দুগ্ধ জ্বৰ(মিল্ক ফিভাৰ) অধিক গাখীৰ দিয়া গাইয়ে পোৱালি দিয়াৰ ২-৩ দিনৰ পাছত দুগ্ধ জ্বৰত আক্ৰান্ত হোৱা দেখা যায়। সাধাৰণতে গাই গৰুৰ তেজত থকা কেলছিয়ামৰ পৰিমাণ কমি যোৱাৰ ফলত এই বেমাৰটো হয়। ৰোগৰ লক্ষণসমূহ এই ৰোগত সাধাৰণতে গাইগৰুৰ শৰীৰৰ তাপমাত্ৰা কমি যায়। উশাহ-নিশাহ লোৱাত কষ্ট পায়। গাইজনীয়ে দানা, ঘাঁহ আদি খাবলৈ আগ্ৰহ নকৰে আৰু গাখীৰৰ উৎপাদন একেবাৰে কমি যায়। গাইজনী শুই থাকিলে উঠিব নোৱাৰা হয় আৰু মূৰটো ভাঁজখুৱাই পিছফালে লৈ যায় বা কেতিয়াবা মূৰটো চিধাকৈ মাটিত থৈ দিয়ে। নাক-মুখ শুকান হয় আৰু অস্থিৰতা দেখা যায়। মূৰটো কপি থাকে শৰীৰত শক্তি হ্ৰাস পায়। প্ৰতিকাৰ পোৱালি জগাৰ এমাহৰ আগৰ পৰা কেলছিয়াম আৰু ফছফৰাছযুক্ত দানা খুৱাই এই ৰোগৰ পৰা সকাহ পাব পাৰি। অধিক পৰিমাণৰ ঘাঁহ খুৱাইও এই ৰোগৰ পৰা হাত সাৰিব পাৰি। চিকিৎসা উপৰোক্ত লক্ষণসমূহ দেখা দিলে পশু-চিকিৎসকৰ পৰামৰ্শমতে ভিটামিন –ডি আৰু কেলছিয়ামযুক্ত ইনজেকচন(কেলবৰ’ব, কেল’মেস্ক, ইনটাকেল)দিয়াব লাগে। উৎসঃ দুগ্ধ উন্নয়ন সঞ্চালকালয়, অসম