পক্ষীজ্বৰ ৰোগনো কি? বাৰ্ডফ্লু বা এভিয়ান ফ্লু টাইপ-এ ইনফ্লুয়েঞ্জা এইচ 5 এন 1(Type A influenza H5N1) ভাইৰাছ(বীজানু)ৰ দ্বাৰা হাঁহ-কুকুৰৰ আৰু অন্যান্য চৰাই আক্ৰান্ত হোৱা এবিধ শ্বাস-প্ৰশ্বাসজনিত ভয়াবহ ৰোগ। ৰোগৰ লক্ষণ সমূহ: হঠাৎ অধিক হাৰত কুকুৰা চৰাইৰ মৃত্যুত পৰা। কষ্টকৰ শ্বাস-প্ৰশ্বাসৰ লগতে অস্বাভাৱিক শব্দ হোৱা। চকুৰ পৰা অতিমাত্ৰা ফেঁচকুৰি ওলাই থকা আৰু মূৰ তথা মুখমণ্ডল ফুলি উঠা। টোটোলাবোৰ নীলা বৰণীয়া হোৱা আৰু বিষ্টবোৰ পনীয়া হোৱা। এইবোৰ ইমানেই ভয়াবহ যে আক্ৰান্ত 100 শতাংশ চৰাইৰ মৃত্যুমুখত পৰিব পাৰে। ৰোগৰ প্ৰতিকাৰ আৰু নিয়ন্ত্ৰণ: ঘৰচীয়া পক্ষীক কোনো বাহিৰৰ পক্ষীৰ সংস্পৰ্শলৈ আহিব দিব নালাগে। ভালদৰে স্বাস্থ্য পৰীক্ষা নকৰাকৈ কোনো নতুন চৰাই জাকৰ মাজত সোমাব দিব নালাগে বা নতুন চৰাই আমদানি কৰিব নালাগে। হাতমোজা,জোতা,মুখা আদি ব্যৱহাৰ নকৰাকৈ আক্ৰান্ত চৰাইৰ ওচৰলৈ যাব নালাগে। আক্ৰান্ত পক্ষী,ইয়াৰ বিষ্টসমূহ,মৃত পক্ষী,ঘোলা কণী আৰু পাম ঘৰৰ পেলনীয়া সামগ্ৰীবোৰ বীজাণুনাশক দ্ৰৱ ছটিয়াই গাঁত খান্দি পুতি পেলাব লাগে বা পুৰি পেলাব লাগে। মানুহৰ গালৈ সংক্ৰমিত কেনেকৈ হয়: আক্ৰান্ত পক্ষী বা সিহঁতৰ মল-মূত্ৰ আদি প্ৰত্যক্ষ সংস্পৰ্শত আহিলে,আক্ৰান্ত পক্ষীৰ মাংস নিসিজাকৈ ভক্ষণ কৰিলে এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে। উৎস:কৃষি বিজ্ঞান কেন্দ্ৰ