গৰুৰ পোৱালিবোৰ হৈছে এজন খেতিয়কৰ ভৱিষ্যত। ‘যাৰ নাই গৰু সি সবাতোকৈ সৰু’। সেয়েহে সুখ সন্মানৰ সম্পত্তি। কিন্তু আমাৰ গাঁৱলীয়া অঞ্চলবোৰত দেখা যায় যে জন্মৰ পাছত বহু স্ংখ্যাক গৰু পোৱালিয়েই যত্নৰ অভাৱত মৃত্যু মুখত পৰে। পোৱালিৰ বিভিন্ন বেমাৰবোৰ হয় প্ৰধানকৈ - অপৰিষ্কাৰ পৰিবেশত ৰখাৰ কাৰণে জন্মৰ পাছতে ভালকৈ ফেঁহু খাবলৈ নোপোৱাৰ কাৰণে অতিমাত্ৰা ঠাণ্ডা পৰিবেশত ৰখাৰ কাৰণে। বৈজ্ঞানিক পদ্ধতিত লালন-পালন নকৰাৰ কাৰণে। গৰুৰ পোৱালিবোৰক তলত উল্লেখ কৰা বেমাৰ কেইটাত প্ৰধানকৈ আক্ৰান্ত হোৱা দেখা যায়। কাফ্স্ক’ৰ কাফ্ডিপথেৰিয়া কাফ্চেফটিচেমিয়া কাফ্ নিউমোনিয়া কাফ্ কক্চিডিয়চিচ্ ভিটামিন –এ হীনতা কাফস্ক’ৰ কাফ্স্ক’ৰ হৈছে গৰুৰ পোৱালিবোৰৰ আটাইতকৈ সহজতে হোৱা বেমাৰ। ৰোগৰ লক্ষণসমূহ আক্ৰান্ত পোৱালিটোক সাধাৰণতে বগা বা হালধীয়া ঢিলা পায়খানা হয় আৰু শৰীৰৰ আপমাত্ৰা কমি যায়। পোৱালিটোক অতি দুৰ্বল হৈ পৰে আৰু চকু শুকাই যায়। চিকিৎসা বেমাৰী পোৱালিটোক ইলেকট্ৰ্লাইট খুৱাবলৈ অভ্যাস কৰা উচিত। জৰুৰী অৱস্থাত চেলাইন দিব লগা হ’ব পাৰে। ষ্ট্ৰেক্লিন বলাচ্ বা নিয়চাইক্লিন বলা্চ বা ছালফাৰ ড্ৰাগ্ছ ব্যৱহাৰ কৰি সুফল পাব পাৰি। কাফ্ ডিফ্থেৰিয়া সাধাৰণতে ছয়মহীয়া গৰু পোৱালি এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। অপৰিষ্কাৰ আৰু সেমেকা পৰিবেশত ৰাখিলে এই ৰোগ সহজে হয়। ৰোগৰ লক্ষণসমূহ অতিমাত্ৰা লেলাৱতি ওলায়, উশাহ-নিশাহত আৰু গিলোঁতে কষ্ট পায়। মুখৰ ভিতৰত, ওঁঠত আৰু জিভাত ঘা’ হয়। পাছলৈ মুখৰ ভিতৰত টেমুনাৰ সৃষ্টি হয়। চিকিৎসা অস্কিটেট্ৰাচাইক্লিন, টেৰামাইচিন্ আদি ব্যৱহাৰ কৰি সুফল পাব পাৰি কাফ্ চেফ্টিচেমিয়া ৰোগৰ লক্ষণসমূহ এই ৰোগত আক্ৰান্ত গৰুৰ পোৱালিবোৰ দুৰ্বল হৈ পৰে। দানা-পানী খাবলৈ এৰি দিয়ে, ঢিলা পায়খানা হয় আৰু শৰীৰৰ তাপমাত্ৰা বৃদ্ধি হয়। যদি প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰা নহয় তেন্তে আক্ৰান্ত পোৱালিটো তিনিৰপৰা পাঁচ দিনৰ ভিতৰত মৃত্যু মুখত পৰে। চিকিৎসা ষ্ট্ৰেপট’পেনিচিলিন, টেৰামাইচিন্ আদি ব্যৱহাৰ কৰি সুফল পাব পাৰি।` কাফ্ নিমোনিয়া ৰোগৰ লক্ষণসমূহ এই ৰোগত আক্ৰান্ত গৰুৰ পোৱালিবোৰৰ শৰীৰৰ তাপ মাত্ৰা অতি বৃদ্ধি পায়। উশাহ-নিশাহত কষ্ট পায় নাকেৰে পানী ওলাই থাকে আৰু দুৰ্বল হৈ পৰে। চিকিৎসা ষ্ট্ৰেপট’পেনিচিলিন, টেট্ৰাচাইক্লিন আৰু এমপিচিলিন জাতীয় এণ্টিবায়’টিক ব্যৱহাৰ কৰি সুফল পাব পাৰি। কাফ্ কক্চিডিয়চিচ্ সাধাৰণতে ছয় মাহৰ পৰা ন মাহৰ গৰুৰ পোৱালিবোৰ এই ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। পোৱালিবোৰক অপৰিষ্কাৰ আৰু সেমেকা পৰিবেশত ৰাখিলে এই বেমাৰ সহজে বিয়পি পৰে। ৰোগৰ লক্ষণসমূহ আক্ৰান্ত পোৱালিবোৰে হঠাতে বেছি পৰিমাণে ঢিলা পায়খানা কৰে। পায়খানাত কেতিয়াবা তেজৰ চেকুৰাও দেখা যায়। পোৱলিবোৰ খীণাই যায় আৰু দুৰ্বল হৈ পৰে। চিকিৎসা এনে ৰোগৰ লক্ষণ দেখা দিলে তৎকালে চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে। ভিটামিন-এ হীনতা(কৃমি বা পেলু নিয়ন্ত্ৰ্ণ) কৃষি বা পেলুবিলাক পৰজীৱী প্ৰাণী আৰু ইহঁতে জন্তুৰ পেটৰ ভিতৰত থাকি তেজ শুহি খাই জন্তুটোক দিনে দিনে দুৰ্বল কৰি তোলে। ৰোগৰ লক্ষণসমূহ বেছিকৈ আক্ৰান্ত হোৱা গৰু-ম’হৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে। দানা-পানীৰ প্ৰতি আগ্ৰহ কমি যায়। গাখীৰৰ উৎপাদন কমি যায়। গৰ্ভধাৰণ ক্ষমতা কমি যায়। গৰু-ম’হৰ পোৱালিবোৰৰ বাঢ়ন ক্ষমতাত প্ৰ্ত্যক্ষভাৱে বাধা দিয়ে। প্ৰতিকাৰ বাৰিষাৰ আগতে এৰাৰ আৰু পাছত এবাৰ পেলুৰ দৰব খুওৱাটো অত্যন্ত জৰুৰী। চিকিৎসা পাইপাৰাজিন, পেনাকিউৰ, নিয়জাইড আদি পেলুৰ দৰব চিকিৎসকৰ পৰামৰ্শ অনুসৰি খুৱাব লাগে। উৎসঃ দুগ্ধ উন্নয়ন সঞ্চালকালয়, অসম