অসমত পৰ্য্যাপ্ত পৰিমাণে বৰষুণ হয় ৷ ইয়াৰ জলবায়ু উষ্ণতা আৰু সিক্ত ৷ সেইবাবে ইয়াত প্ৰচুৰ পৰিমাণে সেউজীয়া ঘাঁহ গজে আৰু তৃণভোজী প্ৰাণী পোহাটো অতি সহজ ৷ জনসংখ্যা বৃদ্ধিৰ লগে লগে কৃষিভূমি কমি যোৱাৰ ফলত কম মাটিতেই কৃষকে অধিক উৎপাদন কৰিবলগীয়া হৈছে ৷ কৃষকৰ অৰ্থনীতিত গৃহপালিত ছাগলী পালনত কষ্ট কম আৰু খৰছো কম ৷ যদিও অসম আৰু চুবুৰীয়া ৰাজ্য কেইখনত লেখত ল’বলগীয়া অনুমোদিত জাত নাই তথাপিও মাংস জাতীয় মাংস সাৰ (প্ৰ’টিন) উৎপাদনত অসমত ছাগলী পালনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ ছাগলী পালনক কিয় লাভজনক ব্যৱসায় গণ্য কৰা হয়? ১)ছাগলী পুহিবলৈ অধিক মূলধনৰ প্ৰয়োজন নহয় ৷ আন ঘৰচীয়া জন্তুতকৈ কম কষ্ট আৰু কম খৰচতেই ছাগলী পালন কৰিব পাৰি৷ ২)সৰু শাৰীৰিক গঠন আৰু শান্ত স্বভাবৰ বাবে পৰিয়ালৰ যি কোনো মানুহে সহজেই ৮-১০ জনী চোৱা মেলা কৰিব পাৰি ৷ ৩)হজম শক্তি প্ৰচুৰ হোৱা বাবে ছাগলীয়ে গছৰ পাত, ঘাহঁ-বন আদিৰ উপৰিও গছৰ ঠানি, ফুল, ফল, আদি খায় জীয়াই থাকিব পাৰে ৷ ৪)ছাগলীৰ ঘৰ অতি সাধাৰণ ভাবেই সাজি উলিয়াব পাৰি ৷ আকাৰ সৰু হোৱা বাবে ৰাখিবলৈ কম ঠাইৰ আৱশ্যক হয় ৷ ৫)মাংস আৰু গাখীৰ দুয়োটাৰ বাবে ছাগলী পোহা হয় ৷ ৬)ছাগলীয়ে সকলো ধৰণৰ জলবায়ুৰ লগত খাপ খাব পাৰে আৰু ইহঁতৰ বেমাৰ- আজাৰো কম ৷ কেইটামান ভাৰতীয় ছাগলীৰ জাত: ১.অসমৰ থলুৱা জাত (Assam Local) : অসমৰ থলুৱা জাতৰ ছাগলী মাংসৰ বাবে পোহা হয় ৷ ৬-১২ মাহৰ ভিতৰত প্ৰজননৰ ক্ষমতা প্ৰাপ্ত হোৱা দেখা যায় ৷ ইহঁতৰ দুটা বা ততোধিক পোৱালী দিয়াৰ ক্ষমতা আছে ৷ গাৰ গঠন সৰু যদিও এবছৰ বয়সত প্ৰায় ১৪ কিলোগ্ৰাম ওজনৰ হয় ৷ এই ছাগলী বোৰ অসমৰ জলবায়ুৰ সৈতে সুন্দৰ ভাৱে খাপ খোৱা দেখা যায় ৷ ২.বিটাল (Beetal): পাঞ্জাৱ আৰু হাৰিয়ানাৰ এই জাতৰ ছাগলীয়ে অসমৰ জলবায়ুৰ লগত সহজে খাপ খাব পাৰে ৷বিটাল ছাগলী মাংস আৰু গাখীৰ দুয়োৰে বাবে পোহা হয় ৷ ইহঁতৰ ওজন প্ৰায় ২১ কিলোগ্ৰাম হয় আৰু প্ৰতিদিনে ৫০০-৮০০ মিলিলিটাৰ গাখীৰ দিয়াৰ সামৰ্থ্য আছে ৷ ৩.বাৰবাৰী (Barbari) : বাৰবাৰী ছাগলী উত্তৰ প্ৰদেশত পোৱা যায় ৷ এই ছাগলীবোৰ মাংস আৰু গাখীৰ দুয়োটাৰ বাবে পোহা হয় ৷ গাৰ গঠন সৰু আৰু এবছৰত প্ৰায় ১৫ কিলোগ্ৰাম ওজনৰ হয় ৷ বাৰবাৰী ছাগলীয়ে ৭০০-১৩০০ মিলিলিটাৰ গাখীৰ দিব পাৰে৷ ৪- যমুনাপাৰী (Jamunapari): ভাৰতবৰ্ষৰ সবাতোকৈ জনপ্ৰিয় এইজাতৰ ছাগলীয়ে দৈনিক ১৫০০ মিলিলিটাৰ গাখীৰ দিব পাৰে ৷ যমুনাপাৰী ছাগলী উত্তৰ প্ৰদেশ আৰু বিহাৰত পোৱা যায় ৷ ইহঁতে এবাৰত এটাহে পোৱালী দিয়ে ৷ এবছৰত প্ৰায় ২৯ কিলোগ্ৰাম ওজনৰ হয় ৷এই ছাগলী বোৰ মুকলিকৈ চৰি - ফুৰি সোনকালে ডাঙৰ হয় ৷ ৫- বৰ্ণসঙ্কৰ ছাগলী (Crossbred Goats): কোনো সম্পৰ্ক নথকা দুটা জাতৰ ছাগলীৰ প্ৰজননৰ ফলত উৎপাদিত পোৱালীবোৰক বৰ্ণসঙ্কৰ ছাগলী বোলা হয় ৷ এই পদ্ধতিৰ সহায়ত উচ্চ্ক্ষমতা সম্পন্ন চৰিত্ৰ একত্ৰিত কৰি ভৱিষ্যত প্ৰজন্মত উৎপাদন বঢ়াব পাৰি ৷ কিন্তু অসমৰ থলুৱা জাতৰ ছাগলীত অকল গাখীৰৰ উৎপাদন বৃদ্ধিৰ বাবে- অসমৰ থলুৱা জাতৰ মাইকী ছাগলীৰ লগত যমুনাপাৰী জাতৰ মতা ছাগলীৰ প্ৰজনন আৰু তাৰপৰা উৎপাদিত বৰ্ণসঙ্কৰ পোৱালীৰ মাজত প্ৰজনন কৰাব লাগে ৷ পোহনীয়া ছাগলীৰ নিৰ্বাচন: (ক) মাইকী ছাগলী: ১)মাইকী ছাগলীজনী থলুৱা জাতৰ হোৱা ভাল ৷ ২)দৈহিক গঠন আকৰ্ষণীয় আৰু থিয় হৈ থাকোঁতে চাৰিওটা ঠেঙত সমানে ভৰ পৰা হ’ব লাগে ৷ ৩)গাখীৰ উৎপাদনৰ বাবে পোহা ছাগলীৰ ক্ষেত্ৰত সন্মুখৰ ফালতকৈ পিছফালটো বেছি বহল হ’ব লাগে ৷ ৪)ওহাঁৰ আৰু ইয়াৰ বাটবোৰ যথাস্থানত থকাটো প্ৰয়োজনীয় ৷ ৫)অধিক সংখ্যক পোৱালী জন্ম দিয়া মাকৰ সন্তান ৷ ৬)মাইকী ছাগলী সাধাৰণতে ৬-১২ মাহৰ বয়সত প্ৰথম গৰম হয় আৰু ১৮-২৪ দিনৰ মূৰে মূৰে পুনৰাবৃত্তি হয়, যেতিয়ালৈকে গৰ্ভধাৰণ নহয় ৷ ৭)এজনী মাইকী ছাগলী ২-৩ দিন গৰম হৈ থাকে আৰু সেইসময়ত উপযুক্ত মতাৰে প্ৰজনন কৰাব লাগে ৷ ৮)প্ৰজননৰ পৰা পোৱালী জন্ম দিয়ালৈকে ছাগলীক গঢ়ে ১৪৮ দিন লাগে ৷ (খ) মতা ছাগলী: ১)ভৱিষ্যত প্ৰজন্মৰ পৰা আশানুৰূপ ফল পাবলৈ হ’লে মতা ছাগলী বাছনিৰ ওপৰত গুৰুত্ব দিব লাগে ৷ ২)উন্নত গাৰ গঠন, আটিল স্বাস্হ্য, ঠেং কেইটা সমানে মাটিত পৰা আৰু নিৰোগী মতা ছাগলী বাছনি কৰিব লাগে ৷ ৩)মতা ছাগলীয়ে ৭-১২ মাহৰ ভিতৰত প্ৰজনন ক্ষমতা পায় ৷ ৪)প্ৰজনন ক্ষমতা প্ৰাপ্ত ছাগলীক দিনে ৩-৫ কিল’মিটাৰ খোজ কাঢ়িবলৈ দিব লাগে ৷ ৫)সাধাৰণতে এটা মতা ছাগলীয়ে ৫০ জনী ছাগলীক গাভিনী কৰিব পাৰে ৷ ৬)যিবোৰ মতা ছাগলী প্ৰজননৰ বাবে অনুপযুক্ত, সিহঁতক ৩ মাহ বয়সত খাহী কৰাব লাগে ৷ ৭)খাহী কৰিলে দেহৰ ওজন বাঢ়ে, মাংসৰ গুণগুণ বৃদ্ধি হয় আৰু অবাঞ্চিত প্ৰজনন ৰোধ হয় ৷ ছাগলীৰ ঘৰ: ১)ছগলী ঘৰৰ বাবে শুকান, আহল-বহল, বতাহ চলাচল কৰিব পৰা, পোহৰ পৰা ঠাই উপযুক্ত ৷ ২)৫ ফুট বহল আৰু ৭ ফুট দীঘল বাঁহ-খেৰেৰে নিৰ্মিত সাধাৰণ ঘৰ এটাত ৩-৫ জনী ছাগলী ৰাখিব পাৰি ৷ ৩)যিহেতু আমাৰ উত্তৰ পূৰ্বাঞ্চলত বৰষুণ আৰু আৰ্দ্ৰতা বেছি সেয়েহে চাংঘৰত ছাগলী পালন কৰাটো উত্তম৷ ৪)চাংঘৰৰ বাবে ছাগলী থকা মজিয়াখন ঘৰটোৰ ভেটিৰ পৰা ৩-৩.৫ ফুট ওখ কৰিব লাগে ৷ ৫)ছাগলী এজনীৰ বাবে ২.৫ ফুট X ৮.৫ ফুট মজিয়াৰ প্ৰয়োজন ৷ ৬)ঘৰৰ চালখন খেৰ বা এচবেচটচেৰে সাজিলে বছৰটোৰ সকলো সময়তে কোঠাটোৰ উষ্ণতা প্ৰায় একে থাকে ৷ ৭)চাংঘৰত ছাগলী প্ৰতিপালন কৰিলে ছাগলীবোৰ মল-মূত্ৰৰ সংস্পৰ্শলৈ নাহে আৰু বহু ধৰণৰ পেলুৰ পৰা মুক্ত হৈ থাকে ৷ অসম কৃষি বিশ্ববিদ্যালৰ অধীনত বৰ্ণিহাটত থকা ছাগলী গৱেষণা কেন্দ্ৰত বিটাল আৰু যমুনাপাৰী জাতৰ ছাগলী প্ৰতিপালন কৰি থকা হৈছে ৷ ইচ্ছুক ছাগলী পালকে নিজৰ পামত থকা থলুৱা জাতৰ পৰা অধিক উৎপাদনক্ষম বৰ্ণসঙ্কৰ ছাগলী উৎপাদনৰ বাবে গৱেষণা কেন্দ্ৰত যোগাযোগ কৰি বিটাল জাতৰ মতা ছাগলী আনিব পাৰিব৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।