাধাৰণতে ইহঁতক Swine Fever আৰু চবকা ৰোগৰ প্ৰতিষেধক টীকা দিয়া উচিত। দাঁত উঠোৱাঃ বয়স হ’লে গাহৰিৰ ছেদক দাঁত দুটা বাঢ়ি যায়। কেতিয়াবা জাকত কাজিয়া হ’লে এনে দাঁতযুক্ত গাহৰিবোৰ অঘটন ঘটাব পাৰে। গতিকে কম বয়সতে ইহঁতৰ এই দাঁতবোৰ উঠাই পেলাব লাগে। খাহী কৰাঃ মাংসৰ বাবে ৰখা মতা গাহৰি পোৱালিবোৰক যথাসম্ভৱ মাকৰ পৰা পৃথক কৰাৰ পাছতেই অনতিপলমে খাহী কৰাৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ বাবে চিকিৎসকৰ সহায় লোৱা উচিত। চিনাক্তকৰণঃ পামৰ জুন্তুবোৰৰ ব্যক্তিগত চিনাক্তকৰণ এক অতি আৱশ্যকীয় কাম। আৰম্ভণিতে পোৱালিবোৰক চিনাক্ত কৰা উচিত। ইয়াৰ বাবে কাণত ফুলি লগোৱা, কাণত কাটি দাগ দিয়া, গাৰ নোম কাটি নম্বৰ দিয়া আদি ব্যৱস্থা লোৱা হয়। গাহৰিৰ দেহত ফিটাপেলু হ’লে মাংসৰ গুণ নোহোৱা হয়। গতিকে ইহঁতক চিকিৎসকৰ পৰামৰ্শ অনুসৰি পেলুৰ ঔষধ খুৱাব লাগে। দৈনন্দিন কাম-কাজসমূহঃ পুৱা গাহৰি ৰখা ঘৰ পৰিষ্কাৰ কৰাৰ পৰা আৰম্ভ কৰি পামখনত কৰিবলগীয়া অনেক কাম থাকে। সেইবোৰৰ ভিতৰত তলত দিয়াবোৰ শৃংখলাবদ্ধভাৱে কৰা উচিত। চাফাইঃ পামখনৰ কাম-কাজ আৰম্ভ হয় চাফাইৰে। গঁৰালৰ ভিতৰত থকা মল-মূত্ৰবোৰ ভালধৰে চাফা কৰি গাহৰিবোৰক সম্ভৱ হ’লে ধুই দিব লাগে। ৰোগ সম্পৰ্কীয় পৰ্যবেক্ষণঃ গাহৰিৰ স্বাভাৱিক অৱস্থাৰ হীন-দেঢ়ি হোৱা দেখিলেই তাৰ কাৰণ জানিবৰ চেষ্টা কৰিব লাগে। এনে আচৰণ কৰা গাহৰিটোক আনবোৰৰ পৰা পৃথক কৰি ভালদৰে নিৰীক্ষণ কৰিব লাগে। দানা আৰু পানী দিয়া কাম নিয়মিত সময় মতে কৰিব লাগে। গাহৰিৰ বাবে ব্যায়াম অন্য এক প্ৰয়োজন। গাহৰিক বিশেষকৈ প্ৰজননৰ বাবে ৰখাবিলাকক দৈনিক বাহিৰলৈ চৰিবলৈ উলিয়াই নিয়া ভাল। গাহৰিৰ গাত সাধাৰণতে ওকনি হোৱা দেখা যায়। এইবোৰ থাকিলে ইহঁতৰ গা পিৰপিৰাই থাকে। ফলত ইহঁতে য’তে-ত’তে গা ঘঁহাই দিয়ে আৰু ঘা লাগে। কেতিয়াবা ঘাবোৰো ব্যাপক ৰূপ ধাৰণ কৰিব পাৰে। গতিকে এই ওকনিবোৰ নহ’বৰ বাবে ইহঁতক পৰাপক্ষত ধুই থাকিব লাগে। চিকিৎসা সম্পৰ্কীয় কাম-কাজ থাকিলে দানা দিয়াৰ আগতে কৰা ভাল। এয়া মাত্ৰ কেইটামান উদাহৰণহে। পামত দৈনিক আৰু বহুধৰণৰ কাম হ’ব পাৰে।সেয়া পাম কৰোতাজনৰ ওপৰত নিৰ্ভৰ কৰে। উৎসঃ অসমীয়া খবৰ