গাহৰি পাম কেনে ঠাইত কৰিব- সামগ্ৰিকভাৱে যিকোনো এখন পশুপাম আৰম্ভ কৰাৰ আগেয়ে বহুকেইটা দিশত সিদ্ধান্তত উপনীত হোৱাৰ পাছতহে আচলতে কৰ্মক্ষেত্ৰত আগবঢ়া হয়। গাহৰি পাম কৰাৰ বাবে সিদ্ধান্ত লোৱাৰ পাছত অন্যতম বিষয় আহি পৰে স্থানৰ ঠাই সম্পৰ্কত। পামৰ স্থান নিৰ্বাচন সঠিক নহ’লে বহু সময়ত বিপদত পৰিব লগাও হ’ব পাৰে। নিম্নোক্ত বিষয়সমূহ বিবেচনা কৰি পামৰ স্থান নিৰ্বাচন কৰিব লাগে। বজাৰঃ পশুজাত সামগ্ৰীবোৰ সাধাৰণ অৱস্থাত যিহেতু অধিক সময়ৰ কাৰণে নষ্ট নোহোৱাকৈ ৰাখিব নোৱাৰি, গতিকে বজাৰত মুকলি কৰি দিয়াৰ লগে লগে সেইবোৰৰ বিক্ৰী হোৱাটো অত্যন্ত আৱশ্যকীয় কথা। গাহৰি বা গাহৰিৰ মাংসৰ ক্ষেত্ৰতো সেই একে কথাই প্ৰযোজ্য। গাহৰি আৰু মাংসকে আদি কৰি খাদ্য, আহিলা, সা-সৰঞ্জাম আৰু উপজাত সামগ্ৰীৰ ক্ৰয়-বিক্ৰীৰ কাৰণে এখন সংহত, সুস্থিৰ আৰু নিয়মীয়া বজাৰৰ প্ৰয়োজন। বসতিস্থলঃ সাধাৰণতে বৈজ্ঞানিক পদ্ধতিৰে পাম কৰিলে পামৰ স্থান বসতিস্থলৰ পৰা যথাসম্ভৱ আঁতৰত হোৱা উচিত যাতে কোনেও অনাহক আপত্তি তুলিব নোৱাৰে। তদুপৰি গাহৰিৰ বাবেও ই মংগলজনক। এইখিনিতে আকৌ প্ৰতিপালন পদ্ধতিৰ ওপৰতো বহুত কথা নিৰ্ভৰ কৰে। যদি গাহৰিবোৰক মুকলি ঘাঁহনি বা পথাৰত চৰিব দিয়া হয়, তেন্তে মানুহৰ বসতিস্থলৰ পৰা যথেষ্ট দূৰত পামখন হোৱাটো বহু দিশৰ পৰা দৰকাৰী কথা। কিন্তু কেৱল পামঘৰৰ ভিতৰতে ৰাখিলে পামখন নাতিদূৰত হোৱাটো বাঞ্ছনীয় কথা। পথঃ পাম সদায় মূল পথৰ পৰা সামান্য আঁতৰত কিন্তু বেছি দূৰত হোৱা অনুচিত। বয়-বস্তু পৰিবহণৰ বাবে ই অত্যন্ত জৰুৰী। পথৰ বিষয়ে বিবেচনা কৰোতে দূৰত্বতকৈ সুগম হোৱাৰ ওপৰত অধিক গুৰুত্ব দিব লাগে। মাটিৰ ধৰণঃ পাহাৰীয়া ঠাইত অথবা কোনো এঢলীয়া ঠাইত পামঘৰ কৰাটো ব্যয়বহুল। গতিকে পাম কৰিবলৈ লোৱা ঠাই সমতল হ’ব লাগে। মাটিডোখৰ ওখ হ’ব লাগে, যাতে ক’তো পানী জমা হৈ নাথাকে। মুকলি ঠাইঃ পামঘৰৰ কাষত মুকলি ঠাই অকণমান থাকিলে ভাল। গাহৰিৰ ব্যায়ামৰ বাবে ইয়াৰ আৱশ্যক হয়। ব্যায়ামৰ অবিহনে এপিনে যেনেকৈ গাহৰিবোৰৰ ভৰিৰ গাঁঠি আদিত জঠৰতা আহি পৰিব পাৰে, আনপিনে তেনেকৈ সিহঁতৰ উৎপাদন আৰু বংশ বৃদ্ধিত পিছলৈ হানি হোৱাৰ সম্ভাৱনা থাকে। তদুপৰি মুলি ঠাইৰ আৱশ্যকতা অন্যান্য পাম বিষয়ক কাম-কাজতো সততে অনুভৱ কৰা হয়। বিদ্যুৎঃ গাহৰিক বৰ বেছি কৃত্ৰিম পোহৰৰ প্ৰয়োজন নহয়। গতিকে ইয়াক উপেক্ষা কৰিব পাৰি। তথাপি সহজলভ্য হ’লে কৰ্মীসকলৰ সা-সুবিধা আৰু পামৰ বিভিন্ন কামৰ সুচলতালৈ লক্ষ্য ৰাখি বিদ্যুৎ সৰবৰাহৰ ব্যৱস্থা থকাটোক এক ধনাত্মক দিশ বুলিয়েই গণ্য কৰিব লাগে। কিন্তু সামগ্ৰিকভাৱে বিদ্যুতৰ সৰবৰাহ গাহৰি পাম স্থাপনৰ অগ্ৰাধিকাৰ বিষয় নহয়। পানীঃ বিশুদ্ধ পানীৰ উৎস এক অন্যতম গুৰুত্বপূৰ্ণ বিষয়। গাহৰিয়ে দৈনিক প্ৰতি ৫০ কিঃ গ্ৰাঃ ওজনৰ বাবে বয়স অনুসৰি ২ৰ পৰা ৬ লিটাৰ পানী খায়। কিন্তু লেতেৰা পানী হ’লে ইহঁতে সেই পানী খাব নোখোজে, তাৰ উপৰি লেতেৰা পানী খালে বেমাৰ হোৱা সম্ভাৱনাও বেছি। গতিকে পৰিষ্কাৰ পানীৰ উৎস থকা অতি প্ৰয়োজন। বতাহ চলাচলঃ চেঁচুকীয়া ঠাই পামঘৰৰ বাবে উপযোগী নহয়। ঠাইডোখৰত ভালদৰে ৰ’দ পৰা হ’ব লাগে আৰু বতাহ চলাচলৰ সুবিধা থাকিব লাগে। খাদ্যঃ গাহৰি পালনত আটাইতকৈ মনোযোগ দিবলগীয়া দিশটোৱেই হ’ল খাদ্য যোগান। স্থূলভাৱে গাহৰিয়ে সকলো বস্তুৱেই খায় আৰু গাহৰিৰ ক্ষেত্ৰত দেখা যায় যে সিহঁতেহে আটাইতকৈ সোনকালে খাদ্যবস্তুক উৎকৃষ্ট হাৰত মাংসলৈ ৰূপান্তৰিত কৰিব পাৰে। গতিকে কেৱল বজাৰৰ কিনা খাদ্যৰ ওপৰত নিৰ্ভৰ কৰি গাহৰি পোহা ভুল। কম খৰচত গাহৰি উৎপাদনৰ বাবে ওচৰতে প্ৰাকৃতিকভাৱে গজা বনজ খাদ্য থাকিলে ভাল। তাৰ উপৰি ইহঁতৰ বাবে যিহেতু বহু পেলনীয়া বস্তুও খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি সেই বস্তুবোৰ সংগ্ৰহ কৰাৰ সুবিধা থকা হ’ব লাগে। উদ্যোগ আদিৰ অৱস্থান অনবৰতে বিষাক্ত গেছ আদি নিৰ্গত হোৱা উদ্যোগৰ কাষত গাহৰি পাম হ’ব নালাগে। (উৎসঃ খবৰ, সংগ্ৰহঃ ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠান, অসম)।