গৰু-ম’হৰ গল ফুলা এটা অতি ভয়াবহ ৰোগ। বাৰিষাৰ দিনত গৰু-ম’হবোৰ সাধাৰণতে এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। বানপানী হোৱা বা পানী জমা হৈ থকা ঠাইত এই ৰোগৰ বীজাণু বহু দিনলৈকে জীয়াই থাকিব পাৰে। এখন ঠাইৰ পৰা অন্য ঠাইলৈ অনা গৰু-ম’হৰ ক্ষেত্ৰত এই ৰোগ সহজে হোৱা দেখা যায়। ৰোগৰ লক্ষণসমূহ হঠাৎ কঁপি কঁপি তীব্ৰ জ্বৰ উঠে, চকু ৰঙা হৈ পৰে আৰু দানা পানী খাবলৈ এৰি দিয়ে। খীৰতী গাইৰ গাখীৰৰ পৰিমাণ বহু পৰিমাণে কমি যায়। আক্ৰান্ত গৰুৰ ডিঙি আৰু গলধন ফুলি উঠে আৰু উশাহ লওঁতে কষ্ট পায়। জিভা শুকাই যায় আৰু বাহিৰলৈ ওলাই আহে। উপযুক্ত চিকিৎসা নাপালে আক্ৰান্ত গৰু এক বা দুই দিনৰ ভিতৰত মৃত্য মুখত পৰে। প্ৰতিকাৰ বাৰিষাৰ আগতে সকলো জন্তুকে ‘গল ফুলা ব্বেমাৰ’ৰ ছিটা দিব লাগে। নিৰোগী গৰুজনীক আক্ৰান্ত গৰুৰপৰা নিলগত ৰাখিব লাগে আৰু ঘাঁহ, দানা, পানী আদিও আক্ৰান্ত গৰুৰ পৰা নিলগত ৰাখিব লাগে। চিকিৎসা এনে ৰোগৰ লক্ষণ দেখা দিলে অতি সোনকালে পশু-চিকিৎসকসকলৰ পৰামৰ্শ ল’ব লাগে। উৎসঃ দুগ্ধ উন্নয়ন সঞ্চালকালয়, অসম