ভেড়া ছাগলী প্রতিপালন ভেড়া মুকলিভাৱে চৰায় (য’ত মুকলি পথাৰৰ অভাৱ নাই) বা আবদ্ধ পদ্ধতিত পালন কৰিব পৰা যায়। শুষ্ক কৃষি পদ্ধতিত ভেড়া পালন এটা গুৰুত্বপূর্ন উপাদান। কম বিনিয়োগেৰে প্রান্তিয় কৃষক আৰু ভূমিহীন শ্রমিক অথবা ক্ষুদ্র কৃষকসকলৰ বাবে ই এটি লাভজনক কৰ্ম। সুবিধাসমূহ: • যিকোনো পৰিৱেশৰ লগত খাপখোৱাৰ ক্ষমতা আৰু নিম্নমানৰ পৰিচালন ব্যৱস্থাতো পালন কৰিব পাৰি। • মাংসৰ দাম ক্ৰমান্বয়ে বৃদ্ধি পাই আছে। • ভেড়া ছাগলীৰ পৰা নোম আৰু মাংস পোৱা যায়। • প্রত্যেক পিয়নত গড়ে ১ ৰ পৰা ২ টি পোৱালি দিয়ে। • প্রতিটি ভেড়া ছাগলীৰ পৰা গড়ে ২২-৩০ কিলো মাংস পোৱা যায়। • ভেড়াৰ গোবৰে মাটিৰ উর্বৰতা বৃদ্ধি কৰে। জাতসমূহ • থলুৱা প্রজাতিঃ অঞ্চল ভেদে বেলেগ বেলেগ। • বিদেশী প্রজাতি। • মেৰিনো -উলৰ বাবে • ৰাম বউলেট- উল আৰু মাংসৰ বাবে • চেবিঅ’ট- মাংসৰ বাবে • ছউথ ডাউন- মাংসৰ বাবে অর্থনীতি • ৮ মাহ বয়সত ভেড়াৰ প্রাৰম্ভিক মূল্য ১ হাজাৰ ৰ পৰা ১২০০ টকা। • ৬ ৰ পৰা ৭ বছৰ বয়সৰ পিছত ৮০০ টকা ৰ পৰা ১০০০ টকাত ভেড়া বিক্রী হয়। • ডেৰ বছৰ তলৰ বয়সৰ মতা ভেড়া কমেও ১৫০০ ৰ পৰা ২০০০ টকাত বিক্রী হয়। নিম্নলিখিত বিষয়সমূহ • ভাল প্রজাতিৰ সহজলভ্যতা। • ভেড়া প্রতিপালনৰ বাবে নির্দিষ্ট স্থান তৈয়াৰ কৰাৰ উপায় আৰু প্রয়োজনীয়তা। • দানা-পানী খুওৱাৰ নিয়ম। • স্বাস্থ্যৰ যতন আৰু ভেড়াৰ প্রজনন সম্পর্কে বিস্তাৰত জানিবলৈ নিকটতম পশু চিকিৎসা কেন্দ্ৰ অথবা কৃষি দপ্তৰ লগত যোগাযোগ কৰক। উত্স: আইএনডিজি দল।