অধিক কণী উৎপাদনৰ বাবে ছাৰা-ছাম্বেলী হাঁহ পালন আমাৰ গ্ৰাম্য অঞ্চলত বাৰমাহে পানী থকা খাল-বিল, পিতনি, পুখুৰী আদিত হাঁহৰ খাদ্য যেনে-সৰু সৰু মাছ, শামুক, কেঁচু-কুমতি, পানীত থকা সৰু সৰু উদ্ভিদ, শৈলুৱৈ, পুনি আদি স্বাভাৱিকতে পোৱা যায়, তেনে ঠাইত সহজে হাঁহ পালন কৰিব পাৰি। তদুপৰি ঘৰৰ পেলনীয়া খাদ্য, শাক-পাচলি, মাছ, ভাত, খুদ চাউলৰ মল আদি হাঁহৰ আহাৰৰ অন্যতম উপাদান। হাঁহৰ বেমাৰ-আজাৰো কম হয় আৰু প্ৰায় ৩ বছৰলৈকে একে জাক হাঁহকে উৎপাদনক্ষম অৱস্থাত পুহিব পাৰি। হাঁহৰ বাবে বেছি খৰচী ঘৰ নিৰ্মাণৰো দৰকাৰ নহয়। ফলত তাকৰীয়া মূলধনৰেই হাঁহপাম আৰম্ভ কৰিব পাৰি। ছাৰা-ছাম্বেলী হাঁহ-পালনৰ সুবিধা: ছাৰা-ছাম্বেলী হাঁহৰ কণী উৎপাদন ক্ষমতা (১৮০-২০০) আমাৰ থলুৱা পাতি হাঁহৰ উৎপাদন সামৰ্থ্যতকৈ বহু বেছি। ছাৰা ছাম্বেলী হাঁহে পাতিহাঁহৰ তুলনাত কম বয়সত (গড় হিচাপে ১৪৮ দিনত)কণী পাৰে। ছাৰা-ছাম্বেলী হাঁহৰ কণীৰ ওজন (৬৯ গ্ৰাম) অসমৰ পাতি আৰু বিদেশীজাতৰ খাকী কেম্পবেল হাঁহতকৈ বেছি। ছাৰা-ছাম্বেলী হাঁহবিলাক অসমৰ থলুৱা হাঁহৰ দৰে অধিক টান আৰু কষ্ট সহিষ্ণু। ইহঁতৰ তুলনাত খাকী কেম্পবেল হাঁহৰ বেমাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা কম। গাহৰি পালন গাহৰি অধিক উৎপাদনক্ষম জাতৰ প্ৰাণী। কম সময়ৰ ভিতৰতে মাংসৰ উৎপাদন বৃদ্ধি গাহৰি পালনৰ যোগেদিয়েই যে সম্ভাৱনা বেছি তাত দ্বিমত নাই। আমাৰ উত্তৰ-পূব ভাৰতত গাহৰি পালনৰ এটা নিজস্ব বৈশিষ্ট্য আছে। শেহতীয়া পৰিসংখ্যা মতে ইয়াত ১.৩৪ নিযুত গাহৰি আছে অৰ্থাৎ দেশখনৰ ২১ শতাংশ গাহৰি অকল উত্তৰ-পূব অঞ্চলতে আছে। আনহাতে এই অঞ্চলৰ প্ৰতি ১০০ জন লোকৰ বাবে সাতটাকৈ গাহৰি ভাগত পৰে আৰু ইয়াৰ বিপৰীতে সমগ্ৰ দেশৰ প্ৰতি ১০০ জনৰ বাবে এটাকৈ গাহৰি ভাগত পৰে। তদুপৰি গাহৰি আৰু ইয়াৰ মাংসৰ প্ৰতি অঞ্চলটোৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সিমান বিৰূপ মনোভাৱ দেখা নাযায়। এইবোৰ সমীক্ষালৈ লক্ষ্য কৰি গাহৰি পালনত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে আৰু গাহৰি পালন এক লাভজনক ব্যৱসায় বুলি গণ্য কৰা হৈছে। উৎস: অসমীয়া খবৰ