কুকুৰা পালন ব্যৱসায়ত কাৰ্য্যকৰী মূলধনৰ প্ৰায় ৭০-৮০ শতাংশ খৰচ দানাতেই হয়৷ আজিকালিৰ আৱদ্ধ প্ৰথাৰ প্ৰতিপালনত কুকুৰাৰ দানাৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়৷ কিয়নো উচ্চমানৰ সুষম খাদ্য নাপালে কুকুৰাবোৰে শৰীৰৰ ওজন হেৰুৱাই বাঢ়নত বাধাপ্ৰাপ্ত হয় আৰু কণী দিয়া বা মাংসৰ বাবে বঢ়োৱা আদি ব্যৱস্থা ভেদে খাদ্য সামগ্ৰীৰ পৰীক্ষণ কম-বেছি হয়৷ যেনে উঠি অহা, পোৱালীবোৰক মাংসসাৰ বা প্ৰ’টিন ভাগ বেছিকৈ লাগে৷ আনহাতে কণী পাৰি থকা ব্ৰইলাৰ সমাপক শৰ্কৰা জাতীয় খাদ্য বেছিকৈ লাগে৷ আন আন পশুধনৰ দৰে কুকুৰাবোৰকো তলত উল্লেখ কৰা খাদ্যৰ মূল উপাদানবোৰ অতি দৰকাৰ৷ ১)প্ৰ’টিন বা মাংসসাৰ ২)কাৰ্বহাইড্ৰেট বা শৰ্কৰা ৩)ফেট বা চৰ্বি ৪)মিনাৰেল বা ধাতব ৫)ভিটামিন বা খাদ্যপ্ৰাণ ৬)পানী কুকুৰাক প্ৰ’টিন যোগানৰ বাবে বিভিন্ন ৰকমৰ খলিহৈ, মাছৰ গুড়ি, মাংস-চূৰ্ণ, ৰক্তচূৰ্ণ আদিৰ অংশ খাদ্যত মিহলাই খুৱাব লাগে৷ কাৰ্বহাইড্ৰেট জাতীয় খাদ্য হিচাবে কুকুৰাৰ দানাত ধান, গোমধান, যৱধান, বাৰ্লি, চাউলৰ মলি, গমৰ ভুচি ইত্যাদি মিহলোৱা হয়৷ ধাতব পদাৰ্থৰ উৎস হ’ল চূণশিল, নিমখ, হাড়ৰ গুড়ি আৰু বজাৰত পোৱা খনিজ মিশ্ৰণ ৷ খাদ্যপ্ৰাণৰ উৎসবোৰ হ’ল : সেউজীয়া শাক-পাছলি আৰু বজাৰত পোৱা বিভিন্ন খাদ্যপ্ৰাণযুক্ত মিশ্ৰণ ৷ কুকুৰাৰ জাত আৰু বয়সভেদে দানা সমূহ বিভিন্ন কণীপৰা জাতৰ কুকুৰাবোৰক সিহঁতৰ বয়স অনুপাতে তিনিভাগত ভগোৱা হয় ৷ এদিনীয়া বয়সৰ পৰা ৭ সপ্তাহলৈ পোৱালী দানা, ৮ ৰ পৰা ১৯ সপ্তাহলৈ ডেকেৰুৱা দানা, ২০ সপ্তাহ বয়সৰ পৰা কণী পৰা কুকুৰাৰ দানা বুলি কোৱা হয় ৷ এই তিনিও বিধ বয়সৰ কুকুৰাৰ বাবে দানাত থাকিব লগীয়া উপাদান সমূহৰ পৰিমান বেলেগ বেলেগ ৷ গতিকে এবিধৰ বাবে বনোৱা দানা আনবিধ কুকুৰাত ব্যৱহাৰ কৰিব নোৱাৰে৷ ব্ৰইলাৰ জাতৰ কুকুৰাৰ বাবে দুবিধ দানা ব্যৱহাৰ কৰা হয় ৷ সেয়া হৈছে ব্ৰইলাৰ সমাপক দানা ৷ ব্যৱসায়িক ভিত্তিত কুকুৰা পালন কৰোতে দানাৰ গুণমান সম্বন্ধে সদায় সজাগ হৈ থকা উচিত ৷ ভাৰতবৰ্ষত কুকুৰাৰ দানাবোৰৰ গুণগত মান কেনে হোৱা উচিত এই বিষয়ে ‘আই.এচ.আই’ য়ে নিৰ্দ্ধাৰণ কৰি দিছে ৷ কুকুৰাৰ দানা বনোৱা বা বিক্ৰী কৰা বিভিন্ন প্ৰতিষ্ঠনবোৰে সাদাৰণতে এই ‘আই.এচ.আই’ ৰ নিৰ্দ্দেশনা অনুসৰিহে দানা বনায় ৷ কুকুৰা দানাৰ বিভিন্ন প্ৰকাৰ ব্যৱসায়িক ভিত্তিত কুকুৰা পামৰ কুকুৰাক খুৱাবৰ বাবে বৰ্ত্তমান বজাৰত তিনি প্ৰকাৰৰ দানা কিনিবলৈ পোৱা যায় ৷ ১)মিশ্ৰিত গুড়ি দানা ২)পেলেট বা গুড়ি দানা ৩)ক্ৰাম্বল বাস আৰু ডুখৰীয়া বড়ি দানা পামত দানা বনাওতে মন কৰিবলগীয়া কথা অসমত কুকুৰা দানাৰ দাম তুলনামূলক ভাৱে বেছি ৷ ইয়াৰ মূল কাৰণ দানাৰ আৱশ্যক উপকৰণ সমূহৰ অধিকাংশ বাহিৰৰ ৰাজ্যৰ পৰা আমদানি কৰিব লগা হয় ৷ দানা বনাবৰ বাবে আৱশ্যক হোৱা বিভিন্ন উপকৰণ সমুহৰ বিষয়ে জ্ঞান থকাটো এটা মুখ্য প্ৰয়োজন ৷ উচ্চ মানদণ্ডৰ সুষম দানা প্ৰস্তুত কৰি লবৰ বাবে কিছু কাৰিকৰী জ্ঞানৰ আৱশ্যক হয় ৷ বহুদিন পেলাই থোৱা উপকৰণ ব্যৱহাৰ কৰা উচিত নহয় ৷ স্বাস্থ্যকৰ পৰিবেশত বিধি সন্মতভাৱে দানা বনোৱা উচিত ৷ দানা বনাবৰ বাবে এটা আছুতীয়া ঘৰৰ আৱশ্যক ৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।