এজ’লা এবিধ পানীত ওপঙি থকা শেলুৱৈ সদৃশ ঢেকীয়া। সাধাৰণতঃ ধানখেতিত বা অগভীৰ জলাশয়ত এজ’লাৰ বৃদ্ধি কৰা হয়। খুব দ্রুত বংশবৃদ্ধি কৰে। এজ’লা পশুখাদ্য বা ঘাঁহ হিচাপে এজ’লা প্রচুৰ পৰিমানে প্ৰ’টিন, অপৰিহার্য এমিন’ এচিড, ভিটামিন (ভিটামিন এ, ভিটামিন বি12 আৰু বিটা- ক্যাৰোটিন), আৰু গ্ৰ’থ প্রোমোটাৰ ইণ্টাৰমিডিয়াৰি, খনিজ পদার্থ যেনে কেলচিয়াম, ফছফৰাছ, পটাছিয়াম, লো, তাম, মেগনেছিয়াম ইত্যাদি সমৃদ্ধ। শুকান ওজন হিচাপত ইয়াত আছে 25 - 35 শতাংশ প্ৰ’টিন , 10 - 15 শতাংশ খনিজ পদার্থ আৰু 7 - 10 শতাংশ এমিন’ এচিড, জৈব-সক্রিয় বস্তু আৰু জৈৱ-পলিমাৰ। ইয়াত বেছি প্ৰ’টিন আৰু কম লিগনিন থকাৰ বাবে দুগ্ধজাত পশুধনে সহজতে হজম কৰিব পাৰে। এজ’লা দানাৰ লগত মিহলাব পৰা যায় বা প্ৰত্যক্ষ্যবাবে দুগ্ধজাত পশুধনক দিব পৰা যায়। হাঁহ-কুকুৰা, ভেড়া, ছাগলি, গাহৰি আৰু শহা-পশুকো খুৱাব পৰা যায়৷ এজ’লাৰ উত্পাদন প্রথমে এডোখৰ ঠাই অপতৃণমুক্ত কৰিলৈ পৰিষ্কাৰ কৰি সমান কৰা হয় আয়তক্ষেত্রৰ আকাৰত সমান্তৰাল ভাবে ইটা পাতি দিয়া হয়৷ 2মিX2মি জোখৰ অতিবেঙুনীয়া ৰশ্মিৰে স্থিত কৰা ছিলপ’লিন চাদৰ ইটাবিলাকৰ উপৰত সমানভাবে এনেকৈ পাৰি দিয়া হয় যাতে ইটাৰে বনোৱা আয়তক্ষেত্রটোৰ কাষবোৰো ঢাক খায়। ছিলপ’লিনৰ গাতটোৰ ওপৰত 10-15 কে.জি চালনিত চালা মাটি সমানকৈ চটিয়াই দিয়া হয়। 10 লিটাৰ পানীত 2 কে.জি গোবৰ আৰু 30 গ্রাম চুপাৰ ফচফেট মিহলাই সেই বোকাময় বস্তুটো চাদৰৰ উপৰত ঢালি দিয়া হয়৷ পানীৰ স্তৰ প্রায় 10 ছে.মি.লৈকে ওখ কৰিবলৈ আৰু পানী ঢালা হয়। এজ’লা বেড’ৰ মাটি পানী লাহেকৈ লৰাইলৈ প্রায় 0.5-1 কে.জি. বিশুদ্ধ মাদাৰ এজ’লা কালচাৰৰ বীজ সমান ভাবে পানীৰ ওপৰত মেলি দিয়া হয়৷ বীজবপনৰ লগে লগে এজ’লাৰ ওপৰত পৰিষ্কাৰ পানী ছটিয়াই দিব লাগে যাতে এজ’লা গছবিলাক ভালকৈ পোণ হয়। এসপ্তাহৰ ভিতৰতেই এজ’লা সম্পূৰ্ণ বাড়ি বিয়পি গৈ ঘন দলিচাৰ দৰে আকৃতি ল’ব৷ দৈনিক 500 গ্রাম এজ’লা পাবলৈ আৰু এজ’লাৰ দ্রুত বৃদ্ধি নিশ্চিত কৰিবলৈ প্রতি 5 দিনৰ মূৰত এবাৰ 20 গ্রাম চুপাৰ ফচফেট আৰু প্রায় 1 কে.জি. গোবৰৰ এটি মিশ্রণ ঢালিব লাগে। এজ’লাক অধিক খনিজ লৱণ সমৃদ্ধ কৰিবলৈ প্রতি সপ্তাহে এবাৰকৈ মেগনেশচিয়াম, লো, তাম, গন্ধক ইত্যাদি যুক্ত এটি অণু-পৌষ্টিক তত্ত্বৰ মিশ্রণো দিব পৰা যায়। নাইট্র’জেনৰ বৃদ্ধি ৰোধ কৰিবলৈ আৰু অণু-পৌষ্টিক তত্ত্বৰ অভাব ৰোধ কৰিবলৈ প্রতি 30 দিনত এবাৰকৈ বেডৰ পৰা প্রায় 5 কে.জি মাটি আতঁৰাই পেলাই নতুন মাটি দিব লাগে। বেডত নাইট্র’জেনৰ বৃদ্ধি ৰোধ কৰিবলৈ প্রতি 10 দিনৰ অন্তৰত 25 পৰা 30 শতাংশ পানী সলাই পৰিষ্কাৰ পানী দিব লাগে। প্রতি ছয় মাহত এবাৰকৈ বেড পৰিষ্কাৰ কৰিব লাগে, পানী আৰু মাটি সলাব লাগে আৰু নতুন এজ’লা দিব লাগে। কীট-পতঙ্গ আৰু ৰোগ আক্রমণৰ ফলত দূষিত হৈ গলে নতুন বেড তৈয়াৰ কৰিব লাগে আৰু বিশুদ্ধ এজ’লাৰ কালচাৰ দিব লাগে। চপোৱা দ্রুতগতিত বৃদ্ধি হৈ 10 - 15 দিনৰ ভিতৰত গাতটো ভর্তি হৈ যাব। তাৰ পিছত দৈনিক 500 - 600 গ্রাম এজ’লা চপাব পৰা যাব ৷ 15তম দিনৰ পৰা প্লাস্টিকৰ চালনি বা তলত ফুটা থকা ট্রেৰ সহায়ত প্রত্যেকদিনাই চপাব পৰা যাব। গোবৰৰ গোন্ধ দূৰ কৰিবলৈ চপোৱা এজ’লা পৰিষ্কাৰ পানীত ধুব লাগে। বিকল্প ব্যৱস্থা নতুন জৈবগেছৰ পাঁক (slurry)ও ব্যৱহাৰ কৰিব পৰা যায়। গাত ভর্তি কৰিবলৈ গা-ধোৱা ঘৰ আৰু গোহালিৰ বর্জ্য পানীও ব্যবহাৰ কৰিব পৰা যায়৷ যি বিলাক অঞ্চলত পৰিষ্কাৰ পানী পোৱাত অসুবিধা সেইবিলাকত কাপোৰ পখলোৱা পানীও(দ্বিতীয় বাৰ ধোৱাৰ পিছত) ব্যবহাৰ কৰিব পৰা যায়। বৃদ্ধিৰ বাবে প্রয়োজনীয় পৰিবেশ তাপমাত্রা 20°C - 28°C পাতল 50% পূর্ণ সূর্যৰ পোহৰ আপেক্ষিক আর্দ্রতা 65 - 80% পানী (চৌবাচ্চাত জমা) 5 - 12 ছে.মি. পি.এইচ 4-7.5 এজ’লাৰ খেতি কৰোতে মনত ৰাখিব লগীয়া বিষয় সমূহ জালৰ ভিতৰতলৈ ধূৱাটো ভাল, কাৰণ সৰু সৰু গছ বিলাক ওলাই পুখুৰীলৈ গুছি যাব। তাপমাত্রা 25°C-ৰ কম ৰাখিবলৈ চেষ্টা কৰিব লাগে৷ পোহৰৰ তীব্রতা কমাবলৈ জালৰ দ্বাৰা ছাঁ দিব পৰা যায়৷ অতিশয় ঘনত্ব পৰিহাৰ কৰিবলৈ দৈনিক এজ’লাৰ জৈৱপিণ্ডটো গুছাব লাগে৷ উৎস: আইএনডিজি দল