প্ৰজননেই উৎপাদনৰ আধাৰ। এজনী গৰুৱে সময়মতে গাভিনী হৈ পোৱালি দিয়াৰ ওপৰতে উৎপাদন বৃদ্ধি আৰু গো-পালকৰ অৰ্থনৈতিক উন্নতি নিৰ্ভৰ কৰে। কিন্তু তেতিয়াবা দেখা যায় সুস্থ-সবল এজনী গৰুক গাভিনী কৰিবলৈ পালকসকলে বাৰে বাৰে পশু চিকিৎসকৰ ওচৰ চাপিব। লগা হয়। ইয়াৰ ফলত গো-পালকজনৰ প্ৰচুৰ অর্থনৈতিক লোকচানৰ উপৰি উৎপাদনো হ্রাস পায়। বিভিন্ন কাৰণত গৰু এজনী সময়মতে গাভিনী নহ’ব পাৰে। গো প্রজননত বাধাৰ সৃষ্টি কৰা এই কাৰণসমূহ বিভিন্ন ৰোগো হ’ব পাৰে বা পালকজনক সম্যক জ্ঞানৰ অভাৱ বা অপৈণত পৰিচালনাৰ ফলতো হ’ব পাৰে। এই কাৰণসমূহ চমুকৈ তলত আলোচনা কৰা হ’ল। সময়মতে গৰম নোহোৱা- গৰুৰ পোৱালি প্রজাতি বিশেষে প্রথম গৰম হয় ৮ ৰ পৰা ১৮ মাহৰ ভিতৰত। আমাৰ থলুৱা চেউৰী পোৱালিবোৰ কেতিয়াবা ২ ৰ পৰা ৩ বছৰ মানলৈকে গৰম নহয়। আজিকালি কৃত্রিম প্রজনন ব্যৱস্থাৰ বহুল প্রচলনৰ ফলত জন্ম হোৱা উন্নত প্রজাতিৰ চেউৰী পোৱালিবোৰ সোনকালেই গৰম হয়। আমাৰ দেশত পোৱা এনে উন্নত প্রজাতিৰ চেউৰী পোৱালিবিলাকৰ গৰম হোৱা বয়স এনেধৰণৰ জার্চি – ৮ ৰ পৰা ১৮ মাহ জার্চি বর্ণসংকৰ – ১৪ ৰ পৰা ২৪ মাহ হলষ্টেইন ফিজিয়ান - ১ বছৰৰ পৰা ১৮ মাহ থাৰ্পাৰ্কাৰ - ২ ৰ পৰা ৩ বছৰ চাহিৱাল - ২ ৰ পৰা ৩ বছৰ সাধাৰণতে এজনী গৰু প্রতি ২১ দিনৰ মূৰে মূৰে গৰম হৈ থাকে। অৱশ্যে কিছু ক্ষেত্ৰত ইয়াৰ হীন-ডেঢ়িও হ’ব পাৰে। কেতিয়াবা দেখা যায় চেউৰী পোৱালিবোৰ বহুদিনলৈ গৰম নহয় আৰু গাই গৰুবোৰ এবাৰ পোৱালি জন্ম হোৱাৰ পাছত কেইবা মাহলৈ গৰম নোহোৱাকৈ থাকে। ইয়াৰ প্রধান কাৰণসমূহ হ’ল— পোৱালিবিলাকৰ স্বাস্থ্য যদি বেয়া হয়, উপযুক্ত খাদ্যৰ অভাৱত যদি শৰীৰৰ শ্ৰীবৃদ্ধি কম হয়, সেই পোৱালিবিলাক সময়ত গৰম নহয়। চেউৰী বা গাইজনী পেলুৰ দ্বাৰা আক্রান্ত হ’লে ছালৰ বিভিন্ন পৰজীৱি প্ৰাণী যেনে ওকণি, চিকৰা আদি থাকিলে শাৰীৰিক বর্ধনত ব্যাঘাত জন্মাৰ ফলত গাইজনী সময়ত গৰম নহয়। কেতিয়াবা শৰীৰত উপযুক্ত হৰম'নৰ অভাৱৰ কাৰণেও গৰম হোৱাত বিলম্ব হ’ব পাৰে। সুপ্ত ঋতুচক্র বা মনে মনে গৰম হোৱা কেতিয়াবা দেখা যায় যে চেউৰী বা গাই এজনীৰ গৰমৰ কোনো বাহ্যিক লক্ষণ পৰিলক্ষিত নোহোৱাকৈ মনে মনে গৰম হ’ব পাৰে। এনে ক্ষেত্ৰত যোনিদ্বাৰেদি মাত্র বীজলুৱা পদার্থ নিৰ্গত হয়। কিন্তু গৰমৰ অন্যান্য লক্ষণসমূহ দেখা নাযায়। অভিজ্ঞতাৰ পৰা দেখা গৈছে যে গৰম নোহোৱা বুলি ভবা বহুতো গাই গৰু বা চেউৰী গৰু পশুপালকৰ অলক্ষিতে গৰম হৈ থাকে আৰু বহু সময়ত পশু চিকিৎসকে গৰুজনীৰ অংগ-প্রত্যংগ পৰীক্ষা কৰোঁতে গৰম হোৱা ধৰা পৰে। গো-পালকসকলে সূক্ষ্ম দৃষ্টিৰে পুৱা-গধূলি লক্ষ্য কৰিলে এনেধৰণৰ গৰম সহজে ধৰা পেলাব পাৰে। প্রকৃততে ১০০ জনী গৰম নোহোৱা বুলি ভবা গাই গৰুৰ ৮০ ভাগেই এনে ধৰণেৰে গৰম হয়। পোৱালি দিয়াৰ পাছত গৰম নোহোৱা- সাধাৰণতে গৰু এজনী পোৱালি দিয়াৰ ২১ দিনৰ পাছতে গৰম হ’ব লাগে আৰু ৬০-৯০ দিনৰ ভিতৰত প্ৰজননৰ ব্যৱস্থা কৰিব লাগে। কিন্তু দেখা যায় যে কিছুমান গাইগৰু ৩-৪ মাহৰ পাছতো গৰম নহয়। অর্থনৈতিক দিশত ই এটা ডাঙৰ আঘাত। বাৰে বাৰে গৰম হোৱা- কিছুমান গাই গৰু বা চেউৰী গৰু প্রতি ২১ দিনৰ মূৰে মূৰে গৰম হয়, কিন্তু প্ৰজননৰ পাছত গৰ্ভধাৰণ নহয়; অর্থাৎ বাৰে বাৰে গৰম হৈ থাকে৷ ই এটা গো-পালকসকলৰে নহয়, পশু চিকিৎসকৰ বাবেও ডাঙৰ সমস্যা। এই সমস্যাটো অতি গুৰুত্বপূর্ণ, যিহেতু ইয়াৰ ফলত পালকৰ যথেষ্ট আর্থিক ক্ষতি হয়। বহুতো কাৰণত এনে হ’ব পাৰে। এজন পশু চিকিৎসকে এই কাৰণসমূহ পৰীক্ষা কৰি চিকিৎসাৰ দ্বাৰা এনে ৰোগ আৰোগ্য কৰিব পাৰে। সাধাৰণতে গৰু এজনী গৰম হ’লে ২৪ ঘণ্টা মানলৈকে গৰম হৈ থাকে, কিন্তু কিছুমান গৰু ৩-৪ দিনলৈকে গৰম হৈ থকা দেখা যায় আৰু কিছু ক্ষেত্ৰত গৰু এজনী ১২- ২০ ঘণ্টা মানলৈকে গৰম হোৱা দেখা যায়। গৰম শেষ হোৱাৰ ১১ ৰ পৰা ১২ ঘণ্টাৰ পাছত ডিম্বাশয়ৰ পৰা ডিম্বানু ক্ষৰণ হয়। কেতিয়াবা এই নিয়মসমূহৰ পৰিৱর্তন হয়। যেনে: কেতিয়াবা গৰু এজনী গৰম হ’লেও ডিম্বাশয়ৰ পৰা ডিম্বানু ক্ষৰণ নহ’বও পাৰে, ফলত সময়ত প্ৰজননৰ ব্যৱস্থা কৰিলেও গাভিনী নহয়। কেতিয়াবা কিছুমান গৰু দীঘলীয়া সময়ৰ বাবে গৰম হৈ থাকে আৰু ডিম্বানু ক্ষৰণো সাধাৰণতে হোৱা সময়তকৈ দেৰিকৈ হ’ব পাৰে। তেতিয়া আগৰ নিয়ম অনুসৰি প্ৰজনন কৰালে গাভিনী নহ’ব পাৰে। কেতিয়াবা গাইজনী গাভিনী হোৱাৰ ১৫-১৬ দিন মানতে কিবা কাৰণত ভ্ৰূণটো নষ্ট হৈ যায়। ফলত পুনৰ ২১ দিনৰ পাছত গৰম হয়। জৰায়ুত ঘা হ’লে এনে হয়। ওপৰত উল্লেখ কৰা কাৰণসমূহৰ উপৰি আৰু বিভিন্ন কাৰণত গৰু এজনী গাভিনী নহ’ব পাৰে বংশগত দোষ: কোনো কোনো ক্ষেত্ৰত গাইজনী গর্ভস্থ অৱস্থাত থাকোতে শৰীৰ গঠনত প্রজনন তন্ত্ৰৰ পূৰ্ণ বিকাশ নহয়। অর্থাৎ কেতিয়াবা ডিম্বাশয় বা ডিম্ববাহী নলী নাথাকে নতুবা জৰায়ু গঠনত ক্ৰটী ৰৈ যায়। বিভিন্নধৰণৰ জনন তন্ত্ৰৰ ৰোগ যেনে, ব্ৰচেল”ছিছ, টৰাইক’মনিয়াছিছ, ভিব্ৰিয়'ছিছ আদি ৰোগৰ দ্বাৰা আক্রান্ত হ’লে জনন তন্ত্ৰত ঘা হৈ প্রজননত বাধাপ্রাপ্ত হয়। প্ৰসৱৰ সময়ত অনভিজ্ঞ লোকৰ দ্বাৰা প্ৰসৱ কৰাওঁতে আঘাতপ্রাপ্ত হৈ গৰুজনী অনুৰ্বৰ হ’ব পাৰে। গৰু এজনী প্রজনন প্রক্রিয়াত শৰীৰত হৰম’নে ক্রিয়া কৰে। এই নিঃসৰিত হৰম’নৰ বিশেষ কিছু কাৰণত তাৰতম্য ঘটিলে গৰু এজনী গাভিনী নহ’ব পাৰে। শৰীৰত বিভিন্ন খাদ্যপ্রাণ যেনে- ভিটামিন এ, ই নতুবা খনিজ পদার্থ যেনে কপাৰ, লো, কবাল্ট, মলিবডেনাম আৰু বিভিন্ন ধৰণৰ প্ৰ’টিনৰ অভাৱৰ কাৰণেও গাই এজনী গাভিনী নহ’ব পাৰে। অনভিজ্ঞ ব্যক্তিৰ দ্বাৰা বেজী দিয়ালে বা ব্যৱহাৰ কৰা যন্ত্রপাতিসমূহ ভালদৰে বীজাণুমুক্ত কৰি নল’লে বা ব্যৱহৃত বীজ উচ্চ গুণমানবিশিষ্ট নহ’লে গাইজনী গৰ্ভধাৰণ নহ’ব পাৰে। পাম পৰিচালনাত ক্ৰটী-বিচ্যুতি হ’লে অর্থাৎ গৰু এজনী গৰম হ’লে সঠিক সময়ত প্রজনন নকৰালে বা গৰম হোৱাৰ সঠিত সময়টো নিৰূপণত ব্যর্থ হ’লে গর্ভধাৰণ নহয়। গো-পালকসকলে পোৱা উল্লিখিত সমস্যাসমূহ সমাধানৰ অর্থে তলত কেইটামান ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হ’লঃ যিহেতু ওপৰত উল্লেখ কৰা ৰোগসমূহৰ কাৰণসমূহো ভিন্ন ভিন্ন, গতিকে পালকসকলে এনে সমস্যাৰ সন্মুখীন হ’লে ততালিকে পশু-চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে। পোৱালি অৱস্থাত ইহঁতক অপুষ্টিজনিত ৰোগ আৰু পেলুজনিত ৰোগৰ পৰা মুক্ত কৰি ৰাখিব লাগে। তদুপৰি পোৱালি বা চেউৰী অৱস্থাৰ খাদ্যত উপযুক্ত পৰিমাণৰ খনিজ লৱণ, প্ৰ’টিন, ভিটামিন আদি দিব লাগে। পর্যাপ্ত পৰিমাণৰ সেউজীয়া কেঁচা ঘাঁহ যোগান ধৰাটো অতি আৱশ্যক। পোৱালি অৱস্থাত ছালত হোৱা পৰজীৱি যেনে চিকৰা, চাঁহী, ওকণি আদি মাৰিবলৈ চিকিৎসকৰ পৰামর্শ অনুযায়ী ঔষধ প্রয়োগ কৰিব লাগে। কিয়নো এনে পৰজীৱি প্ৰাণীয়ে পোৱালিবোৰৰ বর্ধনত ব্যাঘাত জন্মায়। বাৰে বাৰে গৰম হৈ থকা বা প্ৰজননৰ ব্যৱস্থা কৰিলেও গাভিনী নোহোৱা গাইবোৰক চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰোৱাই সঠিক কাৰণটো নির্ণয় কৰি চিকিৎসাৰ ব্যৱস্থা কৰাব লাগে। বহুতো কাৰণত গাই এজনী বাৰে বাৰে গৰম হ’ব পাৰে, এনে ক্ষেত্ৰত ব্যয়বহুল আৰু দীঘলীয়া চিকিৎসাৰ প্রয়োজন হয়। গতিকে, গো-পালকসকলে হতাশ নহৈ ধৈর্য ধৰিলে সুফল পাব পাৰে। বজাৰত আজিকালি এনে ৰোগৰ বহুতো ভাল ঔষধ ওলাইছে। পালকসকলে থোৰতে তলত উল্লিখিত কথাখিনি মনত ৰাখিলে কৃত্রিম গো-প্রজননত আশানুৰূপ ফল পাব পাৰে। পামত থকা গাইকেইজনী পুৱা-গধূলি গৰম হৈছেনে নাই ভালদৰে লক্ষ্য কৰিব লাগে। পোৱালি জন্ম হোৱাৰ পাছত “জল’খন নসৰিলে অভিজ্ঞ লোকৰ দ্বাৰাহে সৰোৱাৰ ব্যৱস্থা কৰিব লাগে। ৩। গাই বা চেউৰীজনী গৰম হ’লে ততালিকে চিকিৎসক বা ব্যৱস্থা কৰাব লাগে। গাইজনী পোৱালি জন্ম হোৱাৰ ৬০-৯০ দিনৰ ভিতৰত যাতে পুনৰ প্ৰজননৰ উপযোগী হয় তাক লক্ষ্য কৰা উচিত। অন্যথা চিকিৎসকৰ পৰামর্শ লোৱা প্রয়োজন। ঘনাই ঘনাই গৰম হোৱা গাইক প্রজনন নকৰাই চিকিৎসাৰহে ব্যৱস্থা কৰিব লাগে। উপযুক্ত বয়সত গৰম নোহোৱা গাই বা চেউৰীক বিলম্ব নকৰি চিকিৎসাৰ ব্যৱস্থা কৰা উচিত। খাদ্যত আৱশ্যকীয় পৰিমাণৰ খাদ্যপ্রাণ, প্ৰ’টিন, মিনাৰেল মিক্সাৰ আদি প্রয়োগ কৰিব লাগে। চেউৰী গৰু প্রথম গৰমত প্ৰজননৰ ব্যৱস্থা নকৰি দ্বিতীয়বাৰ হোৱা গৰমত প্ৰজননৰ ব্যৱস্থা কৰাব লাগে। প্রজনন কৰোৱাৰ ২০ বা ২১ দিনৰ পাছত পুনৰ গৰম নহ’লে গর্ভধাৰণ হোৱা বুলি ধাৰণা কৰিব পাৰি। কিন্তু বহুতো কাৰণত গাইজনী গর্ভধাৰণ নহ’লেও পুনৰ গৰম নহ’ব পাৰে। সেয়েহে ৬০দিন মানৰ পাছত গৰ্ভধাৰণ হৈছেনে নাই পৰীক্ষা কৰোৱা ভাল, যাতে গর্ভধাৰণ নহ’লেও সময়ত চিকিৎসা কৰিব পৰা যায়। ১০। যিবোৰ গাই গৰু কেবাদিনলৈ গৰম হৈ থাকে। তেনে গৰুক দেৰিকৈ প্রজনন কৰাব লাগে। লিখকদ্বয়: ডাঃ চন্দ্ৰ কুমাৰ সিংহ আৰু ডাঃ প্রবীণ কুমাৰ নেওগ, দৈনিক জনমভূমি।