গাখীৰৰ পৰা হ’ব পৰা ৰোগ আৰু ইয়াৰ বাবে ল’ব লগা সাৱধানতা এইটো প্ৰমাণিত হৈছে যে গাখীৰ ৰোগ সৃষ্টিকাৰী জীৱাণুৰ পৰিবাহক হ’ব পাৰে। গাখীৰত জীৱাণুবোৰ বিভিন্নধৰণে প্ৰৱেশ কৰে। তলত সেইবোৰৰ লগতে ৰোগবোৰ তালিকাভূক্ত কৰা হৈছে- গাইগৰুৰপৰা প্ৰ্ত্যক্ষভাৱে স্ংক্ৰমন এইবোৰ ৰোগ সাধাৰণতে জন্তুৰ দেহত হয়। ৰোগ সৃষ্টিকাৰী জীৱাণুবোৰ ওহাৰৰ জৰিয়তে গাখীৰত প্ৰৱেশ কৰে। উদাহৰণ-বোভাইন টিউবাৰকিউলোচিছ, আণ্ডুলেণ্ট জ্বৰ, মাল্টাজ্বৰ আদি। গাখীৰ খীৰোৱা ব্যক্তিৰদ্বাৰা প্ৰত্যক্ষভাৱে গাখীৰৰ দূষিতকৰণ গাখীৰ খিৰোৱা ব্যক্তিজনে যদি মলিয়ন হাতেৰে গাখীৰ খীৰায় আৰু মলিয়ন বস্ত্ৰ পৰিধান কৰে তেন্তে তাৰ পৰা জীৱাণুবোৰ গৈ গাখীৰত প্ৰৱেশ কৰে আৰু ফলত সেই গাখীৰ খালে নানাধৰণৰ ৰোগ হ’ব পাৰে। উদাহৰণ-টাইফয়দৰ জ্বৰ, প্যাৰাটাইফয়ড জ্বৰ, গ্ৰহণী, ডিপথিৰিয়া, চেপ্তিক গল-ক্ষত, স্কাৰলেট জ্বৰ ইত্যাদি। ব্যক্তিৰদ্বাৰা পৰোক্ষভাৱে গাখীৰৰ দূষিতকৰণ এইবোৰ ৰোগ মানুহৰ দেহত হয়। ৰোগ সৃষ্টিকাৰী জীৱাণুবোৰ দূষিত বাচন-বৰ্তন, দূষিত পানী, কীট-পতংগ অথবা ধূলিকণাৰ জৰিয়তে গাখীৰত প্ৰ্ৱেশ কৰে। উদাহৰণ-টাইফয়দ জ্বৰ,প্যাৰাটাইফয়ড জ্বৰ, গ্ৰহণী অথবা ডায়েৰিয়া ইত্যাদি। ব্যক্তিৰ পৰা গাই গৰুলৈ আৰু তাৰ পৰা গাখীৰলৈ সংক্ৰমন ব্যক্তিৰ এইবোৰ ৰোগ মানুহৰ দেহত হয়। কিন্তু গাই-গৰুৰ ওহাৰটো প্ৰতিষ্ঠিত হ’ব পাৰে। উদাহৰণ-চেপ্তিক গল-ক্ষত, স্কাৰলেট জ্বৰ, ডিপথিৰিয়া ইত্যাদি। সুষম আহাৰৰ বাবে আৱশ্যকীয় নিউট্ৰিয়েণ্টসমূহ যোগান ধৰাত গাখীৰ আৰু গাখীৰ জাতীয় সামগ্ৰী সমূহৰ ভূমিকা তলৰ তালিকাত দেখুৱা হ’ল- গাখীৰ দুষিত হোৱাৰ উৎস আৰু নিৰাময়ৰ উপায় দূষিত হোৱাৰ উৎস নিৰাময়ৰ উপায় ওহাৰৰ ভিতৰভাগ ক) মাষ্টাইটিজৰ কাৰণে পৰীক্ষা গাইজনীৰ বহিৰ্ভাগ বিশেষকৈ ওহাৰ খ) খীৰোৱাৰ আগে আগে দুই এক ধাৰা গাখীৰ পেলাই দিয়া। ধূলি আৰু বতাহ গাখীৰ ঢাকি ৰখা মাখি আৰু পোক-পৰুৱা মাখি স্প্ৰে আৰু ফাঁদ অথবা জালৰ ব্যৱস্থা খীৰোৱা ব্যক্তি পৰিষ্কাৰ পৰিচ্ছন্ন হোৱাৰ অভ্যাস। বাচন-বৰ্ত্তন ব্যৱহাৰৰ আগতে পৰিষ্কাৰ কৰা আৰু শুকোৱা। উৎসঃ দুগ্ধ উন্নয়ন সঞ্চালকালয়, অসম