পশুপালন অসমৰ জনজীৱনৰ এটা অবিচ্ছেদ্য অংগ। বিভিন্ন পোহনীয়া জীৱ-জন্তুবোৰৰ ভিতৰত গাহৰি পালন আমাৰ গাঁৱলীয়া জীৱনৰ লগত বিশেষকৈ অনুসূচীত জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ জীৱনধাৰাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। গাহৰি এনে এবিধ জীৱ যি আন পোহনীয়া জীৱ-জন্তুৰ তুলনাত একেবাৰতে বেছিসংখ্যক পোৱালি জন্ম দিব পাৰে। শৰীৰৰ বৃদ্ধিৰ হাৰ সৰ্বাধিক আৰু ই আটাইতকৈ ভালদৰে খাদ্য-বস্তুবোৰক মাংসলৈ পৰিৱৰ্তন কৰিব পাৰে। গাহৰি পালনৰ দ্বাৰা এক বৃহৎ সংখ্যক আৰ্থিকভাৱে অনগ্ৰসৰ লোক, মহিলা আৰু শিক্ষিত বা অশিক্ষিত যুৱক-যুৱতী আৰ্থ-সামাজিক দিশত আগবাঢ়ি যোৱাত বহুতো অৰিহণা যোগাইছে। অতীতৰে পৰা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীয় লোকসকলে গাহৰি পালনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে এক সুকীয়া স্থান দখল কৰি আহিছে। আন জেশৰ প্ৰায় এক ষষ্ঠাংশ গাহৰি অকল উত্তৰ-পূৰ্বাঞ্চলতে আছে। অসমৰ গাহৰি পালনৰ ক্ষেত্ৰত থকা সুবিধাসমূহ হৈছে- বজাৰৰ চাহিদাঃ উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ সৰহসংখ্যক লোকেই গাহৰিৰ মাংস খায়। ই গাহৰিৰ বাবে এখন বৃহৎ বজাৰ আৰু এই বজাৰখন দিনে দিনে বৃদ্ধি হৈ গৈ আছে। চুটি গৰ্ভধাৰণ কালঃ গাহৰিৰ গৰ্ভধাৰণ কাল মাত্ৰ ১১৪ দিন (৩ মাহ ৩ সপ্তাহ ৩ দিন) আৰু এজনী গাহৰিয়ে ১২ মাহমান বয়সৰ ভিতৰতেই গৰ্ভধাৰণ কৰিব পৰা অৱস্থা পায়। ইহঁতে এবছৰত দুবাৰ নহ’লেও দুবছৰত তিনিবাৰ পোৱালি জন্ম দিব পাৰে। দ্ৰুত বৃদ্ধিঃ ভাল জাতৰ গাহৰি সঠিক বৈজ্ঞানিক পদ্ধতিৰে প্ৰতিপালন কৰিলে ৭০-৮০ কিলোগ্ৰামমান হ’ব পাৰে। বংশ বৃদ্ধিঃ গাহৰিয়ে একেবাৰতে কেইবাটাও পোৱালি (৮-১৪টা) জন্ম দিব পাৰে। গতিকে অতি সহজেই ইহঁতৰ বংশ বৃদ্ধি হয়। এককালীন আৰু কম আৰম্ভণিৰ ব্যয়ঃ গাহৰি পালনত হোৱা আৰম্ভণিৰ ব্যয় কম আৰু এবাৰ মাত্ৰ মূলধন ব্যয় কৰিয়েই একেৰাহে উৎপাদন পাই থাকিব পাৰি। গতিকে অতি কম মূলধন আৰু সময় বিনিয়োগেৰে বেছি লাভ পাব পাৰি। কাৰিকৰী দক্ষতাঃ গাহৰি পালনৰ বাবে অতি উচ্চমানৰ কাৰিকৰী দক্ষতাৰ প্ৰয়োজন নহয়। পালকজনৰ গাহৰি চোৱা-চিতা কৰাৰ বাবে সামান্য ব্যৱহাৰিক জ্ঞান থাকিলেই হয়। শ্ৰম ব্যয়ঃ বৈজ্ঞানিক পদ্ধতিৰে গাহৰি পালন কৰিলে শ্ৰম ব্যয় কম লাগে। ঘৰৰ মহিলাসকলেও সহজে গাহৰি প্ৰতিপালন কৰিব পাৰে। জলবায়ুঃ অসমৰ সকলো ঠাইৰ জলবায়ু গাহৰি পালনৰ বাবে উপযোগী। খাদ্যঃ গাহৰিয়ে খাদ্যৰ বাবে জীৱ-জন্তুৰ সৈতে প্ৰতিযোগিতা কৰিব লগা নহয়। আন জীৱ-জন্তুৰ বাবে ব্যৱহাৰ নোহোৱা স্থানীয়ভাৱে পোৱা আৰু পেলনীয়া খাদ্য-বস্তুৰ অধিকাংশই গাহৰিৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি। গাহৰি পালনৰ পদ্ধতিঃ গাহৰি পালনৰ উদ্দেশ্যৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে তিনিটা পদ্ধতিৰে গাহৰি পালন কৰিব পাৰি। মুকলি পদ্ধতিঃ এই পদ্ধতিত গাহৰিবিলাক মুকলিত বান্ধি ৰাখি তাতে খোৱা-বোৱাৰ ব্যৱস্থা কৰা হয়। গোটেই বছৰজুৰি ৰ’দ-বৰষুণত থাকি গাহৰিবিলাক এনে পৰিৱেশৰ লগত অভ্যস্ত হৈ পৰে। আমাৰ গ্ৰামাঞ্চলত এই পদ্ধতি খুব কমকৈ ব্যৱহাৰ কৰা হয়। আধা আৱদ্ধ পদ্ধতিঃ এই পদ্ধতি মুকলি পদ্ধতি আৰু আৱদ্ধ পদ্ধতিৰ মাজত পৰে। ইয়াৰ থকা-খোৱাৰ বাবে গঁৰালৰ ব্যৱস্থা কৰা হয় যদিও মাজে মাজে গাহৰিবোৰ এৰি দি মুকলি পথাৰত চৰোৱা হয়। আৱদ্ধ পদ্ধতিঃ এই পদ্ধতিত গাহৰিবোৰক গঁৰালত সম্পূৰ্ণভাৱে আৱদ্ধ কৰি ৰখা হয় আৰু তাতে দানা-পানীৰ ব্যৱস্থা কৰা হয়। বৈজ্ঞানিকভাৱে গাহৰি পালনৰ বাবে এই পদ্ধতি উপযুক্ত আৰু প্ৰজনন পাম খুলিলে এই পদ্ধতি বিশেষভাৱে ব্যৱহাৰ হয়। এই পদ্ধতিটো মুকলি আৰু আধা আৱদ্ধ পদ্ধতিতকৈও উন্নত। (উৎসঃ নিয়মীয়া বাৰ্তা, দিপাংকৰ পাল, দিব্যজ্যোতি নাথ)।