চবকা হৈছে এটা ভয়াবহ সংক্ৰামক ৰোগ। এই ৰোগ আক্ৰান্ত জন্তুৰপৰা সুস্থ জন্তুলৈ বিয়পিব পাৰে। দানা, পানী আৰু ঘাঁহৰ জৰিয়তেও এই ৰোগ স্ংক্ৰমিত হয়। এই ৰোগত আক্ৰান্ত গৰু-ম’হৰ গাখীৰ উৎপাদন আৰু গৰ্ভধাৰণ ক্ষমতা বহু পৰিমাণে কমি যায়। ৰোগৰ লক্ষণসমূহ হঠাৎ তীব্ৰ জ্বৰ উঠে আৰু দানা-পানী খাবলৈ এৰি দিয়ে। ফলত গাখীৰ উৎপাদন যথেষ্ট পৰিমাণে কমি যায়। জিভা, খুৰা আৰু মুখত পানী জলা বান্ধে আৰু ফুটি যোৱাৰ ফলত তাত ঘা লাগে। কেতিয়াবা এনেকুৱা ঘাঁত মাখিয়ে কণী পাৰি অধিক জটিল কৰি তোলে। আক্ৰান্ত গৰু-ম’হৰ খুৰাত ঘা হোৱাৰ বাবে ভালদৰে খোজ কাঢ়িব নোৱাৰা হ্য় আৰু লাহে লাহে দুৰ্বল হৈ পৰে। প্ৰতিকাৰ নিয়মিতভাৱে গৰু-ম’হক ছিটা দিয়াব লাগে। ৰক্চা-বায়ভেক ছিটা দিয়াব লাগে। ৰক্চা-বায়ভেক ছিটা প্ৰথম পালি চাৰি মাহত, দ্বিতীয় পালি ন মাহত আৰু পাছত বছৰেকত এবাৰকৈ দিয়াব লাগে। আক্ৰান্ত গৰু-ম’হক নিৰোগী জন্তুৰ পৰা আঁতৰাই ৰাখি চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে। চিকিৎসা নিতৌ দুই-তিনিবাৰকৈ পটাচিয়াম পাৰমাংগানেট পানীত মিলাই ঘা বিলাকত লগাব লাগে। স্থানীয় পশু-চিকিৎসকৰ সহায় লোৱা উচিত। উৎসঃ দুগ্ধ উন্নয়ন সঞ্চালকালয়, অসম