এফিমাৰেল ফিভাৰ বা তিনিদিনীয়া জ্বৰ এটা ভাইৰাছ জনিত সংক্ৰামক ৰোগ। এই ৰোগটো সাধাৰণতে তিনিদিনৰ কাৰণেহে হয় বাবে ইয়াক তিনিদিনীয়া জ্বৰ বুলিও কোৱা হয়। এই ৰোগত আক্ৰান্ত গাইজনীৰ গাখীৰৰ পৰিমাণ বহু পৰিমাণে কমি যায়। ফলত দুগ্ধ উৎপাদকসকলৰ অৰ্থনৈতিকভাৱে বহুত ক্ষতি হয়। ৰোগৰ লক্ষণসমূহ · আক্ৰান্ত গৰুজনীৰ তিনিদিনৰ কাৰণে তীব্ৰ জ্বৰ(১০৪-১০৬ ডিগ্ৰি চেলছিয়াছ) উঠে আৰু তিনিদিনৰ ভিতৰত জ্বৰ কমি যায়। · গৰুজনী অতি দুৰ্বল হৈ পৰে, চকু আৰু নাকৰ পৰা পানী ওলায় থাকে দানা-পানী খাবলৈ এৰি দিয়ে। · খীৰতী গাইৰ গাখীৰৰ পৰিমাণ বহু পৰিমাণে কমি যায়। · তিনিৰপৰা ছয় দিনৰ পাছত আক্ৰান্ত গৰুজনী পুনৰ সুস্থ হৈ উঠে আৰু দানা পানী খাবলৈ আৰম্ভ কৰে। চিকিৎসা এনে ৰোগৰ লক্ষণে দেখা দিলে ওচৰৰ চিকিৎসা কেন্দ্ৰলৈ গৈ পশু চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে আৰু চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে। উৎসঃ দুগ্ধ উন্নয়ন সঞ্চালকালয়, অসম