পশুৰ স্বাস্থ্য ৰক্ষা আৰু গাখীৰ উৎপাদন বঢ়াবলৈ সেউজীয়া ঘাঁহ অতি প্ৰয়োজনীয়। ঘাঁহ গৰুৰ অতি প্ৰিয় খাদ্য আৰু ই অতি সহজে জীণ যায়। সেউজীয়া ঘাঁহত পৰ্য্যাপ্ত পৰিমাণৰ ভিটামিন –এ আৰু খনিজ পদাৰ্থ থাকে। ই প্ৰজনন শক্তিৰ কাৰণে অতি প্ৰয়োজনীয়। কিছুমান মাহজাতীয় শস্যকো সেউজীয়া ঘাঁহ হিচাপে ব্যৱহাৰ কৰিব পাৰি। মাহ জাতীয় শস্যই নৰম আঁহ জাতীয় খাদ্য যোগান ধৰাৰ লগতে যথেষ্ট পৰিমাণৰ প্ৰ’টিন জাতীয় আহাৰৰ যোগান ধৰে। মাহজাতীয় শস্যই মাটিৰ উৰ্বৰতাও বঢ়ায়। গো পালকসকলে সেউজীয়া ঘাঁহৰ নিয়মীয়া যোগানৰ বাবে ঘাঁহ খেতি কৰাটো অতি গুৰুত্বপূৰ্ণ বিষয়। কিয়নো সেউজীয়া ঘাঁহে গাইজনীৰ দুগ্ধ উৎপাদনত আৰু স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তদুপৰি দিনে দিনে চৰণীয়া পথাৰ কমি যোৱাৰ ফলত পৰ্য্যাপ্ত পৰিমাণৰ ঘাঁহৰ নাটনি পৰিলক্ষিত হৈছে। সেয়ে উন্নত মানৰ ঘাঁহ খেতি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো সকলোৰে কৰ্তব্য হোৱা উচিত। ঘাঁহ খেতি কৰাৰ কিছুমান গুৰুত্বপূৰ্ণ দিশ- উন্নত মানৰ বীজ ব্যৱহাৰ কৰা। অনুৰ্বৰ মাটি খেতিৰ বাবে উপযুক্ত কৰি ঘাঁহ উৎপাদন কৰা। গাঁৱৰ সমূহীয়া মাটিত বহু বাৰ্ষিক ঘাঁহ আৰু মাহ জাতীয় শস্য যেনে-মাটি মাহ, লেচেৰা মাহ, চেচবেনীয়া আদি খেতি কৰা । ঘৰৰ পিছফালে থকা লেতেৰা পানী উলিয়াই পঠিওৱা স্থানত বছৰত এবাৰতকৈ বেছি কাটিব পৰা বহু বাৰ্ষিক ঘাঁহ যেনে হাইব্ৰিড নেপিয়েৰ, গিনি, পাৰা আদি লগোৱা। উৎসঃ দুগ্ধ উন্নয়ন সঞ্চালকালয়, অসম