খীৰতী গাইৰ ওহাৰফুলা এক মাৰাত্মক ব্যাধি। এই ব্যাধিয়ে দুগ্ধ ফাৰ্ম এখনক আৰ্থিক দিশত জুৰুলা কৰে। সাধাৰণতে বেছি গাখীৰ দিয়া বৰ্ণসংকৰ জাতৰ গৰুৰ ক্ষেত্ৰত এই ৰোগ বেছিকৈ হোৱা দেখা যায়। এই ৰোগৰ গাইজনীৰ গাখীৰ কমি যায় আৰু গাখীৰ মানুহে খোৱাৰ অনুপযোগী হৈ পৰে। এই ৰোগ সাধাৰণতে বীজাণুৰ পৰা হয়। ৰোগৰ লক্ষণসমূহ ওহাৰ ৰঙা পৰি ফুলি উঠে আৰু টান হয়। ওহাৰত চুই দিলে গাইজনীয়ে বিষ অনুভৱ কৰি জঁপিয়াবলৈ ধৰে। গাখীৰ পনীয়া হয় আৰু গৰম কৰি দিলে ফাটি যায়। কেতিয়াবা গাখীৰৰ লগত তেজো ওলায়। শেষলৈ গাখীৰ ওলোৱা একেবাৰে বন্ধ হৈ ওহাৰত ফোঁহা ওহাৰত ফোঁহা ওলায়। প্ৰতিকাৰ বেমাৰী গাইজনীক আৰু পোৱালিটোক নিৰোগী গৰুৰপৰা আঁতৰাই ৰাখিব লাগে। গোহালি ঘৰটো চাফ-চিকুণ আৰু শুকান কৰি ৰাখিব লাগে। খীৰোৱাৰ আগতে ওহাৰখন ভালদৰে ধুই ল’ব লাগে। গাইজনীয়ে খাদ্য খোৱা, পানী খোৱা সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা অৱলম্বন কৰিব লাগে। গাখীৰ খীৰোৱাৰ সময়ত বেমাৰী গৰুজনীৰ গাখীৰ সকলোতকৈ শেষত খীৰাব লাগে। গাখীৰ খীৰোৱাৰ পাছতে আয়ড’ফৰ্ম বা কৰচলিন পানীত মিহলাই লৈ ওহাৰৰ বাট কেইটা একৰ পৰা দুই মিনিট সময় ডুবাই ৰাখিব লাগে। গাখীৰ দিয়া মাহত অন্ততঃ এবাৰকৈ হ’লেও মাচটেক্ পেপাৰ দি গাখীৰ পৰীক্ষা কৰাটো বাঞ্চনীয়। চিকিৎসা ওহাৰখন ফুলি উঠিলে সাধাৰণতে ওহাৰৰ গাখীৰখিনি উলিয়াই পেলাব লাগে। নিমখ গৰম পানীত দি বা মেগনেচিয়াম চালফেট পানীত মিহলাই লৈ ওহাৰখন সেকিব লাগে। সেকাৰ পাছত মেচ্টিলেপ, মেচটিচিন, উইচ্পেক জাতীয় মলম ওহাৰখনত লেপিব লাগে। প্ৰয়োজন সাপেক্ষে ওহাৰৰ বাটেদি পেণ্ড্ৰিচটিন, মাইমিটেল জাতীয় টিয়ব ভৰাইও মেচটাইটিচ নিয়ন্ত্ৰণ কৰিব পৰা যায়। প্ৰয়োজন অনুসৰি পশু-চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। উৎসঃ দুগ্ধ উন্নয়ন সঞ্চালকালয়, অসম